Wednesday, 13 September 2017

স্নেপশ্বট


                                 স্নেপশ্বট (১)
     অপাৰেচন থিয়েটাৰৰ ভিতৰত ব্যস্ততা ৷ ডাঠ সেউজীয়া এপ্ৰ’ন আৰু মাস্ক পিন্ধি ইফাল সিফাল দৌৰি ফুৰিছে ৷ ন মাহৰ অপেক্ষা শেষ হ’ল ৷ নাৰ্চগৰাকীয়ে তাইক changing ৰুমত সুমুুৱাই দি হাস্পতালৰ কাপোৰযোৰ পিন্ধি ল’বলৈ দিলে ৷ কাপোৰযোৰ বুকুত সাৱটি লাহে লাহে সেউজীয়া স্ক্ৰীণখনৰ পাছফালে নাইকিয়া হ’ল ৷ চাৰিওফালে এটা চিৰ পৰিচিত  হাস্পতালৰ গোন্ধ ৷ তাই কান্দিছে ৷ কিয় ? উত্তৰ নাই ৷ জীৱনটো সলনি হ’ব কিছু সময় পাছত ৷ 'মা' ,এক গুৰু দায়িত্ব ৷ তাই জানো পাৰিব ? তাই জানো প্ৰস্তুত ? ক’ত জানো সাহসবোৰ হেৰাই গ’ল ৷ বুজা নুবুজা শিহৰণ, ভয়, শংকা, স্ফুৰ্তি…তাইৰ কান্দোনৰ শব্দ বাঢ়ি আহিল। গৰ্ভত থকা সন্তানটোৱে হাহাকাৰ কৰি উঠিল ,যেন মাকৰ চপুপানী সহ্য হোৱা নাই ৷ …তাই পাৰিব, পাৰিব লাগিব ৷ চকুপানী মচি লাহে লাহে ওলাই আহিল ৷ হয়তো মাতৃত্ব, সাহসৰ আন এক নাম ৷

                               স্নেপশ্বট (২)
        মানুহগৰাকীৰ গাত তত নাই নাতি পোৱালিটো একোলা ল’বলৈ। মেখেলাখন কলাফুললৈ কোচাই লৈছে ৷ পৰি যোৱা চাদৰৰ আঁচলটো বাৰে বাৰে উঠাই লয় ৷ মাজে মাজে ঘামে তিয়াই পেলোৱা মুখখন মচে ৷ নাৰ্চগৰাকী হাতত কেঁচুৱাটি লৈ ওলাই আহিল ৷ তেওঁ হাতত থকা অনাকটা গামোচাখন মেলি ধৰিলে। পৰম্পৰা ! আইতাকৰ গাৰ উম পোৱা মাত্ৰকে কেঁচুৱাটোবে মুখখন বেঁকা কৰি কান্দি উঠিল ৷ এইমাত্ৰ চফা কৰি অনা কেচুৱাটোৰ চুলি ঘন ,মুৰত লিপিট খাই পৰি আছে ৷ মুঠি মাৰি থকা কণ কণ আঙুলিকেইটা আইতাকে এবাৰ খহটা হাতখনেৰে চুই দিলে ৷ ঠিক বাপেকৰ দৰেই হৈছে চোন ৷ তিনিমাহ আগত হেৰুওৱা তেওঁৰ ল’ৰাজন যেন আকৌ ঘূৰি আহিল ৷ গাল দুখন তিতি গ’ল ৷

                                স্নেপশ্বট (৩)
     নমিতাৰ আজি নাইট ডিউটি আছে ৷ বৰ এটা ভাল নাপায় তাই টোপনি ক্ষতি কৰিব ৷ কিন্তু হাস্পতালৰ ৰাতিৰ নিস্তব্ধতা ভাল লাগে তাইৰ ৷ কেতিয়াবা যদি  শান্ত, কেতিয়াবা অসহ্যকৰ, কেতিয়াবা আকৌ ৰহস্যময় ৷ বগা ইউনিফৰ্মযোৰ পিন্ধি ৱাৰ্ডত সোমাল ৷ তাই নথকাত হয়তো দুজনমান ৰিলিজ লৈ গ’লেই ৷ দুখনমান বেড বেছিকৈ খালী হৈ পৰি আছে ৷ জীৱন বাটত বা আকৌ কেতিয়া দেখা দেখি হয় ! …“চিচটাৰ, চেলাইন শেষ হৈছে৷” …হুমুনিয়াহ এটা কাঢ়ি চেলাইন বটল দুটা হাতত লৈ তাই উঠি গ’ল ৷ চকীখনত বহি থাকোতে কেতিয়া জানো চকু দুটা মুদ খাই গ’ল ৷ নিস্তব্ধতা ভাঙি ৱাৰ্ডৰ শেষৰ বেডখনৰ কেঁচুৱাটোৱে কান্দি উঠিল ৷ তাইৰ মনটো বেয়া লাগি গ’ল ৷ চেহ ! ছোৱালীজনী বা শুইছে নে নাই ৷ তাই নথকাৰ দিনা দেউতাকক বৰ আমনি কৰে ৷ ঘড়ীটো চালে ৷ ১ বাজিছে ৷ আৰু ৬ টা ঘণ্টা বাকী ৷ চকু দুটা আকৌ মুদি দিলে ৷

                                  স্নেপশ্বট (৪)
         চাহকাপ হাতত লৈ ভাস্বতী কেবিনৰপৰা ওলাই আহিল ৷ দেউতাকৰ ৰিপ’ৰ্টটো চাই তাইৰ মনটো ভাল লগা নাই ৷ তাইৰ নিজৰ ডাক্তৰী ডিগ্ৰীটোও অসাৰ যেন লাগিল ৷ কৰিডৰটোৰ একবাৰে মূৰত থকা খিৰিকিখনৰ কাষত থিয় হ’ল ৷ সন্ধিয়াৰ হেঙুলীয়া আকাশখন এফালৰপৰা ক’লা ডাৱৰে ঢাকি আহিছে ৷ হাতত স্থেতিস্কোপডাল লৈ ৰিদীপে খৰকৈ শেষৰ কেবিনটোৰ ফালে খোজ দিছে ৷ হঠাৎ এটা মূহুৰ্তত খোজৰ গতি লেহেম হৈ গ’ল ৷ ভাস্বতী ! খোজৰ লগত দুলি থকা একোচা কেঁকোৰা চুলি, বতাহত উৰি থকা আকাশী নীলা এখন দোপাট্টা, তেজৰ চেকুৰা লাগি থকা বগা কোট আৰু ক’ম ক’ম বুলি ডায়েৰীৰ পাততেই ৰৈ যোৱা কথাখিনিৰ মাজত কুচি মুচি সোমাই থকা সেই ফুলপাহ…এটাৰ পাছত এটাকৈ নষ্টালজিয়াৰ ঢৌৱে খুন্দিয়াই গ’ল ৷ হাতত ভাস্বতীৰ দেউতাকৰ ফাইলটো লৈ ৰিদীপ লাহে লাহে তাইৰ কাষত থিয় হ’ল ৷ …“ৰিদীপ দা, …দেউতা…” তাইৰ কান্ধত লাহেকৈ হাতখন থৈ, “একো নহয় ৷ তেওঁ মোৰ দায়িত্ব ৷ চিন্তা নকৰিবা ৷” …সি জানো তাইক ভাঙি পৰিব দিব পাৰে ! তাইৰ ফিকা চাহকাপত দুটোপাল পানী বেছিকৈ যোগ হ’ল ৷

Saturday, 29 July 2017

বন্ধুুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale ) part # 8


     " সেইকাৰণে কেতিয়াবা নিজক আঘাত কৰো ৷ বৈ অহা তেজবোৰৰ লগত দুখবোৰ ওলাই অহা যেন লাগে। ক্ষন্তেকীয়া শান্তি ৷ হয়তো মনটোক divert কৰাৰ এক বিফল চেষ্টা ৷" তাই কঁপিবলৈ আৰম্ভ কৰিছিল , " এতিয়াও কৰ এইবোৰ ?"  সি হাঁহিলে " ইমান ভয় কিয় খাইছ’ ! নাই দে আজিকালি বাদ দিছো ৷ মাজত মই স্ৱাৰ্থপৰ হৈ গৈছিলো ৷ এতিয়া বুজিছো নিজৰ নহ’লেও আনৰ বাবে হাঁহিব লাগিব ৷ " তাইৰ যেন বিশ্বাস হোৱা নাই ৷ তাই চিনি পোৱা দীপেই নে ! লাহেকৈ তাই ক’লে " চিগাৰেট এটা জ্বলাই ল’ ৷" তায়ো বুজি পায় কিছুমান সময়ত এইডালৰ প্ৰয়োজন ৷ চিগাৰেট এটা জ্বলাই ক’লে " প্ৰেমত নপৰিবি কেতিয়াও বুজিছ’ ৷" " কিয় ?" …"নিচা এইবোৰ ৷ পাৰিবি চিগাৰেটৰ ধোঁৱাৰ মাজত নিজৰ এখন পৃথিৱী গঢ়িব ?" তাইৰ চকু দুটা সেমেকি উঠিল ৷ সি কৈ গ’ল " তাইক ভালপাওঁ মই ৷ এতিয়াও ৷ মোৰ সুখ তাইৰ হাঁহিত ৷ কিন্তু মোক দেখি যেতিয়া তাই প্ৰশ্ন কৰে ’তুমি কোন ?’ হেঁপাহবোৰ আৰু সেউজীয়া হৈ নাথাকিল ৷" আন্ধাৰত সি নেদেখাকৈ তাইৰ গালদুখন তিতি গ’ল ৷ হয়তো তাৰ চকুযোৰো সেমেকিছিল ৷ " কি হ’ল ভয় খালি নেকি ! ধেৎতেৰি ধেমালিহে কৰিছো ৷ প্ৰেমত পৰিবি বুজিছ’ ৷ প্ৰেমে ভিৰৰ মাজত নিজৰ পৰিচয় গঢ়াৰ সাহস দিয়ে ৷" সি হাঁহিলে ৷ মানুহে অনিচ্ছাস্ৱত্বেও হাঁহিলে গ’ম পোৱা যায় । কিছু সময়ৰ নীৰৱতা ৷ সি নিস্তব্ধতা ভাঙিলে " তই যা দেৰি হৈছে ৷" তাইয়ো কি ক’ব ভাবি নাপাই তাৰ কান্ধত ক্ষন্তেকৰ বাবে হাতখন এবাৰ থৈ উঠি আহিল ৷ ঠাণ্ডাও বাঢ়িছে ৷ জেকেটৰ চেইনডাল ভালকৈ মাৰি ল’ব লাগে বুলিও তাইৰ ভাৱ অহা নাই ৷ মাথো তাৰ কথাবোৰ মূৰত চাকনৈয়াৰ দৰে ঘূৰি আছে ৷ যেন এইমাত্ৰ এখন উপন্যাস পঢ়িলে ৷ কিছুমান বুজিলে, কিছুমান আধৰুৱা হ’ল আৰু কিছুমান এতিয়াও ৰহস্য !
    … " অ’ই উঠ্‌ জল্‌দি ৷ কি ভাবি আছ’ ৷ সপোন দেখিছ’ নেকি !" আকাশৰ চিঞৰত তাইৰ সম্ভিত ঘূৰি আহিল ৷ ইফালে সিফালে চাই পৰিস্থিতিটোৰ বুজ লওঁতে কিছুপৰ গ’ল ৷ পুলিছে খেদিছে সবলোকে ! উফ্‌ অকমাণ সময় বহিবও নিদিয়ে শান্তিত ৷ ইমান সময় চাৰিটাই নীৰৱেই বহি আছিল ৷ সিহঁতে কিবা কৈছিল যদিও তাইৰ কাণত সোমোৱা নাছিল ৷ Sometime silence between 2-3 people is comfortable ! লাহে লাহে খোজ কাঢ়ি নামি আহিল সিহঁত ৷ এটাই এটাক ঠেলিছে, জোকাইছে ,মাৰিছে…মুঠৰ ওপৰত শান্তি নাই ৷ শেষত এৰা এৰি হ’ব হ’ল ৷ মনটো গধুৰ লাগিছে। …" So, ভাই, bye bye, আমি আহিমেই সোনকালে ৷ বেছিদিন নাই ৷ তই ভালকে থাকিবি ৷ শান্তিত থাক্‌ বুলি নকওঁ, কাৰণ আমিয়ে নিদিওঁ থাকিব !" সিহঁতে হাঁহিলে ৷ তাইৰ ডিঙিটো সোপা মাৰি ধৰিলে ৷ " ভালকে থাকিবি তহঁতেও ৷ যা তা কামবোৰ কৰি নুফুৰিবি ৷ আৰু মোক পাহৰি নাযাবি কিন্তু, নহ’লে মাৰ দিম ধৰি ৷ Take care & happy journey ! bye ..miss you !” বুলি কৈ তাই আৰু ঘূৰি নাচালে ৷ কেতিয়াও নোৱাৰে চাব ৷ কাৰণ চালেই তাই দুৰ্বল হৈ যায় ৷ চকুপানীক বাধা দিয়া সামৰ্থ যে তাইৰ একেবাৰেই নাই !
    সিহঁত যাবগৈ ৷ লাগিলেই কাষত নাপাব ৷ কিন্তু তাৰ বাহিৰে জানো কিবা সলনি হ’ব ! একেই থাকিব সকলো ৷ আকৌ whatsapp ৰ virtual দুনিয়াখনত লগ হ’ব ৷ আকৌ কিছুমান অদৰকাৰী হ’লেও বহু সময়ত দৰকাৰী হৈ পৰা virtual তৃপ্তি ! …তাইৰ জীৱনত ৰাগৰ সুৰ আছে, আকাশৰ নীলা আছে আৰু দীপৰ পোহৰ আছে …বেলেগ আৰু কি লাগে !
     …And the journey continues …
“ য়াৰো দোস্তি বৰি হি হসিন হে, য়ে না হো তো ক্যা ফিৰ বোলো য়ে জিন্দগী হে…”

সমাপ্ত !

Friday, 28 July 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale ) part # 7


     দুপৰীয়া ভাতকেইটা খাই গাৰুটো লৈ ৰিমে বিচনাত বাগৰ দিছে মাত্ৰ ফোনটো বাজি উঠিল …" Raag calling". তাই ধৰিলে " ক’ কি হ’ল ৷"…" আজি চাৰিটাত পোৱাকে আহিবি হা ৷" তাই অলপ আচৰিত হৈ সুধিলে " ক’ত যাব লাগে ? বিজয়াদশমী চোন ৷"…" মূৰ্খ কালি কি কৈছিলো মনত নাই ? চান্দমাৰি ব্ৰিজ ৷"…"নাযাওঁ নেকি এলাহ লাগিছে ৷"…" নচলিব এইবোৰ ৷ আমিকেইটা পৰহি যামেই ৷ তাৰ পিছত আৰু ছমাহ ৷ বাহ ! যোৱাৰ আগত এবাৰো লগ নকৰ। এই প্ৰেম, এই দোস্তি !" অলপ emotional blackmail কৰিলেই ৰিম মান্তি হ’ব বুলি সি ভালকৈ᪅জানে ৷
      ৰাস্তাত বাছ কম ৷ দোকানবোৰো প্ৰায় বন্ধ ৷ পূজা মণ্ডপবোৰ কইনা উলিয়াই দিয়া ৰভাতলীৰ দৰে নিস্তেজ ৷ মানুহ-দুনুহ নাই ৷ তাইৰ মনটো কিবা গধুৰ লাগি গ’ল ৷ তাই আৰু ৰাগ গৈ পায় মানে দীপ আৰু আকাশ ইতিমধ্যেই বহিয়ে আছিল ৷ দীপে চিগাৰেট এটা টানি কিবা ভাবি আছে ৷ ইফালে আকাশ coc ত attack দিয়াত ব্যস্ত ৷ তাইৰ মানে এইটো দেখিলেই ম’বাইল দলিয়াই দিবলৈ মন যায় ৷ গোটেই কেইটা বহিল ৷ এখনৰ পিছত এখন ট্ৰাক মূৰ্তি লৈ গৈছে ৷ চাৰিওফালে ঢাক ঢোলৰ শব্দ ৷ দীপে তেতিয়াও চিগাৰেটটো এৰা নাছিল ৷ " চৰ মৰাৰ আগত সেইটো পেলা ৷" ৰিমৰ খং উঠিল ৷
     …কেইটামান মাহৰ আগৰ কথা ৷ এদিন এই চান্দমাৰি ব্ৰিজত বহিয়েই তাই এখন 'উপন্যাস' পঢ়িছিল ৷ জীৱন্ত উপন্যাস ৷ বুজা নুবুজাৰ মাজত ৷ ডিচেম্বৰৰ সন্ধিয়াবোৰ বৰ সোনকালে নামে ৷ হেঙুলীয়াবোৰো কুঁৱলীয়ে ঢাকে ৷ শীতৰ সন্ধ্যাবোৰো ৰহস্যময়ী ৷ কেতিয়াবা যদি সপোন সৰে কেতিয়াবা আকৌ বিষাদ নামে ৷ ৰিম আৰু দীপ ব্ৰিজত বহিছে ৷ তাই আহিছে কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি ৷ পশ্চিম আকাশত ভাগৰুৱা বেলিটো হেৰাই গ’ল ৷ তলৰ বাটটোত চকুৰে মণিব পৰালৈকে মাথো গাড়ীৰ পোহৰ, streetlight …কুঁৱলীয়ে অস্পষ্ট কৰি তুলিছে ৷ দীপে পকেটৰপৰা চিগাৰেট এটা উলিয়াই জলাই ল’লে ৷ "তই চিগাৰেট কিয় এৰিব নোৱাৰ ? কৈ কৈ ভাগৰি গৈছো৷ " সি একো নামাতিলে ৷ মাথো মুখৰ পৰা ধোঁৱাবোৰ উলিয়াই দিলে ৷ ধোঁৱাবোৰ কুন্দলী পকাই কুঁৱলীৰ লগত মিলি গ’ল ৷ " কি শান্তি বিচাৰি পাৱ’ চিগাৰেটডালত ?" সি তেতিয়াও নিমাত ৷ ৰিমৰ অসহ্য লাগিল ৷ সি নিস্তব্ধতা ভাঙিলে " মানুহক কিমান তললৈ নমা দেখিছ ? …মই দেখিছো ৷" শেষ হৈ অহা চিগাৰেটটোলৈ এবাৰ চাই মাটিত পেলাই লাহেকৈ ভৰিৰে মোহাৰি পেলালে ৷ " ঘৰৰ মানুহবোৰৰ আগত যেতিয়া নিজৰে দোষী দোষী অনুভৱ হয়, চকুত চকু থৈ কথা কোৱা সাহস নাথাকে, এনে লাগে নিজকে শেষ কৰি পেলাম ৷ " সি এবাৰ হাঁহিলে ৷ " কিন্তু guts বুজিছনে, guts . ইমান guts নাই ৷"
( to be continued )

Thursday, 27 July 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale ) part # 6


     এনেদৰেই চলি থাকে সিহঁতৰ দিন ৰাতিবোৰ ৷ ভাল-বেয়া , কাজিয়া - অভিমানৰ মাজেৰে ৷ পূজাৰ বতৰ ৷ গোটেইকেইটা গুৱাহাটীত ৷ এদিন ওলাল পূজা চাওঁ বুলি ৷ দিনটো সিহঁতে তাইক ঘূৰায় মৰিছে খোজ কঢ়াই ৷  উফ্‌ ! তাইৰ ভৰি বিষাই গৈছে ৷ পূজাৰ বন্ধৰ কেইদিন ক্লাছ পাতিও নাই বাবে নিশা দুপৰলৈকে সিহঁতৰ আড্ডা বহে ৷ As usual, victim ৰিম ! সিহঁতৰ whatsapp ৰ দুনিয়াখন সাৰ পাই উঠে ৷ ৷ ৰাগে ক’লে " কালি বিজয়া দশমী। চান্দমাৰি ব্ৰিজ ওলা গোটেই কেইটা ৷" ৰিমৰ লগে লগে আপত্তি " আজিৰ দিনটো ঘূৰাই হেঁপাহ পলোৱা নাই হা ৷ ভৰিৰ বিষত থাকিব পৰা নাই। নাযাওঁ মই ৷" আকাশে আহি আকৌ মাজতে মাত দিব " কি কৰিছ’ সবে ?" অলপ পিছত দীপে পঠিয়ালে আধা শেষ হোৱা চিগাৰেট এটাৰ ফটো ৷ ৰিমৰ খং উঠিল ৷ তাইৰ খংটো হঠাৎ উঠি যায় ৷ এই চিগাৰেট খোৱাৰ নামত তাইৰপৰা কিমান যে গালি খায়  তাৰ হিচাপ নাই ৷ তায়ো শেষত গালি পাৰি ভাগৰি যায়। ইমান কোৱাৰ পিছতো যেতিয়া নুশুনে তাইৰ খঙত কান্দি দিওঁ যেন লাগে ৷ তাই জানো সিহঁতৰ বেয়া ভাবি কেতিয়াবা কিবা কৈ পাইছে ! যেতিয়াই গালি দিয়ে সিহঁতৰ ভাল হওঁক বুলিয়েই দিয়ে ৷ সিহঁতেও চাগে সকলোতকৈ বেছি গালি তাইৰ পৰাই খায় ৷ কিবা কাৰণতেই হওঁক বা কাৰণ নোহোৱাকৈয়ে হওঁক ৷  ৰিমৰ খং উঠা দেখি ৰাগে কথাটো পাতলাবলৈ ক’লে " ৰিমে যে নাচি আছ’ video কৰি পঠা চোন। "  তাই খঙতে কয় " যা কি কৱ, কিবা লিখি আছো চা ৷" বুলি পঠোৱা ফটোখনত বহীখনৰ কাষত এটা cake ৰ পেকেট ৷ বেগত আছিল ৷ হঠাৎ পালে ৷ খাম বুলি সেই ৰাতিখন পেকেটটো উলিয়াই ল’লে আৰু ৷ সিহঁতৰ চকু পেকেটটোতহে ৷ আকাশে মাত দিলে " অ’ চা চা ওপৰত কিতাপ বহী, তলত খ’ বস্তু ৷" ৰাগে যোগ দিব আকৌ " ৰিমৰ বেগত কি কি থাকে বে ৷ যি লাগে সব পায় ৷ multi utility bag . " আৰু দীপ, সি নকয় কি "অহ্‌ তো সব আছে ৷ Fridge এটাও আছে ভিতৰত সেইকাৰণে cake টো ভালে আছে। tv ,AC , ফেন সব আছে ৷ আৰু কি জান’ নে নাই বানপানীতো চিন্তা নাই, চুইছ টিপিলা নাওঁ ও  ওলাই আহে বেগৰপৰা ৷" হাঁহি হাঁহি এটাই সুধিলে "কি কোম্পেনীৰ নো ?" তাই একো ক’বই নাপায় বেলেগ এটাই "Barmuda Triangle বে ৷ সেইকাৰণে ইমান Capacity আছে ! "  - সিহঁতে তাইৰ mood ঠিক কৰিব ভালকৈ জানে ৷  অলপ আগতে দীপক গালি দি থকা ছোৱালীজনী এতিয়া হাঁহি হাঁহি ৰঙা পৰি গৈছে ৷ সেইকাৰণে তাই সিহঁতক ভাল পায় ৷ বুজি পায় সিহঁতে তাইক ৷
( to be continued )

