দেওবাৰ বুলি ক’লেই এলাহ ভাৱটো লগতে গুচি আহে ৷ তাতে আকৌ দিনটো বৰষুণ ৷ কিন্তু তাইৰ জানো এলাহ আছে ? সন্ধিয়াৰ চান্দমাৰি ব্ৰিজ তাইৰ প্ৰিয় ৷ সেমেকি থকা বাটবোৰত ৰঙা হালধীয়া পোহৰৰ খেল তাই ভাল পায় ৷ She has a crave for melting halogens . আজি আবেলিও ওলাই গৈছিল তাৰ লগত ৷ বৰষুণটো কম বেছি হয় সময়ে সময়ে ৷ তাই মাজে মাজে হঠাৎ কিবা এটা কৈ উঠে নহ’লে হঠাৎ তাৰ হাতখন জোকাৰি কিবা দেখুৱায় ৷ সি বুজি পায় তাইক ৷ এইখিনি তাইৰ নিজৰ সময় ৷ তাইৰো এখন পৃথিৱী আছে নিজৰ ৷ মাথো তাক বিচাৰে কাষত ৷ সিও বিনাপ্ৰশ্নই তাইৰ লগত থাকে ৷ তাই কয় " ছাতি থাকিলেও ভাল পাওঁ বৰষুণৰ স্পৰ্শ" ৷ কেতিয়াবা হঠাৎ বৰষুণৰ মাজত ছাতিটো বন্ধ কৰি দিয়ে ৷ সি গালিৰ সুৰত কয় " হেই কিয় বন্ধ কৰিছা !" কিন্তু কৈ জানো লাভ আছে ! তাৰ নিজৰ ছাতিটো লৈয়েই তাইৰ পাছে পাছে দৌৰি ফুৰে ৷ ক’ৰবাত বোকা পানী জমা হৈ থকা দেখিবহে পালে মাজতে গৈ দিলে জঁপিয়ায় ৷ তাইৰ নিজৰ কাপোৰৰ লগতে তাৰ কাপোৰো গ’ল বোকাৰে ভৰি ৷ সি গালি দিব ওলাই মাত্ৰ ,তাই সৰু ছোৱালীৰ দৰে কাণত ধৰি হাঁহি থকা মুখখন দেখি তাৰ মৰম লাগি যায় ৷ বৰষুণত তিতি জ্বৰ হোৱাৰ দিনা হাঁচিয়াই হাঁচিয়াই তাক কয় " I promise আৰু নিতিতো !"সিও জানে অসুখ কমিব, বৰষুণ দিব, তাই আকৌ তিতিব ! …কাৰণ তাই তাইয়েই ৷ কেতিয়াও কাৰোবাবে সলনি নোহোৱা, কোনো কেতিয়াও সলনি কৰিব নোৱৰা , A never changing soul !
Sunday, 2 April 2017
দেওবৰীয়া !

Subscribe to:
Post Comments (Atom)
deubar tu bastob asl ne kalponik ?? bohut dhunia :-)
ReplyDeleteHaha thank you :) ekebaare kalponik dei :D
Delete