কোনোবাজনী স্কুলীয়া দিনৰ শেষৰ ফালে পৰিছিল প্ৰেমত ৷ তাই নাজানে কিয় ৷ সূৰ্যাস্তৰ ৰঙে হেঙুলীয়া কৰা তাৰ মুখখন তাই ভাল পায় ৷ কিন্তু তাই এইবোৰ বান্ধোনত বান্ধ খাব নোখোজে ৷ স্ৱাধীন পখী ৷ এতিয়া চোন তাইৰ কাকোৱে ভাল নলগা হ’ল ৷ কাৰোবাক দিব পৰাকৈ যেন ভালপোৱাবোৰ শেষ হৈ গৈছে ৷ তাই heartless ! আনএজনীয়েও ভাল পালে এজনক ৷ সি সপোন দেখুৱালে ৷ আকৌ মিছা অজুহাত দেখুৱাই আঁতৰি গ’ল ৷ এতিয়া তাই নাজানে তাই কি বিচাৰে প্ৰকৃততে ৷ confused soul ! এজনৰ কথাবোৰে তাইক আজিকালি সাহস দিয়ে ৷ তাইৰ ভাল লাগে ৷ তাই নাজানে এইয়া কি ! তাই মাথো বিচাৰে সি আগুৱাই যাওঁক নৈখনৰ দৰে এটি কবিতা হৈ ৷… এতিয়া সিহঁত নিজৰ মাজত সুখী ৷ বৰষুণত তিতি ভাল পায়, ভাল পায় সূৰ্যাস্তৰ ৰং , ভাল পায় ভৰি তিয়াই যোৱা সাগৰৰ ঢৌবোৰ ,আৰু ভাল পায় নীলা আকাশ…সিহঁতৰ যে উৰাৰ হেঁপাহ !…কোনোবাই যদি কান্দি কান্দি strong হ’ল, কোনোবাই কান্দিব লগা কথাবোৰ avoid কৰি ৷… 'They criticize each other brutally, if anyone else has to, they'll tear them apart !'…কোনেও কাৰো চকুত চকুপানী সহ্য কৰিব নোৱাৰে ৷ যদিও একো কৰিব নোৱাৰে, খঙতে ক’ব ," কোনে কি কৰিছে ক’ ৷ ফালি থৈ আহিম ৷ " … আজিকালি সিহঁতে চকুত কাজল সানে ৷ আইনা চাই নিজৰেই প্ৰেমত পৰে বাৰে বাৰে ৷ মিতাই পিছে কাজল নাসানে ৷ তথাপিও তাই প্ৰেমত পৰে নিজৰ ৷
( ৯ )
ডিচেম্বৰ মাহৰ কোনোবা এটা ৰাতি লেপৰ তলত ম’বাইল screen ত সিহঁতৰ দুনিয়াখন সাৰ পাই উঠিল ৷ নিশাই ক’লে , " অ’ই এইবাৰ kite festival ২৭ তাৰিখৰপৰা ৷ আমি কেতিয়া যাম ? " … ৰিম আৰু মিতাৰ স্ফূৰ্তি , " য়েই ! যাম যাম ৷ ৩১ ত যাম দে ৷ চিলা উৰাবতো নাজানোৱে, নিজাই উৰিম ৷ হেহেহে ৷ " প্ৰীতিৰ আকৌ মাজে মাজে কিবা হয় , " এহ্ মই নাযাওঁ দে ৷ কি কৰিম গৈ ৷ তহঁত যাবি ৷ মোৰ বহুত দুখ ! " বাকীকেইজনীৰ গালি… “ দুখ ? সেইটো কি নতুন কথা ৷ তোৰ চোন মন গ’লেই দুখ লাগে !” ..“ পাগল মাৰ খাবি ৷ কি নাটক কৰি থাক’ !” .. “ ভাও কিয় খাইছ’ হা ?” .. “ নাযাবি চোন, ঘৰৰপৰা টানি আনিম ৷”…আৰু শেষত তাইয়ো ক’ব বাধ্য হয় , “ হ’ব দে যাম !”
( to be continued )
No comments:
Post a Comment