Wednesday, 26 July 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale ) part # 5


    যেতিয়া যি situation এ নহওঁক কিয় ৰাগ সদায় আছে ৷ …পৰীক্ষা তাইৰ ভয় লাগে, কিন্তু কাকো নেদেখায় ৷ সি যেতিয়া ফোন কৰে তাই ৰ’ব নোৱাৰে,ভয়তে চকুপানী ওলাই যায় ৷ ৰাগ বুজোৱাত অৱশ্যে ভাল। তাই কিন্তু একেবাৰেই নহয় ! বুজালে তাই শান্ত হয় ৷ আকৌ ৰাতি শুৱাৰ আগত যিমান দেৰি হ’লেও এবাৰ ফোন কৰে " একদম টেনচন নল’বি ৷ সব ভাল হ’ব ৷ ভাবি ল’বি মই তোৰ কাষত বহি গালি পাৰি আছো ৷" তাই সাহস পায় ৷ ৰিমেও যিকোনো situation ত তাৰ লগত থাকে ৷ সি নক’লেও বুজি পায় কেতিয়া ৰাগক তাইৰ প্ৰয়োজন ৷
     কিন্তু ৰাগৰ লগত থকাৰ দৰে বাকী দুজনৰ সকলো সময়তে জানো তাই লগত থাকিব পাৰিছে ! কেতিয়াবা যদি পৰিস্থিতিয়ে বাধা দিছে কেতিয়াবা ego ই ৷ আকাশৰ লগতো  সকলো ঠিকেই চলি আছিল ৷ তাক বিশ্বাস কৰে তাই । বিনাদ্বিধাই সকলো খুলি কয় ৷ তাই বহুত বেছি introvert . তথাপি যিমানখিনিলৈ ক’ব পাৰে বুলি ভাবে তাই কয় ৷ কেৱল আকাশ নহয়, তিনিওজনকে কয় ৷ তাইয়ো বিশ্বাস কৰিছিল সি সকলো খুলি কয় বুলি ৷ At least তাইৰপৰা নুলুকুৱায় ৷ …সিহঁতৰ প্ৰায়ে খুত খাত লাগিয়ে থাকে ৷ সি তাইক জোকায় ৷ তাই অভিমান কৰে সঁচা কিন্তু বেয়া পাব নোৱাৰে ৷ স্কুলত কিমানে সিহঁতৰ সম্পৰ্কটো কিমান ধৰণে যে ভাবিছিল ৷ বহুতে আনকি তাইক সুধিছিল ও, বহুতেই আকৌ মনে মনেই ভাবি লৈছিল ৷ উফ্‌ ! কি যে হ’ব ,কাক কিমান বুজাবা ! স্কুলৰ পাছত কলেজ বেলেগ হ’ল ৷ লগ পোৱা প্ৰায় নহয়েই ৷ কিন্তু দূৰত্বই জানো বন্ধুত্ব কম কৰিব পাৰে ? নাই , কেতিয়াও নোৱাৰে ৷ সময়হে কেতিয়াবা কঠিন হয় ৷ সকলো ঠিকেই চলি আছিল ৷ হঠাৎ জানো কি হ’ল, সকলো চোন কিবা খেলি মেলি হৈ গ’ল ৷ বিশ্বাস বৰ ডাঙৰ বস্তু ৷ কোনোবাখিনিত কিবা এটা আউল লাগিল ৷ এটা দিন  কথা নপতাকৈ পাৰ নকৰা ৰিম আৰু আকাশৰ মাজত চাৰিটা মাহ মৌনতাৰে পাৰ হৈছিল ৷ তাই এদিন গোটেই ৰাতি কান্দিছিল ৷ নাজানে কিয়- তাৰ ওপৰত খং উঠিছিল নে তাইৰ নিজৰ ওপৰত, অভিমান হৈছিল নে বন্ধুত্ব ভঙাৰ ভয় তাই নাজানে ৷ কেতিয়াবা খুব মন গৈছিল খবৰ ল’ব ৷ " কি খবৰ " বুলি type কৰাৰ পাছতো ক’ৰপৰা জানো তাইৰ আঙুলি আৰু send option টোৰ মাজত ego আহি যায় তাই নাজানে ৷ সেমেকি উঠা চকুযোৰ আওকান কৰি ম’বাইলটো লাহেকৈ বন্ধ কৰি থয় ৷ সি কিন্তু প্ৰায় তাইৰ খবৰ লৈছিল আৰু তাই যিমান পাৰি চুটিকৈ reply দি থৈছিল ৷ হোষ্টেলৰ জীৱন আৰম্ভ হৈছিল তাৰ ৷ লগতে আৰু বহুতো ঘাত- প্ৰতিঘাত ৷ ৰেগিং খাই পাৰ কৰা সেই কঠিন সময়খিনিত যেতিয়া আকাশক তাইৰ আটাইতকৈ বেছি প্ৰয়োজন আছিল তাই তাৰ খবৰ এটা ল’ব লাগে বুলিও ভবা নাছিল ৷ মাহৰ মূৰত যেতিয়া চৰ খাই দাগ পৰি থকা তাৰ গাল দুখন দেখিছিল সি নেদেখাকৈয়ে ৰিমে উচুপিছিল ৷ তাই এতিয়াও regret কৰে ৷ When he was dealing with such a hectic life , তাই এবাৰলৈয়ো সোধা নাছিল " কেনে আছ’ " বুলি ৷ …এতিয়া সকলো আগৰ দৰেই normal . ধৰিব নোৱাৰি কোনোবাখিনিত যে কিবা এটা ঘটিছিল ৷ কিন্তু সেই চাৰিটা মাহ ৰিমে পাহৰিব পৰা নাই ৷ কেতিয়াবা খং উঠে তাইৰ, নিজৰ ওপৰত, আকাশৰ ওপৰত আৰু সময়ৰ ওপৰত ৷
( to be continued )

Tuesday, 25 July 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale ) part # 4


   কেতিয়াবা আকৌ এইবোৰ ধেমালিয়েই extreme point পায় গৈ ৷ তেতিয়া বেয়া কৈ কাজিয়া লাগে ৷ ৰিমৰ b'day ৰ দুদিনমান আগতে ঘটিছিল কিবা এটা আকাশ আৰু দীপৰ লগত ৷ সিহঁত দুয়ো ৰাতি তাইক wish কৰিবলৈও ভয় কৰিছিল ৷ ইফালে তাই কাজিয়াৰ কথা কাহানিবাই পাহৰিলে ! আনহাতে ৰাগ ৷ তাৰ লগত অৱশ্যে কাজিয়া লগা নজিৰ নাই ৷ b'day ৰ ৰাতি আকৌ ৰাগ আৰু প্ৰীতিৰ হেতা ওপৰা লাগে কোনে আগতে ৰিমক wish কৰিব ! 12 টাৰ 10 মিনিট আগতেই ফোন কৰি বেলেগে wish কৰিব নোৱৰাকৈ line busy কৰি থৈ দিয়ে ৷ শেষত যেতিয়া কয় " ঐ শুন না, I love u " তাইৰ চকুপানী বৈ আহে ৷ তাইয়ো তাক ভাল পায় বন্ধু হিচাপে, ভাই হিচাপে ৷ কিন্তু বহুতেই আকৌ কথাবোৰ বেলেগকৈ ভাবে ৷ সিহঁতেও অৱশ্যে  বৰ বেছি পাট্টা নিদিয়ে ৷  কলেজত প্ৰথম ভৰি দিয়াৰ পিছতেই সিহঁতৰ সম্পৰ্কটো কিমানে কিমান ধৰণে যে ভাবিছিল ! সময় যোৱাৰ লগে লগে সকলোৱে salute কৰিছিল…বন্ধুত্ব এতিয়াও জীয়াই আছে ৷ দুয়োৰে practical ৰ group ও এটাই আছিল ৷ উফ্‌ কি কি যে উৎপাত কৰা নাছিল lab ত ! chem lab ত কিমান কি chemical মিহলাই নিজেই কিবা কিবি experiment কৰিছিল ৷ কেতিয়াবা যদি ধোঁৱা ওলাইছিল কেতিয়াবা টেষ্ট টিউব ফাটিছিল ৷ Bio lab ত তো ক’বই নালাগে ! সিহঁতৰ চাৰ্কাছ পাৰ্টী আৰম্ভ হৈ যায় ৷ ৰিমে bio ভাল পায় ,ইফালে ৰাগে একেবাৰেই নাপায় ৷ তথাপি তাইৰ লগত অকমাণ সময় বেছিকৈ কটাবলৈ bio tuition ও লৈছিল একেলগে ৷ Tuition ৰ শেষতো আড্ডাৰ শেষ নাই ৷ Ice cream খাই খাই আধা বাট খোজ কাঢ়ে ৷ কলেজ বুলি ক’লে তাইক ৰাগৰ নামটোৱেই আগতে দৌৰি আহে ৷ ৰাতিপুৱা তাইৰ দেৰি হ’লে " অ’ই মোৰ এটা seat ৰাখি থ’বি ৷" আৰু সিও ধুনীয়াকৈ তাৰ কাষতেই ঠাই উলিয়াই থয় ৷ ৰাগৰ বাবে কলেজ মানে ৰিমৰ dialogue বোৰ " বাছষ্টেণ্ডত ৰখ একেলগে যাম ৷" "টিফিন খাবি ?" "ব’ল ছাতি নোহোৱাকে বৰষুণত যাওঁ ৷" " এহ বান্দাৰ দোইলে দিম ৷ " " এহ ছলি আফ্‌লে দিম তোক ৷" -এইবোৰ অবিহনে যেন সকলো খালি !  সিহঁতৰ এজন ছাৰ আছিল ৷ কোনোদিন student ৰ লগত eye contact নহ’ল ৷ সদায় চুকবোৰৰ মকৰাজাল চাই চাইয়ে বুজালে আৰু সিহঁতে কি বুজিলে নাজানে কিন্তু তাৰ মাজতে টিফিনৰ বাদাম, চানা ঠিকেই খালে ৷ ক্লাছটো শুই, ছবি আঁকি , কটা কটি খেলিয়ে পাৰ কৰিলে ! …কিমান দিন যে বাৰিষা গুৱাহাটী ডুবিল আৰু সিহঁতেও পানী ভাঙি ঘৰ পালে তাৰ হিচাপ নাই ৷ তাই সেই পানীৰ মাজতো উৎপাত কৰে ৷ অৱশ্যে ৰাগ লগত থাকিলে তাইৰ ভয় নাই ৷ কেৱল বানপানী নহয় জীৱনৰ প্ৰতিতো খোজতে সি আছে ভাল বন্ধু হিচাপে ৷ তাই ভালকৈ জানে সি নিজে উজুতি খালেও তাইক পৰিবলৈ নিদিয়ে ৷
( to be continued )

Saturday, 22 July 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale ) part # 3


     ৰিম, প্ৰীতি আৰু মিতাৰ আগৰ পৰাই এটা কুইজৰ গ্ৰুপ আছিল ৷ মাজতে আহিল ৰাগ, সিহঁতৰ competitor . অৰ্থাৎ শত্ৰুৰ list খনত আৰু এটা নাম add হ’ল ! লাহে লাহে বন্ধুত্ব বাঢ়িল ৷ ক’ব গ’লে কুইজেই main কাৰণ ৷ কিন্তু ৰিম আৰু অনুৰাগৰ team, always results into a 'শনি লগা' group ! য’তে নগ’লেও হাৰিবই ৷ ৰিমৰ ভাষাত ক’ব গ’লে এই বন্ধুত্ব ইমান 'খাচ' নাছিল ৷  কলেজে কি যাদু কৰিলে সিহঁতে নাজানে কিন্তু সিহঁতক যেন বহুখিনি ওচৰ চপাই আনিলে ৷ তাই আটাইতকৈ বেছি বিশ্বাস কৰা ল’ৰাজনো ৰাগ, যাৰ আগত খুলি কান্দিব পাৰে সেইজনো ৰাগ ৷
    ইহঁত তিনিটাক দেখিলে এটা কথা ভাবি ৰিমৰ বিৰাট হাঁহি উঠে , "এক লড়কা ওৰ এক লড়কী কভি দোস্ত নেহি বন সক্‌তে !" - কোনজন মহাপুৰুষে কৈছিল বা ! মিছা বুলি প্ৰমাণ কৰা ক্ষমতা তাইৰ আছে অৱশ্যে ৷
     সিহঁতৰো এখন নিজৰ দুনিয়া আছে ৷ whatsapp, facebook ৰ দুনিয়া ৷ লগ নোপোৱা সময়বোৰত তাতেই virtually লগ হয় সিহঁত ৷ উফ্‌ ! কিমান যে শেষ নোহোৱা কথা ! ফুচুৰি মাৰোতেই দিন যায় ৷ হঠাৎ আকৌ serious topic ও আহি যায় ৷ যিয়েই নহওঁক শেষত গৈ থৈ কিন্তু victim ৰিমেই হয় ! তিনিওটাই মিলি তাইক এনেকৈ কামুৰ দিয়ে, শেষত তাই কান্দিব বাকী ৷ কেতিয়াবা আকৌ হাঁহিত পেটৰ নাড়ী ডাল ডাল হয় ৷ সিহঁতৰ এই দুনিয়াখন সাৰ পায় ৰাতি সকলো শুৱাৰ পিছত ৷ তেতিয়া তাইৰ হাঁহি ৰখাবলৈ বিচনাত গাৰুটোৰ বাহিৰে একো নাথাকে ৷ মুখত গাৰুটো হেঁচি ধৰি ৰিমৰ কেতিয়াবা উশাহ নোপোৱা হৈ মৰি থাকিব যেনেই লাগে ৷…তাইৰ খংটো উঠে তেতিয়া, যেতিয়া ৰাতি ১টা বজাত সিহঁতে তাইৰ বিয়াৰ কল্পনা কৰে ৷ উফ ! তাইৰ মূৰ গৰম ৷ কি কল্পনা বাপ্‌ৰে ! তিনিওটাই বেলেগ বেলেগ ধৰণৰ ল’ৰাৰ বৰ্ণনা দিয়া আৰম্ভ ! অৱশ্যে ৰাগ এই ক্ষেত্ৰত অলপ কম ৷ কিন্তু মাজতে আহি সিও জ্বলা জুইত ঘিঁ ঠিকেই ঢালে ! আৰু নামবোৰ ? সত্যযুগৰপৰা বাছি বাছি আনে আৰু ! আকাশে এটা নাম কৈ ক’ব "চা ইয়াৰ নাম দেখিয়ে গ’ম পাই সি যে maths ৰ teacher !" দীপে আকৌ ক’ব " ৰিমক ৰাতি banana shake  লগা হ’ব ৷ বেচেৰা গিৰিয়েকে ক’ব নাই বুলি ৷ তাইয়ো নাচোৰবান্দা ! কলগছৰ shake হ’লেও লাগিব বোলে ৷" - উফ্‌ ! ইফালে তাইৰ হাঁহেই নে কান্দেই অৱস্থা ! আনফালে খঙে চুলিৰ আগ পায় গৈ !
    বিচাৰি বিচাৰি nick name দিয়াত সিহঁত expert ! ক’ৰপৰা যে কিছুমান অদ্ভুত নাম বাছি উলিয়ায় তাইৰ ! বিস্কুট ! না তাই বিস্কুট খাই ভাল পায় না বিস্কুটৰ লগত কিবা কাহিনী আছে ! কথা নাই বতৰা নাই আকাশে আৰম্ভ কৰিব " আজি জান’ মই লুটি গ’লো ৷ 50 পেকেট hide & seek শেষ ৷" ৰাগে মাজতে আহি মাত দিব "ইস্‌ ! ৰিমে পালে চাগে তোক ৷ সিদিনা মোকো বাছৰপৰা নমাই আনি বিস্কুট খাইছে ৷ দোকানী পাগ্‌লা হৈ গৈছে !" আৰু দীপ ! সি একো নক’ব নে ! সি আৰু ওপৰত " ইস্‌ মোৰ যে আৰু অৱস্থা বেয়া ৷ loan লৈছো এটা বিস্কুট খোৱাব ৷ বেংকে দিবই ভয় কৰিছে ইমান amount ." - seriously ? বিস্কুট ! সিহঁতে বকি আছে কি ! হৈ আছে কি ! 'বিস্কুট আখ্যান' মুঠৰ ওপৰত তাইৰ মূৰত নোসোমায় ৷ ইফালে খঙত ৰঙা পৰি যায় ছোৱালী !
( to be continued )

Friday, 21 July 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale ) part # 2


     আন্ধাৰ নামিল লাহে লাহে ৷ সিহঁতেও ঘৰলৈ বুলি খোজ ল’লে ৷ উজান বজাৰৰ গছবোৰৰ মাজে মাজে Street light বোৰ জ্বলি উঠিল ৷ হেল’জেনৰ পোহৰত কিবা এটা বুজাব নোৱৰা মাদকতা আছে ৷ ৰিমে ভাল পায় ৷ নদীৰ এচাটি ঠাণ্ডা বতাহে চুই গ’ল সিহঁতক ৷ সিহঁতৰ লগত থাকিলে তাইৰ কেতিয়াও কোনোবা বিশেষ এজনৰ অভাৱ অনুভৱ নহয় ৷ নালাগে তাইক ৷ ইহঁতেই যথেষ্ট ৷  আকাশে যদি গাড়ীয়ে খুন্দিয়াব বুলি ৰিমক বাওঁফালে ঠেলি দিয়ে , ৰাগে ৰাষ্টাটো হাতত ধৰি পাৰ কৰাই দিয়ে ৷ আৰু দীপ ? সি সদায় ওলোটা ! লাহেকে মাত দিব " তাইক ৰাষ্টাৰ মাজত ঠেলা মাৰি দেচোন গাড়ীখনৰ আগত ৷"… কিন্তু তাইয়ো ভালকৈ জানে কিবা এটা বিপদ হ’লে আকাশ আৰু ৰাগৰ লগত সিও লগে লগেই দৌৰি আহিব ৷ সিহঁতক আজিকালি বহুত দিনৰ মূৰতহে লগ পায় ৷ গোটেইকেইটা হোষ্টেলীয়া হ’ল ৷ বহু মাহৰ মূৰত এনেকৈ বহিবলৈ পায় ৷ তাই ৰৈ থাকে বিহু পূজালৈ ৷ আকাশ যদিও বেছি দূৰত নাথাকে তথাপি ব্যস্ততাৰ মাজত লগ কৰা সময় নাই ৷ ৰিমৰ মাজে মাজে বুকুখন গধুৰ হৈ যায় ৷ আমিবোৰ যে কিমান ব্যস্ত হৈ পৰিছো ভাবিলে ভয় লাগে ৷ সৰুকালৰ দিনবোৰেই ভাল আছিল ৷
    প্ৰথম শ্ৰেণীত প্ৰথম বাৰৰ বাবে লগ পাইছিল আকাশক ৷ বৰ বিশেষ একো মনত নাই যদিও তাৰ পিছত আৰু তাক পাহৰিব লগা situation হয়তো অহা নাই। উজ্জল চকু দুটাৰে এখন মৰম লগা মুখ ৷ ৰিমতকৈ কিন্তু চাপৰ ৷ আৰু এতিয়া ? তাই মূৰ তুলি চাব লাগে তালৈ ৷ তাৰ ভাষাত ' height matters'. ৰিমৰ উঠে খং ! ৰিমৰ লগত তাৰ বন্ধুত্ব কেতিয়াৰ পৰা কেনেকৈ কোৱা টান ৷ সময়ৰ সোঁতত অচিনাকী মুখবোৰ কেতিয়া কেনেকৈ আপোন হৈ পৰে ধৰিবই নোৱাৰি চোন ৷ মাজে মাজে তাই ভাৱে ল’ৰালিৰ সেই দিনবোৰ আকৌ ঘূৰাই পোৱাহেঁতেন ! সেই বকুলৰ মালা গঁথা দিনবোৰ, কৃষ্ণচূড়াৰ পাহিৰে নখ বনোৱা, চম্পা ফুলৰ আঙঠি বনোৱা, কাগজৰ নাওঁ সজা দিনবোৰ…এতিয়াৰ দৰে অন্ততঃ যান্ত্ৰিক নাছিল ৷
    দীপকো সৰুতেই পাইছিল ৷ কিন্তু ইমান এটা close নাছিল ৷ চাব গ’লে স্কুলত থকালৈ একোৱে নাছিল ৷ কলেজ পোৱাৰ পিছত সেই স্কুলৰ নিগনিটোও ডাঙৰ হ’ল ৷ তাৰ লগত বন্ধুত্বটো কেনেকুৱা কোৱা টান। দিনৰ দিনটো ৰিমক জলাই মাৰে, কিন্তু নোম শিয়ৰি উঠা dark secret বোৰো তাইকেই কয় ৷ সি এদিন তাইক কৈছিল তাইৰ হেনো 'নাহৰৰ নিৰিবিলি ছাঁ' ৰ 'ভাস্বতী' চৰিত্ৰটোৰ লগত বহুখিনি মিল আছে ৷ তাৰ পিছত কিন্তু ৰিমৰ সেমেকি উঠা চকুযোৰ সি দেখা নাছিল ৷
    অনুৰাগ…তাইৰ ৰাগ ৷  সিহঁতৰ সম্পৰ্কটো বুজাই কোৱা হয়তো অকমাণ অসুবিধা হ’ব ৷ বাকী দুজনতকৈ ৰিম ৰাগৰ ওপৰত অলপ বেছি dependent . ক্লাছ এইটত প্ৰথম আহিয়ে তাৰ যি ওস্তাদি ! ৰিমৰ একেবাৰে দেখিব মন নগৈছিল ৷
( to be continued )

