( Based on A true story)
সিদিনাৰ পাছত যেন সকলো ঠিক হৈছিল ৷ চকুৰ আঁৰে আঁৰে আৰম্ভ হোৱা সম্পৰ্কটোৱে নতুন ৰূপ পাইছিল ৷ হেমাৰ মাকেও মানি লৈছিল ৷ যিহেতু হেমা সুখী, মাকৰ কি আপত্তি থাকিব পাৰে ৷ কাৰণ সুখ শান্তি জাতিৰপৰা নহয় মনৰপৰা আহে ৷ সেইটো মাকেও বুজে,কিন্তু হঠাৎ কিছুমান নিয়ম দলিয়াই পেলাবলৈ হয়তো অকমাণ অসুবিধা হয় ৷ লাহে লাহে দুয়োঘৰৰ মাজত অহা যোৱা আৰম্ভ হ’ল ৷
"য়ে চাঁন্দ চা ৰোশন চেহৰা
জুলফো কা ৰংগ চুনেহৰা
য়ে ঝিল চি নীলি আঁখে
কোই ৰাজ হে ইন্মে গেহৰা…"
প্ৰেম হয়তো এনেকুৱাই ৷ প্ৰেমত পৰিবলৈতো এটা চাৱনিয়েই যথেষ্ট ৷ তেতিয়াতো Facebook ৰ dp চাই কোনো কাৰো প্ৰেমত পৰা নাছিল ৷ কেতিয়াবা হঠাৎ অজানিতে গান গাবলৈ মন যায় ৷ আবতৰীয়া বৰষুণজাকত তিতিবলৈ মন য়ায়, কৃষ্ণচূড়াজোপাৰ দৰে ৰাঙলী হ’ব মন যায় …আৰু ? আৰু তৰা গণি পাৰ কৰা উজাগৰি নিশাবোৰ…এয়াই জানো প্ৰেম নহয় ! তেতিয়াতো আৰু ৰাতিবোৰ পাৰ কৰিবলৈ ম’বাইল নাছিল ৷ মনৰ কথাবোৰ নীলা চিঁয়াহীৰে লিখি পেলাইছিল ৷ কেতিয়াবা যদি কবিতা ৰূপ লৈছিল, কেতিয়াবা আকৌ পাতবোৰ ফালি ফালি পেলাই দি বহীৰ আধা পাত শেষ কৰিছিল ৷ দুয়ো প্ৰেমত পৰিছিল আৰু everything is fair in love & war ! অফিচৰপৰা অৰ্ধচুটী লৈ দুয়ো সমীৰণৰ মপেটত উঠি চিনেমা চাবলৈ গৈছিল ৷ দীঘলীয়া শাৰী পাতি হ"লেও চাইছিল ৰাজ কাপুৰৰ ' ৰাম তেৰি গংগা মেইলি' ৷ লাহে লাহে বিয়াৰ দিন বাৰো ঠিক হৈছিল ৷ আৰু কিবা কামৰ অজুহাত লৈ প্ৰায়েই সমীৰণ হেমাহঁতৰ ঘৰলৈ গৈছিল ৷ গৈ পোৱাৰ পাছত মাকে কয়, "বহা চাহ খাই যাবা ৷" কিন্তু সি জানো চাহ খাবলৈ গৈছিল ? নাহ ,প্ৰকৃততে এবাৰলৈ তাইক চোৱাৰ হেঁপাহ ৷ ভিতৰৰপৰা কোনোবাই পৰ্দাখন দাঙি ওলাই আহিলেই সি মূৰ দাঙি চায় ৷ নাই …এবাৰ যদি দেউতাক এবাৰ ভায়েক ৷ এবাৰ আকৌ চাহ লৈ মাক ৷ চাহ শেষ হ’ব হয় নাই হেমাৰ দেখাদেখি নাই ৷ এপাকত ভনীয়েকক কয়, " যাচোন বায়েৰক মাতি দে ৷ একো নহয় দে মাত্ৰ পাঁচ মিনিট ৷ " হেমা আৰু সমীৰণে কথা পাতিব আৰম্ভ কৰে মানে পাঁচ মিনিট শেষ ! পৰ্দাৰ পিছৰপৰা ভনীয়েকৰ মাত, " বাইদো অ’ বাইদো নাহা কিয় ৷ আহ ভিতৰত ৷" হেমাৰ যোৱাৰ ইচ্ছা নাই। সমীৰণে ৰগৰ কৰি কয় , " যোৱা যোৱা ৷ ন’হলে আকৌ ক’ৰবাত পলুৱাই নিম বুলি ভাবিব !"
(To be continued )
No comments:
Post a Comment