ৰিম, প্ৰীতি আৰু মিতাৰ আগৰ পৰাই এটা কুইজৰ গ্ৰুপ আছিল ৷ মাজতে আহিল ৰাগ, সিহঁতৰ competitor . অৰ্থাৎ শত্ৰুৰ list খনত আৰু এটা নাম add হ’ল ! লাহে লাহে বন্ধুত্ব বাঢ়িল ৷ ক’ব গ’লে কুইজেই main কাৰণ ৷ কিন্তু ৰিম আৰু অনুৰাগৰ team, always results into a 'শনি লগা' group ! য’তে নগ’লেও হাৰিবই ৷ ৰিমৰ ভাষাত ক’ব গ’লে এই বন্ধুত্ব ইমান 'খাচ' নাছিল ৷ কলেজে কি যাদু কৰিলে সিহঁতে নাজানে কিন্তু সিহঁতক যেন বহুখিনি ওচৰ চপাই আনিলে ৷ তাই আটাইতকৈ বেছি বিশ্বাস কৰা ল’ৰাজনো ৰাগ, যাৰ আগত খুলি কান্দিব পাৰে সেইজনো ৰাগ ৷
ইহঁত তিনিটাক দেখিলে এটা কথা ভাবি ৰিমৰ বিৰাট হাঁহি উঠে , "এক লড়কা ওৰ এক লড়কী কভি দোস্ত নেহি বন সক্তে !" - কোনজন মহাপুৰুষে কৈছিল বা ! মিছা বুলি প্ৰমাণ কৰা ক্ষমতা তাইৰ আছে অৱশ্যে ৷
সিহঁতৰো এখন নিজৰ দুনিয়া আছে ৷ whatsapp, facebook ৰ দুনিয়া ৷ লগ নোপোৱা সময়বোৰত তাতেই virtually লগ হয় সিহঁত ৷ উফ্ ! কিমান যে শেষ নোহোৱা কথা ! ফুচুৰি মাৰোতেই দিন যায় ৷ হঠাৎ আকৌ serious topic ও আহি যায় ৷ যিয়েই নহওঁক শেষত গৈ থৈ কিন্তু victim ৰিমেই হয় ! তিনিওটাই মিলি তাইক এনেকৈ কামুৰ দিয়ে, শেষত তাই কান্দিব বাকী ৷ কেতিয়াবা আকৌ হাঁহিত পেটৰ নাড়ী ডাল ডাল হয় ৷ সিহঁতৰ এই দুনিয়াখন সাৰ পায় ৰাতি সকলো শুৱাৰ পিছত ৷ তেতিয়া তাইৰ হাঁহি ৰখাবলৈ বিচনাত গাৰুটোৰ বাহিৰে একো নাথাকে ৷ মুখত গাৰুটো হেঁচি ধৰি ৰিমৰ কেতিয়াবা উশাহ নোপোৱা হৈ মৰি থাকিব যেনেই লাগে ৷…তাইৰ খংটো উঠে তেতিয়া, যেতিয়া ৰাতি ১টা বজাত সিহঁতে তাইৰ বিয়াৰ কল্পনা কৰে ৷ উফ ! তাইৰ মূৰ গৰম ৷ কি কল্পনা বাপ্ৰে ! তিনিওটাই বেলেগ বেলেগ ধৰণৰ ল’ৰাৰ বৰ্ণনা দিয়া আৰম্ভ ! অৱশ্যে ৰাগ এই ক্ষেত্ৰত অলপ কম ৷ কিন্তু মাজতে আহি সিও জ্বলা জুইত ঘিঁ ঠিকেই ঢালে ! আৰু নামবোৰ ? সত্যযুগৰপৰা বাছি বাছি আনে আৰু ! আকাশে এটা নাম কৈ ক’ব "চা ইয়াৰ নাম দেখিয়ে গ’ম পাই সি যে maths ৰ teacher !" দীপে আকৌ ক’ব " ৰিমক ৰাতি banana shake লগা হ’ব ৷ বেচেৰা গিৰিয়েকে ক’ব নাই বুলি ৷ তাইয়ো নাচোৰবান্দা ! কলগছৰ shake হ’লেও লাগিব বোলে ৷" - উফ্ ! ইফালে তাইৰ হাঁহেই নে কান্দেই অৱস্থা ! আনফালে খঙে চুলিৰ আগ পায় গৈ !
বিচাৰি বিচাৰি nick name দিয়াত সিহঁত expert ! ক’ৰপৰা যে কিছুমান অদ্ভুত নাম বাছি উলিয়ায় তাইৰ ! বিস্কুট ! না তাই বিস্কুট খাই ভাল পায় না বিস্কুটৰ লগত কিবা কাহিনী আছে ! কথা নাই বতৰা নাই আকাশে আৰম্ভ কৰিব " আজি জান’ মই লুটি গ’লো ৷ 50 পেকেট hide & seek শেষ ৷" ৰাগে মাজতে আহি মাত দিব "ইস্ ! ৰিমে পালে চাগে তোক ৷ সিদিনা মোকো বাছৰপৰা নমাই আনি বিস্কুট খাইছে ৷ দোকানী পাগ্লা হৈ গৈছে !" আৰু দীপ ! সি একো নক’ব নে ! সি আৰু ওপৰত " ইস্ মোৰ যে আৰু অৱস্থা বেয়া ৷ loan লৈছো এটা বিস্কুট খোৱাব ৷ বেংকে দিবই ভয় কৰিছে ইমান amount ." - seriously ? বিস্কুট ! সিহঁতে বকি আছে কি ! হৈ আছে কি ! 'বিস্কুট আখ্যান' মুঠৰ ওপৰত তাইৰ মূৰত নোসোমায় ৷ ইফালে খঙত ৰঙা পৰি যায় ছোৱালী !
( to be continued )
No comments:
Post a Comment