Thursday, 20 July 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি (2) ( Another friendship tale) part # 1


      সন্ধিয়াৰ উজান বজাৰ ঘাট ৷ মানুহৰ ব্যস্ততা বাঢ়িছে ৷ খেলি মেলি পৰিৱেশ ৷ কিন্তু তাৰ মাজতে যেন কিবা এটা আছে নিজক পাহৰি যাব পৰাকৈ ৷ পূজালৈ মাজত দুদিন ৷ ক’ৰবাত শেৱালি ফুলিছে ৷ বতাহত কোমল গোন্ধ এটা ভাহি আহিল ৷ লাহে লাহে দিনবোৰো চুটি হৈছে ৷ নদীৰ বুকুত বেলিটো হেৰাই যাবলৈ বেছিপৰ নাই ৷ দূৰৈত এখন ঘৰমূৱা নাওঁ। লাহে লাহে আগবাঢ়িছে ৷ কিবা এটা ভাল লাগিছে ৷ …" ধেৎতেৰি আকাশে কিয় ইমান দেৰি কৰিছে বাৰু ৷ আন্ধাৰে হ’ব এতিয়া ৷" নিস্তব্ধতা ভাঙি ৰিমে খঙেৰে চিঞৰি উঠিল । দীপে হাঁহি হাঁহি ক’লে, "হওঁক দে আন্ধাৰ ৷ তোক নো কোন সোপাধৰাই দাঙি নিব !" কাষত বহি থকা অনুৰাগেও হাঁহি দিলে " আমাৰ ৰিমক সোপাধৰাইয়ে ভয় কৰে ! Label আছেতো ৷" …" অ’ই ৰাগ বেছি হাঁহি নাথাক ৷ মাৰ খাবি কিন্তু ৷" ৰিমৰ খং উঠিছে ৷ তেনেতে আকাশে পিঠিত বেগখন লৈ ঘামি-যামি আহি সিহঁতৰ ওচৰত বহিল ৷ ৰঙা পৰি আহিছে ল’ৰাটো ৷ "বাপ্‌ৰে কি ভিৰ ! মানুহৰ বজাৰ কৰা হোৱাই নাই ৷" চচমাযোৰ খুলি ৰুমালেৰে মুখখন মচি মচি সি ক’লে ৷ …" সেইকাৰণেই মই বজাৰত গৈ বেয়া পাওঁ। so called shopping . নোৱাৰি দে গৰমত ৷ বৰ অশান্তি ৷" ৰিমে মুখখন কোচাই দিলে ৷ দীপে কিবা এটা ক’বই লগে লগে ৷ স্ৱভাৱ !  " আপীৰ গুণ থাক্‌লে হে কিবা গাত ৷"…উফ্‌ ! লাগি গ’ল কাউৰী বাহত জুই ৷ মিছা খং, অভিমান , মাৰা মাৰি …শেষত সকলো শান্ত ৷ সিটো পাৰৰ লাইটবোৰ জ্বলি উঠিছে ৷ অলপ reflection . আকাশখন অলপ নীলা ৷ ৰঙা ৰঙা মেঘবোৰ লাহে লাহে অস্পস্ত হৈ আহিছে ৷ কিবা এটা যেন যাদু আছে ইয়াত ৷ অলপ দূৰৈত নিজৰ মাজত বিভোৰ হৈ থকা এহাল প্ৰেমিক দেখি ৰিমে এনেই ক’লে " এইবোৰ দেখিলে কিবা দুখো লাগে, হিংসাও লাগে ৷" … ৰাগে ক’লে " আৰে ! কিয় এ  ? হিংসা সিহঁতৰহে লাগিব লাগে ৷" লগে লগে আকাশে যোগ দিলে " অ’ তো ৷ ইমান Handsome তিনিটা boyfriend ৰ লগত বহি আছ’ ৷ এটাও নহয় চা, তিনিটা !"  ৰিমে হাঁহি দিলে ৷
     অনুৰাগ ,আকাশ আৰু দীপ…ইহঁত তিনিটাক বাদ দি জানো তাই বেলেগ কিবা ভাবিব পাৰে ! ক’ব গ’লে ৰিমৰ 'unofficial boyfriend' . সম্পূৰ্ণ বুজি নাপালেও তাই সিহঁতক বুজিবলৈ চেষ্টা কৰে ৷ আৰু কোনোবাখিনিত হয়তো সিহঁতে ৰিমক তাইতকৈও ভালকৈ বুজি পায় ৷ দিনৰ দিনটো ফটোৱা কথা কৈ তাইৰ মূৰতো গৰম কৰাৰ বাহিৰেনো কৰে কি ! কিবা এটা কোৱাৰ আগত সিহঁতে জানো তাইক কেতিয়াবা ছোৱালী বুলি গণ্য কৰি পাইছে ! নাই ৷ সিহঁতৰ মতে তো তাই  'ভাই’ ! তাই অকমাণ অভিমান দেখুৱায় ৷ মিছা অভিমান ৷ পিছ মূহুৰ্তত আকৌ পাহৰি পেলায় ৷
( to be continued )

Wednesday, 28 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 11 ( A friendship tale ) (


                                   ( ১০ )
       ডিচেম্বৰৰ ৩১ তাৰিখ ৷ কালিৰপৰা নতুন বছৰ আৰম্ভ ৷ সিহঁতে জানে  তাৰিখ, মাহ আৰু বছৰটোৰ বাহিৰে বেলেগ একো সলনি নহয়। মাথো এটা অংক সলনি হ’ব ৷ আৰু সকলো আগৰ দৰেই চলি থাকিব ৷ still they hope the days will be better ! উজান বজাৰৰ ঘাটটো সিহঁতৰ প্ৰিয় ৷ যিহেতু Kite festival সিহঁতে চিলা কিনিলে , যদিও উৰাব নাজানে ! চেষ্টা কৰিলে ৷ নাই ৷ এবাৰ যদি সূতা চিঙে এবাৰ আকৌ হাতত জোঁট লাগে ,মাজে মাজে আকৌ চিলাতকৈ সিহঁতৰ জাঁপেই বেছি হয় ৷  বাকী দুজনী হাঁহিত বাগৰি পৰে ৷ কাষত stage এখনত ল’ৰা এজনে guitar বজাই গান গাই আছে ৷ চিলা উৰুওৱাৰ মাজত নিশা আৰু প্ৰীতিয়ে তাৰ লগতে গুণগুণাইছে…য়াৰো দোস্তি বৰি হি হাসিন হে… ৷ মিতা আৰু ৰিমে ইফালে ball dance আৰম্ভ কৰি দিছে ৷ শেষত চিলা উৰাব নোৱাৰি “ এহ্‌ চিলাখনেই বেয়া যা” বুলি বালিচৰত বহিল ৷ সমুখত অস্তমিত সূৰুয ৷ দূৰণিৰ পাহাৰবোৰ কুঁৱলীয়ে ঢাকিছে ৷ কোনোবাজনীয়ে গান গাইছে…মন মোৰ উৰি গুচি যায় … ৷ এজনীয়ে আকৌ ঠাট্টা কৰিছে “ উৰি যায় যদি বান্ধি থ’ !” …হাঁহিছে সিহঁতে ৷ কিবা কিবি কথা পাতিছে ৷ ফটো উঠিছে ৷ হঠাৎ মাজে মাজে কথাবোৰ গহীন হৈ গৈছে। এইখিনি সদায় সিহঁতৰ নিজৰ সময় ৷ কোনেও কাঢ়ি নিব নোৱৰা ৷ হেঙুলীয়া ৷ নৈখন আগৰ দৰেই বৈ আছে ৷ সোণাৰু ফুলিল, আকৌ বাটবোৰ হালধীয়া কৰি সৰি গ’ল ৷ কৃষ্ণচূড়াই আকাশৰ বুকুত জ্বলোৱা ৰঙা জুই নুমুৱাবলৈ নামি আহিল বৰষুণৰ জাক ৷ শেৱালি ফুলা সন্ধিয়াবোৰ লাহে লাহে কুঁৱলীয়ে ঢাকিলে ৷ কুঁৱলীৰ মাজেৰে সিহঁতৰ সপোন সৰে ৷ নৈখন বৈ আছে ৷ কেতিয়াবা যদি শান্ত কেতিয়াবা চাকনৈয়া , কেতিয়াবা যদি শুকাই যায় কেতিয়াবা আকৌ প্ৰবল ঢৌ উঠে ৷ কিন্তু বৈ আছে, ঠিক জীৱনটোৰ দৰেই ৷
     “ অ’ই আন্ধাৰ হ’ল ৷ যাওঁ ব’ল দেৰি হ’ব ৷” ৰিমে হঠাৎ চিঞৰিলে ৷ মিতাৰ আপত্তি “ থাক এ অলপ ৷ যাম দে ৷” ৰিমৰ সুৰত সুৰ মিলাই নিশায়ো ক’লে, “ নহয় মানে ৩১তাৰিখ  ন, বাছ পোৱা দিগদাৰ হ’ব ৷” প্ৰীতিয়ে লগে লগে উঠি, “ ব’ল ব’ল ৷ এই মক্কেল দুটাৰ লগত আহিলে শান্তি নাই ! ইহঁত দুটাক লৈ অনাটোৱেই ভুল !”…চাৰিওজনী উঠি কাপোৰত লগা বালিবোৰ জোকাৰি লাহে লাহে খোজ দিলে ৷ কোনোবাজনীয়ে এজনীক ইচ্ছা কৰি ঠেলা মাৰিছে ৷ কোনোবাই কাৰোবাক জোকাইছে ৷ কোনোবাই কান্ধত হাত দিছে ৷ এজনীয়ে আকৌ চিঞৰি বেসুৰা গান গাইছে ৷ আৰু লাহে লাহে ভিৰৰ মাজত চাৰিওজনী হেৰাই গৈছে ৷ হেৰাই গৈছে বেসুৰা গান বোৰ ৷ কোলাহলৰ মাজতো মাজে মাজে সিহঁতৰ হাঁহিবোৰ ভাহি আহিছে ৷
   মানুহে কয় , " They are insane "  সিহঁতেও হাঁহি হাঁহি মানি লয়, " Yes , We are ! " সিহঁতৰ মাজত বন্ধুত্ব আছে ৷ ভালপোৱা আছে ৷  কাজিয়া, খং, অভিমান আছে ৷ হাঁহি আছে ৷ কান্দোন আছে…আৰু তথাপি জীৱন জীয়াই আছে ৷
    …And the journey continues…


( সমাপ্ত)

Tuesday, 27 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 10 ( A friendship tale )


      কোনোবাজনী স্কুলীয়া দিনৰ শেষৰ ফালে পৰিছিল প্ৰেমত ৷ তাই নাজানে কিয় ৷ সূৰ্যাস্তৰ ৰঙে হেঙুলীয়া কৰা তাৰ মুখখন তাই ভাল পায় ৷ কিন্তু তাই এইবোৰ বান্ধোনত বান্ধ খাব নোখোজে ৷ স্ৱাধীন পখী ৷ এতিয়া চোন তাইৰ কাকোৱে ভাল নলগা হ’ল ৷ কাৰোবাক দিব পৰাকৈ যেন ভালপোৱাবোৰ শেষ হৈ গৈছে ৷ তাই heartless ! আনএজনীয়েও ভাল পালে এজনক ৷ সি সপোন দেখুৱালে ৷ আকৌ মিছা অজুহাত দেখুৱাই আঁতৰি গ’ল ৷ এতিয়া তাই নাজানে তাই কি বিচাৰে প্ৰকৃততে ৷ confused soul ! এজনৰ কথাবোৰে তাইক আজিকালি সাহস দিয়ে ৷ তাইৰ ভাল লাগে ৷ তাই নাজানে এইয়া কি ! তাই মাথো বিচাৰে সি আগুৱাই যাওঁক নৈখনৰ দৰে এটি কবিতা হৈ ৷… এতিয়া সিহঁত নিজৰ মাজত সুখী ৷ বৰষুণত তিতি ভাল পায়, ভাল পায় সূৰ্যাস্তৰ ৰং , ভাল পায় ভৰি তিয়াই যোৱা সাগৰৰ ঢৌবোৰ ,আৰু ভাল পায় নীলা আকাশ…সিহঁতৰ যে উৰাৰ হেঁপাহ !…কোনোবাই যদি কান্দি কান্দি strong হ’ল, কোনোবাই কান্দিব লগা কথাবোৰ avoid কৰি ৷… 'They criticize each other brutally, if anyone else has to, they'll tear them apart !'…কোনেও কাৰো চকুত চকুপানী সহ্য কৰিব নোৱাৰে ৷ যদিও একো কৰিব নোৱাৰে, খঙতে ক’ব ," কোনে কি কৰিছে ক’ ৷ ফালি থৈ আহিম ৷ " … আজিকালি সিহঁতে চকুত কাজল সানে ৷ আইনা চাই নিজৰেই প্ৰেমত পৰে বাৰে বাৰে ৷ মিতাই পিছে কাজল নাসানে ৷ তথাপিও তাই প্ৰেমত পৰে নিজৰ ৷

                                   ( ৯ )
      ডিচেম্বৰ মাহৰ কোনোবা এটা ৰাতি লেপৰ তলত ম’বাইল screen ত সিহঁতৰ দুনিয়াখন সাৰ পাই উঠিল ৷ নিশাই ক’লে , " অ’ই এইবাৰ kite festival ২৭ তাৰিখৰপৰা ৷ আমি কেতিয়া যাম ? " … ৰিম আৰু মিতাৰ স্ফূৰ্তি , " য়েই ! যাম যাম ৷ ৩১ ত যাম দে ৷ চিলা উৰাবতো নাজানোৱে, নিজাই উৰিম ৷ হেহেহে ৷ " প্ৰীতিৰ আকৌ মাজে মাজে কিবা হয় , " এহ্‌ মই নাযাওঁ দে ৷ কি কৰিম গৈ ৷ তহঁত যাবি ৷ মোৰ বহুত দুখ ! " বাকীকেইজনীৰ গালি… “ দুখ ? সেইটো কি নতুন কথা ৷ তোৰ চোন মন গ’লেই দুখ লাগে !” ..“ পাগল মাৰ খাবি ৷ কি নাটক কৰি থাক’ !” .. “ ভাও কিয় খাইছ’ হা  ?” .. “ নাযাবি চোন, ঘৰৰপৰা টানি আনিম ৷”…আৰু শেষত তাইয়ো ক’ব বাধ্য হয় , “ হ’ব দে যাম !”
( to be continued )

Monday, 26 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান… ইত্যাদি part # 9 ( A friendship tale )


     খোজকাঢ়ি সিহঁত বহুদূৰ পালে ৷ “ অ’ মাইনা ছাতি লৈ কেনি যোৱা !” (সুহুৰি) - সেইয়া কোনোবাই জোকাইছে ৷ নিশাৰ মুখখন গহীন হৈ গ’ল ৷ প্ৰীতি আৰু মিতাৰ বেয়াকৈ হাঁহি উঠিল ৷ ৰিমে খঙতে ল’ৰাকেইটাকো গালি পাৰিলে আৰু লগতে সিহঁত দুজনীকো ,“ কি হাঁহি আছ’ ৷ চুপ ৷ আৰু হাঁহিলে মুখ ভাঙিম ৷”... সাত বজাত ৰবীন্দ্ৰ ভৱনৰপৰা নাটক চাই আহি চান্দমাৰি ব্ৰিজত আড্ডা দিয়া বিন্দাছ ছোৱালি প্ৰীতি আৰু মিতা ৷ ৰিম লগত নাথাকিলে হয়তো ল’ৰাকেইটাক ওলোটাই জোকালেহেঁতেন ! কিন্তু নাই ৰিমৰ লগত  ৰিস্ক ল’ব নোৱাৰি !
   বৰষুণটো অকমাণ কমিলে ৷ সিহঁতৰ কিবা খাবও মন গৈছিল ৷  কিছু দূৰত এখন সৰু চাহৰ দোকান দেখিলে ৷ সিহঁত তাত সোমাল। কাষতে পাৰি থোৱা কাঠৰ বেঞ্চখনতে বহিল ৷ চিচাৰ গ্লাচত ধোঁৱা ওলাই থকা চাহ লগতে মানুহগৰাকীয়ে বটলৰপৰা বেকাৰী বিস্কুট উলিয়াই দিলে ৷ ৰেডিঅ’টোত FMত গান বাজি আছে …“ পেহলা নাছা, পেহলা খুমাৰ..নয়া প্যাৰ হে নয়া ইন্ত্‌জাৰ...” ৷ সিহঁতে আকৌ খোজ দিলে ৷ মিতাই ফটো উঠাই উঠাই গ’মেই পোৱা নাই দোপাট্টাখন যে এফালে চুচৰি গৈছে ৷ প্ৰীতিয়ে পাথৰ এটা চুটিয়াই চুটিয়াই মিতাক ক’লে, “ তই মানে ৰাস্তাটো ঝাৰু দিয়া ঠিকা লৈছ’ নেকি !” নিশাই তেতিয়া FMত বাজি থকা গানটো আকৌ গুণগুণালে ৷ ৰিমে ঠিক হিন্দী চিনেমাৰ scene এটাৰ দৰে গানৰ তালত ছাতিটো লৈ এপাক ঘূৰি দিলে ৷  কৃষ্ণচূড়াৰ দেশত প্ৰেম হয় ৷ কোনোবাই ঠিকেই কৈছিল, “নমছ্‌ শেষ প্ৰেম নাই, জালুকবাৰী যেন শুকাই যায় ৷” প্ৰেম ! প্ৰেমত পৰো বুলিও পৰিব নোৱাৰি, নপৰো বুলি নপৰাকৈয়ো থাকিব নোৱাৰি ৷ প্ৰেম আছে বাবেইতো হেঁপাহবোৰ সেউজীয়া ৷ সিহঁতৰো কিছুমান সময়ত কিছুমান মানুহ নজনাকৈয়ে আপোন হৈ পৰিছিল ৷ কোনোবাজনীয়ে ভাবিছিল  ভালপোৱাৰ কথা ক’ব গৈ যদি বন্ধুত্ব হেৰুৱাই পেলায় ! তাইৰ কোৱাৰ সাহস নহ’ল ৷ কিন্তু পাছত কেৱল মাত্ৰ বন্ধু হৈ থকাৰ সাহসো নহ’ল ৷ আঁতৰি আহিল লাহে লাহে ৷ কোনোবাজনীয়ে আকৌ সৰুৰপৰাই ভাল পাই পেলাইছিল এজনক ৷ কোনেও নজনাকৈ ৷ আৰু এতিয়াও তাক কোনোবা ছোৱালীৰ লগত দেখিলে তাই senti ফালে ৷  তাই ছোৱালীজনীৰ Bio data উলিওৱাত ব্যস্ত হৈ পৰে ৷ লগা হ’লে সেইজনী তাৰ সম্পৰ্কীয় ভনীয়েকেই  হওক বা classmate !
( to be continued )

Sunday, 25 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 8 ( A friendship tale )


