বৰষুণ ! কাহানিও বৰষুণ ভাল নোপোৱা, বৰষুণ দিলে ৰাস্তাটো বোকা হয় বুলি খং উঠা ছোৱালীজনীক তুমিয়েইতো শিকাইছিলা বৰষুণ ভাল পাবলৈ৷ লগত ছাতি থাকিও যিদিনা বৰষুণত তিতিবলৈ মন গৈছিল, সেইদিনা ভাবিছিলো .. "No, its not normal !" তুমিয়েইতো আনিছিলা মোৰ জীৱনৰ প্ৰথমজাক বৰষুণ ! প্ৰতিটো টোপালেই যেন কিবা ক'ব খুজিছিল, কিন্তু তাক বুজাৰ চেষ্টা হয়তো কোনেও কৰা নাছিলোঁ৷
নতুন স্কুল৷ বিশেষকৈ class 8 ত পুৰণি বন্ধুবোৰক এৰি নতুন কিছুমান মুখ আঁকোৱালি লোৱাটো ইমান সহজ নহয়৷ তাতেই আকৌ প্ৰথম দিনাই তোমাৰ লগত কাজিয়া৷ তাৰো কাৰণ বৰষুণ৷ তুমি সিদিনা বোকা লগা জোতাযোৰেৰে গচকি নিদিলেতো কাজিয়া নালাগেই৷ মোৰ সঁচাকৈ আচৰিতেই লাগে কেনেকৈ আমি ইমান ভাল বন্ধু হ'লো৷ দূৰত্ব কমি আহিল৷ মই গ'ম নোপোৱাকৈয়ে চোন তুমি মোক মোতকৈও ভালকৈ বুজি পোৱা হ'লা৷
আমাৰ মাজত সদায় আউল লগাইছিল সেই বৰষুণজাকেই ৷ বৰষুণ এক প্ৰকাৰ এলাৰ্জি বুলি ভবা মই আৰু আনহাতে তুমি, বৰষুণ দিলেই প্ৰেমিক কবি হৈ যাব বিচাৰা ৷ তোমাৰ বেগত ছাতি থাকিলেও বৰষুণত ভিজা, মই তোমাক জ্বৰ হ'ব বুলি গালি পৰা, আকৌ তোমাৰ উত্তৰ " আৰে বৰষুণ enjoy কৰ না, কাম নাই তোৰ৷" .. এইবোৰ নতুন কথা নাছিল ৷
মনত আছেনে class 9 ৰ ছয়মাহিলি পৰীক্ষা চলি থাকোতেও আহিছিল বৰষুণজাক আৰু তুমি জোৰ কৰিয়েই ছাতিটো কাঢ়ি নিছিলা ৷ তাৰ পিছত কি হৈছিল মনত আছে ? জ্বৰ হৈ গণিতৰ পৰীক্ষাই দিব নোৱাৰিলোঁ ৷ ঘৰত মোৰ খবৰ ল'ব যাওঁতে যে তুমি মুখেৰে একো নামাতি বহি আছিলা ৷ তোমাৰ মুখখন দেখি মোৰ বৰ বেয়া লাগিছিল, যেন অলপ দোষী দোষী ভাব ৷ মই কিন্তু এতিয়াও পাহৰা নাই সেইজাক বৰষুণ ৷ আহ ! বৰষুণ জাকৰ স্পৰ্শ এতিয়াও জীপাল হৈয়ে আছে ৷ কোনোবাই হয়তো ঠিকেই কৈছিল, " who thinks sunshine is the only happiness, he has never danced in the rain ! "
কলেজত থাকোতেও আহিছিল বৰষুণজাক, আগৰ দৰেই ৷ কিন্তু মোৰ লগত তিতিবলৈ ছাতিটো কাঢ়ি নিবলৈ তুমি নাছিলা , আছিল মাথো কিছুমান ভিজা ভিজা স্মৃতি ৷
( to be continued)
No comments:
Post a Comment