(৭)
লাহে লাহে দুটা বছৰ পাৰ হ'ল ৷ তাইৰ MSc শেষ হ'ব হ'ল ৷ ঘৰত বিয়া বাৰুৰ কথাও ভাবিব ল'লে ৷ ঘৰৰ মানুহে কোনোবা ল'ৰাৰ কথা উলিয়ালেই তাই আকাশক কয় ৷ সি কথাবোৰ উৰুৱাই দিয়ে হাঁহি আৰু কয় ," যাবা, লগ কৰিবা ৷ ভাল লাগিলে yes কৈ দিবা। " …তাইৰ খং উঠে ৷ কোনোবাখিনিত অজান ভয়ত বুকুখন কঁপি উঠে , কেনেবাকৈ যদি প্ৰীতিয়ে কোৱা কথাবোৰ সঁচা হয় ! নাই তাই ভাবিবও নোৱাৰে আকাশক বাদ দি এটা জীৱনৰ কথা ৷ কিন্তু সি তো কেতিয়াও কোৱা নাই ভাল পাওঁ বুলি ৷ not a single commitment ! MSc শেষ কৰি তাই ঘৰলৈ যাব হ'ল ৷ এদিন তাই ক'লে যে এতিয়া হয়তো আগৰ দৰে আৰু কথা পতা নহ'ব , যিহেতু তাই ঘৰত থাকিব ৷ তাৰ পাছৰ দুদিনমান আকাশৰ কথাবোৰত যেন অলপ চিন্তাৰ ভাৱ ৷ তাই ধৰিব পাৰিলে ৷ সুধিলে মাথো কয় , " তুমি কোনদিনা যাবা ? " …এদিন হঠাৎ মাজৰাতি সি ফোন কৰিলে ৷ তাৰ দুদিন পিছত তাই যাবগৈ । সি কি ক'ব একো ধৰিব নোৱাৰি সুধিলে, " কি কৰিছা ?" …" obviously শুই আছো ৷ কোৱা ৷ "" নহয় মানে কথা এটা আছে ৷ পিছত কম দিয়া ৷" তাই কিবা কোৱাৰ আগতে আকৌ ক'লে সি ," মানে …মানে যদি ঘৰৰ একো আপত্তি নাথাকে মই তোমাক বিয়া কৰাম ! " …সি একে উশাহতে কৈ পেলালে ৷ তাই যেন একো ধৰিবই নোৱাৰিলে কি হ'ল ৷ অকমাণ সময় তাই থৰ লাগি থাকিল ৷ একেবাৰে বিয়াৰ বাবে proposal ! কেইটামান মূহুৰ্তৰ নিস্তব্ধতা ৷ ফোনত মাথো উশাহৰ শব্দৰ বাহিৰে এটা শব্দ যোৱা নাছিল ৷ তাইৰ চকুপানী ৰখাব নোৱাৰিলে ৷ তাই বিচৰাতকৈ যেন বহুত পালে ৷ আকাশৰ ৰূপত এখন সঁচা আকাশ পালে ৷ সঁচা অৰ্থত এজন সংগী পালে ৷ আৰু এনেদৰেই এদিন আকাশ আকৌ আহিল নীলাৰ ঘৰলৈ, তাইক একেবাৰে লৈ যাবলৈ ৷ যোৱা সাতটা বছৰ আগত এটা হাঁহিৰে দি যোৱা প্ৰতিশ্ৰুতি পুৰাব নাছিল জানো !
(৮)
তাইৰ বিয়াৰ পাছদিনাৰ এটা কথা মনত পৰি এতিয়াও হাঁহি উঠে ৷ বিয়াৰ পিছদিনা পুৱা কইনা অহা দেখি ঘৰৰ সৰু ল'ৰা ছোৱালী কেইটাই চিঞৰিলে , " য়েই ! কইনা আহিল ৷ " … আকাশ ভিতৰৰ ৰুমত আছিল ৷ সিও হঠাৎ চিঞৰি দিলে " য়েই কইনা আহিল ! " …তাৰ কাষত কাপোৰ জাপি থকা ভনীয়েকে মুখ মেলি তাৰ ফালে চালে ৷ সি লগে লগে মুৰটো খজুৱাই হাঁহি ক'লে, " মোৰ বিয়া বুলি পাহৰিয়ে গৈছিলো ৷ বেলেগ কইনা অহা বুলি ভাবিলো !" …ভনীয়েকে কি ক'ব একো ভাবি নাপালে , তাইৰ চাৱনিটোৱেই যেন কৈছিল, " Really bro ! Are u kidding me ! " … কথাটো গ'ম পাই নীলাই খুব হাঁহিছিল ৷ সিদিনা অনুভৱ কৰিছিল শিৰৰ সেন্দুৰকণৰ বাহিৰে চোন আৰু একো সলনি হোৱা নাই ৷
(৯)
নষ্টালজিয়াৰ মাজত দুটা ঘণ্টা কেনেদৰে পাৰ হৈ গ'ল নীলাই গ'মেই নাপালে ৷ তাইৰ flight ৰ সময় হ'ল ৷ সকলো যাত্ৰীকে boarding ৰ বাবে সাজু হ'বলৈ announce কৰিলে ৷ কিছু সময় পিছত তাই ছিটত বহিলগৈ ৷ ম'বাইল switch off কৰিব ওলাই দেখে আকাশৰ msg, " Happy journey ! Miss u :( "… তাই হাঁহি দিলে ৷ " It may not be a story wid roses , but not only red , u hv filled up my life wid all d colours ..love u :) " - reply টো দি তাই ফোনটো switch off কৰি দিলে ৷ উৰা মাৰিবলৈ তেতিয়াও কিছু সময় আছে ৷ অকমাণি খিৰিকীখনেৰে তাই বাহিৰলৈ চাই ৰ'ল ৷ বতাহত গছৰ পাতবোৰ সৰি নোহোৱা হৈছে ৷ আকাশখন লাহে লাহে মেঘে চানি ধৰিছে ৷ হয়তো বৰষুণ আহিব ৷ মানুহৰ জীৱনটোও তেনেকুৱাই কেতিয়াবা এজাক দুখৰ ধুমুহা, কেতিয়াবা এজাক সুখৰ বৰষুণ ৷বিমানখন লাহে লাহে মাটি এৰি উৰা মাৰিলে ৷ তাই ছিটবেল্টডাল মাৰি চকু দুটা মুদি দিলে ৷
মানুহৰ জীৱনত ঘাত-প্ৰতিঘাত থাকেই ৷ তাইৰো আছে ৷ কিন্তু সাহস দিবলৈ তাইৰ কাষত আজি আকাশ আছে ৷ তাইৰ সুখত সুখী হ'বলৈ, খোজত খোজ মিলাবলৈ, তাই কান্দিলে চকু পানী মচি নিদিলেও অন্ততঃ তাইৰ হাতখন ধৰি থাকিবলৈ আকাশ আছে ৷ কাৰণ 'নীলা' অবিহনে 'আকাশ'ও বৰ্ণহীন ৷
# সমাপ্ত
So it was my ideal story, a real one . Not a story wid red roses, a boy doesn't kneel down to propose a girl but they share every moment together . Reality is better than to live in hallucinations . :D … I haven't added anything from my imagination . Every single incident is true..just presented in my words. Hope you liked it :)
khub dhunia hoise.....
ReplyDeleteThank u so much :) …its one my personal favorite !
DeleteAwesome as usual!!!
ReplyDeleteThanks a ton :)
Delete