                               ( ৮ )
       জুলাই মাহ ৷ অনবৰত বৰষুণ চলিয়েই আছে তিনিদিন মান ৷ হঠাৎ জোৰত আহে আকৌ নাইকিয়া হয় ৷ কোনোবা দিনা আকৌ গোটেই দিনটো চিপচিপকৈ বৰষুণ ৷ জুলাই মাহৰ তৃতীয়টো শনিবাৰ ৷ আজিও পুৱাৰপৰা চিপচিপকৈ দি আছে ৷ এই এৰে এই দিয়ে ৷ টিনৰ চালিত পৰা বৰষুণৰ শব্দটো ভাল লাগিছে ৷ এনেকুৱা বতৰত কাৰ উঠিব মন যায় বাৰু ! গাৰুটো সাৱটি শুই থকাৰ এক বেলেগ আমেজ আছে ৷ মিতাৰ ফোনটো বাজি উঠিল ৷ চকু নেমেলাকৈয়ে তাই ধৰিলে ৷ নিশাৰ চিঞৰ, “ অ’ই উঠিব হোৱাই নাই তোৰ ! কুম্ভকৰ্ণ কিমান শুৱ ? উঠ উঠ ৷ জালুকবাৰী যাও আমি ফুৰিব ৷ ”… তাই জাঁপ মাৰি উঠিল, “ হঠাৎ কিয় ? কি হ’ল ?” …“ নাই একো হোৱা নাই এনেই ৷ বৰষুণো দি আছে ৷ বতৰটো ভাল লাগিছে ৷ ইহঁতেও ক’লে যাওঁ বুলি ৷”…“ এ হয় নেকি ৷ ৰহ্‌ মই উঠাই নাই ৷ ready হওঁ দে ৷”
      বাছষ্টেণ্ডত ৰৈ ৰৈ প্ৰীতিহঁতৰ আমনি লাগিল ৷ মিতাৰ ৫ মিনিট গৈ আধাঘণ্টা হ’ল ৷ তাইৰ এইটো নতুন কথা নহয় ৷ সদায় দেৰি ! ফোন কৰোতে তিনিবাৰমান এটাই উত্তৰ , “ এই পালোৱেই আৰু ৷” তেতিয়াও চাগে চুলি ফণিয়াবলৈ বাকী ! শেষত যেনিবা পালে আৰু আহি ৷ বৰষুণ দি থকা বাবে শেষৰ খালি চিট নিবিচাৰিলে ৷ খিৰিকীৰ আইনাবোৰত বৰষুণৰ পানীৰ টোপালবোৰৰ অঘোষিত প্ৰতিযোগিতা ৷ ৰাস্তাবোৰ সেমেকা ৷ অনবৰতে বৰষুণ পৰিয়েই আছে ৷
       সেমেকা জালুকবাৰী আৰু কিছুমান সেমেকা স্মৃতি ৷ বৰষুণৰ বতৰত জালুকবাৰীখন আকৌ জীয়ায় ৷ সেউজীয়াবোৰ আৰু বেছি সেউজীয়া হয় ৷ সিহঁতে ভাল পায় ৷ ভাল পায় ইউনিভাৰ্চিটিৰ ৰাস্তাটো ৷ কৃষ্ণচূড়াৰ দেশত আকাশ ৰাঙলী কৰিবলৈ এতিয়া কৃষ্ণচূড়া নাই ৷ বাটটোত ৰঙা দলিচা পাৰি থৈছে ৷ তথাপিও মায়াময় এইখন 'দেশ' ৷ ৰং বিৰঙী ছাতিবোৰ লৈ গৈ আছে মানুহবোৰ ৷ কাৰোবাৰ চাবলৈও সময় নাই ৷ কোনোবাই আকৌ পৰি থকা ফুল বুটলি শৈশৱলৈ ঘূৰি গৈছে ৷ কোনোবাই প্ৰিয়জনৰ হাতত ধৰি লাহে লাহে খোজ কাঢ়িছে আৰু কিছু অদৰকাৰী কথা ৷ সিহঁত  চাৰিওজনীয়েও ছাতি মেলি লাহে লাহ খোজ দিলে । কিবা কিবি শেষ নোহোৱা কথা ৷ ঠায়ে ঠায়ে সৰু সৰু পানীৰ ডোঙা ৷ প্ৰীতিয়ে কোনো বাৰ তাত জঁপিয়াই দিছে ৷ পানী চিটিকি আহি বাকীকেইজনীৰ কাপোৰত পৰিছে ৷ ৰিমাই বৰষুণ ভাল পায় ৷ তাই ছাতিটো জপাই ল’লে ৷ মিতায়ো তাইৰ টো জপালে ৷ বাকীদুজনীৰ আকৌ তিতি জ্বৰ হোৱাৰ ভয় ৷… সিহঁত প্ৰত্যেকেই প্ৰত্যেকৰপৰা বেলেগ ৷ প্ৰীতিয়ে অংক ভাল নাপালে কোনোদিন ৷ জ্যামিতিৰ বাহু নিমিলে, কাৰণ তাই তাত কবিতা বিচাৰি নাপায় ৷ নিশাৰ কণ্ঠত এক মায়াবী যাদু আছে ৷ তাই গুণগুণাই ভাল পায় ৷ আৰু মিতা , তাই নাটকত কেতিয়াবা যদি সীতা হয় কেতিয়াবা আকৌ মুখত বগা ৰং সানি মাইম কৰে ৷ ৰিমে কেনভাছত ৰঙেৰে সপোন চটিয়াই ভাল পায় ৷ ৰং বোৰ আছে বাবেই জীৱনটো ধুনীয়া ৷ চাৰিওজনী যেন ঠিক বাহুৰে লগ লাগি থকা চতুৰ্ভুজৰ চাৰিটা কোণ ৷ কিছুমানে কয় , “ You are different from each other. ” … সিহঁতে হাঁহে , because, 'not every beautiful poem rhymes' !
( to be continued )

Saturday, 24 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 7 ( A friendship tale )


                              ( ৭ )
      আজিকালি সিহঁতে কলেজৰ দিনবোৰৰ দৰে লগ নাপায়। ৰিমৰ বাহিৰে বাকীকেইজনী ডিগ্ৰী পঢ়ি আছে ৷ ৰিম entrance ৰ preparation ত ব্যস্ত ৷ সময় নিমিলে ৷ সেয়ে কেতিয়াবা এনেদৰে cafe ত ,বাছষ্টপত, ওচৰৰ পাৰ্কত লগ হয় ৷ মুকলিকৈ অকমাণ হাঁহে সিহঁতে ৷ বাকীকেইজনীয়ে পালেও ৰিমে physics chemistry ৰ বোজাটোৰ পৰা বেছি সময় উলিয়াব নোৱাৰে ৷ ৰিমৰ বাহিৰে বাকীকেইজনী প্ৰায় সন্ধিয়া সিহঁতৰ লগৰ প্ৰীতমৰ চাঁদত লগ হয় ৷ প্ৰীতমৰ গীটাৰত সুৰ বাজে ৷ নিশাই গান গায় ৷ লগতে বাকীকেইজনীয়েও ৷ ডিচেম্বৰৰ সন্ধিয়াবোৰত মাজত একুৰা জুই জ্বলাই লয় ৷ মায়াবিনিৰপৰা আৰম্ভ কৰি মন মোৰ উৰি গুচি যায়লৈ, Taylor ৰপৰা Kygo লৈ… সৰু সুৰা গানৰ মেহফিল ৷ গানৰ লগতে আড্ডা বহে ৷ ৰিমৰো যাব মন যায় কিন্তু সময় নাই ৷ তাই ক’ৰবাত পঢ়িছিল  “ caged birds don't sing, they cry ! ” কিন্তু তাই জানে তাই caged bird ও নহয় ৷ তাইয়ো গান গায় ৷ মাথো গানবোৰ বেসুৰা ৷ স্কুলত থাকোতে শনিবাৰে নিশা, মিতা আৰু প্ৰীতিয়ে গান শিকিছিল ৷ নিশাৰ মাতটো ধুনীয়া তাইৰ মানুহজনীৰ দৰেই ৷ যিদিনা গানৰ পৰীক্ষা থাকে মিতা আৰু প্ৰীতিক চাব লগা হয় ৷ নিশাই বিন্দাছ গাই আহে ৷ আৰু বাকীদুজনী ? কাঁহ, চৰ্দি ,মাত ভঙা, পেটৰ বিষ, মুৰৰ বিষ সববোৰে সিহঁতক সিদিনাখনেই লম্ভে আহি ! মুঠতে বাহানা ! সিহঁত গানৰ ক্লাছত একেবোৰ গান গাই গাই bore হৈছিল ৷ সিহঁতৰ স্কুলৰ পিছফালেই ৰেল লাইন ৷ গতিকে ৰেল আহিলে বিৰাট স্ফূৰ্তি পায়, গান গাব নালাগে ৷ কিন্তু সিহঁতৰ ছাৰজনো কম নহয়, “ ৰ’বা হুলস্থুল নকৰিবা ৷ ৰে’লৰ শব্দটো শুনা ৷ তাতো rhythm আছে ৷ শুনাচোন ,নি…” ৷ সিহঁতে সৰুৰপৰা ৰেলৰ শব্দ ঝক ঝক বুলি জানে , 'নি' কেনেকৈ হয় ধৰিবই নোৱাৰে ! “ বতাহজাকতো আছে শুনাচোন.. ৰে…” ৷ সিহঁতে ভাবে কৰণ জোহাৰৰ চিনেমাৰ দৰে প্ৰেম হ’লেও চাগে বতাহত 'ৰে' শুনা নাপাম ! ক্লাছত গান গাব বেয়া পায়, কিন্তু স্কুলৰ ভ্ৰমণবোৰত টেটু ফালি গান গায় ! আৰু আজিকালি চাঁদত বহি ৷ ৰিম বেছি বাহিৰ নোলায় আজিকালি ৷ তাতে কি হ’ল ! প্ৰীতিহঁত গৈ ওলায় হঠাৎ ৷ গধুলিয়েই হওক বা ৰাতিপুৱাই হওক ৷ তাৰ পাছত গেটৰ মুখত ৰৈ কথাৰ মহলা মাৰে ৷ কেতিয়াবা নিজে চাহ বনাই খায় ৷ ঘৰত কোনো নাথাকিলে উৎপাতো কৰে ! ডিচেম্বৰৰ বৰফ নগলা সন্ধিয়াবোৰত ice cream খায় ৷ গেলা গৰমত ম’ম’ ৷ কেতিয়াবা এসপ্তাহত এবাৰো ফোন নকৰে ৷ কেতিয়াবা আকৌ এদিনত সাতবাৰ ফোন কৰে ৷ পৰীক্ষাৰ আগদিনা ৰাতি হঠাৎ গাৰুৰ তলত কাৰোবাৰ ফোনটো বাজি উঠে ৷ হেল্ল’ বুলি কোৱাৰ লগে লগে সিটোপাৰে আনএজনীৰ উচুপনি “ মোৰ ভয় লাগিছে ,পঢ়া হোৱা নাই ৷ মই fail কালি ৷” ইজনীয়ে আদৰেৰে বুজায়, সাহস দিয়ে আৰু শেষত সদায় ,“ গুলি মাৰা হে exam, জীৱনত কিমান দিলো পৰীক্ষা ! ফালি থৈ আহিবি ৷ এতিয়া বিন্দাছ শুই যা হ৷ ”…এনেদৰেই চলি থাকে সিহঁতৰ দিন ৰাতিবোৰ ৷
( to be continued )

Friday, 23 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 6 ( A friendship tale )


   ᪆                               ᪆( ৫ )
     “ এই চান্দমাৰি, নুনমাটি, নাৰেংগী ..আহক আহক খালি আছে ৷” - হেন্দিমেনৰ চিঞৰ শুনি বাছলৈ দৌৰিলে ৷ যদিও ঠিয় হ’ব পৰাকৈ অকমাণ খালি ঠাইয়ে আছিল, সিহঁত সেইখন 'খালি বাছ' তে উঠিল ৷ উপাই নাই ৷ দেৰি হৈছে ৷ গুৱাহাটী ক্লাবত বহু সময় ৰ’ল বাছখন ৷ গৰমত আমনিও লাগিল ৷ গোটেই বাছখন ঘামৰ গোন্ধে আমোল মোলাই গৈছে ৷ কলেজত পঢ়া দিনতো কেতিয়াবা গোটেই কেইজনী গুৱাহাটী ক্লাবত লগ হয়। কোনোবাজনী আগত আহি পাই ৰ’দত ৰৈ ৰৈ পাগল হয় ৷ বাকীকেইজনী আহি পালেই গালি দিয়া আৰম্ভ, “ বাহ্‌ বহুত সোনকালে আহিলি ! আৰু অলপ দেৰি হ’লে মোক নেদেখিলিয়ে হয়, কলা কলা ছাঁই দেখিলি হয় ইয়াত ৷” তাৰ পিছত আকৌ সিহঁতক শেষৰ ছিটটো খালি থকা বাছ হে লাগিব ,লগা হ’লে এঘণ্টা ৰ’ব ৷ মুঠতে একেলগেই বহিব ৷ নাচোৰবান্দা ! ৰিমৰ stream বেলেগ আছিল, সেয়ে tuition বোৰো বেলেগ ৷ কেতিয়াবা নিশাহঁতৰ লগত তাইৰো tuition ৰ সময় মিলিছিল ৷ আৰু সিহঁতে লগ নকৰাকৈ থাকিব ? হ’ব পাৰে নেকি ! ৰিমে মহৰ কামুৰ খাই তাতেই ৰৈ থাকিছিল বাকীকেইজনীৰ টিউচন শেষ হোৱালৈ ৷ আৰু প্ৰত্যেকবাৰ লগ পালে একেই excitement ৷ সিহঁতে ইংৰাজীৰ টিউচন একেলগে কৰিছিল ৷ উদ্দেশ্য ,সপ্তাহত অন্ততঃ এটা ক্লাছ এখন বেঞ্চত বহি কৰা ৷ যায় আধা ঘণ্টা আগত আহে এঘণ্টা পাছত ৷ তথাপি চোন কিমান কথা ৰৈয়ে যায় !

                               ( ৬ )
     সিহঁতৰ এখন নিজৰ দুনিয়া আছে ৷ social media, whatsapp ৰ দুনিয়া ৷ ৰাতি সকলোৱে কিতাপ জপোৱাৰ পাছত ২ মান বজাত সাৰ পায় এইখন দুনিয়া ৷ আঁঠুৱাৰ তলৰ আন্ধাৰত ম’বাইল screen বোৰ জ্বলি উঠে ৷ আজি  গধূলিটো এনেদৰে ফুৰি সবৰে ভাগৰো লাগিছিল ৷ মাজৰাতি whatsapp ৰ group ত মিতাই msg এটা দিলে, “ ভোক লাগিছে বে ” … ৰিমৰ reply ,“ ৰাক্ষক, অলপ আগত ভাত খাইছহে ৷ ভোক লাগিব হ’লেই ! ” অলপ পিছত নিশাও আহি ওলাল ৷ “ অ’ই মোক আজিৰ photo বোৰ দে ৷ DP দিব লাগে ৷” …“এই ৰাতিখন এইক আৰু Dp ৰ ভুতে ধৰিছে”… আৰু তাৰ পিছত কিছু অদৰকাৰী কথা ৷ প্ৰীতি টোপনি ৷ তাই আকৌ ৪ মান বজাত সাৰ পাই গান record কৰি পঠাব, “ ছাহে কোই মুঝে জাংগলী কাহে..মই জংগলী মই জংগলী জংগলেই মোৰ ঘৰ !”… আৰু নিশ্চয়কৈ তেতিয়া তাইৰ সৃষ্ট এই গানবোৰ শুনিবলৈ কোনো সাৰে নাথাকিব ! - এইখন সিহঁতৰ দুনিয়া ৷ তাত সিহঁতে সুখ দুখৰ কথা পাতে ৷ Emoji ৰে হাঁহে কান্দে, কাজিয়া লাগে, Senti ফালে , অভিমান কৰি group Left মাৰে, কোনোবাই বুজাই আকৌ Add কৰে … ই-আবেগ ! এখন ই-দুনিয়া ৷ য’ত সিহঁত তেনেকৈয়ে সুখী ৷ য’ত কিছুমান অদৰকাৰী কথাও বহু সময়ত দৰকাৰী হৈ পৰে ৷
( to be continued )

Thursday, 22 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 5 ( A friendship tale )


   এবাৰ ৰিম আৰু মিতাই একেলগে ক্লাছ magazine ত কাম কৰাৰ সুবিধা পালে ৷ আৰু সেয়াই হয়তো বন্ধুত্বৰ আৰম্ভণি ৷ লাহে লাহে কেতিয়াৰ পৰা দুয়ো চুটীত একেলগে অহা আৰম্ভ কৰিলে কাৰোৱে মনত নাই ৷ এটা সময়ত ৰিমে দুদিনমান শনিবাৰ পালিছিল, একো নাখায় ৷ ইফালে ছুটীৰ পাছত দুয়ো চিপ্‌চৰ পেকেট কিনে ৷ হঠাৎ মিতাৰ মনত পৰি জাপ মাৰি উঠে, “ ৰিম তোৰ আজি ব্ৰত আছিল চোন !” ৰিমে লগে লগে বটলটো উলিয়াই পানীৰে মুখখন ধুই পেলায় ! আকৌ আৰম্ভ ব্ৰত ! … সময় যোৱাৰ লগে লগে তিনিও কেতিয়া কেনেকৈ লগ হ’ল ঠিক ক’ব পৰা টান ৷ মাথো ক’ব পাৰি ইয়াৰ মূল কাৰণ কুইজ ৷ স্কুলৰ মুকলি মঞ্চখনতেই আৰম্ভণি কৰা কুইজত সিহঁতে লাহে লাহে আগবাঢ়ি গ’ল। পুৰস্কাৰো পালে ৷ নৱেম্বৰ মাহ ৷ এবাৰ তেনে এখন কুইজতেই এজন ল’ৰাই ৰিমক কিবা এটা সুধিলে ৷ আগে পাছেও তাক লগ পায় কিন্তু মাত-বোল নাছিল ৷ মিতা আৰু প্ৰীতিক কিহে পায় ! জোকোৱা আৰম্ভ ৷ ইয়াৰ পাছত কোনোবা কুইজত সি আহিলে ৰিমে মুৰ তল কৰিয়ে থাকে কাৰণ মুৰ উঠালেই বিপদ ! “ অ’ তাক চাইছ’ ন’ !” ৰিমৰো বেয়া লগা নাছিল অৱশ্যে, পাছে এতিয়া ভাবি হাঁহে,“ ইচ্‌ কি মক্কেল আছিলো মই ! ভাল লাগিব ল’ৰা নাপালো !” …স্কুল বা কলেজৰপৰা আহি হঠাৎ মিতা প্ৰীতিৰ ঘৰত সোমাব ৷ আঞ্জা শেষ হ’লেও কিবা খাও বুলি নিমখ তেল ভাতকে খাব ৷ কেতিয়াবা ইচ্ছা গ’লে ৰাতিটো থাকিও যাব ৷ স্কুলৰ ভ্ৰমণবোৰত বাছৰপৰা মানুহ জোকোৱাত ৰেকৰ্ড কৰিব পৰা মানুহ সিহঁত ৷ ভয়ো কৰে যদি কিবা কয় আকৌ ! তথাপিও নেৰে ৷ প্ৰেমিকবোৰক সিহঁতে বুন্দিয়া ভুজিয়া বুলি জোকাইছিল ৷…সিহঁতৰ কাজিয়াও কম লাগে নেকি ! এবাৰ মিতা আৰু প্ৰীতিৰ মাজত কিবা কাজিয়া লাগি স্কুলত দিনটো মাতা মাতি নাই ৷ ছুটীত এপাকত প্ৰীতিয়ে আঁঠু কাঢ়ি মিতাৰ ভৰিত ধৰিলে ৷ ৰিমতো বাদেই মিতাৰো হাঁহি উঠি গ’ল ৷ ব্ৰেকত কাৰ টিফিন কোনে খাইছিল পাট্টা নাই !…নাজানো সিহঁতৰ মাজত কি আছিল কিন্তু হাজাৰ ধুমুহা বতাহকো নেওচি স্থিৰে আছিল সিহঁতৰ সম্বন্ধ ৷ এজনীৰ সুখত আন এজনী সুখী হৈছিল ৷ ইজনী সিজনীৰ বাবে supportive pillar আছিল ৷ নিশ্চিন্ত আছিল বাকীকেইজনী থকালৈ নিজৰ একো বিপদ নহয় ৷  কেতিয়াবা দুখত কান্দিছিল ৷ চকুপানীবোৰ যেন সিহঁতৰ ওচৰত নিৰাপদ ৷ ৰিম বা মিতাই ৰাতি টোপনি ক্ষতি কৰিলে বা বেমাৰত ঔষধ নাখালে প্ৰীতিৰ গালি আৰম্ভ হৈ যায় ৷ প্ৰীতিৰ অকৰামিবোৰ সহ্য কৰিব  নোৱাৰি ৰিমে গালি দিয়ে তাইক ৷ নাই কোনো বেয়া নাপায় ৷ গালিবোৰ শুনিবলৈহে যেন ৰৈ থাকে ৷ সিহঁতক সদায় একেলগে থকা দেখি এজন ছাৰে নাম দিছিল ' কাপ-প্লেট-চামুচ' ! কলেজ পোৱাৰ পিছত লাহেকৈ নিশা সিহঁতৰ লগ লাগিল ৷ তুমিৰ পৰা তই হ’ল ৷ সিহঁতে নাজানে কেতিয়াৰপৰা কেনেকৈ নিশা সিহঁতৰ মাজৰ এজনী হৈ পৰিল ৷ সিহঁত বিশ্বাসৰ এনাজৰীৰে এনেদৰে বান্ধ খাই আছে যাক চিঙা হয়তো সহজ নহ’ব ৷ নিশাই বেছি কথা নকয় ৷ শান্ত শিষ্ট, কিন্তু চাৰিওজনী একেলগে থাকিলে তাইয়ো মহাদুষ্ট ! সিহঁতৰ মাজত secret বুলি কোনো শব্দ নাই ৷ আছে বিশ্বাস যাৰ ভিত্তিত সকলো কথা open secret !
( to be continued )

Wednesday, 21 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 4 ( A friendship tale )


     কাৰো মুখত কথা নাছিল ৷ এইখিনি সিহঁতৰ নিজৰ সময় ৷ সকলো দুখ ভাগৰ যেন পাহৰি পেলাব ৷ হঠাৎ মিতাই নিস্তব্ধতা ভাঙি চিঞৰি উঠিল, “ ঐ selfie উঠো দে ৷” প্ৰীতিৰ বাহিৰে বাকী দুজনীয়ে, “ অ’ দে দে উঠো ৷ ৰহ চুলিখিনি ঠিক কৰি লওঁ ৷” প্ৰীতিৰ মতে কিছুমান মূহুৰ্ত মনভৰি উপভোগ কৰিব লাগে ৷ সকলোবোৰ মূহুৰ্ত কেমেৰাত বন্দী নকৰিলেও হয় ৷  But, after all majority wins ! বাকীকেইজনীৰ উৎপাতত তায়ো জোৰ কৰি হাঁহিটো মাৰিলে আৰু ৷ সিহঁত উভতি আহে মানে সম্পূৰ্ণ আন্ধাৰ হোৱা নাছিল যদিও street light বোৰ জ্বলি উঠিছিল ৷ কৃষ্ণচূড়া সোণাৰুৰ মাজেৰে হালধীয়া পোহৰবোৰ সৰকি আহিছিল ৷ কিবা এটা ভাল লাগিছিল ৷  সিহঁতে একো অদৰকাৰী কথাও পতা নাছিল ৷
     বাৰোৱাৰীত বাছত উঠিব আহি নিশাই দৌৰি দৌৰি গ’ল ৷ “ ব’ল ফুস্কা খাওঁ ৷”…নাখাওঁ বুলি ক’ব নেকি কোনোবাই ! স্কুলত থাকোতেও এনেকৈ ফুস্কা পাগল আছিল ৷ আৰু শেষত সদায়, “ দাদা এটা চুখা দিব ৷” স্কুলৰ গেটৰ মুখৰ ফুস্কা, সমুখৰ দোকানবোৰৰ বগৰী গুড়া ,chocolate, chips - ছুটী হোৱাৰ লগে লগে সব মাখি পৰা দি পৰে ৷
 
