আন্ধাৰ নামিল লাহে লাহে ৷ সিহঁতেও ঘৰলৈ বুলি খোজ ল’লে ৷ উজান বজাৰৰ গছবোৰৰ মাজে মাজে Street light বোৰ জ্বলি উঠিল ৷ হেল’জেনৰ পোহৰত কিবা এটা বুজাব নোৱৰা মাদকতা আছে ৷ ৰিমে ভাল পায় ৷ নদীৰ এচাটি ঠাণ্ডা বতাহে চুই গ’ল সিহঁতক ৷ সিহঁতৰ লগত থাকিলে তাইৰ কেতিয়াও কোনোবা বিশেষ এজনৰ অভাৱ অনুভৱ নহয় ৷ নালাগে তাইক ৷ ইহঁতেই যথেষ্ট ৷ আকাশে যদি গাড়ীয়ে খুন্দিয়াব বুলি ৰিমক বাওঁফালে ঠেলি দিয়ে , ৰাগে ৰাষ্টাটো হাতত ধৰি পাৰ কৰাই দিয়ে ৷ আৰু দীপ ? সি সদায় ওলোটা ! লাহেকে মাত দিব " তাইক ৰাষ্টাৰ মাজত ঠেলা মাৰি দেচোন গাড়ীখনৰ আগত ৷"… কিন্তু তাইয়ো ভালকৈ জানে কিবা এটা বিপদ হ’লে আকাশ আৰু ৰাগৰ লগত সিও লগে লগেই দৌৰি আহিব ৷ সিহঁতক আজিকালি বহুত দিনৰ মূৰতহে লগ পায় ৷ গোটেইকেইটা হোষ্টেলীয়া হ’ল ৷ বহু মাহৰ মূৰত এনেকৈ বহিবলৈ পায় ৷ তাই ৰৈ থাকে বিহু পূজালৈ ৷ আকাশ যদিও বেছি দূৰত নাথাকে তথাপি ব্যস্ততাৰ মাজত লগ কৰা সময় নাই ৷ ৰিমৰ মাজে মাজে বুকুখন গধুৰ হৈ যায় ৷ আমিবোৰ যে কিমান ব্যস্ত হৈ পৰিছো ভাবিলে ভয় লাগে ৷ সৰুকালৰ দিনবোৰেই ভাল আছিল ৷
প্ৰথম শ্ৰেণীত প্ৰথম বাৰৰ বাবে লগ পাইছিল আকাশক ৷ বৰ বিশেষ একো মনত নাই যদিও তাৰ পিছত আৰু তাক পাহৰিব লগা situation হয়তো অহা নাই। উজ্জল চকু দুটাৰে এখন মৰম লগা মুখ ৷ ৰিমতকৈ কিন্তু চাপৰ ৷ আৰু এতিয়া ? তাই মূৰ তুলি চাব লাগে তালৈ ৷ তাৰ ভাষাত ' height matters'. ৰিমৰ উঠে খং ! ৰিমৰ লগত তাৰ বন্ধুত্ব কেতিয়াৰ পৰা কেনেকৈ কোৱা টান ৷ সময়ৰ সোঁতত অচিনাকী মুখবোৰ কেতিয়া কেনেকৈ আপোন হৈ পৰে ধৰিবই নোৱাৰি চোন ৷ মাজে মাজে তাই ভাৱে ল’ৰালিৰ সেই দিনবোৰ আকৌ ঘূৰাই পোৱাহেঁতেন ! সেই বকুলৰ মালা গঁথা দিনবোৰ, কৃষ্ণচূড়াৰ পাহিৰে নখ বনোৱা, চম্পা ফুলৰ আঙঠি বনোৱা, কাগজৰ নাওঁ সজা দিনবোৰ…এতিয়াৰ দৰে অন্ততঃ যান্ত্ৰিক নাছিল ৷
দীপকো সৰুতেই পাইছিল ৷ কিন্তু ইমান এটা close নাছিল ৷ চাব গ’লে স্কুলত থকালৈ একোৱে নাছিল ৷ কলেজ পোৱাৰ পিছত সেই স্কুলৰ নিগনিটোও ডাঙৰ হ’ল ৷ তাৰ লগত বন্ধুত্বটো কেনেকুৱা কোৱা টান। দিনৰ দিনটো ৰিমক জলাই মাৰে, কিন্তু নোম শিয়ৰি উঠা dark secret বোৰো তাইকেই কয় ৷ সি এদিন তাইক কৈছিল তাইৰ হেনো 'নাহৰৰ নিৰিবিলি ছাঁ' ৰ 'ভাস্বতী' চৰিত্ৰটোৰ লগত বহুখিনি মিল আছে ৷ তাৰ পিছত কিন্তু ৰিমৰ সেমেকি উঠা চকুযোৰ সি দেখা নাছিল ৷
অনুৰাগ…তাইৰ ৰাগ ৷ সিহঁতৰ সম্পৰ্কটো বুজাই কোৱা হয়তো অকমাণ অসুবিধা হ’ব ৷ বাকী দুজনতকৈ ৰিম ৰাগৰ ওপৰত অলপ বেছি dependent . ক্লাছ এইটত প্ৰথম আহিয়ে তাৰ যি ওস্তাদি ! ৰিমৰ একেবাৰে দেখিব মন নগৈছিল ৷
( to be continued )
No comments:
Post a Comment