(১)
"order টো এতিয়া দিবনে ? " - boy জনৰ মাত শুনি ৰিম আৰু নিশাই ইজনীয়ে সিজনীৰ ফালে চালে ৷ " ঐ ফোন এটা কৰ চোন কিমান দূৰ পালে ৷ ইমান দেৰি কিয় কৰে বাৰু !" ৰিমে ক’লে ,“ দাদা অকমাণ পিছত দি আছো ৷ আৰু দুজন আহিব আছে ৷”- boy জন সেমেকা হাঁহি এটা মাৰি আঁতৰি গ’ল ৷ নিশাই ফোনটো টেবুলত থৈ ক’লে ,“ নাই যা, কাটি দিছে ৷”… Lamb Road ৰ Corner Cafe সিহঁতৰ বাবে চিনাকী ঠাই ৷ ৰিম, নিশা, প্ৰীতি আৰু মিতা প্ৰায় তাত বহে ৷ এটা কোণৰ এখন প্ৰিয় টেবুল আছে ৷ দুকাপ কফি আৰু এবাটি pasta , চাৰিওজনীৰ মাজত হৈ যায় ৷ আজি বহুত দিনৰ মূৰত আহিছে ৷ নাই, সিহঁতে বিলাসিতা ভাল নাপায়, কিন্তু এইখন cafe ৰ প্ৰতি কিবা এটা মোহ আছে ৷ Back ground ত কম volume ত বাজি আছিল … হা হাসি বান গেয়ে হা নমি বান গেয়ে… নিশাই টেবুলত টোকৰ মাৰি তাল মিলাইছে ৷ এখন টেবুলত তিনিজনমান ল’ৰা সমূখৰ TV টোত ফুটবল match এখনত ব্যস্ত ৷ নিশাহঁতৰ কোনো interest নাই এইবোৰত ৷ এফালে এজনী ছোৱালী অকলে বহি মবাইলত ব্যস্ত ৷ তাইৰ মুখখন দেখিলে ধৰিব পাৰি আহিব লগাজন এতিয়াও আহি পোৱা নাই ৷ এইফালে ৰিমে দৰ্জাখনলৈ চায়, “ আৰু অলপ দেৰি কৰিলে গুচি যাম মই ৷ তেতিয়াই ওলাইছে বোলে ৷” নিশাৰ হাঁহি উঠে ,“ হ’ব দে আহি পাব আৰু ৷” এনেতে নিশাই ৰিমৰ হাতত চিকুটি দৰ্জাৰ ফালে চাবলৈ ইংগিত দিলে ৷ এটা Jeans আৰু T-shirt পিন্ধি ল’ৰা এজন সোমাই আহিল ৷ সিও সেই 'ফুটবল team' টোকেই join কৰিলে ৷ ৰিমে চিঞৰি দিলে, “ হেই নকৱ কিয় কি হ’ল ৷ এৰ্ মোক ৷”…“ এইটো যে দেখিছ, কলেজত মিতাৰ crush আছিল ৷ কিমান যে চাইছিল ! তাইৰ লগতে মোকো দৌৰাইছিল ৷”… ৰিমে excited হৈ , “ কি ক ! সেই যে আগতে এবাৰ কৈছিলি সি নেকি ? ৰহ পাগলী দুটাক msg এটা দিও ৷” বুলি তাই whatsapp খুলাৰ লগে লগেই দৰ্জাৰপৰা প্ৰীতিয়ে, “ ডাৰ্লিং আমি আহি গ’লো ৷” …বেছি মানুহ নাছিল ৷ থকাকেইজনে ঘূৰি চালে ৷ যি চিঞৰ যেন cafe নহয় ঘৰ হে ! ৰিমহঁতে মিতাক দেখালে ,“ ঐ চা কোন সেইটো ৷” মিতাই চকু দুটা ডাঙৰ কৰি ,“ হাও ! ই চোন ৷ য়ে বে কিমান দিনৰ মূৰত দেখিলো ৷ আহ্হা ! ভাল লাগি গ’ল ৷” প্ৰীতিয়ে চিঞৰি ক’ব ধৰিলে ,“ আব্বে ই চোন handsome হৈ গ’ল ৷ মিতা, মাত বে মাত ৷ ময়ে মাতো যা ৷” ৰিমে গালি দিলে, “ চিঞৰিছ কিয় ইমান ৷ চৰ চিনি পাৱ ? গালতে বহাম ৷” প্ৰীতিৰ খং উঠিল ,“ সেইকাৰণে মই এইবোৰ high class ঠাই ভাল নাপাওঁ ৷ নোৱাৰো ইমান ভদ্ৰ হৈ থাকিব ৷ যাওঁ মই ৷”
( to be continued )
No comments:
Post a Comment