                                     ( ৪ )
      …প্ৰথম শ্ৰেণীত ৰিম আৰু প্ৰীতিৰ চিনাকী ৷ প্ৰীতিৰ বাবে এখন নতুন স্কুল ৷ ৰিমহঁতৰ স্কুলখনৰ পুৰণা  student বুলি এটা অহংকাৰ আছিল ৷ নতুনবোৰক পাট্টাই দিব নোখোজে ৷ এবাৰ কোনোবাই মিছা কথা লগাই প্ৰীতিক মাৰ খোৱাব বিছাৰিছিল ৷ কিন্তু ৰিমে সঁচা কথাবোৰ কৈ তাইক শাস্তি পাবলৈ নিদিলে ৷ তাই নিবিচাৰে কোনোবাই অনাহকত শাস্তি পোৱাটো ৷ প্ৰীতিৰ ভাল লাগিছিল। সৰু সৰু মনবোৰতো যে কেতিয়া কি চলি থাকে ! এটা বছৰ পাৰ কৰি দ্বিতীয় শ্ৰেণী পালে সিহঁতে ৷ প্ৰীতিয়ে  নৱবৰ্ষত ধুনীয়াকৈ এখন কাৰ্ড বনাই ৰিমক দিলে ৷ আৰু ৰিমে কৰিলে কি ! সেইখন ঘূৰাই দিলে ৷ প্ৰীতিৰ কোমল মনটোৱে দুখ পালে ৷ তাই কান্দি দিলে ৷ আৰু তাৰ বাবে ৰিমৰ আজিও নিজক দোষী যেন লাগে ৷ হ’লেও কি হ’ব, সিহঁতৰ এইবোৰৰ শেষ আছে নেকি ! ক্লাছ 9 ত কিবা কথাত লাগি প্ৰীতিয়ে ৰিমৰ চুলিত ধৰি দিলে  ঘটালি ৷ তাই ইমান বেয়াকৈ দুখ পালে, গধুলি জ্বৰ উঠি গ’ল ৷ তাৰ পিছত কি হ’ব আৰু , এসপ্তাহ দুয়োৰে মাত-বোল বন্ধ ! ক্লাছ 5 ত section সাল সলনি হ’ল আৰু বেলেগ এটা section ৰ পৰা আহি মিতা সিহঁতৰ লগত পৰিল ৷ নিশা বেলেগতেই ৰৈ গ’ল ৷ তেতিয়ালৈ মানুহতো বাদেই, নিশা ,মিতা এই নামদুটাৰ লগতেই চিনাকী নাছিল প্ৰীতিহঁতৰ৷ নাই, এটা section হ’লেও কি হ’ব ,ৰিম মিতাহঁতৰ মাজত বন্ধুত্ব নাছিল ৷ বৰঞ্চ কোনো কাকো দেখিব নোৱাৰিছিল ৷ কুকুৰ-মেকুৰি !
( to be continued )


Tuesday, 20 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 3 ( A friendship tale )


      ৰিম আৰু প্ৰীতিৰ stream বেলেগ আছিল যদিও ৰিমে বেছি অকলশৰীয়া অনুভৱ কৰা নাছিল কেতিয়াও ৷ কাৰণ তাইৰ লগত স্কুলৰপৰা একেলগে পঢ়ি অহা অনুৰাগ আছিল ৷ সি তাইক অকলশৰীয়া অনুভৱ কৰিবই দিয়া নাছিল ৷ তথাপিও তাই সিহঁতক miss কৰিছিল ৷ চাৰিওজনী কলেজৰ শেষত chance পালেই লগ হৈছিল ৷ কথাৰ আৰম্ভণি হৈছিল মাথো, শেষ নহৈছিল ৷ নতুন বন্ধুৰপৰা আৰম্ভ কৰি নতুন চিনেমা , election ৰ পৰা আৰম্ভ কৰি গানৰ lyrics , ধেমাজিৰ বানপানীৰপৰা মিছেল ওবামা…উফ্‌ ! কিমান যে সংগতিবিহীন কথা !

                                      ( ৩ )
     …মাত্ৰ কিছুসময় আগতে 'মই যাওঁ' বুলি খঙত কোৱা প্ৰীতিয়ে কথাবোৰ rewind কৰি জোৰকৈ হাঁহি দিলে ৷ সিহঁতৰ কাজিয়া লাগে সঁচা কিন্তু পুৰণি কিছুমান কথা মনত পেলাই আকৌ সকলো পাহৰি যায় ৷ নিশাই কফিৰ কাপটোত সোহা এটা মাৰি হঠাৎ হাঁহি দিলে ৷ মিতাই গালিৰ সুৰত ক’লে,“ পাগলী গাঁঠি লাগি মৰিবি ৷”…“ নমৰো ৰহ্‌৷ কথা এটা মনত পৰিল ৷” বাকীকেইজনীয়ে একো নামাতিলেও চকুত এটাই প্ৰশ্ন, “ কি কথা ?”…“ মনত আছে মিতা এবাৰ যে pol science ৰ ক্লাছত last bench ত বহি তই শুইয়ে গ’লি ৷ attendance লৈ থাকোতে হঠাৎ সাৰ পাই বেলগৰ নামতে present ma'am কৈ দিলি ৷ ma'am জনীয়ে আকৌ কয় টোপনি ভাঙিল চাগে !”…“ অহ্‌ ৰে বেয়া লাজ পাইছিলো ৷” - গোটেই কেইজনীয়ে হাঁহি দিলে ৷ প্ৰীতিয়ে কফি কাপ খাই, “ এইবোৰ latte- ফাটে খাব লৈ আহ’ মোক, তাতকৈ মই বেছি ভাল বনাও কফি ৷” মেনেজাৰজনে শুনা পালে সম্ভৱ ৷ সিহঁতলৈ ঘোপাকৈ চালে ৷ ৰিমৰ ভয় লাগিল ৷ নিশাইয়ো ভাবিলে ইয়াৰ পৰা ফুটাই ভাল ! bill pay কৰি ওলাই আহিল কিন্তু সেই last bench ত টোপনি মৰাৰ পৰা আৰম্ভ হোৱা কথা চলিয়ে থাকিল ৷
     “ আমি ক্লাছৰ মাজত tiffin খাইছিলো ৷ বুট, চানা, কিচমিচ, কাজু ৷”…“আমি bunk মাৰোতেই গ’ল পিছত ৷ মানুহ ক’ত গায়াব হৈ থাকো পাট্টায়ে নাই ৷”…“ আমাৰবোৰে কিমান proxy মাৰে ৷”…ৰিমে সিহঁতৰ কথাৰ মাজতে কৈ উঠিল, “ মই proxy মাৰিয়ে নাপালো৷ bunk ও চাগে দুটাৱে মাৰিছিলো ৷”…কোনোবাজনীয়ে ঠাট্টাৰ সুৰত ক’লে,“ তুমি মহান আৰু ! হিৰ’ মানুহ !”… কিমান কথা ৷ দৰকাৰী অদৰকাৰী ৷ শেষ নহয় ৷
      গৰম দিনৰ ৫বজা মানে বেলি ডুবিবলৈ এতিয়াও বহু সময় ৷ সিহঁতে বেলিভিউলৈ খোজ দিলে ৷ কৃষ্ণচূড়া ফুলা বতৰ ৷ বাটটোত ৰঙা পাহিবোৰ সিচঁৰিত হৈ আছে ৷ মানুহৰ খোজত প্ৰায়বোৰ উৱলি গৈছে ৷ উজান বজাৰৰ নৈৰ পাৰত সোণাৰু ফুলিছে ৷ জাকে জাকে হালধীয়া ৷ সিহঁত গৈ বেলিভিউৰ ৰাস্তাটোৰ কাষত বহিল ৷ এজাক ঠাণ্ডা বতাহে চুই গ’ল ৷ নৈৰ বুকুত অস্তমিত সূৰুয ৷ সমুখত এখন হেঙুলীয়া আকাশ ৷ নৈৰ বুকুতো যেন হেঙুলীয়াবোৰ কোনোবাই মিহলি কৰি দিছে। এজাক চৰাই উৰি গৈ দিগন্তত হেৰাই গ’ল ৷ দূৰত এখন ঘৰমূৱা নাও, লাহে লাহে আগবাঢ়িছে ৷
( to be continued )

Monday, 19 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 2 ( A friendship tale )


   নিশাই তাইক বুজাই মেলি বহালে  ৷ ভাবিলে সোনকালে খাই মেলি যোৱাই ভাল ৷ সিহঁতৰ বাবে এইবোৰ নতুন কথা নহয় ৷ যোৱা ১০-১২ বছৰেতো এনেদৰেই চলি আছে ৷ খং, কাজিয়া, অভিমান এইবোৰ নহ’লে ভালপোৱাৰ স্থান ক’ত !
    আগত যেনে আছিল এতিয়াও একেই আছে ৷ মাথো সময় সলনি হৈছে ৷ নতুন কলেজ, নতুন পৰিৱেশ , নতুন মানুহ ৷ এতিয়াৰ দৰে তেতিয়াও কোনোবা handsome ল’ৰা দেখিলে সিহঁতে চাইছিল , অকলে নহয় দেই গোটেই কেইজনীয়ে একেলগে চাইছিল ! কি  কৰিব আৰু ,বয়সৰ তাগিদা ! হঠাৎ কৰবাত যদি কাৰোবাৰ crush এটা আহি ওলাল, আৰু কথাই নাই ! বাকীকেইজনীৰ মুখ টিপি হাঁহিব ধৰে ৷ হাঁহি ৰখাব নোৱাৰি কোনোবাজনীয়ে হঠাৎ ডাঙৰকৈ হাঁহি দিয়ে ৷ প্ৰীতিয়ে স্থান কাল পাত্ৰ যিয়েই নহওঁক সৰুকৈ কথা ক’ব নাজানে ৷ আৰু আজিও ব্যতিক্ৰম হোৱা নাছিল !

      ো                             (২)
    চাৰিওজনীৰে শিপা অৰ্থাৎ স্কুল একেখনেই আছিল যদিও মেট্ৰিকৰ পাছত কলেজ বেলেগ হ’ল ৷ নতুন পৰিৱেশ ৷ নতুন নতুন মুখবোৰৰ মাজত নিজক হেৰুৱাই পেলোৱাৰ ভয়, তথাপিও মনত এটা হেঁপাহ নিজৰ এটা সুকীয়া পৰিচয় গঢ়াৰ ৷ নিশা আৰু মিতা একেখন কলেজ, প্ৰীতি আৰু ৰিম এখন কলেজ যদিও stream বেলেগ ৷ সিহঁতে কোনো মুখেৰে কোৱা নাছিল যদিও মনৰ কোনোবাখিনিত ভয় , যদি সিহঁতৰ মাজত দূৰত্ব আহি যায় ! নাই, এইটো হ’ব নোৱাৰে ৷ …মিতা প্ৰায় late comer . নিশা ৰৈ ৰৈ গুচি যায় আৰু সদায়ৰ দৰে মিতাই 1st class টো miss কৰে ৷ কোনোবা দিনা যদি বাছ নাপায় ,কোনোবাদিনা  উঠোতে দেৰি, কোনোবাদিনা আকৌ গা ধুব সোমাই পানী শেষ হয় ! উফ্‌ ! মুঠতে সমস্যাৰ শেষ নাই ! off period বোৰত দুয়ো পাণবজাৰৰ অলিয়ে গলিয়ে ঘূৰে, নেহৰু পাৰ্কৰ আগত বহি আড্ডা দিয়ে ৷ কাছাৰী ঘাটত বহে ৷ জাৰৰ দিনবোৰ বগৰী খাই পাৰ কৰে ৷ …ইফালে আকৌ প্ৰীতি আৰু ৰিমে common off period মিলাই থাকে ৷ off period ত দুয়ো এনেদৰে লগ হয় যেন ' মেলে মে বিচ্‌ৰে হুৱে বেহেন !' canteen ৰ টান টান পৰঠা আৰু কেতিয়াবা নিমখ কম বেছি হোৱা ঘুগনী সিহঁতৰ প্ৰিয় ৷ ৰিমে গৈ প্ৰীতিহঁতৰ লগত কোনোবা department ৰ বাৰাণ্ডাত , খালি ৰুমত নহ’লে নেহৰু ষ্টেডিয়ামত বহি আড্ডা দিয়ে। কেতিয়াবা আকৌ ম’হৰ কামুৰ খাই কলেজৰ পুখুৰীটোৰ পাৰত বহে ৷ প্ৰীতিয়ে চিঞৰি ল’ৰা জোকায়, ৰিমে হাতত চিকুটি তাইৰ ফালে চকু ডাঙৰ কৰি চায় ৷ … সেই সময়ত সিহঁতৰ 'first love' fever হৈছিল ৷ নাই নাই প্ৰেম হোৱা নাছিল দেই ৷ এখন থাই চিনেমাৰ প্ৰেমত হে পৰিছিল ৷ তাৰ হিৰ’ জনৰ নাম আছিল P'Shone . প্ৰীতিহঁতৰ ক্লাছত দেখিবলে প্ৰায় একে এটা ল’ৰা আছিল আৰু তাক চাবলৈ ৰিমে তাইৰ off period ত কেইদিন প্ৰীতিৰ লগত economics ,pol science ৰ ক্লাছ কৰিলে হিচাব নাই !
( to be continued )


Sunday, 18 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান...ইত্যাদি part # 1 ( A friendship tale )


                                  (১)
   "order টো এতিয়া দিবনে ? " - boy জনৰ মাত শুনি ৰিম আৰু নিশাই ইজনীয়ে সিজনীৰ ফালে চালে ৷ " ঐ ফোন এটা কৰ চোন কিমান দূৰ পালে ৷ ইমান দেৰি কিয় কৰে বাৰু !" ৰিমে ক’লে ,“ দাদা অকমাণ পিছত দি আছো ৷ আৰু দুজন আহিব আছে ৷”- boy জন সেমেকা হাঁহি এটা মাৰি আঁতৰি গ’ল ৷ নিশাই ফোনটো টেবুলত থৈ ক’লে ,“ নাই যা, কাটি দিছে ৷”… Lamb Road ৰ Corner Cafe সিহঁতৰ বাবে চিনাকী ঠাই ৷ ৰিম, নিশা, প্ৰীতি আৰু মিতা প্ৰায় তাত বহে ৷ এটা কোণৰ এখন প্ৰিয় টেবুল আছে ৷ দুকাপ কফি আৰু এবাটি pasta , চাৰিওজনীৰ মাজত হৈ যায় ৷ আজি বহুত দিনৰ মূৰত আহিছে ৷ নাই, সিহঁতে বিলাসিতা ভাল নাপায়, কিন্তু এইখন cafe ৰ প্ৰতি কিবা এটা মোহ আছে ৷ Back ground ত কম volume ত বাজি আছিল … হা হাসি বান গেয়ে হা নমি বান গেয়ে… নিশাই টেবুলত টোকৰ মাৰি তাল মিলাইছে ৷ এখন টেবুলত তিনিজনমান ল’ৰা সমূখৰ TV টোত ফুটবল match এখনত ব্যস্ত ৷ নিশাহঁতৰ কোনো interest নাই এইবোৰত ৷ এফালে এজনী ছোৱালী অকলে বহি মবাইলত ব্যস্ত ৷ তাইৰ মুখখন দেখিলে ধৰিব পাৰি আহিব লগাজন এতিয়াও আহি পোৱা নাই ৷ এইফালে ৰিমে দৰ্জাখনলৈ চায়, “ আৰু অলপ দেৰি কৰিলে গুচি যাম মই ৷ তেতিয়াই ওলাইছে বোলে ৷” নিশাৰ হাঁহি উঠে ,“ হ’ব দে আহি পাব আৰু ৷” এনেতে নিশাই ৰিমৰ হাতত চিকুটি দৰ্জাৰ ফালে চাবলৈ ইংগিত দিলে ৷ এটা Jeans আৰু T-shirt পিন্ধি ল’ৰা এজন সোমাই আহিল ৷  সিও সেই 'ফুটবল team' টোকেই join কৰিলে ৷ ৰিমে চিঞৰি দিলে, “ হেই নকৱ কিয় কি হ’ল ৷ এৰ্‌ মোক ৷”…“ এইটো যে দেখিছ, কলেজত মিতাৰ crush আছিল ৷ কিমান যে চাইছিল ! তাইৰ লগতে মোকো দৌৰাইছিল ৷”… ৰিমে excited হৈ , “ কি ক ! সেই যে আগতে এবাৰ কৈছিলি সি নেকি ? ৰহ পাগলী দুটাক msg এটা দিও ৷” বুলি তাই whatsapp খুলাৰ লগে লগেই দৰ্জাৰপৰা প্ৰীতিয়ে, “ ডাৰ্লিং আমি আহি গ’লো ৷” …বেছি মানুহ নাছিল ৷ থকাকেইজনে ঘূৰি চালে ৷ যি চিঞৰ যেন cafe নহয় ঘৰ হে ! ৰিমহঁতে মিতাক দেখালে ,“ ঐ চা কোন সেইটো ৷” মিতাই চকু দুটা ডাঙৰ কৰি ,“ হাও ! ই চোন ৷ য়ে বে কিমান দিনৰ মূৰত দেখিলো ৷ আহ্‌হা ! ভাল লাগি গ’ল ৷”  প্ৰীতিয়ে চিঞৰি ক’ব ধৰিলে ,“ আব্বে ই চোন handsome হৈ গ’ল ৷ মিতা, মাত বে মাত ৷ ময়ে মাতো যা ৷” ৰিমে গালি দিলে, “ চিঞৰিছ কিয় ইমান ৷ চৰ চিনি পাৱ ? গালতে বহাম ৷”  প্ৰীতিৰ খং উঠিল ,“ সেইকাৰণে মই এইবোৰ high class ঠাই ভাল নাপাওঁ ৷ নোৱাৰো  ইমান ভদ্ৰ হৈ থাকিব ৷ যাওঁ মই ৷”
 ( to be continued )


Friday, 16 June 2017

বৰষুণ... এক আবেগ

ৰাতিপুৱা এলাৰ্মটো বন্ধ কৰি এবাৰ বাগৰ সলাই আকৌ গাৰুটো জোৰকৈ সাৱটি ল’লো৷ আমেজ ! বাহিৰত বৰষুণ৷ গছৰ পাতৰ আগবোৰৰপৰা টোপ টোপকৈ পানী সৰি পৰিছে ৷ খিৰিকিৰে বাহিৰলৈ চাই ভাবিছো "চেহ! ইমান মজা শুই থকা বতৰ কেনেকৈ উঠো বাৰু ৷ ধেই বৰ অশান্তি দেই ৷"
    তেতিয়া হয়তো ২-৩ বছৰীয়া ৷ বৰষুণ কি নাজানো৷  Was not matured enough to feel the word . বুজা নুবুজাৰ মাজত কিবা এটা ৷ ওপৰৰপৰা দীঘল দীঘল পানীৰ টোপালবোৰ তললৈ নামি আহে৷ ভেণ্টিলেচনেৰে চিটিকনিবোৰ মুখত পৰিলে ভাল লাগে ৷ আইতাৰ বিচনাত শুই টিনৰ চালত পৰা বৰষুণৰ টোপালৰ শব্দ শুনি টোপনি অহা দুপৰীয়াবোৰ শৈশৱ৷ কেতিয়াবা শিল পৰে৷ কোমল মনটোৱে ঢুকি নোপোৱা প্ৰশ্ন৷ শিলবোৰ আকাশত ক’ত থাকে ! নাৱৰাৰে বাগৰি অহা বৰষুণৰ পানী হাতৰ চলুত লৈ চিটিকাই দিয়াৰ লগে লগে পাছৰপৰা ককাৰ মিঠা ধমকি "মাতু জ্বৰ হ’ব৷" তেতিয়া বৰষুণ মানে মাৰ ওচৰত আবদাৰ…"কাগজৰ নাওঁ এখন বনাই দিয়া না পিলিজ৷" পানীৰ ডোঙাত নাওঁ উতুৱাবলৈ গৈ পিছল খাই পৰাতেইতো আছিল শৈশৱ…!
     স্কুললৈ যাওঁতে ৰং বিৰঙী কাৰ্টুন অঁকা হাঁকোটা থকা ছাতিকেইটা কম মৰমৰ আছিল নে ! কোনোমতে আঁঠুলৈকে ঢাক খোৱা Rain coat  কেইটাৰে আমাক চাগে বৰষুণৰ দিনত 'কোই মিল গয়া’ৰ যাদু যেনেই লাগিছিল ৷ মুখখনতো তিতিছিলেই, আঁঠুৰ তলৰ ভাগ বোকাই পানীয়ে লুতুৰি পুতুৰি ৷ পানীৰ ডোঙা দেখিবহে লাগে কণমাণি ভৰিকেইটাৰে দিলো গৈ জঁপিয়ায় ৷
আস্‌ ! বৰষুণত ছাতি লৈ লৈ কেতিয়া বৰষুণৰ টোপালবোৰৰ প্ৰেমত পৰিলো নিজেও নাজানো৷ we used to take the longest route. স্কুল ছুটীৰ পাছত আধা বাট আহিছো মাত্ৰ " ইস ৰাম আহিল বৰষুণজাক ৷" ছন্দা আৰু মই ছাতি দুটা মেলি ল’লো ৷ নাই ছাতিয়ে কাম নিদিয়ে ৷ তিতিব লগাখিনি তিতিলোৱেই ৷ "এহ্‌ বন্ধ কৰ এইডাল। কাম নাই একো ৷" দুয়ো ৰাস্তাৰ মাজত থিয় হৈ হাতদুখন মেলি ওপৰলৈ মুখখন পাতি দিলো ৷ চকুৰ পতা তিয়াই গ’ল ৷ কোনোবাই দেখিলে হয়তো ৰোমাণ্টিক চিনেমাৰ প’জ বুলি ভাবিলেহেঁতেন ৷ Fortunately ,আন মানুহবোৰ আমাৰ দৰে পাগল নহয় এনে বৰষুণত ঘৰৰপৰা ওলাবলৈ ৷ …বৰষা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমিয়ে…কোনোবাই শুনিলেও শুনক, who cares . We are insane & we accept it.
   "য়েহ বে আজি পানী হ’ব ৰাস্তাত ৷" কলেজৰপৰা তিতি তিতি বাছষ্টেণ্ডলৈ আহোতে পানীত ডুবি থকা চান্দমাৰিখন কল্পনা কৰি লৈছিলো ৷ পানী পানী আৰু পানী ৷ উপায় নাই ৷ একঁকাল পানী ভাঙি ঘৰ পোৱালৈ ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠে ৷ বাটত আকৌ এপ্লেট গৰম গৰম ম’ম’ ৷( কম খকুৱা নেকি !)
    বৰষুণ, তোক ভাল নোপোৱাকৈ থাকো কেনেকৈ ? I have wild fantasies ..জালুকবাৰীৰ প্ৰেমত পৰিবলৈতো তই ধুই নিয়া ৰঙাবোৰেই যথেষ্ট৷ আৰু পুখুৰীৰ পাৰৰ লুংলুঙীয়া বাটটোৰ সেই ৰাধাচূড়াজোপা …তোৰ পৰশত জীপাল হয় ৷ বনৰীয়া মনটোৱে চোন সেউজীয়া আৰু ভিজা মাটিৰ গোন্ধৰ মাজত হেৰাই যাবলৈ হাহাকাৰ কৰে ৷ …বৰষুণ মানে শ্বিলং…বৰষুণ মানে জালুকবাৰী…বৰষুণ মানে হেল’জেন …! Don't get strange if you find me cuddling on a couch in worn pajamas ..আমেজ ! খিৰিকিৰ গ্লাছেৰে বৈ অহা পানীৰ টোপালবোৰ চাই চাই চেঁচা পৰি যোৱা কফি কাপ একে উশাহে শেষ কৰি ,কিনকিনিয়া বৰষুণত খোজকাঢ়ি বাটৰ কাষত পৰি ৰোৱা সোণাৰু বুটলি পাইছা ? কৃষ্ণচূড়াৰ ৰঙাৰে সেমেকি থকা বাটটোৱে আমনি নকৰে ? ছাতি থাকিলেও কেতিয়াবা বৰষুণত তিতি চাবাচোন …বৰষুণ এক আবেগ…আবতৰীয়া আবেগ !

