নিশাই তাইক বুজাই মেলি বহালে ৷ ভাবিলে সোনকালে খাই মেলি যোৱাই ভাল ৷ সিহঁতৰ বাবে এইবোৰ নতুন কথা নহয় ৷ যোৱা ১০-১২ বছৰেতো এনেদৰেই চলি আছে ৷ খং, কাজিয়া, অভিমান এইবোৰ নহ’লে ভালপোৱাৰ স্থান ক’ত !
আগত যেনে আছিল এতিয়াও একেই আছে ৷ মাথো সময় সলনি হৈছে ৷ নতুন কলেজ, নতুন পৰিৱেশ , নতুন মানুহ ৷ এতিয়াৰ দৰে তেতিয়াও কোনোবা handsome ল’ৰা দেখিলে সিহঁতে চাইছিল , অকলে নহয় দেই গোটেই কেইজনীয়ে একেলগে চাইছিল ! কি কৰিব আৰু ,বয়সৰ তাগিদা ! হঠাৎ কৰবাত যদি কাৰোবাৰ crush এটা আহি ওলাল, আৰু কথাই নাই ! বাকীকেইজনীৰ মুখ টিপি হাঁহিব ধৰে ৷ হাঁহি ৰখাব নোৱাৰি কোনোবাজনীয়ে হঠাৎ ডাঙৰকৈ হাঁহি দিয়ে ৷ প্ৰীতিয়ে স্থান কাল পাত্ৰ যিয়েই নহওঁক সৰুকৈ কথা ক’ব নাজানে ৷ আৰু আজিও ব্যতিক্ৰম হোৱা নাছিল !
ো (২)
চাৰিওজনীৰে শিপা অৰ্থাৎ স্কুল একেখনেই আছিল যদিও মেট্ৰিকৰ পাছত কলেজ বেলেগ হ’ল ৷ নতুন পৰিৱেশ ৷ নতুন নতুন মুখবোৰৰ মাজত নিজক হেৰুৱাই পেলোৱাৰ ভয়, তথাপিও মনত এটা হেঁপাহ নিজৰ এটা সুকীয়া পৰিচয় গঢ়াৰ ৷ নিশা আৰু মিতা একেখন কলেজ, প্ৰীতি আৰু ৰিম এখন কলেজ যদিও stream বেলেগ ৷ সিহঁতে কোনো মুখেৰে কোৱা নাছিল যদিও মনৰ কোনোবাখিনিত ভয় , যদি সিহঁতৰ মাজত দূৰত্ব আহি যায় ! নাই, এইটো হ’ব নোৱাৰে ৷ …মিতা প্ৰায় late comer . নিশা ৰৈ ৰৈ গুচি যায় আৰু সদায়ৰ দৰে মিতাই 1st class টো miss কৰে ৷ কোনোবা দিনা যদি বাছ নাপায় ,কোনোবাদিনা উঠোতে দেৰি, কোনোবাদিনা আকৌ গা ধুব সোমাই পানী শেষ হয় ! উফ্ ! মুঠতে সমস্যাৰ শেষ নাই ! off period বোৰত দুয়ো পাণবজাৰৰ অলিয়ে গলিয়ে ঘূৰে, নেহৰু পাৰ্কৰ আগত বহি আড্ডা দিয়ে ৷ কাছাৰী ঘাটত বহে ৷ জাৰৰ দিনবোৰ বগৰী খাই পাৰ কৰে ৷ …ইফালে আকৌ প্ৰীতি আৰু ৰিমে common off period মিলাই থাকে ৷ off period ত দুয়ো এনেদৰে লগ হয় যেন ' মেলে মে বিচ্ৰে হুৱে বেহেন !' canteen ৰ টান টান পৰঠা আৰু কেতিয়াবা নিমখ কম বেছি হোৱা ঘুগনী সিহঁতৰ প্ৰিয় ৷ ৰিমে গৈ প্ৰীতিহঁতৰ লগত কোনোবা department ৰ বাৰাণ্ডাত , খালি ৰুমত নহ’লে নেহৰু ষ্টেডিয়ামত বহি আড্ডা দিয়ে। কেতিয়াবা আকৌ ম’হৰ কামুৰ খাই কলেজৰ পুখুৰীটোৰ পাৰত বহে ৷ প্ৰীতিয়ে চিঞৰি ল’ৰা জোকায়, ৰিমে হাতত চিকুটি তাইৰ ফালে চকু ডাঙৰ কৰি চায় ৷ … সেই সময়ত সিহঁতৰ 'first love' fever হৈছিল ৷ নাই নাই প্ৰেম হোৱা নাছিল দেই ৷ এখন থাই চিনেমাৰ প্ৰেমত হে পৰিছিল ৷ তাৰ হিৰ’ জনৰ নাম আছিল P'Shone . প্ৰীতিহঁতৰ ক্লাছত দেখিবলে প্ৰায় একে এটা ল’ৰা আছিল আৰু তাক চাবলৈ ৰিমে তাইৰ off period ত কেইদিন প্ৰীতিৰ লগত economics ,pol science ৰ ক্লাছ কৰিলে হিচাব নাই !
( to be continued )
No comments:
Post a Comment