Friday, 23 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 6 ( A friendship tale )


   ᪆                               ᪆( ৫ )
     “ এই চান্দমাৰি, নুনমাটি, নাৰেংগী ..আহক আহক খালি আছে ৷” - হেন্দিমেনৰ চিঞৰ শুনি বাছলৈ দৌৰিলে ৷ যদিও ঠিয় হ’ব পৰাকৈ অকমাণ খালি ঠাইয়ে আছিল, সিহঁত সেইখন 'খালি বাছ' তে উঠিল ৷ উপাই নাই ৷ দেৰি হৈছে ৷ গুৱাহাটী ক্লাবত বহু সময় ৰ’ল বাছখন ৷ গৰমত আমনিও লাগিল ৷ গোটেই বাছখন ঘামৰ গোন্ধে আমোল মোলাই গৈছে ৷ কলেজত পঢ়া দিনতো কেতিয়াবা গোটেই কেইজনী গুৱাহাটী ক্লাবত লগ হয়। কোনোবাজনী আগত আহি পাই ৰ’দত ৰৈ ৰৈ পাগল হয় ৷ বাকীকেইজনী আহি পালেই গালি দিয়া আৰম্ভ, “ বাহ্‌ বহুত সোনকালে আহিলি ! আৰু অলপ দেৰি হ’লে মোক নেদেখিলিয়ে হয়, কলা কলা ছাঁই দেখিলি হয় ইয়াত ৷” তাৰ পিছত আকৌ সিহঁতক শেষৰ ছিটটো খালি থকা বাছ হে লাগিব ,লগা হ’লে এঘণ্টা ৰ’ব ৷ মুঠতে একেলগেই বহিব ৷ নাচোৰবান্দা ! ৰিমৰ stream বেলেগ আছিল, সেয়ে tuition বোৰো বেলেগ ৷ কেতিয়াবা নিশাহঁতৰ লগত তাইৰো tuition ৰ সময় মিলিছিল ৷ আৰু সিহঁতে লগ নকৰাকৈ থাকিব ? হ’ব পাৰে নেকি ! ৰিমে মহৰ কামুৰ খাই তাতেই ৰৈ থাকিছিল বাকীকেইজনীৰ টিউচন শেষ হোৱালৈ ৷ আৰু প্ৰত্যেকবাৰ লগ পালে একেই excitement ৷ সিহঁতে ইংৰাজীৰ টিউচন একেলগে কৰিছিল ৷ উদ্দেশ্য ,সপ্তাহত অন্ততঃ এটা ক্লাছ এখন বেঞ্চত বহি কৰা ৷ যায় আধা ঘণ্টা আগত আহে এঘণ্টা পাছত ৷ তথাপি চোন কিমান কথা ৰৈয়ে যায় !

                               ( ৬ )
     সিহঁতৰ এখন নিজৰ দুনিয়া আছে ৷ social media, whatsapp ৰ দুনিয়া ৷ ৰাতি সকলোৱে কিতাপ জপোৱাৰ পাছত ২ মান বজাত সাৰ পায় এইখন দুনিয়া ৷ আঁঠুৱাৰ তলৰ আন্ধাৰত ম’বাইল screen বোৰ জ্বলি উঠে ৷ আজি  গধূলিটো এনেদৰে ফুৰি সবৰে ভাগৰো লাগিছিল ৷ মাজৰাতি whatsapp ৰ group ত মিতাই msg এটা দিলে, “ ভোক লাগিছে বে ” … ৰিমৰ reply ,“ ৰাক্ষক, অলপ আগত ভাত খাইছহে ৷ ভোক লাগিব হ’লেই ! ” অলপ পিছত নিশাও আহি ওলাল ৷ “ অ’ই মোক আজিৰ photo বোৰ দে ৷ DP দিব লাগে ৷” …“এই ৰাতিখন এইক আৰু Dp ৰ ভুতে ধৰিছে”… আৰু তাৰ পিছত কিছু অদৰকাৰী কথা ৷ প্ৰীতি টোপনি ৷ তাই আকৌ ৪ মান বজাত সাৰ পাই গান record কৰি পঠাব, “ ছাহে কোই মুঝে জাংগলী কাহে..মই জংগলী মই জংগলী জংগলেই মোৰ ঘৰ !”… আৰু নিশ্চয়কৈ তেতিয়া তাইৰ সৃষ্ট এই গানবোৰ শুনিবলৈ কোনো সাৰে নাথাকিব ! - এইখন সিহঁতৰ দুনিয়া ৷ তাত সিহঁতে সুখ দুখৰ কথা পাতে ৷ Emoji ৰে হাঁহে কান্দে, কাজিয়া লাগে, Senti ফালে , অভিমান কৰি group Left মাৰে, কোনোবাই বুজাই আকৌ Add কৰে … ই-আবেগ ! এখন ই-দুনিয়া ৷ য’ত সিহঁত তেনেকৈয়ে সুখী ৷ য’ত কিছুমান অদৰকাৰী কথাও বহু সময়ত দৰকাৰী হৈ পৰে ৷
( to be continued )

No comments:

Post a Comment