Friday, 21 April 2017

The Stranger


      বিহুৰ বতৰ ৷ ৰাস্তাৰ ভিৰ ফালি বাছখন বাৰোৱাৰী পায় মানে বেলি ডুবিবই হ’ল ৷ ৰিম আৰু প্ৰীতি বাছৰপৰা নামি ভিতৰৰ ৰাস্তাটোৰে খোজ দিলে ৷ এছাটি ঠাণ্ডা বতাহে কোবাই গ’ল ৷ "ব’ল আজি বেলিভিউ যাওঁ বহুত দিন যোৱা নাই ৷ ঘাট বাদ দে ৷" প্ৰীতিৰ কথাত বাধা দি ৰিমে আৰম্ভ কৰিলে "ধেই অলপ পিছত আন্ধাৰে হ’ব চোন ৷ যাবি জানো সেইফালে, দেৰি হ’লে ভয় লাগে ৷" ৰিমৰ সকলো ᅞᅞᅞক্ষেত্ৰত এই seriousness টো অলপ বেছিয়েই ৷ "হ’ব দে খাই নেপেলায় তোক কোনেও ৷ ব’ল একো নহয় ৷" প্ৰীতিয়ে একপ্ৰকাৰ টানিয়েই লৈ গ’ল ৷ তাতেও মানুহৰ ভিৰ ৷ ৰাস্তাৰ কাষৰ ৰেলিঙত বহি প্ৰেমিক চৰাইবোৰ নিজৰ মাজতেই ব্যস্ত ৷ বেলি ডুবিলেই ৷ নৈখনত যেন হেঙুলীয়া ৰংটো কোনোবাই মিহলি কৰি দিছে ৷ দুয়ো ৰেলিঙত বহি ল’লে ৷ এইখিনি সিহঁতৰ একান্ত নিজৰ সময় ৷ কাষৰ গছডালত কুলিয়ে মাতিছে ৷  এজাক চৰাই উৰি গৈ দূৰৈত হেৰাই গ’ল ৷ "অ’ই যা ৷ উঠ উঠ৷ ফটো পাছত উঠিবি যা ৷" এফালৰপৰা পুলিচে খেদিছে ৷ "সেইয়া শান্তি নাই মানে ৷" মুখেৰে ভোৰভোৰাই দুয়ো অনিচ্ছা স্বত্বেও উঠি আহিল ৷  কিন্তু একেবাৰে গুচি নগৈ অকমাণ দূৰত এনেই ঘূৰা ফুৰা কৰি থাকিল ৷ মানুহবোৰ যোৱাৰ লগে লগে পুলিচ দুজনো চাধা মাৰি মাৰি গ’লগৈ ৷ প্ৰীতি আৰু ৰিমে সুযোগ বুজি আকৌ গ’ল তালৈ ৷ কেৱল মাত্ৰ নৈখনো বৈ যোৱা শব্দ ৷ বতাহত যেন কিবা এটা সুৰ আছে ৷  আকৌ নতুনকৈ মানুহ আহিবলৈ ল’লে ৷ দুই এখন বাইক গাড়ী আহি ৰ’ল ৷ সিহঁত দুজনী নিজৰ মাজত ব্যস্ত ৷ selfie উঠিছে, কথা পাতিছে, হাঁহিছে…৷ বতাহে খেলি মেলি কৰি যোৱা চুলিকোচা ৰিমে মূৰটো বেঁকা কৰি পিছলৈ ঠেলি পঠিয়ালে ৷ হঠাৎ তাইৰ চকুত পৰিল সিহঁতৰ কাষত বহি থকা ল’ৰাদুজনলৈ ৷ সিহঁতলৈ চাই কিবা কৈ আছে ৷ তাই অলপ conscious হ’ল ৷ মাজে মাজে আঁৰ চকুৰে চায় ৷ তেতিয়াও ল’ৰাদুজনে সিহঁতৰ ফালে চাই কিবা কৈ হাঁহি আছে ৷ গাড়ীখনতো তেতিয়াই ইয়াত ৰখাইছিল ! মানে ইমান সময় সিহঁত এনেকৈয়ে চাই আছে ! ৰিমৰ অকমাণ খং উঠিল ৷ তাই বৰ বেয়া পায় ৷ কাণে কাণে প্ৰীতিক ক’লে ৷ প্ৰীতিয়ে আকৌ স্থান কাল পাত্ৰ একো নাচায় ,চিঞৰিবই কথা কওঁতে ৷ "ক’ত চাওঁ চাওঁ, কোন ল’ৰা ৷ ক্ষীণটো চোন মোৰ কলেজৰ Crush টোৰ দৰে ৷" ৰিমৰ তাইক নদীত দলিয়াই দিব মন গ’ল ৷ নোৱাৰি আৰু প্ৰীতিজনীৰ লগত ! "ব’ল ব’ল যাওঁ দেৰি হৈছে ৷" ৰিম বহাৰপৰা উঠিল ৷ দুয়ো লাহে লাহে খোজ দিলে ৷ ষ্ট্ৰীট লাইটৰ হালধীয়া পোহৰবোৰ গছৰ পাতৰ মাজেৰে সৰকি আহি গোটেই বাটটো মায়াময় কৰি তুলিছে ৷ মাজতে আকৌ দুই এটা লাইট বেয়া ৷ প্ৰীতিয়ে নিজৰ সুৰত গুনগুনাইছে "ৰুমাল ৰুমাল এখনি ৰঙা ৰুমাল…" আকৌ নিজেই কয় "অকল ৰঙা কিয় , নীলা ৰুমালো তো হ’ব পাৰে !" ৰিমে একো মতা নাই ৷ তাই হঠাৎ মন কৰিলে তেতিয়া সিহঁতৰ কাষত ৰৈ থকা swift গাড়ীখন অকমাণ দূৰত ৰৈছে আহি ৷ সিহঁত খোজকাঢ়ি গৈ থাকিল ৷ অলপ দূৰ যোৱাৰ পাছত গাড়ীখন আগবাঢ়ি আহি আকৌ অকমাণ দূৰত ৰখাই দিলে ৷ এইবাৰ দুয়োৰে ভয় লাগিল ৷ কথাটো কি ! প্ৰীতিয়ে ভয়তে পিছলৈ ঘূৰি ক’লে "ইহঁতে কিয় আমাক follow কৰি আছে ?" ৰিমে গালি পৰা আৰম্ভ "মই তেতিয়াই কৈছিলো নাযাওঁ দেৰি হ’লে ভয় লাগে ৷ মোৰ কথা ক’ত শুন’ ! তয়েই টানি আনিছিলি ৷ মৰ এতিয়া, মোকো মাৰ ৷ আজি uncle ক গৈ সব কৈ দিম ৷" প্ৰীতি ভয়তে পেপুৱা লাগিল "মইনো কি জানো !" এনেদৰে গাড়ীখনে সিহঁতক follow কৰি আহি ৰখাই দিয়া কাৰবাৰটো চাৰিবাৰ মান চলিয়েই থাকিল ৷ সিহঁতেও যিমান পাৰে বেগাই খোজ দিছে ৷ আজি বাটটো ইমান দীঘল দীঘল লাগিছে ৷ শেষেই নহয় চোন ৷ এইবাৰ অলপ দূৰ গৈ গাড়ীখন আহিছে নেকি প্ৰীতিয়ে ঘূৰি চাই দেখে ল’ৰা দুজনে গাড়ীখন park কৰি এইবাৰ খোজকাঢ়ি follow কৰাত লাগিছে ৷ দীঘলকৈ উশাহ এটা লৈ দুয়ো বিজুলী বেগেৰে খোজ দিলে ৷ সেইখিনিত আকৌ লাইটটোও বেয়া ৷ ধিপ ধাপকৈ জ্বলি আছে ৷ ক’ৰ ল’ৰা কি ল’ৰা ! দেখাত কিন্তু অলপো বদমাছ যেন লগা নাছিল , ভদ্ৰ যেনেই ৷ ৰিম আৰু প্ৰীতিয়ে যিমানেই বেগাই খোজ দিয়ে সিহঁতৰ গতিও সিমানেই বাঢ়ে ৷ ৰিমহঁতে ভয়তে যাব লগা ৰাস্তাটো এৰিয়েই আহিল ৷ ঘূৰি যাবও নোৱাৰে এতিয়া ! বেলেগ ৰাস্তাৰে যাব লাগিব ৷ ৰিমৰ লাহে লাহে খংটো উঠি আহিল "চৰত দাঁত ভাঙিম কিন্তু মই দুটাৰে ৷ গালি এটা দিওয়েই নেকি পিছফালে ঘূৰি ৷" প্ৰীতিয়ে বাধা দিলে "ৰহচোন ৷ Control !  গালি দিবি কি বুলি ? আমাকতো জোকোৱাও নাই ৷ একো কৰা নাই ৷ যদি কয় আমি খোজ কাঢ়িছো তাতে তোমাৰ কি ৷ তোমাৰ ৰাস্তা নেকি এইটো , তেতিয়া ? গালি দিব পৰা Valid reason নাই ৷" …“ব’ল দোকানখনত পানী কিনিব সোমাওঁ ৷" বুলি ৰিম সোমায়ে গ’ল ৷ ওলাই আহি দেখে তেতিয়াও ল’ৰা দুজন অলপ দূৰত ৰৈয়েই আছে ৷ এইবাৰ সিহঁতে এবাৰো ঘূৰি নাচাই খোজ দিলে ৷ বাছ আহিলেই উঠিম বুলি দীঘলী পুখুৰীৰ কেঁকুৰিটোত ৰ’ল দুয়ো ৷ নাই এইবাৰ আকৌ বাছ নাই ৷ ইতিমধ্যেই ল’ৰা দুজন আহি সিহঁতৰ পৰা অলপ আতৰত থিয় হ’ল ৷ শকত ল’ৰাজনে ক্ষীণজনক কৈ থকা সিহঁতে শুনিলে "ব’ল বে যাওঁ ৷ হ’ব দে আৰু বাদ দে ৷ কি যে কৰি থাক’ ৷" দুয়োজনীয়ে ইজনীয়ে সিজনীৰ মুখলৈ চাই ভাবিলে ইয়াত ৰৈ থকাতো ঠিক নহ’ব ৷ মুখত ভয়ৰ ভাৱ স্পষ্ট ৷ ইফালে ৰিম খঙত আছে ৷ তাইৰ ঠিক নাই ল’ৰা দুজনক গালি পাৰোতে সময় নালাগিব ৷ দুয়ো ৰাস্তাটো পাৰ হৈ ফুটপাথত উঠি অকমাণ গৈছে মাত্ৰ ক্ষীণ ল’ৰাজন দৌৰি আহিল " Excuse me. অকমাণ ৰ’বা ৷ আমাক বেয়া ল’ৰা বুলি নাভাবিবা আগতেই কৈ লৈছো ৷ আমি তোমালোকক তেতিয়াৰপৰা Follow কৰি আছিলো ৷" ৰিমে গালি দিব ওলাইছিল মাত্ৰ প্ৰীতিয়ে হাতখনত ধৰি মনে মনে থকাৰ ইংগিত দিলে ৷ "হয় নেকি ৷ অহ আমি মনেই কৰা নাই ৷" ৰিমে তাইলৈ বেঁকা কৈ চাই ভাবিলে , "বাহ ! তই কবি গম পোৱা নাই আৰু সিহঁতে বিশ্বাস কৰি ল’ব ৷ সিহঁতক গালি দিব এৰি কি বকিছে পাগলে !"…ক্ষীণজনে হাঁহি এটা মাৰি ক’লে "মানে তেতিয়া তাত চাই আছিলো ৷ আমি ইয়াৰে লকেল ৷ তোমালোক ইয়াৰ নহয় যেন লাগিল ৷"…“নাই নহয় ৷" প্ৰীতিয়ে মাত দিলে…"এনেই follow কৰিলো ,just for fun. ক’বা নেকি ক’ত ঘৰ ?" ৰিমৰ খং উঠিল "আপোনাক কিয় লাগে সেইবোৰ ?"…“okay sorry .” বুলি কৈ ল’ৰা দুজন পিছমুখ দিলে ৷ ৰিমে প্ৰীতিক হাতত ধৰি ভোৰভোৰাই গৈ থাকিল " just for fun ! Fun মুখেৰে বাহিৰ কৰিলো হয় আজি তহঁতৰ ৷"
   Stranger ! কিয় জানো প্ৰীতিৰ ল’ৰাজনলৈ মৰম লাগিল ৷ নামটো জানিব বৰকৈ মন গ’ল ৷ কোনেনো বাৰু এনেকৈ ক’ব আহে আমি follow কৰি আছিলো বুলি ৷ ৰিম এবাৰো ৰখা নাই ৷ প্ৰীতিয়ে মাজে মাজে ঘূৰি চায় পিছফালে ,কিজানি এবাৰলৈ হ’লেও দেখেই ! নাই দুয়োজন ভিৰৰ মাজত হেৰাই গ’ল ৷ তাইৰ কিবা দুখ লাগিল…"Oh the cute strangers ! আৰু বা কেতিয়া দেখিম ! Destiny ,please be kind with me !"…ইফালে ৰিমে খঙত ৰঙা হৈ প্ৰীতিক টানি লৈয়ে গৈ থাকিল ৷


Sunday, 2 April 2017

দেওবৰীয়া !


   দেওবাৰ বুলি ক’লেই এলাহ ভাৱটো লগতে গুচি আহে ৷ তাতে আকৌ দিনটো বৰষুণ ৷ কিন্তু তাইৰ জানো এলাহ আছে ? সন্ধিয়াৰ চান্দমাৰি ব্ৰিজ তাইৰ প্ৰিয় ৷ সেমেকি থকা বাটবোৰত ৰঙা হালধীয়া পোহৰৰ খেল তাই ভাল পায় ৷ She has a crave for melting halogens . আজি আবেলিও ওলাই গৈছিল তাৰ লগত ৷ বৰষুণটো কম বেছি হয় সময়ে সময়ে ৷ তাই মাজে মাজে হঠাৎ কিবা এটা কৈ উঠে নহ’লে হঠাৎ তাৰ হাতখন জোকাৰি কিবা দেখুৱায় ৷ সি বুজি পায় তাইক ৷ এইখিনি তাইৰ নিজৰ সময় ৷ তাইৰো এখন পৃথিৱী আছে নিজৰ ৷ মাথো তাক বিচাৰে কাষত ৷ সিও বিনাপ্ৰশ্নই তাইৰ লগত থাকে ৷ তাই কয় " ছাতি থাকিলেও ভাল পাওঁ বৰষুণৰ স্পৰ্শ" ৷  কেতিয়াবা হঠাৎ বৰষুণৰ মাজত ছাতিটো বন্ধ কৰি দিয়ে ৷ সি গালিৰ সুৰত কয় " হেই কিয় বন্ধ কৰিছা !" কিন্তু কৈ জানো লাভ আছে ! তাৰ নিজৰ ছাতিটো লৈয়েই তাইৰ পাছে পাছে দৌৰি ফুৰে ৷ ক’ৰবাত বোকা পানী জমা হৈ থকা দেখিবহে পালে মাজতে গৈ দিলে জঁপিয়ায় ৷ তাইৰ নিজৰ কাপোৰৰ লগতে তাৰ কাপোৰো গ’ল বোকাৰে ভৰি ৷ সি গালি দিব ওলাই মাত্ৰ ,তাই সৰু ছোৱালীৰ দৰে কাণত ধৰি হাঁহি থকা মুখখন দেখি তাৰ মৰম লাগি যায় ৷ বৰষুণত তিতি জ্বৰ হোৱাৰ দিনা হাঁচিয়াই হাঁচিয়াই তাক কয় " I promise আৰু নিতিতো !"সিও জানে অসুখ কমিব, বৰষুণ দিব, তাই আকৌ তিতিব ! …কাৰণ তাই তাইয়েই ৷ কেতিয়াও কাৰোবাবে সলনি নোহোৱা, কোনো কেতিয়াও সলনি কৰিব নোৱৰা , A never changing soul !




Saturday, 11 March 2017

অনুৰাগ…Another name of friendship part # 7


     নৱেম্বৰ মাহ ৷ ঠাণ্ডা ভালকৈ পৰা নাই যদিও ঠাণ্ডা ভাৱ এটা আছে ৷ দুপৰীয়া এইখিনি সময়ত হোষ্টেলটো শান্ত হৈ থাকে ৷ ভাত খাই আহি ৰাগে বিচনাখনত বাগৰ দিছে ৷ আগদিনা ৰাতি birthday 'gift' হিচাপে পোৱা মাৰকেইটাৰ বিষ এতিয়াও কমা নাই ৷ এয়াইতো হোষ্টেল ! চকুদুটা মুদি সি মনৰ ভিতৰতে maths ৰ পেপাৰখনত পাব লগা mark খিনি গণিছে ৷ অলপ পিছত maths ৰ ৰিজাল্ট দিয়া কথা ৷ পৰিৱেশটো শান্ত হৈ আছে । কাষৰ বিচনাত অনুভৱে laptopত গান শুনিছে ৷ কম volume ত বাজি আছে 'hearts are like firestone ...' ৷ মাজে মাজে বতাহে পৰ্দাখনত কোবাইছে ৷ ঠাণ্ডা লাগিলেও ভৰিৰ তলৰ কাপোৰখন টানি উৰি ল’বলৈ এলাহ লাগিল তাৰ ৷ কিবা এটা ভাল লাগিছে ৷ তেনেতে দৰ্জাত শব্দ কৰিলে কোনোবাই ৷ অনুৰাগৰ নামত পাৰ্চেল এটা আহিছে ৷ সি ভাবি পোৱা নাই কি আহিল ৷ ৰিমৰ পাৰ্চেল ! ইফালে অনুভৱে বেঁকা হাঁহি এটা মাৰি ক’লে "অ’হ আহিল মানে finally !" ৰাগ আচৰিত, "তয়ো জান’ ? হাৰামি মোক একো কোৱা নাই তথাপিও ৷" …“আৰে নাজানিম নেকি ! তোৰ এই surprise gift টোৰ কাৰণে হোষ্টেলৰ photo collection ৰ নামত কম কামুৰ দিছে মোক ! বাপৰে !" বুলি কৈ হাঁহিলে সি ৷ৰাগে পেকেটটো খুলিয়ে ফোন লগালে ৰিমলৈ ৷ পেকেটটোত এখন কাগজত লিখা আছিল "হোষ্টেলত তোৰ 1st b'day . Thought to make it a bit special. নাজানো কেনেকুৱা লাগে তোৰ৷ I jusr wanna see that smile. Oops ! But you are miles away !" বহু সময় ৰিং হোৱাৰ পিছত উঠালে ফোন ৷ তাই কিবা কোৱাৰ আগতেই "কিয়নো এনেহেন তই ক’চোন ৷" তাই বুজিলে সি কি ক’ব বিচাৰিছে ৷ হাঁহি এটা মাৰি ক’লে "মই এনেকুৱাই দে ৷ এতিয়া ক’ পাৰ্টী কেতিয়া দিবি ?"

