দূৰত্ব বাঢ়িছিল ৷ লগে লগে ৰাগ আৰু পাখিৰ কাজিয়াবোৰো ৷ সিহঁততকৈ বেছি ৰিমৰ টেনচন ৷ কেনেকৈ ঠিক কৰা যায় ! দুটাৰ এটাও কম নহয়᪅ ৷ আৰু কাজিয়াৰ কাৰণবোৰ শুনিলে কেতিয়াবাতো তাইৰ নিজৰ মূৰটো ৱালত মাৰি দিব মন যায় ! মাজৰাতি ফোন কৰি যেতিয়া সোধে "এতিয়া কি কৰো মই ?" তাইৰ নিজকে Love গুৰু যেন লাগি যায়, without any experience ! আজিকালি অৱশ্যে অভ্যস্ত হৈ গৈছে᪅ ৷ কেতিয়াবা হাঁহিও উঠে তাইৰ ৷ জানেই দুদিন পিছত আকৌ সকলো ঠিক হ’ব ৷
সিহঁতৰ Whatsapp ৰ দুনিয়াখন ৰাতি সাৰ পাই উঠে লেপৰ তলত ম’বাইল screen বোৰ জ্বলি উঠাৰ লগে লগে ৷ সিহঁতে সদায় কথা নাপাতে ৷ কিন্তু যিদিনা পাতে সকলো পাহৰি যায় ৷ ৰিমৰ মাজে মাজে অনুভৱ হয় ৰাগ আগতকৈ সলনি হৈছে ৷ পিছ মূহুৰ্ততে ভাৱে "ময়োতো হৈছো ৷" আকৌ মূৰটো জোকাৰি আগৰ ভাৱখিনি পাহৰি পেলাব খোজে ৷ For her, change is acceptable . তাৰখিনিও পাৰিছে ৷ ৰাতিবোৰ গভীৰ হোৱাৰ লগে লগে বুজা নুবুজা ভাৱবোৰে খেলি মেলি কৰে। ৰাগে ভালকৈ বুজি পায় তাই কিমান introvert . তাই দিনটো বকি থাকিব কিন্তু ক’ব লগা বহুত কথা মনতে লুকুৱাই থয় ৷ "তই কিয় কথাবোৰ নকৱ খুলি কচোন ? Feel free, কিয় নুশুনিম তোৰ কথাবোৰ ৷" …"ধেই নহয় ও সবৰে নিজৰ লাইফত ইমান টেনচন ৷ মই মোৰ বোৰ কৈ disturb দিয়া যেনহে লাগে ৷"..."মই বিচাৰো মোক তই সব ক’ ৷ বাদ দে । কাক ভাল পাৱ ক চোন ৷" তাইৰ হাঁহি উঠি গ’ল ৷ "ধেই নাপাওঁ ৷ যিদিনা তোৰ নিচিনা মোক বুজি পোৱা আৰু মই বিশ্বাস কৰিব পৰা কোনোবা পাওঁ ক’ম দে ৷"..."বৰ philosophy বুজোৱাত লাগিছ !" তাই লাহেকৈ ক’লে "আমি শুৱা ভাল নেকি ! ৩টা বাজিল ৷"…"অহ দে মোৰো ম’বাইলটো মৰিবই, 4% Charge." ...তাই চকু দুটা মুদি থাকিল যদিও টোপনি অহা নাই। সদায় পলাই ফুৰা কিছুমান প্ৰশ্নৰ সন্মুখীন হোৱাটো বৰ টান ৷
(৯)
ৰিম তাৰ ওপৰত dependant . তাইক আটাইতকৈ ভালকৈ যদি বুজাব পাৰে সেয়া ৰাগ। তাইৰ entrance পৰীক্ষালৈ বেছিদিন নাই। ঠিক দুদিনমান আগত ৰুটিন সলনি হ’ল ৷ তাই ভয়ত না খাব পাৰিছে না পঢ়িব পাৰিছে ৷ Suffocation ! মূৰটো আচন্দ্ৰাই কৰিছে ৷ ফোনটো vibrate হ’ল ৷ অলপ সকাহ ৷ "কিয় ইমান nervous হৈছ’ ?" ৰাগৰ মাতটো শুনাৰ লগে লগে তাই ইমান সময় ৰখাই থোৱা কান্দোনটো ওলাই আহিল ৷ সি কৰে কি এতিয়া ! কান্দোন বন্ধ হোৱাৰ পিছত লাহে লাহে বুজালে ৷ তায়ো শান্ত হ’ল ৷ "টেনচন নল’বি ৷ সব ঠিক হ’ব ৷ ভাবি ল’বি মই ওচৰত বহি গালি পাৰি আছো ৷" তাই স্বস্তিৰ নিশ্বাস এৰিলে ৷
(১০)
১২টা বাজিবলৈ ১০ মিনিট ৷ প্ৰীতিৰ ফোন । "নহয় মানে মই এতিয়াই কৰিলো ৷ নহ’লে অলপ পিছত অনুৰাগে ফোন কৰি তোক আগতে birthday Wish কৰিলে হয় ৷ busy কৰি থৈ দিওঁ ! হেহেহে ৷" কি হ’ব ইহঁতৰ লগত ! ১২টাৰ পিছত তাই ফোন থ’লে। লগে লগে ৰাগৰ ফোন "হাৰামি কাৰ লগত busy ? I'm sure প্ৰীতিয়ে হ’ব !" অকমাণ সময় কথা পাতিলে...ফোন থ’ব ওলাওতে সি হঠাৎ মাত দিলে "অ’ই শুন না ৷"..." ক’ না "…" I love you !" তাইৰ চকু দুটা চলচলীয়া হৈ গ’ল ৷ অকমাণ হাঁহিলে ৷ "হ’ব দে জানো মই ৷" সিহঁতৰ মাজৰ 'I love you’ বোৰক হাঁহি এটা মাৰি বন্ধুত্বৰ এনাজৰীডালেৰে বান্ধিব ভালকৈ জানে সিহঁতে ৷
( to be continued )
Your pen do wonders dear. Keep it up. ❤
ReplyDeleteThank you so much pongkhi baa 😊
Delete