᪆ (৫)
আজিকালি ৰাগ গুৱাহাটীত নাথাকে ৷ পুৰণি দিনবোৰ miss কৰে তাই ৷ কলেজত সি থকা কাৰণে বেছি বন্ধু নহ’লেই ৷ প্ৰয়োজনবোধেই নকৰিলে ৷ আছিল যদিও বেছিকৈ ল’ৰা বন্ধু᪅ ৷ কিন্তু worst part of college life, কোনো ল’ৰা প্ৰেমত পৰিব পৰাকৈ ভাল নালাগিলেই চোন তাইৰ ! কথাবোৰ ভাবি পেঞ্চিলডাল কামুৰি বহি থাকোতেই ৰাগৰ ফোন আহিল " অ’ ডাৰ্লিং কি কৰিছ’ ?" …“সব তোৰ কাৰণেই হ’ল জাননে ৷ তই আছিলি কাৰণে কাকো নাচালো ৷” সি থত-মত খাই “হাও, মই কি কৰ্লো ??" …“মই চোন কলেজত কোনো ল’ৰাকে ভাল নাপালো ৷” …“এহ্ পাগল …!” বুলি দুটাই হাঁহিব আৰম্ভ কৰে ৷ আধা ঘণ্টামান কথাৰ মহলা মাৰে ৷ দুটা যদি লাগতিয়াল, দহটা অলাগতিয়াল ৷ “Mid sem আহিল বে next week. একোৱে পঢ়া নাই জানা না ৷” আৰু ৰিমৰ সদায় এটাই dialogue “হ’ব দে কিয় টেনচন লৈছ’ ৷ আৰামত হৈ যাব ৷” অকমাণ সময় ৰৈ আকৈ ক’ব “মাত্ৰ কালি গৈ xerox ৰ দোকানৰপৰা syllabus খন লৈ আহিবি ভাই ! দুদিন পিছত ইঞ্জিনিয়াৰ হ’বি নহ’লে ভালকে ৷” সি হাঁহি হাঁহি ক’ব “ আবে ডাৰ্লিং তুমি সব জানা চোন ৷” … “ হ’ব যা নৌতংকী পঢ় গৈ ৷”
(৬)
কলেজত আৰু দুটামান বছৰ বেছিকৈ পোৱাহেঁতেন ! "কলেজ ৰেলিঙৰ আড্ডাটো আজি আৰু নাই আজি আৰু নাই …" গানটো মনত পৰিলে তাইৰ বুকুখন বিষাই যায় ৷ কলেজীয়া দিনবোৰ যেন শেষ নহওঁক ৷ সিহঁতৰ লগৰ প্ৰবালে প্ৰায় তাইক কয় “তই বেলেগ জাননে, unique species এটা ৷ বেলেগ ছোৱালীবোৰৰ নিচিনা নহয় , আমাৰ ল’ৰাবোৰৰ দৰে বিন্দাছ !” পিছফালৰপৰা আহি ৰাগে মাত দিব “ল’ৰাৰ নিচিনা মানে ? doubt নেকি তোৰ ,ল’ৰাৱে তাই !”…“একে চৰে দাঁত ভাঙিম তোৰ ৷” - এইবোৰ dialogue ৰাগৰ কাৰণে চিনাকী ৷ তাৰ কলেজ লাইফ মানে ৰিমৰ দাদাগিৰিবোৰ “অ’ই বাছষ্টেণ্ডত ৰখ একেলগে যাম ৷" "বেছি নকৰ্বি দোইলে দিম ৷" "ব’ল ছাতি নোহোৱাকে বৰষুণত যাওঁ ৷"…Really gonna miss this place, I'm gonna miss my college days…!
কলেজীয়া জীৱন…প্ৰেমে গজালি মেলাৰ বয়স ৷ প্ৰেমে যদি কেতিয়াবা হঁহুৱায় কেতিয়াবা কন্দুৱায় ৷ নবেম্বৰ মাহ পৰিছে ৷ ডিগ্ৰীৰ ক্লাছবোৰ কমি অহা বাবে কলেজ প্ৰায় খালি হৈ থাকে ৷ তাই মন কৰিছে ৰাগৰ কিবা এটা সলনি হৈছে ৷ He's feeling low. কিন্তু সি নিজে নোকোৱালৈ তাই একো সুধিব বিচৰা নাছিল ৷ সকলোৰে privacy থাকে আৰু limit cross কৰি আনৰ ব্যক্তিগত জীৱনত interfere কৰাটো তাই ভাল নাপায় ৷ শুকুৰবাৰ ৷ শেষৰ পিৰিয়ডটো ৰাগে কৰা নাছিল ৷ তাই আকৌ ক্লাছ bunk কৰি বেয়া পায় ৷ ক্লাছত থাকিলেও বাৰে বাৰে বাহিৰলৈ হে গৈছিল চকুটো ৷ প্ৰীতিয়ে তাইলৈ ৰৈ বহি আছে ৷ আৰু বহুত সময় ধৰি কাৰোবাৰ লগত কথা পাতি আছে ৷ নিশ্চয় হিয়া ৷ কিন্তু তাৰ মুখখন দেখি লগা নাছিল সকলো ঠিকে আছে যেন ৷ তেতিয়াই গৈ সুধিব মন গৈছিল "You ok ?" কিন্তু তাই নুসুধিলে ৷ আহোতে প্ৰীতিৰপৰা থুলমূলকৈ অলপ কিবা গ’ম পাইছিল ৷ যিয়েই নহওঁক কিয় তাই আছে তাৰ লগত সি নক’লেও, সি নিবিচাৰিলেও ৷… "She broke up.." -সন্ধিয়া তাৰ msg টো দেখি তাই এটা হুমুনিয়াহ কাঢ়িলে ৷ কোনোবাখিনিত তাইৰ এইটোৱে ভয় আছিল ৷ তাক কি বুলি সান্তনা দিব এতিয়া !
(to be continued)
Wow😍
ReplyDeleteThank u uddi 😊
Delete