                               (১১)
     ডিচেম্বৰ মাহৰ এটা উমাল দুপৰীয়া ৷ ৰিমে ভাতকেইটা খাই বাৰাণ্ডাত বহি কমলাৰ বাকলি গুচাইছে ৷ হঠাৎ মূৰটো দাঙি "আৰে তই গুৱাহাটী কেতিয়া আহিলি ?"…“কিয় surprise অকল তইয়ে দিব পাৰ নেকি ! ব’ল ওলা ৷ পাৰ্টী নালাগে নেকি ?"…“এলাহ লাগিছে ৷ ঘৰতে আড্ডা দিওঁ দে ৷"…“মক্কেল ৷ কেনে কানিয়া হৈছ’ তই ৷ এক চৰ দিম, যা ওলা ৷"
      সন্ধিয়াৰ উজান বজাৰ ঘাট তাইৰ সদায় প্ৰিয় ৷ কিবা এটা মাদকতা আছে ঠাইখিনিৰ ৷ দুয়ো বহিল। ইয়ালৈ আহিলে প্ৰায়ে দীপ আৰু আকাশক সিহঁতে miss কৰে ৷ সন্ধিয়া নামিছে। কুঁৱলীয়ে ঢাকি ধৰা লুইতখন হেঙুলীয়া হৈ গ’ল। নৈখনৰ সিটো পাৰৰ দুটামান লাইট ধুঁৱলী কুঁৱলী দেখা গ’ল ৷ দূৰৈত এখন river cruise লাহে লাহে আগবাঢ়িছে । বতাহত ক’ৰবাৰ পৰা পোৰা মাংসৰ গোন্ধ এটা ভাহি আহিছে ৷ দুয়োটাই দীঘলকৈ উশাহ এটা টানি চিঞৰি দিলে "তন্দুৰী !" ..কিমান দিনৰ মূৰত লগ পাইছে আজি ৷ ক’ব কথা বহুত থাকে সময়ত ওলাই নাহে৷ কথা পাতি থাকোতে কিমান সময় পাৰ হ’ল গ’মেই নাপালে ৷ হঠাৎ তাই জাঁপ মাৰি উঠিল "অ’ই ব’ল দেৰি হ’ল ৷" অলপ আগত ৰেৱতীত খাই অহা চাওমিনখিনি হজম হোৱাই নাই ৰাগৰ আকৌ চানা খাব হ’লেই ৷ চানা চোবাই চোবাই দুয়ো ফুটপাথেৰে খোজ দিলে ৷ "তই জেকেটৰ চেইনডাল মাৰি ল চোন ৷ তেল ফুটিছে নেকি ৷ এই ঠাণ্ডাত ভাইগিৰি দেখাব নালাগে দেচোন। " ৰাগৰ গালি শুনি তাই জিভাখন অকমাণ উলিয়াই চেইনডাল মাৰি ল’লে ৷ এচাটি বতাহে মুখতে কোবাই গ’ল ৷ দুয়ো লাহে লাহে হেল’জেনৰ হালধীয়াৰ মাজত হেৰাই গ’ল ৷ মাথো হাঁহিবোৰ কঁপি কঁপি ভাঁহি আহিল।
   …আৰু ক’ৰ’বাত নিস্তৰংগ গীটাৰৰ ষ্ট্ৰিঙত বাজি উঠিল অস্থায়ী অন্তৰা …!
# সমাপ্ত

Friday, 10 March 2017

অনুৰাগ…Another name of friendship Part # 6


      দূৰত্ব বাঢ়িছিল ৷ লগে লগে ৰাগ আৰু পাখিৰ কাজিয়াবোৰো ৷ সিহঁততকৈ বেছি ৰিমৰ টেনচন ৷ কেনেকৈ ঠিক কৰা যায় ! দুটাৰ এটাও কম নহয়᪅ ৷ আৰু কাজিয়াৰ কাৰণবোৰ শুনিলে কেতিয়াবাতো তাইৰ নিজৰ মূৰটো ৱালত মাৰি দিব মন যায় ! মাজৰাতি ফোন কৰি যেতিয়া সোধে "এতিয়া কি কৰো মই ?" তাইৰ নিজকে Love গুৰু যেন লাগি যায়, without any experience ! আজিকালি অৱশ্যে  অভ্যস্ত হৈ গৈছে᪅ ৷ কেতিয়াবা হাঁহিও উঠে তাইৰ ৷ জানেই দুদিন পিছত আকৌ সকলো ঠিক হ’ব ৷
     সিহঁতৰ Whatsapp ৰ দুনিয়াখন ৰাতি সাৰ পাই উঠে লেপৰ তলত ম’বাইল screen বোৰ জ্বলি উঠাৰ লগে লগে ৷ সিহঁতে সদায় কথা নাপাতে ৷ কিন্তু যিদিনা পাতে সকলো পাহৰি যায় ৷ ৰিমৰ মাজে মাজে অনুভৱ হয় ৰাগ আগতকৈ সলনি হৈছে ৷ পিছ মূহুৰ্ততে ভাৱে "ময়োতো হৈছো ৷" আকৌ মূৰটো জোকাৰি আগৰ ভাৱখিনি পাহৰি পেলাব খোজে ৷ For her, change is acceptable . তাৰখিনিও পাৰিছে ৷ ৰাতিবোৰ গভীৰ হোৱাৰ লগে লগে বুজা নুবুজা ভাৱবোৰে খেলি মেলি কৰে। ৰাগে ভালকৈ বুজি পায় তাই কিমান introvert . তাই দিনটো বকি থাকিব কিন্তু ক’ব লগা বহুত কথা মনতে লুকুৱাই থয় ৷ "তই কিয় কথাবোৰ নকৱ খুলি কচোন ? Feel free, কিয় নুশুনিম তোৰ কথাবোৰ ৷" …"ধেই নহয় ও সবৰে নিজৰ লাইফত ইমান টেনচন ৷ মই মোৰ বোৰ কৈ disturb দিয়া যেনহে লাগে ৷"..."মই বিচাৰো মোক তই সব ক’ ৷ বাদ দে । কাক ভাল পাৱ ক চোন ৷" তাইৰ হাঁহি উঠি গ’ল ৷ "ধেই নাপাওঁ ৷ যিদিনা তোৰ নিচিনা মোক বুজি পোৱা আৰু মই বিশ্বাস কৰিব পৰা কোনোবা পাওঁ ক’ম দে ৷"..."বৰ philosophy বুজোৱাত লাগিছ !" তাই লাহেকৈ ক’লে "আমি শুৱা ভাল নেকি ! ৩টা বাজিল ৷"…"অহ দে মোৰো ম’বাইলটো মৰিবই, 4% Charge." ...তাই চকু দুটা মুদি থাকিল যদিও টোপনি অহা নাই। সদায় পলাই ফুৰা কিছুমান প্ৰশ্নৰ সন্মুখীন হোৱাটো বৰ টান ৷

                                             (৯)
    ৰিম তাৰ ওপৰত dependant . তাইক আটাইতকৈ ভালকৈ যদি বুজাব পাৰে সেয়া ৰাগ। তাইৰ entrance পৰীক্ষালৈ বেছিদিন নাই। ঠিক দুদিনমান আগত ৰুটিন সলনি হ’ল ৷ তাই ভয়ত না খাব পাৰিছে না পঢ়িব পাৰিছে ৷ Suffocation ! মূৰটো আচন্দ্ৰাই কৰিছে ৷ ফোনটো vibrate হ’ল ৷ অলপ সকাহ ৷ "কিয় ইমান nervous হৈছ’ ?" ৰাগৰ মাতটো শুনাৰ লগে লগে তাই ইমান সময় ৰখাই থোৱা কান্দোনটো ওলাই আহিল ৷ সি কৰে কি এতিয়া ! কান্দোন বন্ধ হোৱাৰ পিছত লাহে লাহে বুজালে ৷ তায়ো শান্ত হ’ল ৷ "টেনচন নল’বি ৷ সব ঠিক হ’ব ৷ ভাবি ল’বি মই ওচৰত বহি গালি পাৰি আছো ৷" তাই স্বস্তিৰ নিশ্বাস এৰিলে ৷

                                      (১০)
   ১২টা বাজিবলৈ ১০ মিনিট ৷ প্ৰীতিৰ ফোন । "নহয় মানে মই এতিয়াই কৰিলো ৷ নহ’লে অলপ পিছত অনুৰাগে ফোন কৰি তোক আগতে birthday Wish কৰিলে হয় ৷ busy কৰি থৈ দিওঁ ! হেহেহে ৷" কি হ’ব ইহঁতৰ লগত ! ১২টাৰ পিছত তাই ফোন থ’লে। লগে লগে ৰাগৰ ফোন "হাৰামি কাৰ লগত busy ? I'm sure প্ৰীতিয়ে হ’ব !" অকমাণ সময় কথা পাতিলে...ফোন থ’ব ওলাওতে সি হঠাৎ মাত দিলে "অ’ই শুন না ৷"..." ক’ না "…" I love you !" তাইৰ চকু দুটা চলচলীয়া হৈ গ’ল ৷ অকমাণ হাঁহিলে ৷ "হ’ব দে জানো মই ৷" সিহঁতৰ মাজৰ 'I love you’ বোৰক হাঁহি এটা মাৰি বন্ধুত্বৰ এনাজৰীডালেৰে বান্ধিব  ভালকৈ জানে সিহঁতে ৷
( to be continued )

Thursday, 9 March 2017

অনুৰাগ…Another name of friendship part # 5


      আগতেই কৈছো ৰিম প্ৰেমৰ ক্ষেত্ৰত কেঁচা ৷ Sympathy তাই দেখুৱাব নোৱাৰে ৷ তথাপি যিমান দূৰ পাৰে বুজালে ৷ এইকেইদিন মুখত হাঁহি নাই তাৰ ৷ তাইৰ ভাল নালাগে এনেকে ৷ দিনটো কিমান কি যে নাটক কৰে তাক হঁহুৱাবলৈ ৷ কেতিয়াবা নিজকে joker যেন লাগি যায় ৷ তাইৰ মাজে মাজে ভয় হয় ৰাগৰ ওপৰত ইমান dependant তাই ৷ দুদিন পাছত যেতিয়া তাৰ জীৱনত কোনোবা আহিব সকলো জানো একেই থাকিব ? ছোৱালীজনীৰ আপত্তি নাথাকিব জানো এনে এটা বন্ধুত্বৰপৰা…সি যদি আতৰি যায় ! …এদিন সি হঠাৎ সুধিলে "অ’ই তোৰ লগত যে টিউচন কৰিছিল পাখি, ছোৱালীজনী কেনেকুৱা নো ?" ৰিমে বৰ এটা গুৰুত্ব দিয়া নাছিল ৷ "ভালেই ছোৱালীজনী ৷ ইমান বেছি Close নহয় অৱশ্যে ৷" কিন্তু তাইতো জনা নাছিল দুয়োৰে মাজত কোনেও নজনাকৈ এটা সম্পৰ্ক আৰম্ভ হৈছিল ৷ যিদিনা গ’ম পাইছিল ,তাইৰ সমান সুখী কোনো হোৱা নাছিল ৷ কিন্তু কোনোবাখিনিত সেইটো ভয়, ৰাগ আতৰি যাব ৷ তাই সদায় সাজু ৷ ভাবিলে এটা gap maintain কৰাটো ভাল হ’ব ৷ ৰিমে নিবিচাৰে তাইৰ বাবে ৰাগ আৰু পাখিৰ মাজত problem হওঁক ৷ For her, all matters is his happiness ! আনৰ সুখত হাঁহিব জনা ছোৱালী তাই।  যিদিনা পাখিয়ে কৈছিল ,"তই কিয় আঁতৰিব লাগে ৷ তাৰ কাৰণে মোৰ priority বেলেগ আৰু তোৰ বেলেগ ৷ তহঁত মোতকৈ আগৰপৰা আছ’ ৷ মই তাক তহঁতৰপৰা আঁতৰাই অনাতকৈ, তহঁতৰ মাজৰ এজন হৈ থাকিব নোৱাৰিম নেকি ?" মা কচম, ৰিমৰ তাইক গালতে চুমা এটা খাই দিব মন গৈছিল।

                                    (৭)
    “কালি কেইটাত যাবি ?" …“ৰাতিপুৱাই যাম ৷ গৈ আকৌ হোষ্টেল ঠিক ঠাক কৰিব লাগিব ৷" ৰিমে চাহত সোহা এটা মাৰিলে ৷ "Packing হৈ গ’ল ? সব লৈছ’তো ভালকে ?" "উম লৈছো দে ৷" বুলি ৰিমৰ প্লেটৰ পৰা পকৰি দুটা থপিয়ালে সি ৷ আনকালে হোৱাহেঁতেন ইমান সময়ে পৃথিৱী তল ওপৰ হ’ল হয় ৷ আজি তাইৰ কাজিয়া কৰিব মন নগ’ল ৷ "আৰু লাগে যদি ল’ ৷ তাত হোষ্টেলত ক’ত পাবি ৷" সি হাঁহিলে "আৰে ইমান serious কিয় ৷ হোষ্টেল যাম ভাই, বনবাস নহয় ৷" তাই একো নক’লে ৷ বেয়া লাগিছে ৷ ৰাগে কান্ধত হাত এখন থৈ ক’লে "কি হ’ল ? চা শিলচৰহে যাম ৷ আহিয়েই থাকিম চোন ৷ Chill !" …“ তাকেই শিলচৰহে যাবি …কিন্তু শিলচৰ যে গুৱাহাটী নহয় !” তাইৰ মাতটো সেমেকি গ’ল ৷ এনেতে ঘড়ীত ৬টাৰ ঘণ্টা মাৰিলে ৷ "ঐ মই যাওঁ দে৷ দেৰি হ’ল ৷"…তাক গেটলৈ আগবঢ়াই দি আহোতে কিয় জানো ডিঙিটো সোপা মাৰি ধৰিলে। তিতি যোৱা গাল দুখন মচি পেলাব মন নগ’ল ৷ সি যোৱা সময়ত কৈছিল "I'm the last one to come & first one to leave !" সি যেন ভিৰত হেৰাই নাযায় ! তাইৰ এটা কবিতা লিখি দিছিল সি…সেইটো পঢ়ি কিমান সময় কান্দিলে তাইয়ো নাজানে !

                                    (৮)
    “ঠিক কৰিলি ৰুম ? ৰুমমেট আহিল নে নাই ?"… "হ’ল দে সব ঠিক। এহ্‌ ৰুমমেট চিনাকীয়ে ৷ আগত যে টিউচন কৰিছিলো একেলগে, অনুভৱ, সি ৷"…“ বাহ নামো মিলাই দিছে দে অনুৰাগ-অনুভৱ ৷" তাই হাঁহিলে ৷ At last a sigh of relief .
    ল’ৰা হোষ্টেলীয়া হ’ল । NITS , PG hostel ,room E104 নতুন ঠিকনা ৷ কেইটামান বছৰ পাছত ইঞ্জিনিয়াৰ হৈ ওলাব ৷ তাৰ ভাল হওঁক সেইটোৱেই কামনা কৰে ৷ গালিও কম পাৰে নেকি তাক ! যোৱাৰ আগত কিমান বুজাইছে হোষ্টেল গৈ চিগাৰেট নাখাবি , মদ নাখাবি ৷ হোষ্টেলাৰৰ পৰা সাধাৰণতে এইবোৰ আশা কৰাটো ভুল বুলি তাইয়ো জানে ৷ হঠাৎ দুই এটা ওলাব ৷ কিন্তু ৰিমৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাৰ Limit খিনি সি বুজি পায় ৷ তাই জানে She cares for him & he values it !
( to be continued )

Wednesday, 8 March 2017

অনুৰাগ…Another name of friendship part # 4


 ᪆                  (৫)
     আজিকালি ৰাগ গুৱাহাটীত নাথাকে ৷ পুৰণি দিনবোৰ miss কৰে তাই ৷ কলেজত সি থকা কাৰণে বেছি বন্ধু নহ’লেই ৷ প্ৰয়োজনবোধেই নকৰিলে ৷ আছিল যদিও বেছিকৈ ল’ৰা বন্ধু᪅ ৷ কিন্তু worst part of college life, কোনো ল’ৰা প্ৰেমত পৰিব পৰাকৈ ভাল নালাগিলেই চোন তাইৰ ! কথাবোৰ ভাবি পেঞ্চিলডাল কামুৰি বহি থাকোতেই ৰাগৰ ফোন আহিল " অ’ ডাৰ্লিং কি কৰিছ’ ?" …“সব তোৰ কাৰণেই হ’ল জাননে ৷ তই আছিলি কাৰণে কাকো নাচালো ৷” সি থত-মত খাই “হাও, মই কি কৰ্‌লো ??" …“মই চোন কলেজত কোনো ল’ৰাকে ভাল নাপালো ৷” …“এহ্‌ পাগল …!” বুলি দুটাই হাঁহিব আৰম্ভ কৰে ৷ আধা ঘণ্টামান কথাৰ মহলা মাৰে ৷ দুটা যদি লাগতিয়াল, দহটা অলাগতিয়াল ৷ “Mid sem আহিল বে next week. একোৱে পঢ়া নাই জানা না ৷” আৰু ৰিমৰ সদায় এটাই dialogue “হ’ব দে কিয় টেনচন লৈছ’ ৷ আৰামত হৈ যাব ৷” অকমাণ সময় ৰৈ আকৈ ক’ব “মাত্ৰ কালি গৈ xerox ৰ দোকানৰপৰা syllabus খন লৈ আহিবি ভাই ! দুদিন পিছত ইঞ্জিনিয়াৰ হ’বি নহ’লে ভালকে ৷” সি হাঁহি হাঁহি ক’ব “ আবে ডাৰ্লিং তুমি সব জানা চোন ৷” … “ হ’ব যা নৌতংকী পঢ় গৈ ৷”

                      (৬)
      কলেজত আৰু দুটামান বছৰ বেছিকৈ পোৱাহেঁতেন ! "কলেজ ৰেলিঙৰ আড্ডাটো আজি আৰু নাই আজি আৰু নাই …" গানটো মনত পৰিলে তাইৰ বুকুখন বিষাই যায় ৷ কলেজীয়া দিনবোৰ যেন শেষ নহওঁক ৷ সিহঁতৰ লগৰ প্ৰবালে প্ৰায় তাইক কয় “তই বেলেগ জাননে, unique species এটা ৷ বেলেগ ছোৱালীবোৰৰ নিচিনা নহয় , আমাৰ ল’ৰাবোৰৰ দৰে বিন্দাছ !”  পিছফালৰপৰা আহি ৰাগে মাত দিব “ল’ৰাৰ নিচিনা মানে ? doubt নেকি তোৰ ,ল’ৰাৱে তাই !”…“একে চৰে দাঁত ভাঙিম তোৰ ৷” - এইবোৰ dialogue ৰাগৰ কাৰণে চিনাকী ৷ তাৰ কলেজ লাইফ মানে ৰিমৰ দাদাগিৰিবোৰ “অ’ই বাছষ্টেণ্ডত ৰখ একেলগে যাম ৷" "বেছি নকৰ্‌বি দোইলে দিম ৷" "ব’ল ছাতি নোহোৱাকে বৰষুণত যাওঁ ৷"…Really gonna miss this place, I'm gonna miss my college days…!
    কলেজীয়া জীৱন…প্ৰেমে গজালি মেলাৰ বয়স ৷ প্ৰেমে যদি কেতিয়াবা হঁহুৱায় কেতিয়াবা কন্দুৱায় ৷ নবেম্বৰ মাহ পৰিছে ৷ ডিগ্ৰীৰ ক্লাছবোৰ কমি অহা বাবে কলেজ প্ৰায় খালি হৈ থাকে ৷ তাই মন কৰিছে ৰাগৰ কিবা এটা সলনি হৈছে ৷ He's feeling low. কিন্তু সি নিজে নোকোৱালৈ তাই একো সুধিব বিচৰা নাছিল ৷ সকলোৰে privacy থাকে আৰু limit cross কৰি আনৰ ব্যক্তিগত জীৱনত interfere কৰাটো তাই ভাল নাপায় ৷ শুকুৰবাৰ ৷ শেষৰ পিৰিয়ডটো ৰাগে কৰা নাছিল ৷ তাই আকৌ ক্লাছ bunk কৰি বেয়া পায় ৷ ক্লাছত থাকিলেও বাৰে বাৰে বাহিৰলৈ হে গৈছিল চকুটো ৷ প্ৰীতিয়ে তাইলৈ ৰৈ বহি আছে ৷ আৰু বহুত সময় ধৰি কাৰোবাৰ লগত কথা পাতি আছে ৷ নিশ্চয় হিয়া ৷ কিন্তু তাৰ মুখখন দেখি লগা নাছিল সকলো ঠিকে আছে যেন ৷  তেতিয়াই গৈ সুধিব মন গৈছিল "You ok ?" কিন্তু তাই নুসুধিলে ৷ আহোতে প্ৰীতিৰপৰা থুলমূলকৈ অলপ কিবা গ’ম পাইছিল ৷ যিয়েই নহওঁক কিয় তাই আছে তাৰ লগত সি নক’লেও, সি নিবিচাৰিলেও ৷… "She broke up.." -সন্ধিয়া তাৰ msg টো দেখি তাই এটা হুমুনিয়াহ কাঢ়িলে ৷ কোনোবাখিনিত তাইৰ এইটোৱে ভয় আছিল ৷ তাক কি বুলি সান্তনা দিব এতিয়া !
(to be continued)

