সন্ধিয়াৰ উজান বজাৰ ঘাট ৷ মানুহৰ ব্যস্ততা বাঢ়িছে ৷ খেলি মেলি পৰিৱেশ ৷ কিন্তু তাৰ মাজতে যেন কিবা এটা আছে নিজক পাহৰি যাব পৰাকৈ ৷ পূজালৈ মাজত দুদিন ৷ ক’ৰবাত শেৱালি ফুলিছে ৷ বতাহত কোমল গোন্ধ এটা ভাহি আহিল ৷ লাহে লাহে দিনবোৰো চুটি হৈছে ৷ নদীৰ বুকুত বেলিটো হেৰাই যাবলৈ বেছিপৰ নাই ৷ দূৰৈত এখন ঘৰমূৱা নাওঁ। লাহে লাহে আগবাঢ়িছে ৷ কিবা এটা ভাল লাগিছে ৷ …" ধেৎতেৰি আকাশে কিয় ইমান দেৰি কৰিছে বাৰু ৷ আন্ধাৰে হ’ব এতিয়া ৷" নিস্তব্ধতা ভাঙি ৰিমে খঙেৰে চিঞৰি উঠিল । দীপে হাঁহি হাঁহি ক’লে, "হওঁক দে আন্ধাৰ ৷ তোক নো কোন সোপাধৰাই দাঙি নিব !" কাষত বহি থকা অনুৰাগেও হাঁহি দিলে " আমাৰ ৰিমক সোপাধৰাইয়ে ভয় কৰে ! Label আছেতো ৷" …" অ’ই ৰাগ বেছি হাঁহি নাথাক ৷ মাৰ খাবি কিন্তু ৷" ৰিমৰ খং উঠিছে ৷ তেনেতে আকাশে পিঠিত বেগখন লৈ ঘামি-যামি আহি সিহঁতৰ ওচৰত বহিল ৷ ৰঙা পৰি আহিছে ল’ৰাটো ৷ "বাপ্ৰে কি ভিৰ ! মানুহৰ বজাৰ কৰা হোৱাই নাই ৷" চচমাযোৰ খুলি ৰুমালেৰে মুখখন মচি মচি সি ক’লে ৷ …" সেইকাৰণেই মই বজাৰত গৈ বেয়া পাওঁ। so called shopping . নোৱাৰি দে গৰমত ৷ বৰ অশান্তি ৷" ৰিমে মুখখন কোচাই দিলে ৷ দীপে কিবা এটা ক’বই লগে লগে ৷ স্ৱভাৱ ! " আপীৰ গুণ থাক্লে হে কিবা গাত ৷"…উফ্ ! লাগি গ’ল কাউৰী বাহত জুই ৷ মিছা খং, অভিমান , মাৰা মাৰি …শেষত সকলো শান্ত ৷ সিটো পাৰৰ লাইটবোৰ জ্বলি উঠিছে ৷ অলপ reflection . আকাশখন অলপ নীলা ৷ ৰঙা ৰঙা মেঘবোৰ লাহে লাহে অস্পস্ত হৈ আহিছে ৷ কিবা এটা যেন যাদু আছে ইয়াত ৷ অলপ দূৰৈত নিজৰ মাজত বিভোৰ হৈ থকা এহাল প্ৰেমিক দেখি ৰিমে এনেই ক’লে " এইবোৰ দেখিলে কিবা দুখো লাগে, হিংসাও লাগে ৷" … ৰাগে ক’লে " আৰে ! কিয় এ ? হিংসা সিহঁতৰহে লাগিব লাগে ৷" লগে লগে আকাশে যোগ দিলে " অ’ তো ৷ ইমান Handsome তিনিটা boyfriend ৰ লগত বহি আছ’ ৷ এটাও নহয় চা, তিনিটা !" ৰিমে হাঁহি দিলে ৷
অনুৰাগ ,আকাশ আৰু দীপ…ইহঁত তিনিটাক বাদ দি জানো তাই বেলেগ কিবা ভাবিব পাৰে ! ক’ব গ’লে ৰিমৰ 'unofficial boyfriend' . সম্পূৰ্ণ বুজি নাপালেও তাই সিহঁতক বুজিবলৈ চেষ্টা কৰে ৷ আৰু কোনোবাখিনিত হয়তো সিহঁতে ৰিমক তাইতকৈও ভালকৈ বুজি পায় ৷ দিনৰ দিনটো ফটোৱা কথা কৈ তাইৰ মূৰতো গৰম কৰাৰ বাহিৰেনো কৰে কি ! কিবা এটা কোৱাৰ আগত সিহঁতে জানো তাইক কেতিয়াবা ছোৱালী বুলি গণ্য কৰি পাইছে ! নাই ৷ সিহঁতৰ মতে তো তাই 'ভাই’ ! তাই অকমাণ অভিমান দেখুৱায় ৷ মিছা অভিমান ৷ পিছ মূহুৰ্তত আকৌ পাহৰি পেলায় ৷
( to be continued )
No comments:
Post a Comment