আমি সদায় একেলগে থাকিব নোৱাৰো বাবেই হয়তো ভগবানে স্মৃতি বোলা বস্তু এটা দিছে ৷ মই কিন্তু তেতিয়া প্ৰেমত পৰিছিলো, বৰষুণৰ প্ৰেমত ৷ তুমিয়েইতো শিকাইছিলা মোক ৷ কলেজৰ দুটা বছৰ বাৰু পাৰ হ'ল, মাজে মাজে লগো পাইছিলো ৷ কিন্তু তাৰ পাছত তুমিতো ডিব্ৰুগড়লৈ গুচি গ'লা বগা কোট আৰু স্থেতিস্কোপ লোৱাৰ সপোন পুৰাবলৈ ৷ যোৱাৰ আগদিনা তুমি যে কৈছিলা, " তইতো চাগে ভালে পাইছ' মই যাম কাৰণে ৷ বৰষুণৰ দিন কেইটা তোৰ at least শান্তিত পাৰ হ'ব ৷ " কিন্তু ইমান দিনে যে বৰষুণক লৈ কবিতা লিখা আৰম্ভ কৰিছিলো তুমিতো জনাই নাছিলা ! কাৰণ প্ৰেমে অংক ভুল কৰে কিন্তু কবিতা ভাল লিখে !
তাৰ পিছৰ তিনিটা বছৰত হয়তো গণিব পৰাকৈ লগ পাইছিলো বহুত মাহৰ অন্তত ৷ মই ডিব্ৰু বিশ্ববিদ্যালয়ত ছিট পোৱাৰ দিনা এনে লাগিছিল এতিয়া আৰু লগ পাবলৈ দিন গণি থাকিব নালাগে ৷ ফোনটো নহ'লে চাগে এই দিনবোৰো এটা যুগ যেন লাগিল হয় ৷ মই তালৈ যোৱা সময়ত তোমাৰ পৰীক্ষা চলি আছিল আৰু তাৰ মাজতো যে তুমি লগ কৰিব আহিব বিচাৰিছিলা ৷ মই নালাগে বুলি কওঁতে তোমাৰ খং কি চাবা, মোক নামাতেই ! তুমি কি বুজিবা ইমান ওচৰত থাকিও তোমাৰ পৰা আঁতৰি থাকিবলৈ মোৰ কিমান কষ্ট হৈছিল !
যোৱা দুটা বছৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ ৷ মাহত কিমান বাৰ লগ পাইছিলো হিচাপ নাই ৷ কেতিয়াবা মই গৈ ওলাওঁ, কেতিয়াবা তুমি ৷ প্ৰত্যেক ৰবিবাৰে লগ হোৱাতো এটা routine হৈ গৈছিল , ৰ'দ বৰষুণ , ঠাণ্ডা গৰম যিয়েই নহওঁক কিয় ৷ প্ৰায় মাইজান ঘাটত বহি মৰা আড্ডা , ব্ৰহ্মপুত্ৰৰ বালিচৰ, অস্তমিত সুৰুয আৰু কিছু হেঙুলীয়া স্মৃতি ৷ নীলা আকাশত উৰি থকা চিলাবোৰ দেখি এনে লাগিছিল পাখি মেলি উৰি যাওঁ মেঘৰ দেশলৈ ৷ তাত বহি থাকিলে প্ৰায় মোক জোকাবলৈ কৈছিলা, " অ'ই এতিয়া যদি বৰষুণ এজাক আহি যায় কথাই নাছিল ! আহ্ হা কি মজা হ'ব৷ কোনোবাই আজি ছাতিও অনা নাই ৷ ভিজা মেকুৰি হ'ব ৷" .. মনে মনে হাঁহি উঠিছিল যদিও কৈছিলো " বৰ বেছি মানে৷ আহক দে ভালে হ'ব৷" হোষ্টেলত এইবোৰ ভাবি অকলে অকলে হাঁহিছিলো ৷ এনেদৰে দুটা বসন্ত পাৰ হ'ল , নাহৰ কেইজোপাৰ হালধীয়াজাক সৰি আকৌ হালধীয়া হ'ল, ব্ৰহ্মপুত্ৰখন কিন্তু একে গতিৰেই বৈ থাকিল ৷ ইমানৰ পিছতো আমি মাথো 'best friends' হৈয়ে থাকিলো ৷
( to be continued )
No comments:
Post a Comment