কেতিয়াবা আকৌ এইবোৰ ধেমালিয়েই extreme point পায় গৈ ৷ তেতিয়া বেয়া কৈ কাজিয়া লাগে ৷ ৰিমৰ b'day ৰ দুদিনমান আগতে ঘটিছিল কিবা এটা আকাশ আৰু দীপৰ লগত ৷ সিহঁত দুয়ো ৰাতি তাইক wish কৰিবলৈও ভয় কৰিছিল ৷ ইফালে তাই কাজিয়াৰ কথা কাহানিবাই পাহৰিলে ! আনহাতে ৰাগ ৷ তাৰ লগত অৱশ্যে কাজিয়া লগা নজিৰ নাই ৷ b'day ৰ ৰাতি আকৌ ৰাগ আৰু প্ৰীতিৰ হেতা ওপৰা লাগে কোনে আগতে ৰিমক wish কৰিব ! 12 টাৰ 10 মিনিট আগতেই ফোন কৰি বেলেগে wish কৰিব নোৱৰাকৈ line busy কৰি থৈ দিয়ে ৷ শেষত যেতিয়া কয় " ঐ শুন না, I love u " তাইৰ চকুপানী বৈ আহে ৷ তাইয়ো তাক ভাল পায় বন্ধু হিচাপে, ভাই হিচাপে ৷ কিন্তু বহুতেই আকৌ কথাবোৰ বেলেগকৈ ভাবে ৷ সিহঁতেও অৱশ্যে বৰ বেছি পাট্টা নিদিয়ে ৷ কলেজত প্ৰথম ভৰি দিয়াৰ পিছতেই সিহঁতৰ সম্পৰ্কটো কিমানে কিমান ধৰণে যে ভাবিছিল ! সময় যোৱাৰ লগে লগে সকলোৱে salute কৰিছিল…বন্ধুত্ব এতিয়াও জীয়াই আছে ৷ দুয়োৰে practical ৰ group ও এটাই আছিল ৷ উফ্ কি কি যে উৎপাত কৰা নাছিল lab ত ! chem lab ত কিমান কি chemical মিহলাই নিজেই কিবা কিবি experiment কৰিছিল ৷ কেতিয়াবা যদি ধোঁৱা ওলাইছিল কেতিয়াবা টেষ্ট টিউব ফাটিছিল ৷ Bio lab ত তো ক’বই নালাগে ! সিহঁতৰ চাৰ্কাছ পাৰ্টী আৰম্ভ হৈ যায় ৷ ৰিমে bio ভাল পায় ,ইফালে ৰাগে একেবাৰেই নাপায় ৷ তথাপি তাইৰ লগত অকমাণ সময় বেছিকৈ কটাবলৈ bio tuition ও লৈছিল একেলগে ৷ Tuition ৰ শেষতো আড্ডাৰ শেষ নাই ৷ Ice cream খাই খাই আধা বাট খোজ কাঢ়ে ৷ কলেজ বুলি ক’লে তাইক ৰাগৰ নামটোৱেই আগতে দৌৰি আহে ৷ ৰাতিপুৱা তাইৰ দেৰি হ’লে " অ’ই মোৰ এটা seat ৰাখি থ’বি ৷" আৰু সিও ধুনীয়াকৈ তাৰ কাষতেই ঠাই উলিয়াই থয় ৷ ৰাগৰ বাবে কলেজ মানে ৰিমৰ dialogue বোৰ " বাছষ্টেণ্ডত ৰখ একেলগে যাম ৷" "টিফিন খাবি ?" "ব’ল ছাতি নোহোৱাকে বৰষুণত যাওঁ ৷" " এহ বান্দাৰ দোইলে দিম ৷ " " এহ ছলি আফ্লে দিম তোক ৷" -এইবোৰ অবিহনে যেন সকলো খালি ! সিহঁতৰ এজন ছাৰ আছিল ৷ কোনোদিন student ৰ লগত eye contact নহ’ল ৷ সদায় চুকবোৰৰ মকৰাজাল চাই চাইয়ে বুজালে আৰু সিহঁতে কি বুজিলে নাজানে কিন্তু তাৰ মাজতে টিফিনৰ বাদাম, চানা ঠিকেই খালে ৷ ক্লাছটো শুই, ছবি আঁকি , কটা কটি খেলিয়ে পাৰ কৰিলে ! …কিমান দিন যে বাৰিষা গুৱাহাটী ডুবিল আৰু সিহঁতেও পানী ভাঙি ঘৰ পালে তাৰ হিচাপ নাই ৷ তাই সেই পানীৰ মাজতো উৎপাত কৰে ৷ অৱশ্যে ৰাগ লগত থাকিলে তাইৰ ভয় নাই ৷ কেৱল বানপানী নহয় জীৱনৰ প্ৰতিতো খোজতে সি আছে ভাল বন্ধু হিচাপে ৷ তাই ভালকৈ জানে সি নিজে উজুতি খালেও তাইক পৰিবলৈ নিদিয়ে ৷
( to be continued )
No comments:
Post a Comment