Sunday, 25 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 8 ( A friendship tale )


                               ( ৮ )
       জুলাই মাহ ৷ অনবৰত বৰষুণ চলিয়েই আছে তিনিদিন মান ৷ হঠাৎ জোৰত আহে আকৌ নাইকিয়া হয় ৷ কোনোবা দিনা আকৌ গোটেই দিনটো চিপচিপকৈ বৰষুণ ৷ জুলাই মাহৰ তৃতীয়টো শনিবাৰ ৷ আজিও পুৱাৰপৰা চিপচিপকৈ দি আছে ৷ এই এৰে এই দিয়ে ৷ টিনৰ চালিত পৰা বৰষুণৰ শব্দটো ভাল লাগিছে ৷ এনেকুৱা বতৰত কাৰ উঠিব মন যায় বাৰু ! গাৰুটো সাৱটি শুই থকাৰ এক বেলেগ আমেজ আছে ৷ মিতাৰ ফোনটো বাজি উঠিল ৷ চকু নেমেলাকৈয়ে তাই ধৰিলে ৷ নিশাৰ চিঞৰ, “ অ’ই উঠিব হোৱাই নাই তোৰ ! কুম্ভকৰ্ণ কিমান শুৱ ? উঠ উঠ ৷ জালুকবাৰী যাও আমি ফুৰিব ৷ ”… তাই জাঁপ মাৰি উঠিল, “ হঠাৎ কিয় ? কি হ’ল ?” …“ নাই একো হোৱা নাই এনেই ৷ বৰষুণো দি আছে ৷ বতৰটো ভাল লাগিছে ৷ ইহঁতেও ক’লে যাওঁ বুলি ৷”…“ এ হয় নেকি ৷ ৰহ্‌ মই উঠাই নাই ৷ ready হওঁ দে ৷”
      বাছষ্টেণ্ডত ৰৈ ৰৈ প্ৰীতিহঁতৰ আমনি লাগিল ৷ মিতাৰ ৫ মিনিট গৈ আধাঘণ্টা হ’ল ৷ তাইৰ এইটো নতুন কথা নহয় ৷ সদায় দেৰি ! ফোন কৰোতে তিনিবাৰমান এটাই উত্তৰ , “ এই পালোৱেই আৰু ৷” তেতিয়াও চাগে চুলি ফণিয়াবলৈ বাকী ! শেষত যেনিবা পালে আৰু আহি ৷ বৰষুণ দি থকা বাবে শেষৰ খালি চিট নিবিচাৰিলে ৷ খিৰিকীৰ আইনাবোৰত বৰষুণৰ পানীৰ টোপালবোৰৰ অঘোষিত প্ৰতিযোগিতা ৷ ৰাস্তাবোৰ সেমেকা ৷ অনবৰতে বৰষুণ পৰিয়েই আছে ৷
       সেমেকা জালুকবাৰী আৰু কিছুমান সেমেকা স্মৃতি ৷ বৰষুণৰ বতৰত জালুকবাৰীখন আকৌ জীয়ায় ৷ সেউজীয়াবোৰ আৰু বেছি সেউজীয়া হয় ৷ সিহঁতে ভাল পায় ৷ ভাল পায় ইউনিভাৰ্চিটিৰ ৰাস্তাটো ৷ কৃষ্ণচূড়াৰ দেশত আকাশ ৰাঙলী কৰিবলৈ এতিয়া কৃষ্ণচূড়া নাই ৷ বাটটোত ৰঙা দলিচা পাৰি থৈছে ৷ তথাপিও মায়াময় এইখন 'দেশ' ৷ ৰং বিৰঙী ছাতিবোৰ লৈ গৈ আছে মানুহবোৰ ৷ কাৰোবাৰ চাবলৈও সময় নাই ৷ কোনোবাই আকৌ পৰি থকা ফুল বুটলি শৈশৱলৈ ঘূৰি গৈছে ৷ কোনোবাই প্ৰিয়জনৰ হাতত ধৰি লাহে লাহে খোজ কাঢ়িছে আৰু কিছু অদৰকাৰী কথা ৷ সিহঁত  চাৰিওজনীয়েও ছাতি মেলি লাহে লাহ খোজ দিলে । কিবা কিবি শেষ নোহোৱা কথা ৷ ঠায়ে ঠায়ে সৰু সৰু পানীৰ ডোঙা ৷ প্ৰীতিয়ে কোনো বাৰ তাত জঁপিয়াই দিছে ৷ পানী চিটিকি আহি বাকীকেইজনীৰ কাপোৰত পৰিছে ৷ ৰিমাই বৰষুণ ভাল পায় ৷ তাই ছাতিটো জপাই ল’লে ৷ মিতায়ো তাইৰ টো জপালে ৷ বাকীদুজনীৰ আকৌ তিতি জ্বৰ হোৱাৰ ভয় ৷… সিহঁত প্ৰত্যেকেই প্ৰত্যেকৰপৰা বেলেগ ৷ প্ৰীতিয়ে অংক ভাল নাপালে কোনোদিন ৷ জ্যামিতিৰ বাহু নিমিলে, কাৰণ তাই তাত কবিতা বিচাৰি নাপায় ৷ নিশাৰ কণ্ঠত এক মায়াবী যাদু আছে ৷ তাই গুণগুণাই ভাল পায় ৷ আৰু মিতা , তাই নাটকত কেতিয়াবা যদি সীতা হয় কেতিয়াবা আকৌ মুখত বগা ৰং সানি মাইম কৰে ৷ ৰিমে কেনভাছত ৰঙেৰে সপোন চটিয়াই ভাল পায় ৷ ৰং বোৰ আছে বাবেই জীৱনটো ধুনীয়া ৷ চাৰিওজনী যেন ঠিক বাহুৰে লগ লাগি থকা চতুৰ্ভুজৰ চাৰিটা কোণ ৷ কিছুমানে কয় , “ You are different from each other. ” … সিহঁতে হাঁহে , because, 'not every beautiful poem rhymes' !
( to be continued )

No comments:

Post a Comment