ৰিম আৰু প্ৰীতিৰ stream বেলেগ আছিল যদিও ৰিমে বেছি অকলশৰীয়া অনুভৱ কৰা নাছিল কেতিয়াও ৷ কাৰণ তাইৰ লগত স্কুলৰপৰা একেলগে পঢ়ি অহা অনুৰাগ আছিল ৷ সি তাইক অকলশৰীয়া অনুভৱ কৰিবই দিয়া নাছিল ৷ তথাপিও তাই সিহঁতক miss কৰিছিল ৷ চাৰিওজনী কলেজৰ শেষত chance পালেই লগ হৈছিল ৷ কথাৰ আৰম্ভণি হৈছিল মাথো, শেষ নহৈছিল ৷ নতুন বন্ধুৰপৰা আৰম্ভ কৰি নতুন চিনেমা , election ৰ পৰা আৰম্ভ কৰি গানৰ lyrics , ধেমাজিৰ বানপানীৰপৰা মিছেল ওবামা…উফ্ ! কিমান যে সংগতিবিহীন কথা !
( ৩ )
…মাত্ৰ কিছুসময় আগতে 'মই যাওঁ' বুলি খঙত কোৱা প্ৰীতিয়ে কথাবোৰ rewind কৰি জোৰকৈ হাঁহি দিলে ৷ সিহঁতৰ কাজিয়া লাগে সঁচা কিন্তু পুৰণি কিছুমান কথা মনত পেলাই আকৌ সকলো পাহৰি যায় ৷ নিশাই কফিৰ কাপটোত সোহা এটা মাৰি হঠাৎ হাঁহি দিলে ৷ মিতাই গালিৰ সুৰত ক’লে,“ পাগলী গাঁঠি লাগি মৰিবি ৷”…“ নমৰো ৰহ্৷ কথা এটা মনত পৰিল ৷” বাকীকেইজনীয়ে একো নামাতিলেও চকুত এটাই প্ৰশ্ন, “ কি কথা ?”…“ মনত আছে মিতা এবাৰ যে pol science ৰ ক্লাছত last bench ত বহি তই শুইয়ে গ’লি ৷ attendance লৈ থাকোতে হঠাৎ সাৰ পাই বেলগৰ নামতে present ma'am কৈ দিলি ৷ ma'am জনীয়ে আকৌ কয় টোপনি ভাঙিল চাগে !”…“ অহ্ ৰে বেয়া লাজ পাইছিলো ৷” - গোটেই কেইজনীয়ে হাঁহি দিলে ৷ প্ৰীতিয়ে কফি কাপ খাই, “ এইবোৰ latte- ফাটে খাব লৈ আহ’ মোক, তাতকৈ মই বেছি ভাল বনাও কফি ৷” মেনেজাৰজনে শুনা পালে সম্ভৱ ৷ সিহঁতলৈ ঘোপাকৈ চালে ৷ ৰিমৰ ভয় লাগিল ৷ নিশাইয়ো ভাবিলে ইয়াৰ পৰা ফুটাই ভাল ! bill pay কৰি ওলাই আহিল কিন্তু সেই last bench ত টোপনি মৰাৰ পৰা আৰম্ভ হোৱা কথা চলিয়ে থাকিল ৷
“ আমি ক্লাছৰ মাজত tiffin খাইছিলো ৷ বুট, চানা, কিচমিচ, কাজু ৷”…“আমি bunk মাৰোতেই গ’ল পিছত ৷ মানুহ ক’ত গায়াব হৈ থাকো পাট্টায়ে নাই ৷”…“ আমাৰবোৰে কিমান proxy মাৰে ৷”…ৰিমে সিহঁতৰ কথাৰ মাজতে কৈ উঠিল, “ মই proxy মাৰিয়ে নাপালো৷ bunk ও চাগে দুটাৱে মাৰিছিলো ৷”…কোনোবাজনীয়ে ঠাট্টাৰ সুৰত ক’লে,“ তুমি মহান আৰু ! হিৰ’ মানুহ !”… কিমান কথা ৷ দৰকাৰী অদৰকাৰী ৷ শেষ নহয় ৷
গৰম দিনৰ ৫বজা মানে বেলি ডুবিবলৈ এতিয়াও বহু সময় ৷ সিহঁতে বেলিভিউলৈ খোজ দিলে ৷ কৃষ্ণচূড়া ফুলা বতৰ ৷ বাটটোত ৰঙা পাহিবোৰ সিচঁৰিত হৈ আছে ৷ মানুহৰ খোজত প্ৰায়বোৰ উৱলি গৈছে ৷ উজান বজাৰৰ নৈৰ পাৰত সোণাৰু ফুলিছে ৷ জাকে জাকে হালধীয়া ৷ সিহঁত গৈ বেলিভিউৰ ৰাস্তাটোৰ কাষত বহিল ৷ এজাক ঠাণ্ডা বতাহে চুই গ’ল ৷ নৈৰ বুকুত অস্তমিত সূৰুয ৷ সমুখত এখন হেঙুলীয়া আকাশ ৷ নৈৰ বুকুতো যেন হেঙুলীয়াবোৰ কোনোবাই মিহলি কৰি দিছে। এজাক চৰাই উৰি গৈ দিগন্তত হেৰাই গ’ল ৷ দূৰত এখন ঘৰমূৱা নাও, লাহে লাহে আগবাঢ়িছে ৷
( to be continued )
No comments:
Post a Comment