খোজকাঢ়ি সিহঁত বহুদূৰ পালে ৷ “ অ’ মাইনা ছাতি লৈ কেনি যোৱা !” (সুহুৰি) - সেইয়া কোনোবাই জোকাইছে ৷ নিশাৰ মুখখন গহীন হৈ গ’ল ৷ প্ৰীতি আৰু মিতাৰ বেয়াকৈ হাঁহি উঠিল ৷ ৰিমে খঙতে ল’ৰাকেইটাকো গালি পাৰিলে আৰু লগতে সিহঁত দুজনীকো ,“ কি হাঁহি আছ’ ৷ চুপ ৷ আৰু হাঁহিলে মুখ ভাঙিম ৷”... সাত বজাত ৰবীন্দ্ৰ ভৱনৰপৰা নাটক চাই আহি চান্দমাৰি ব্ৰিজত আড্ডা দিয়া বিন্দাছ ছোৱালি প্ৰীতি আৰু মিতা ৷ ৰিম লগত নাথাকিলে হয়তো ল’ৰাকেইটাক ওলোটাই জোকালেহেঁতেন ! কিন্তু নাই ৰিমৰ লগত ৰিস্ক ল’ব নোৱাৰি !
বৰষুণটো অকমাণ কমিলে ৷ সিহঁতৰ কিবা খাবও মন গৈছিল ৷ কিছু দূৰত এখন সৰু চাহৰ দোকান দেখিলে ৷ সিহঁত তাত সোমাল। কাষতে পাৰি থোৱা কাঠৰ বেঞ্চখনতে বহিল ৷ চিচাৰ গ্লাচত ধোঁৱা ওলাই থকা চাহ লগতে মানুহগৰাকীয়ে বটলৰপৰা বেকাৰী বিস্কুট উলিয়াই দিলে ৷ ৰেডিঅ’টোত FMত গান বাজি আছে …“ পেহলা নাছা, পেহলা খুমাৰ..নয়া প্যাৰ হে নয়া ইন্ত্জাৰ...” ৷ সিহঁতে আকৌ খোজ দিলে ৷ মিতাই ফটো উঠাই উঠাই গ’মেই পোৱা নাই দোপাট্টাখন যে এফালে চুচৰি গৈছে ৷ প্ৰীতিয়ে পাথৰ এটা চুটিয়াই চুটিয়াই মিতাক ক’লে, “ তই মানে ৰাস্তাটো ঝাৰু দিয়া ঠিকা লৈছ’ নেকি !” নিশাই তেতিয়া FMত বাজি থকা গানটো আকৌ গুণগুণালে ৷ ৰিমে ঠিক হিন্দী চিনেমাৰ scene এটাৰ দৰে গানৰ তালত ছাতিটো লৈ এপাক ঘূৰি দিলে ৷ কৃষ্ণচূড়াৰ দেশত প্ৰেম হয় ৷ কোনোবাই ঠিকেই কৈছিল, “নমছ্ শেষ প্ৰেম নাই, জালুকবাৰী যেন শুকাই যায় ৷” প্ৰেম ! প্ৰেমত পৰো বুলিও পৰিব নোৱাৰি, নপৰো বুলি নপৰাকৈয়ো থাকিব নোৱাৰি ৷ প্ৰেম আছে বাবেইতো হেঁপাহবোৰ সেউজীয়া ৷ সিহঁতৰো কিছুমান সময়ত কিছুমান মানুহ নজনাকৈয়ে আপোন হৈ পৰিছিল ৷ কোনোবাজনীয়ে ভাবিছিল ভালপোৱাৰ কথা ক’ব গৈ যদি বন্ধুত্ব হেৰুৱাই পেলায় ! তাইৰ কোৱাৰ সাহস নহ’ল ৷ কিন্তু পাছত কেৱল মাত্ৰ বন্ধু হৈ থকাৰ সাহসো নহ’ল ৷ আঁতৰি আহিল লাহে লাহে ৷ কোনোবাজনীয়ে আকৌ সৰুৰপৰাই ভাল পাই পেলাইছিল এজনক ৷ কোনেও নজনাকৈ ৷ আৰু এতিয়াও তাক কোনোবা ছোৱালীৰ লগত দেখিলে তাই senti ফালে ৷ তাই ছোৱালীজনীৰ Bio data উলিওৱাত ব্যস্ত হৈ পৰে ৷ লগা হ’লে সেইজনী তাৰ সম্পৰ্কীয় ভনীয়েকেই হওক বা classmate !
( to be continued )
No comments:
Post a Comment