Tuesday, 7 March 2017

অনুৰাগ…Another name of friendship Part # 3


                                      (৪)
      আকাশখন হঠাৎ গোমা হৈ আহিল ৷ বৰষুণ আহিবই আৰু ৷শেষৰ পিৰিয়ড ৷ বতৰটো বেয়া দেখিছে সিহঁতক যাবওতো দিব পাৰে ৷ নাই ,Chemistry পঢ়াইহে এৰিব। ৰাগ, ৰিম ,প্ৰবাল আৰু নয়ন সদায় last bencher . শেষৰফালে বহি খিৰিকিৰে বাৰে বাৰে বাহিৰলৈ চাইছে ৷ বতাহত পাতবোৰ উৰি আহি বাৰণ্ডা পাইছে ৷ চাই থাকোতে আহিলেই বৰষুণ ৷ ৰিমে বেগৰপৰা দুটা বাদাম উলিয়াই মুখত ভৰাই লাহেকৈ ক’লে "শেষ যা আজি ৷ ছাতি নানিলো বে ৷" …"কি ঘোঁৰাৰ নিচিনা বুট চোবাই আছ’ অকলে ৷ মোকো দি ৷"…“বুট নহয় এ, বাদাম ৷"…“দিবি না মাৰ খাবি।"…“ল’ খা ,খকুৱা সব খা ৷" …ক্লাছৰ মাজত টিফিন খোৱাটো সিহঁতৰ অভ্যাস ৷ বহীৰ পিছফালে কটা কটি খেলা, শেষৰ পাতত লিখি লিখি কথা পতা… They were making memories . ৰাগে এবাৰ বৰ্ডলৈ চাই সুধিলে "কি পঢ়াই আছে ? একো শুনা নাই ৷"…"হেই নাজানো যা ৷ বৰষুণ চা পানে হ’ৱ আজি খাতাং ৷" ৰিমৰ চিন্তা লাগিল। তাই বৰষুণ ভাল পায় ৷ বৰষুণক আজন্ম প্ৰেমিকা৷ ৷ কিন্তু গুৱাহৰটীৰ বানপানী ভাল পাব পৰা সাহস তাইৰ নাই ! কলেজৰপৰা ওলায় মানে বৰষুণ কমিছিল ৷ দুই এটোপ কিনকিনাই পৰি আছিল ৷ভাল পায় তাই ৷ মুখখন ওপৰলৈ কৰি বৰষুণত পাতি দিলে। আহ্ ! বসন্তৰ প্ৰথমজাক বৰষুণ …কিবা এটা মাদকতা আছে নিজক হেৰুৱাই পেলাব পৰাকৈ ৷ আকাশৰ বুকুত মদাৰে জ্বলোৱা জুই নুমুৱাবলৈহে যেন নামি আহে বৰষুণৰ জাক ৷ ফাগুনৰ ধূলিয়ৰি আকাশখন বহুদিন পিছত নীলা হৈছে ৷ গছবোৰ সতেজ সেউজীয়া ৷ ভিজা মাটিৰ গোন্ধটো ভাল পায় তাই । দীঘলকৈ উশাহ এটা লৈছে মাত্ৰ পিছফালৰপৰা আহি ৰাগি মূৰতে এক থাপৰ দিলে ৷ তাই আগলৈ হাউলি গ’ল ৷ "কি ৰোমান্টিক Pose দি আছ’ থিয় হৈ ৷ চেই চুহ ব’ল ৷"…"কিয়নো গৰু খেদা দিছ’ ৷" বুলি চুৰিদাৰৰ পেন্টটো কোচাই তাৰ পাছে পাছে খোজ দিলে ৷
      কলেজত প্ৰথমদিনা ভৰি থৈয়েই দুয়ো ভাবিছিল দুটা বছৰ কেনেকৈ কটাম ! ক্লাছত সোমাই ৰাগে ইফালে সিফালে চালে ৰিম ক’ত বহিছে ৷ কাৰণ চিনাকী বুলিবলৈ তাইৰ বাহিৰে কোনো নাই । তথাপিও মনত ভয়। কাৰণ স্কুলত সিহঁতৰ বন্ধুত্ব ইমানো মজবুত নাছিল। ৰাগ গৈ পিছফালৰ বেঞ্চখনতে বহিল ৷ ইফালে আন ছোৱালীকেইজনী মানৰ লগত তাই আড্ডা দিয়াত ব্যস্ত ৷ তাৰ অলপ খঙো উঠিল ৷ "বাহ পাট্টায়ে নাই চোন। গ’ম পাইছো আৰু দুটা বছৰ কি হ’ব !" কিন্তু দিন বাগৰাৰ লগে লগে কেনেকৈ বন্ধুত্ব ইমান গভীৰ হ’ল সিহঁতেও নাজানে ৷ তাইৰ আহোতে দেৰি হ’লে "অ’ই এটা চিট থ’বি না মোৰ ৷" আৰু ৰাগেও  ধুনীয়াকৈ কাষতে চিট এটা থৈ দিয়ে ৷ দৌৰি দৌৰি ধুমুহা অহা দি আহি হেঁচি ঠেলি বহি যায় " অ’ই পানী দে ৷ বটল এৰি আহিলো ৷"
( to be continued )

Monday, 6 March 2017

অনুৰাগ…Another name of friendship Part # 2


      ᪅         ᪅           ᪅          (২)
    যোৱা  ছটা বছৰে সি তাইৰ লগত আছে ,যেতিয়াই দৰকাৰ নহওঁক কিয় ৷ তাইয়ো তাৰ লগত থাকিব চেষ্টা কৰে ৷ "এক লড়কা ওৰ এক লড়কী কভি দোস্ত নহি বন্ সকতে ৷" - filmy dialogue কিছুমান মানুহবোৰে বেছিকৈ অনুকৰণ কৰে ৷ সেইকাৰণে হয়তো সম্পৰ্কবোৰ সহজভাৱে ল’ব নোৱাৰে ৷ বহুতে প্ৰশ্ন কৰে "অ’ই তহঁতৰ মাজত কিবা আছে নেকি ?" "ৰাগ তোৰ boyfriend নেকি ?" …সিহঁতে হাঁহি মৰে ৷ কিয়,কেৱল বন্ধুত্ব হ’ব নোৱাৰে নেকি ! কিছুমান সম্পৰ্কৰ যে নাম নাথাকে ! 'প্ৰেম' সিহঁতৰো আছে..unconditional ৷ 'Break up' সিহঁতৰো হয় ৷ অলপ পিছতে আকৌ "অ’ই পাগল ক’ত মৰিলি !" বুলি টেটু ফলা চিঞৰ দিয়ে ৷ এতিয়াও ৰিমৰ তাক লগ পোৱা প্ৰথম দিনকেইটাৰ কথা ভাবি হাঁহি উঠে ৷ যিটো ল’ৰাক চকুপাৰি দেখিব নোৱাৰিছিল এতিয়া সি নহ’লে তাইৰ কাম নিসিজে ৷ বন্ধুত্ব হয়তো এনেকুৱাই..ফাগুনৰ বতাহজাকৰ দৰে..অলপ বলিয়া ।

                                   (৩)
      তেতিয়া ৰিম ক্লাছ এইট ৷ মাঘ বিহুৰ বন্ধ খুলিছে ৷ উফ ! বন্ধবোৰ কিয় বাৰু অকমাণ দীঘলীয়া হ’ব নোৱাৰে ! জানুৱাৰী মাহৰ হাঁড় কঁপোৱা জাৰত পুৱা উঠাটো কিমান কষ্ট কোনে বুজিব ! ক্লাছত সোমোৱাৰ লগে লগে কেইখইমান নতুন মুখ ৷ অচিনাকী মুখবোৰৰ ভিতৰত এখন যে ইমান আপোন হৈ যাব ৰিমে জানো কল্পনাও কৰিছিল ! অনুৰাগ..উফ্ কি ওস্তাদি এইটো - তাই মনতে ভাবিছিল ৷ যেতিয়া নতুনকৈ অহা ল’ৰা-ছোৱালীৰ নাম সোধা হৈছিল সি আগতেই হাত দাঙি থিয় হৈছিল ৷ "নমস্কাৰ মোৰ নাম অনুৰাগ । মই অভয়াপুৰীৰ পৰা আহিছো ৷ ইয়াত অকলে থাকো দাদাৰ লগত ৷" শেষৰ শাৰীটো একদম বুকু ফিন্দাই কয় ৷ তাই ভাৱে -বাহ্ সি অকলেও থাকে , দাদাকৰ লগতো থাকে (?) ! কেনে label  দিছে ৷ আৰু গোটেই দিনটো প্ৰতিটো পিৰিয়ডত তাৰ একেখন introduction record  শুনি তাইৰ অশান্তি লাগি গ’ল ৷ এই অনুৰাগ নামটো বেছিদিন নাথাকিল, তাইৰ কাৰণে সি ৰাগ ৷ যাৰ আগত she can be herself ! যাক ৰিমে চকু মুদি বিশ্বাস কৰিব পাৰে ৷
     স্কুলৰ দিনটোৰ বাগৰিল ৷ কিন্তু নাই ৰিমৰ তাক ভাল নালাগে ৷ বৰ ওস্তাদি ৷ ইফালে ডাঙৰ কাৰণ এটা আছিল কুইজ ৷ আগৰপৰাই কুইজত ৰিম , মিতা আৰু প্ৰীতিৰ ৰাজত্ব আছিল ৷ কিন্তু এই ৰাগে আহি সব কেনা লগালে ৷ এতিয়া কুইজৰ মঞ্চত প্ৰধান শত্ৰু !
     তেতিয়া মেট্ৰিক পৰীক্ষাৰ সময় ৷ ৰাতিলৈ পঢ়া অভ্যাস ৷ ইফালে দুয়োটাই আছিল advanced  mathsত 'অগাধ পণ্ডিত' ৷ Test ত কোনোমতে পাছ কৰিছিল ৷ ৰাতি হঠাৎ এটাৰ msg "অ’ই test paper কেইখন কৰিলি ?" যদি কোনোবা এটাই এখন বেছিকৈ কৰে আনটোৰ tension বাঢ়ি যায় ৷ ৰাতি সিহঁতৰ কবিতাৰ পৰা লাৰু পিঠালৈ ক’ৰ কি যে কথা ওলায় ! Farewell ৰ পিছত অনুভৱ কৰিছে সিহঁতৰ মাজৰ বন্ধুত্বৰ এনাজৰীডালৰ গুৰুত্ব ৷ এনেও বস্তুবোৰ আতৰি  গ’লেহে মূল্য বুজি পাওঁ !
( to be continued )

Sunday, 5 March 2017

অনুৰাগ …Another name of friendship Part # 1


    মাজৰাতি হঠাৎ গাৰুৰ তলত ৰিমৰ ফোনটো Vibrate হ’ল ৷ ইমান ৰাতি ফোন সাধাৰণতে নাবাজে ৷ অকমাণ ভয় খালে ৷ তাই টোপনিৰপৰা কোনোমতে চকু দুটা মেলি চালে ৷ ম’বাইল screen ত জিলিকি আছে " Raag calling" ৷ অনুৰাগৰ ফোন ৷ ইমান ৰাতি সি খুব কমেই ফোন কৰে ৷ তাই ভয়ে ভয়ে উঠালে ৷ তাৰ normal voice " কি কৰিছ ?" তাই অকমাণ আচৰিত হৈ ফোনটো কাণৰপৰা আঁতৰাই সময়টো চালে ৷ তাইৰ মুখৰ expression দেখা হ’লে কোনেও নাহাঁহি নোৱাৰিলেহেঁতেন ৷ ই মনে মনে ভাবিলে - এইটো পাগলে হ’ল নেকি অ’ ! তাইয়ো normal voice ত ক’লে "নাই এনেই ওচৰৰ ঘৰত সিন্ধি খান্দি আছো ৷ চুৰ কৰিম ৷ " সি জোৰকৈ হাঁহি দিলে ৷ তাই খঙত মুৰটো খজুৱাই খজুৱাই ক’লে "মূৰ্খ ৷ এই ৰাতি ৩ টা বজাত normally মানুহ শুইয়ে থাকে ৷ কি সোধ’ পাগলৰ নিচিনা ৷ ..দে তোৰ কি হ’ল ক’ ৷" …" নাই একো হোৱা নাই এনেই ৷ " …" তই একো হোৱা নাই বুলি ক’বা আৰু মই মানি ল’ম ! ক’ ভালকে কি হৈছে ৷ মই শুনি আছো ৷ "… কিছু সময়ৰ মৌনতা ৷ তাইৰ ইফালে টোপনিও ধৰিছে সি চোন একোৱেই নকয় ! শেষত তাই সুধিলে " আছ’ ?" …“অ’ এনেই ফোনটো লৈ থাক চোন ৷ একো ক’ব নালাগে ৷" বুলি কৈ সি আৰু এক মিনিট মৌনতাৰে পাৰ কৰিলে ৷ উশাহৰ শব্দবোৰেও কেতিয়াবা কোলাহল কৰে ৷ সি কোৱা আৰম্ভ কৰিলে ৷ " মোৰ লগতে কিয় মানে এনেকুৱা হয় ৷ মই কি মানুহক ভাল পাব নাজানো ? মই বেয়া ল’ৰা ?" তাৰ মাতটো থোকা থুকি হৈ গ’ল ৷ তাই কি কয় এতিয়া ! প্ৰেমক ক্ষেত্ৰত তাই বৰ কেঁচা ৷ সান্তনা দিবও তাই নাজানে ৷ তথাপিও বহুত সময় তাক বুজাবলৈ চেষ্টা কৰিলে ৷ তাইৰ দুখ লাগে, তাইৰ দৰকাৰৰ সময়ত সকলোতকৈ বেছি ভালকৈ বুজাব পৰা ল’ৰাজন ৰাগ, কিন্তু যেতিয়া তাৰ দৰকাৰ হয়, তাইৰপৰা বিনিময়ত সেইখিনি কেতিয়াও নাপায় ! তথাপি আপত্তি নকৰে ৷ শেষত অলপ শান্ত হৈ সি ক’লে "তই শুই যা ৷ কালি কথা পাতিম ৷" ৰিমে হুমুনিয়াহ এটা কাঢ়ি ক’লে , "হম্‌...৷ চিগাৰেটটো শেষ কৰি তয়ো ৰুমলৈ গৈ শুই যা ৷ চাদত বেছি সময় থাকিলে ঠাণ্ডা লাগিব" .. "চি..গা..ৰে..ট ! খোৱা নাই মই ৷" ৺."হ’ব দে বুজি পাওঁ ময়ো কিছুমান সময়ত খোৱাটো দৰকাৰ হৈ পৰে বুলি৷" হাঁহি এটা মাৰি ৰিমে ফোনটো কাটি দিলে ৷ অকমাণ সময় তেনেদৰেই বিচনাত বহি তাই কিবা ভাবিলে ৷ কি হ’ব ল’ৰাটোৰ লগত ! তাৰ পাছত লাহেকৈ চকু দুটা মুদি দিলে ৷
( to be continued )

আঁৰে আঁৰে part # 7 (An arranged love tale of 80's)


(based on true story)

    বিয়ালৈ আৰু বেছিদিন নাই ৷ দুয়ো মাজে মাজে সময় পাৰ কৰে একেলগে ৷ আৰু প্ৰতিদিনেই যেন ইজনে সিজনক অলপ বেছিকৈ বুজে ৷ কেতিয়াবা যদি সূৰ্যাস্তৰ ৰঙে ৰঙীন কৰা বৰলুইতৰ বুকুত হেৰাই যায় , কেতিয়াবা আকৌ বৰষুণৰ বতৰত ৰেৱতীত বহি চাহ পকৰি খায় ৷ কেতিয়াবা কাজিয়াও লাগে ৷ কিন্তু প্ৰেম সহজ ৷ 'মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি' বুলি গুনগুনাই দিলেই যথেষ্ট ৷ আমিহে ইয়াক archies ৰ কাৰ্ডত carchieve letter ত  লিখা থকা  আখৰবোৰৰ দৰে জটিল কৰি পেলাইছো ৷ আজিকালি বিদেশী imported ফুলেৰে ভৰা bouquet টোৰ দৰে কৃত্ৰিমতা হয়তো হালধীয়া সোণাৰুজোপাত অথবা কৃষ্ণচূড়াৰ ৰঙাবোৰৰ মাজত নাছিল ৷ ভাল পাবলৈ দুটা মনেই যথেষ্ট ,য’ত নাই কোনো কৃত্ৰিমতা ৷
    A few years back they celebrated their silver years of togetherness . হেমা আৰু সমীৰণ আগৰ দৰেই আছে ৷ মাথো দুডালমান চুলি বগা হ’ল ৷ প্ৰেম ? এইটো জানো কম-বেছি হোৱা বস্তু ? চুলি পকিলে কি হ’ল ! They are still young ! সমীৰণে এতিয়াও আগৰ দৰে চিঞৰি গান গায় ৷ পুৱা ৮ টায়েই হওঁক বা ৰাতি ১২ টা ৷ বতাহৰ বেগেৰে গাড়ী চলায় ৷ যেন তেওঁ vin diesel হে ! হেমাই এতিয়াও মাজে মাজে পাতল বেঙুনীয়া ৰঙৰ শাৰী পিন্ধে ৷ পাকঘৰত কাম কৰি থাকিলেও গান গাই জীপাল হৈ থাকে ৷ পৰিয়ালৰ সকলো লগ হ’লে হয়তো এপাক বিহুকে মাৰি দিয়ে ! দুয়ো এতিয়াও মাজে মাজে ফুৰিবলৈ যায় ৷ মপেটখন নহ’লে কি হ’ল বুলেটখনটো আছে ! … ভালপোৱা জানো বয়সৰ পৰিধিত সীমাবদ্ধ ? প্ৰেমতো কোনো বয়সৰ নাম নহয় ৷ ই তো কবিতাৰ দৰে, যাৰ কোনো বয়সেই নাই !
# সমাপ্ত
thank u ! this time i tried something new & hope you liked it . When i was listening to d story,at that moment i thought, yes I'm gonna pen down it as my next story ! and I did it !
Need ur feedback. :)

আঁৰে আঁৰে part # 6 (An arranged love tale of 80's)


( Based on A true story)

   সিদিনাৰ পাছত যেন সকলো ঠিক হৈছিল ৷ চকুৰ আঁৰে আঁৰে আৰম্ভ হোৱা সম্পৰ্কটোৱে নতুন ৰূপ পাইছিল ৷ হেমাৰ মাকেও মানি লৈছিল ৷ যিহেতু হেমা সুখী, মাকৰ কি আপত্তি থাকিব পাৰে ৷ কাৰণ সুখ শান্তি জাতিৰপৰা নহয় মনৰপৰা আহে ৷ সেইটো মাকেও বুজে,কিন্তু হঠাৎ কিছুমান নিয়ম দলিয়াই পেলাবলৈ হয়তো অকমাণ অসুবিধা হয় ৷ লাহে লাহে দুয়োঘৰৰ মাজত অহা যোৱা আৰম্ভ হ’ল ৷
   "য়ে চাঁন্দ চা ৰোশন চেহৰা
   জুলফো কা ৰংগ চুনেহৰা
   য়ে ঝিল চি নীলি আঁখে
   কোই ৰাজ হে ইন্‌মে গেহৰা…"
      প্ৰেম হয়তো এনেকুৱাই ৷ প্ৰেমত পৰিবলৈতো এটা চাৱনিয়েই যথেষ্ট ৷ তেতিয়াতো Facebook ৰ dp চাই কোনো কাৰো প্ৰেমত পৰা নাছিল ৷ কেতিয়াবা হঠাৎ অজানিতে গান গাবলৈ মন যায় ৷ আবতৰীয়া বৰষুণজাকত তিতিবলৈ মন য়ায়, কৃষ্ণচূড়াজোপাৰ দৰে ৰাঙলী হ’ব মন যায় …আৰু ? আৰু তৰা গণি পাৰ কৰা উজাগৰি নিশাবোৰ…এয়াই জানো প্ৰেম নহয় ! তেতিয়াতো আৰু ৰাতিবোৰ পাৰ কৰিবলৈ ম’বাইল নাছিল ৷ মনৰ কথাবোৰ নীলা চিঁয়াহীৰে লিখি পেলাইছিল ৷ কেতিয়াবা যদি কবিতা ৰূপ লৈছিল, কেতিয়াবা আকৌ পাতবোৰ ফালি ফালি পেলাই দি বহীৰ আধা পাত শেষ কৰিছিল ৷ দুয়ো প্ৰেমত পৰিছিল আৰু everything is fair in love & war ! অফিচৰপৰা অৰ্ধচুটী লৈ দুয়ো সমীৰণৰ মপেটত উঠি চিনেমা চাবলৈ গৈছিল ৷ দীঘলীয়া শাৰী পাতি হ"লেও চাইছিল ৰাজ কাপুৰৰ ' ৰাম তেৰি গংগা মেইলি' ৷ লাহে লাহে বিয়াৰ দিন বাৰো ঠিক হৈছিল ৷ আৰু কিবা কামৰ অজুহাত লৈ প্ৰায়েই সমীৰণ হেমাহঁতৰ ঘৰলৈ গৈছিল ৷ গৈ পোৱাৰ পাছত মাকে কয়, "বহা চাহ খাই যাবা ৷" কিন্তু সি জানো চাহ খাবলৈ গৈছিল ? নাহ ,প্ৰকৃততে এবাৰলৈ তাইক চোৱাৰ হেঁপাহ ৷ ভিতৰৰপৰা কোনোবাই পৰ্দাখন দাঙি ওলাই আহিলেই সি মূৰ দাঙি চায় ৷ নাই …এবাৰ যদি দেউতাক এবাৰ ভায়েক ৷ এবাৰ আকৌ চাহ লৈ মাক ৷ চাহ শেষ হ’ব হয় নাই হেমাৰ দেখাদেখি নাই ৷ এপাকত ভনীয়েকক কয়, " যাচোন বায়েৰক মাতি দে ৷ একো নহয় দে মাত্ৰ পাঁচ মিনিট ৷ " হেমা আৰু সমীৰণে কথা পাতিব আৰম্ভ কৰে মানে পাঁচ মিনিট শেষ ! পৰ্দাৰ পিছৰপৰা ভনীয়েকৰ মাত, " বাইদো অ’ বাইদো নাহা কিয় ৷ আহ ভিতৰত ৷" হেমাৰ যোৱাৰ ইচ্ছা নাই। সমীৰণে ৰগৰ কৰি কয় , " যোৱা যোৱা ৷ ন’হলে আকৌ ক’ৰবাত পলুৱাই নিম বুলি ভাবিব !"
(To be continued )