᪅ ᪅ ᪅ (২)
যোৱা ছটা বছৰে সি তাইৰ লগত আছে ,যেতিয়াই দৰকাৰ নহওঁক কিয় ৷ তাইয়ো তাৰ লগত থাকিব চেষ্টা কৰে ৷ "এক লড়কা ওৰ এক লড়কী কভি দোস্ত নহি বন্ সকতে ৷" - filmy dialogue কিছুমান মানুহবোৰে বেছিকৈ অনুকৰণ কৰে ৷ সেইকাৰণে হয়তো সম্পৰ্কবোৰ সহজভাৱে ল’ব নোৱাৰে ৷ বহুতে প্ৰশ্ন কৰে "অ’ই তহঁতৰ মাজত কিবা আছে নেকি ?" "ৰাগ তোৰ boyfriend নেকি ?" …সিহঁতে হাঁহি মৰে ৷ কিয়,কেৱল বন্ধুত্ব হ’ব নোৱাৰে নেকি ! কিছুমান সম্পৰ্কৰ যে নাম নাথাকে ! 'প্ৰেম' সিহঁতৰো আছে..unconditional ৷ 'Break up' সিহঁতৰো হয় ৷ অলপ পিছতে আকৌ "অ’ই পাগল ক’ত মৰিলি !" বুলি টেটু ফলা চিঞৰ দিয়ে ৷ এতিয়াও ৰিমৰ তাক লগ পোৱা প্ৰথম দিনকেইটাৰ কথা ভাবি হাঁহি উঠে ৷ যিটো ল’ৰাক চকুপাৰি দেখিব নোৱাৰিছিল এতিয়া সি নহ’লে তাইৰ কাম নিসিজে ৷ বন্ধুত্ব হয়তো এনেকুৱাই..ফাগুনৰ বতাহজাকৰ দৰে..অলপ বলিয়া ।
(৩)
তেতিয়া ৰিম ক্লাছ এইট ৷ মাঘ বিহুৰ বন্ধ খুলিছে ৷ উফ ! বন্ধবোৰ কিয় বাৰু অকমাণ দীঘলীয়া হ’ব নোৱাৰে ! জানুৱাৰী মাহৰ হাঁড় কঁপোৱা জাৰত পুৱা উঠাটো কিমান কষ্ট কোনে বুজিব ! ক্লাছত সোমোৱাৰ লগে লগে কেইখইমান নতুন মুখ ৷ অচিনাকী মুখবোৰৰ ভিতৰত এখন যে ইমান আপোন হৈ যাব ৰিমে জানো কল্পনাও কৰিছিল ! অনুৰাগ..উফ্ কি ওস্তাদি এইটো - তাই মনতে ভাবিছিল ৷ যেতিয়া নতুনকৈ অহা ল’ৰা-ছোৱালীৰ নাম সোধা হৈছিল সি আগতেই হাত দাঙি থিয় হৈছিল ৷ "নমস্কাৰ মোৰ নাম অনুৰাগ । মই অভয়াপুৰীৰ পৰা আহিছো ৷ ইয়াত অকলে থাকো দাদাৰ লগত ৷" শেষৰ শাৰীটো একদম বুকু ফিন্দাই কয় ৷ তাই ভাৱে -বাহ্ সি অকলেও থাকে , দাদাকৰ লগতো থাকে (?) ! কেনে label দিছে ৷ আৰু গোটেই দিনটো প্ৰতিটো পিৰিয়ডত তাৰ একেখন introduction record শুনি তাইৰ অশান্তি লাগি গ’ল ৷ এই অনুৰাগ নামটো বেছিদিন নাথাকিল, তাইৰ কাৰণে সি ৰাগ ৷ যাৰ আগত she can be herself ! যাক ৰিমে চকু মুদি বিশ্বাস কৰিব পাৰে ৷
স্কুলৰ দিনটোৰ বাগৰিল ৷ কিন্তু নাই ৰিমৰ তাক ভাল নালাগে ৷ বৰ ওস্তাদি ৷ ইফালে ডাঙৰ কাৰণ এটা আছিল কুইজ ৷ আগৰপৰাই কুইজত ৰিম , মিতা আৰু প্ৰীতিৰ ৰাজত্ব আছিল ৷ কিন্তু এই ৰাগে আহি সব কেনা লগালে ৷ এতিয়া কুইজৰ মঞ্চত প্ৰধান শত্ৰু !
তেতিয়া মেট্ৰিক পৰীক্ষাৰ সময় ৷ ৰাতিলৈ পঢ়া অভ্যাস ৷ ইফালে দুয়োটাই আছিল advanced mathsত 'অগাধ পণ্ডিত' ৷ Test ত কোনোমতে পাছ কৰিছিল ৷ ৰাতি হঠাৎ এটাৰ msg "অ’ই test paper কেইখন কৰিলি ?" যদি কোনোবা এটাই এখন বেছিকৈ কৰে আনটোৰ tension বাঢ়ি যায় ৷ ৰাতি সিহঁতৰ কবিতাৰ পৰা লাৰু পিঠালৈ ক’ৰ কি যে কথা ওলায় ! Farewell ৰ পিছত অনুভৱ কৰিছে সিহঁতৰ মাজৰ বন্ধুত্বৰ এনাজৰীডালৰ গুৰুত্ব ৷ এনেও বস্তুবোৰ আতৰি গ’লেহে মূল্য বুজি পাওঁ !
( to be continued )
xunkale likha pisorkhini
ReplyDeleteHahah disu diya upload :D
Delete