(৪)
আকাশখন হঠাৎ গোমা হৈ আহিল ৷ বৰষুণ আহিবই আৰু ৷শেষৰ পিৰিয়ড ৷ বতৰটো বেয়া দেখিছে সিহঁতক যাবওতো দিব পাৰে ৷ নাই ,Chemistry পঢ়াইহে এৰিব। ৰাগ, ৰিম ,প্ৰবাল আৰু নয়ন সদায় last bencher . শেষৰফালে বহি খিৰিকিৰে বাৰে বাৰে বাহিৰলৈ চাইছে ৷ বতাহত পাতবোৰ উৰি আহি বাৰণ্ডা পাইছে ৷ চাই থাকোতে আহিলেই বৰষুণ ৷ ৰিমে বেগৰপৰা দুটা বাদাম উলিয়াই মুখত ভৰাই লাহেকৈ ক’লে "শেষ যা আজি ৷ ছাতি নানিলো বে ৷" …"কি ঘোঁৰাৰ নিচিনা বুট চোবাই আছ’ অকলে ৷ মোকো দি ৷"…“বুট নহয় এ, বাদাম ৷"…“দিবি না মাৰ খাবি।"…“ল’ খা ,খকুৱা সব খা ৷" …ক্লাছৰ মাজত টিফিন খোৱাটো সিহঁতৰ অভ্যাস ৷ বহীৰ পিছফালে কটা কটি খেলা, শেষৰ পাতত লিখি লিখি কথা পতা… They were making memories . ৰাগে এবাৰ বৰ্ডলৈ চাই সুধিলে "কি পঢ়াই আছে ? একো শুনা নাই ৷"…"হেই নাজানো যা ৷ বৰষুণ চা পানে হ’ৱ আজি খাতাং ৷" ৰিমৰ চিন্তা লাগিল। তাই বৰষুণ ভাল পায় ৷ বৰষুণক আজন্ম প্ৰেমিকা৷ ৷ কিন্তু গুৱাহৰটীৰ বানপানী ভাল পাব পৰা সাহস তাইৰ নাই ! কলেজৰপৰা ওলায় মানে বৰষুণ কমিছিল ৷ দুই এটোপ কিনকিনাই পৰি আছিল ৷ভাল পায় তাই ৷ মুখখন ওপৰলৈ কৰি বৰষুণত পাতি দিলে। আহ্ ! বসন্তৰ প্ৰথমজাক বৰষুণ …কিবা এটা মাদকতা আছে নিজক হেৰুৱাই পেলাব পৰাকৈ ৷ আকাশৰ বুকুত মদাৰে জ্বলোৱা জুই নুমুৱাবলৈহে যেন নামি আহে বৰষুণৰ জাক ৷ ফাগুনৰ ধূলিয়ৰি আকাশখন বহুদিন পিছত নীলা হৈছে ৷ গছবোৰ সতেজ সেউজীয়া ৷ ভিজা মাটিৰ গোন্ধটো ভাল পায় তাই । দীঘলকৈ উশাহ এটা লৈছে মাত্ৰ পিছফালৰপৰা আহি ৰাগি মূৰতে এক থাপৰ দিলে ৷ তাই আগলৈ হাউলি গ’ল ৷ "কি ৰোমান্টিক Pose দি আছ’ থিয় হৈ ৷ চেই চুহ ব’ল ৷"…"কিয়নো গৰু খেদা দিছ’ ৷" বুলি চুৰিদাৰৰ পেন্টটো কোচাই তাৰ পাছে পাছে খোজ দিলে ৷
কলেজত প্ৰথমদিনা ভৰি থৈয়েই দুয়ো ভাবিছিল দুটা বছৰ কেনেকৈ কটাম ! ক্লাছত সোমাই ৰাগে ইফালে সিফালে চালে ৰিম ক’ত বহিছে ৷ কাৰণ চিনাকী বুলিবলৈ তাইৰ বাহিৰে কোনো নাই । তথাপিও মনত ভয়। কাৰণ স্কুলত সিহঁতৰ বন্ধুত্ব ইমানো মজবুত নাছিল। ৰাগ গৈ পিছফালৰ বেঞ্চখনতে বহিল ৷ ইফালে আন ছোৱালীকেইজনী মানৰ লগত তাই আড্ডা দিয়াত ব্যস্ত ৷ তাৰ অলপ খঙো উঠিল ৷ "বাহ পাট্টায়ে নাই চোন। গ’ম পাইছো আৰু দুটা বছৰ কি হ’ব !" কিন্তু দিন বাগৰাৰ লগে লগে কেনেকৈ বন্ধুত্ব ইমান গভীৰ হ’ল সিহঁতেও নাজানে ৷ তাইৰ আহোতে দেৰি হ’লে "অ’ই এটা চিট থ’বি না মোৰ ৷" আৰু ৰাগেও ধুনীয়াকৈ কাষতে চিট এটা থৈ দিয়ে ৷ দৌৰি দৌৰি ধুমুহা অহা দি আহি হেঁচি ঠেলি বহি যায় " অ’ই পানী দে ৷ বটল এৰি আহিলো ৷"
( to be continued )
No comments:
Post a Comment