Thursday, 22 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 5 ( A friendship tale )


   এবাৰ ৰিম আৰু মিতাই একেলগে ক্লাছ magazine ত কাম কৰাৰ সুবিধা পালে ৷ আৰু সেয়াই হয়তো বন্ধুত্বৰ আৰম্ভণি ৷ লাহে লাহে কেতিয়াৰ পৰা দুয়ো চুটীত একেলগে অহা আৰম্ভ কৰিলে কাৰোৱে মনত নাই ৷ এটা সময়ত ৰিমে দুদিনমান শনিবাৰ পালিছিল, একো নাখায় ৷ ইফালে ছুটীৰ পাছত দুয়ো চিপ্‌চৰ পেকেট কিনে ৷ হঠাৎ মিতাৰ মনত পৰি জাপ মাৰি উঠে, “ ৰিম তোৰ আজি ব্ৰত আছিল চোন !” ৰিমে লগে লগে বটলটো উলিয়াই পানীৰে মুখখন ধুই পেলায় ! আকৌ আৰম্ভ ব্ৰত ! … সময় যোৱাৰ লগে লগে তিনিও কেতিয়া কেনেকৈ লগ হ’ল ঠিক ক’ব পৰা টান ৷ মাথো ক’ব পাৰি ইয়াৰ মূল কাৰণ কুইজ ৷ স্কুলৰ মুকলি মঞ্চখনতেই আৰম্ভণি কৰা কুইজত সিহঁতে লাহে লাহে আগবাঢ়ি গ’ল। পুৰস্কাৰো পালে ৷ নৱেম্বৰ মাহ ৷ এবাৰ তেনে এখন কুইজতেই এজন ল’ৰাই ৰিমক কিবা এটা সুধিলে ৷ আগে পাছেও তাক লগ পায় কিন্তু মাত-বোল নাছিল ৷ মিতা আৰু প্ৰীতিক কিহে পায় ! জোকোৱা আৰম্ভ ৷ ইয়াৰ পাছত কোনোবা কুইজত সি আহিলে ৰিমে মুৰ তল কৰিয়ে থাকে কাৰণ মুৰ উঠালেই বিপদ ! “ অ’ তাক চাইছ’ ন’ !” ৰিমৰো বেয়া লগা নাছিল অৱশ্যে, পাছে এতিয়া ভাবি হাঁহে,“ ইচ্‌ কি মক্কেল আছিলো মই ! ভাল লাগিব ল’ৰা নাপালো !” …স্কুল বা কলেজৰপৰা আহি হঠাৎ মিতা প্ৰীতিৰ ঘৰত সোমাব ৷ আঞ্জা শেষ হ’লেও কিবা খাও বুলি নিমখ তেল ভাতকে খাব ৷ কেতিয়াবা ইচ্ছা গ’লে ৰাতিটো থাকিও যাব ৷ স্কুলৰ ভ্ৰমণবোৰত বাছৰপৰা মানুহ জোকোৱাত ৰেকৰ্ড কৰিব পৰা মানুহ সিহঁত ৷ ভয়ো কৰে যদি কিবা কয় আকৌ ! তথাপিও নেৰে ৷ প্ৰেমিকবোৰক সিহঁতে বুন্দিয়া ভুজিয়া বুলি জোকাইছিল ৷…সিহঁতৰ কাজিয়াও কম লাগে নেকি ! এবাৰ মিতা আৰু প্ৰীতিৰ মাজত কিবা কাজিয়া লাগি স্কুলত দিনটো মাতা মাতি নাই ৷ ছুটীত এপাকত প্ৰীতিয়ে আঁঠু কাঢ়ি মিতাৰ ভৰিত ধৰিলে ৷ ৰিমতো বাদেই মিতাৰো হাঁহি উঠি গ’ল ৷ ব্ৰেকত কাৰ টিফিন কোনে খাইছিল পাট্টা নাই !…নাজানো সিহঁতৰ মাজত কি আছিল কিন্তু হাজাৰ ধুমুহা বতাহকো নেওচি স্থিৰে আছিল সিহঁতৰ সম্বন্ধ ৷ এজনীৰ সুখত আন এজনী সুখী হৈছিল ৷ ইজনী সিজনীৰ বাবে supportive pillar আছিল ৷ নিশ্চিন্ত আছিল বাকীকেইজনী থকালৈ নিজৰ একো বিপদ নহয় ৷  কেতিয়াবা দুখত কান্দিছিল ৷ চকুপানীবোৰ যেন সিহঁতৰ ওচৰত নিৰাপদ ৷ ৰিম বা মিতাই ৰাতি টোপনি ক্ষতি কৰিলে বা বেমাৰত ঔষধ নাখালে প্ৰীতিৰ গালি আৰম্ভ হৈ যায় ৷ প্ৰীতিৰ অকৰামিবোৰ সহ্য কৰিব  নোৱাৰি ৰিমে গালি দিয়ে তাইক ৷ নাই কোনো বেয়া নাপায় ৷ গালিবোৰ শুনিবলৈহে যেন ৰৈ থাকে ৷ সিহঁতক সদায় একেলগে থকা দেখি এজন ছাৰে নাম দিছিল ' কাপ-প্লেট-চামুচ' ! কলেজ পোৱাৰ পিছত লাহেকৈ নিশা সিহঁতৰ লগ লাগিল ৷ তুমিৰ পৰা তই হ’ল ৷ সিহঁতে নাজানে কেতিয়াৰপৰা কেনেকৈ নিশা সিহঁতৰ মাজৰ এজনী হৈ পৰিল ৷ সিহঁত বিশ্বাসৰ এনাজৰীৰে এনেদৰে বান্ধ খাই আছে যাক চিঙা হয়তো সহজ নহ’ব ৷ নিশাই বেছি কথা নকয় ৷ শান্ত শিষ্ট, কিন্তু চাৰিওজনী একেলগে থাকিলে তাইয়ো মহাদুষ্ট ! সিহঁতৰ মাজত secret বুলি কোনো শব্দ নাই ৷ আছে বিশ্বাস যাৰ ভিত্তিত সকলো কথা open secret !
( to be continued )

No comments:

Post a Comment