কাৰো মুখত কথা নাছিল ৷ এইখিনি সিহঁতৰ নিজৰ সময় ৷ সকলো দুখ ভাগৰ যেন পাহৰি পেলাব ৷ হঠাৎ মিতাই নিস্তব্ধতা ভাঙি চিঞৰি উঠিল, “ ঐ selfie উঠো দে ৷” প্ৰীতিৰ বাহিৰে বাকী দুজনীয়ে, “ অ’ দে দে উঠো ৷ ৰহ চুলিখিনি ঠিক কৰি লওঁ ৷” প্ৰীতিৰ মতে কিছুমান মূহুৰ্ত মনভৰি উপভোগ কৰিব লাগে ৷ সকলোবোৰ মূহুৰ্ত কেমেৰাত বন্দী নকৰিলেও হয় ৷ But, after all majority wins ! বাকীকেইজনীৰ উৎপাতত তায়ো জোৰ কৰি হাঁহিটো মাৰিলে আৰু ৷ সিহঁত উভতি আহে মানে সম্পূৰ্ণ আন্ধাৰ হোৱা নাছিল যদিও street light বোৰ জ্বলি উঠিছিল ৷ কৃষ্ণচূড়া সোণাৰুৰ মাজেৰে হালধীয়া পোহৰবোৰ সৰকি আহিছিল ৷ কিবা এটা ভাল লাগিছিল ৷ সিহঁতে একো অদৰকাৰী কথাও পতা নাছিল ৷
বাৰোৱাৰীত বাছত উঠিব আহি নিশাই দৌৰি দৌৰি গ’ল ৷ “ ব’ল ফুস্কা খাওঁ ৷”…নাখাওঁ বুলি ক’ব নেকি কোনোবাই ! স্কুলত থাকোতেও এনেকৈ ফুস্কা পাগল আছিল ৷ আৰু শেষত সদায়, “ দাদা এটা চুখা দিব ৷” স্কুলৰ গেটৰ মুখৰ ফুস্কা, সমুখৰ দোকানবোৰৰ বগৰী গুড়া ,chocolate, chips - ছুটী হোৱাৰ লগে লগে সব মাখি পৰা দি পৰে ৷
( ৪ )
…প্ৰথম শ্ৰেণীত ৰিম আৰু প্ৰীতিৰ চিনাকী ৷ প্ৰীতিৰ বাবে এখন নতুন স্কুল ৷ ৰিমহঁতৰ স্কুলখনৰ পুৰণা student বুলি এটা অহংকাৰ আছিল ৷ নতুনবোৰক পাট্টাই দিব নোখোজে ৷ এবাৰ কোনোবাই মিছা কথা লগাই প্ৰীতিক মাৰ খোৱাব বিছাৰিছিল ৷ কিন্তু ৰিমে সঁচা কথাবোৰ কৈ তাইক শাস্তি পাবলৈ নিদিলে ৷ তাই নিবিচাৰে কোনোবাই অনাহকত শাস্তি পোৱাটো ৷ প্ৰীতিৰ ভাল লাগিছিল। সৰু সৰু মনবোৰতো যে কেতিয়া কি চলি থাকে ! এটা বছৰ পাৰ কৰি দ্বিতীয় শ্ৰেণী পালে সিহঁতে ৷ প্ৰীতিয়ে নৱবৰ্ষত ধুনীয়াকৈ এখন কাৰ্ড বনাই ৰিমক দিলে ৷ আৰু ৰিমে কৰিলে কি ! সেইখন ঘূৰাই দিলে ৷ প্ৰীতিৰ কোমল মনটোৱে দুখ পালে ৷ তাই কান্দি দিলে ৷ আৰু তাৰ বাবে ৰিমৰ আজিও নিজক দোষী যেন লাগে ৷ হ’লেও কি হ’ব, সিহঁতৰ এইবোৰৰ শেষ আছে নেকি ! ক্লাছ 9 ত কিবা কথাত লাগি প্ৰীতিয়ে ৰিমৰ চুলিত ধৰি দিলে ঘটালি ৷ তাই ইমান বেয়াকৈ দুখ পালে, গধুলি জ্বৰ উঠি গ’ল ৷ তাৰ পিছত কি হ’ব আৰু , এসপ্তাহ দুয়োৰে মাত-বোল বন্ধ ! ক্লাছ 5 ত section সাল সলনি হ’ল আৰু বেলেগ এটা section ৰ পৰা আহি মিতা সিহঁতৰ লগত পৰিল ৷ নিশা বেলেগতেই ৰৈ গ’ল ৷ তেতিয়ালৈ মানুহতো বাদেই, নিশা ,মিতা এই নামদুটাৰ লগতেই চিনাকী নাছিল প্ৰীতিহঁতৰ৷ নাই, এটা section হ’লেও কি হ’ব ,ৰিম মিতাহঁতৰ মাজত বন্ধুত্ব নাছিল ৷ বৰঞ্চ কোনো কাকো দেখিব নোৱাৰিছিল ৷ কুকুৰ-মেকুৰি !
( to be continued )
No comments:
Post a Comment