ৰাতিপুৱা এলাৰ্মটো বন্ধ কৰি এবাৰ বাগৰ সলাই আকৌ গাৰুটো জোৰকৈ সাৱটি ল’লো৷ আমেজ ! বাহিৰত বৰষুণ৷ গছৰ পাতৰ আগবোৰৰপৰা টোপ টোপকৈ পানী সৰি পৰিছে ৷ খিৰিকিৰে বাহিৰলৈ চাই ভাবিছো "চেহ! ইমান মজা শুই থকা বতৰ কেনেকৈ উঠো বাৰু ৷ ধেই বৰ অশান্তি দেই ৷"
তেতিয়া হয়তো ২-৩ বছৰীয়া ৷ বৰষুণ কি নাজানো৷ Was not matured enough to feel the word . বুজা নুবুজাৰ মাজত কিবা এটা ৷ ওপৰৰপৰা দীঘল দীঘল পানীৰ টোপালবোৰ তললৈ নামি আহে৷ ভেণ্টিলেচনেৰে চিটিকনিবোৰ মুখত পৰিলে ভাল লাগে ৷ আইতাৰ বিচনাত শুই টিনৰ চালত পৰা বৰষুণৰ টোপালৰ শব্দ শুনি টোপনি অহা দুপৰীয়াবোৰ শৈশৱ৷ কেতিয়াবা শিল পৰে৷ কোমল মনটোৱে ঢুকি নোপোৱা প্ৰশ্ন৷ শিলবোৰ আকাশত ক’ত থাকে ! নাৱৰাৰে বাগৰি অহা বৰষুণৰ পানী হাতৰ চলুত লৈ চিটিকাই দিয়াৰ লগে লগে পাছৰপৰা ককাৰ মিঠা ধমকি "মাতু জ্বৰ হ’ব৷" তেতিয়া বৰষুণ মানে মাৰ ওচৰত আবদাৰ…"কাগজৰ নাওঁ এখন বনাই দিয়া না পিলিজ৷" পানীৰ ডোঙাত নাওঁ উতুৱাবলৈ গৈ পিছল খাই পৰাতেইতো আছিল শৈশৱ…!
স্কুললৈ যাওঁতে ৰং বিৰঙী কাৰ্টুন অঁকা হাঁকোটা থকা ছাতিকেইটা কম মৰমৰ আছিল নে ! কোনোমতে আঁঠুলৈকে ঢাক খোৱা Rain coat কেইটাৰে আমাক চাগে বৰষুণৰ দিনত 'কোই মিল গয়া’ৰ যাদু যেনেই লাগিছিল ৷ মুখখনতো তিতিছিলেই, আঁঠুৰ তলৰ ভাগ বোকাই পানীয়ে লুতুৰি পুতুৰি ৷ পানীৰ ডোঙা দেখিবহে লাগে কণমাণি ভৰিকেইটাৰে দিলো গৈ জঁপিয়ায় ৷
আস্ ! বৰষুণত ছাতি লৈ লৈ কেতিয়া বৰষুণৰ টোপালবোৰৰ প্ৰেমত পৰিলো নিজেও নাজানো৷ we used to take the longest route. স্কুল ছুটীৰ পাছত আধা বাট আহিছো মাত্ৰ " ইস ৰাম আহিল বৰষুণজাক ৷" ছন্দা আৰু মই ছাতি দুটা মেলি ল’লো ৷ নাই ছাতিয়ে কাম নিদিয়ে ৷ তিতিব লগাখিনি তিতিলোৱেই ৷ "এহ্ বন্ধ কৰ এইডাল। কাম নাই একো ৷" দুয়ো ৰাস্তাৰ মাজত থিয় হৈ হাতদুখন মেলি ওপৰলৈ মুখখন পাতি দিলো ৷ চকুৰ পতা তিয়াই গ’ল ৷ কোনোবাই দেখিলে হয়তো ৰোমাণ্টিক চিনেমাৰ প’জ বুলি ভাবিলেহেঁতেন ৷ Fortunately ,আন মানুহবোৰ আমাৰ দৰে পাগল নহয় এনে বৰষুণত ঘৰৰপৰা ওলাবলৈ ৷ …বৰষা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমিয়ে…কোনোবাই শুনিলেও শুনক, who cares . We are insane & we accept it.
"য়েহ বে আজি পানী হ’ব ৰাস্তাত ৷" কলেজৰপৰা তিতি তিতি বাছষ্টেণ্ডলৈ আহোতে পানীত ডুবি থকা চান্দমাৰিখন কল্পনা কৰি লৈছিলো ৷ পানী পানী আৰু পানী ৷ উপায় নাই ৷ একঁকাল পানী ভাঙি ঘৰ পোৱালৈ ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠে ৷ বাটত আকৌ এপ্লেট গৰম গৰম ম’ম’ ৷( কম খকুৱা নেকি !)
বৰষুণ, তোক ভাল নোপোৱাকৈ থাকো কেনেকৈ ? I have wild fantasies ..জালুকবাৰীৰ প্ৰেমত পৰিবলৈতো তই ধুই নিয়া ৰঙাবোৰেই যথেষ্ট৷ আৰু পুখুৰীৰ পাৰৰ লুংলুঙীয়া বাটটোৰ সেই ৰাধাচূড়াজোপা …তোৰ পৰশত জীপাল হয় ৷ বনৰীয়া মনটোৱে চোন সেউজীয়া আৰু ভিজা মাটিৰ গোন্ধৰ মাজত হেৰাই যাবলৈ হাহাকাৰ কৰে ৷ …বৰষুণ মানে শ্বিলং…বৰষুণ মানে জালুকবাৰী…বৰষুণ মানে হেল’জেন …! Don't get strange if you find me cuddling on a couch in worn pajamas ..আমেজ ! খিৰিকিৰ গ্লাছেৰে বৈ অহা পানীৰ টোপালবোৰ চাই চাই চেঁচা পৰি যোৱা কফি কাপ একে উশাহে শেষ কৰি ,কিনকিনিয়া বৰষুণত খোজকাঢ়ি বাটৰ কাষত পৰি ৰোৱা সোণাৰু বুটলি পাইছা ? কৃষ্ণচূড়াৰ ৰঙাৰে সেমেকি থকা বাটটোৱে আমনি নকৰে ? ছাতি থাকিলেও কেতিয়াবা বৰষুণত তিতি চাবাচোন …বৰষুণ এক আবেগ…আবতৰীয়া আবেগ !

No comments:
Post a Comment