Saturday, 5 November 2016

কৃষ্ণচূড়াৰ দেশত (part #1)


      এজাক বৰষুণ. . জীৱনত এজাক বৰষুণৰ মহত্ব কিমান মই ভালকৈয়ে বুজি পাওঁ। মাথো ৩০ টা মিনিট আৰু এজাক বৰষুণে সলনি কৰি দিব পাৰে জীৱনৰ অৰ্থ। যেতিয়া আবতৰীয়া বৰষুণ জাকৰ দৰে আবতৰত ফাগুণৰ ৰঙে ৰঙীন কৰি যায়, শৰতৰ শেৱালিৰ সুবাসে বিয়পি পৰে আৰু শীতৰ নিয়ৰসনা নিশাবোৰ আকৌ জীপাল হয় তেতিয়াই হয়তো পচোৱাৰ আচলত ধৰি নামি আহে জীৱনৰ প্ৰথম প্ৰেম। যৌৱনৰ প্ৰথমজাক বৰষুণেইতো আছিলা তুমি কিন্তু তাক বুজাৰ চেষ্টা হয়তো যোৱাতো বছৰত কেতিয়াও কৰা নাছিলো।
   
     কৃষ্ণচূড়াৰ দেশত আৰম্ভ কৰিছিলো জীৱনৰ এক নতুন অধ্য়ায়। laboratory ত Chemical বোৰৰ reaction কৰি ভাল পোৱা মই গুৱাহাটী বিশ্ববিদ্যালয়ত Chemistry ত MSc কৰাটোৱে ঠিক কৰিলোঁ। প্ৰথম ক্লাছ আৰম্ভ হোৱাৰ দিনাখন পুৱা বতৰটো ঠিকেই আছিল। কিন্তু দুপৰীয়া হঠাৎ কৰ পৰা জানো আহিল বৰষুণজাক। নতুন ঠাই নতুন পৰিৱেশ একো যেন ধৰিবই পৰা নাছিলোঁ ।

       ক্লাছৰ পৰা হোষ্টেললৈ যোৱা সময়তো কিনকিনাই পৰি আছিল বৰষুণ। কিয় জানো বৰষুণত তিতিবলৈ মন গ'ল, কৃষ্ণচূড়াৰ ৰঙাৰ মাজত নিজকে বিলীন কৰি দিব মন গ'ল। ছাতিতো সুমুৱাই খোজ দিলোঁ।অকমাণ দূৰ গৈছো নে নাই চিঞৰ বাখৰ শুনিলো। "অ মাইনা ছাতিতো মেলি লোৱা" "অ মাইনা বৰষুণত তিতিলে জ্বৰ হ'ব" "অ মাইনা. . "  . . হাঁহি খিখিন্দালিৰ পিছত বুজিবলৈ বাকী নাথাকিল মই যে Boys hostelৰ সন্মুখত আৰু লক্ষ্য যে মোৰ বাহিৰে আন কোনো নহয় । ভয়তে যিমান পাৰো বেগাই খোজ দিলোঁ । ৰুমত সোমায়ে গাৰুত মুৰ গুজি বহুত কান্দিলো । পিছতহে গ'ম পাইছিলোঁ সেইজাক ল'ৰাৰ মাজত যে তুমিও আছিলা। তুমি কিন্তু মোক প্ৰথম দিনাই কন্দুৱাইছিলা দেই !!
     
     বৰষুণত তিতা বাবেই নে ভয়তেই মোৰ ৰাতি জ্বৰেই উঠিল। পিছদিনা কেন্টিনত একাপ Coffee খাবলৈ বহি যেতিয়া হাচিয়াই আছিলো কাষৰ টেবুলৰ পৰা কোনোবোই কৈছিল "বৰষুণত ছাতি নল'লে এনেকুৱাই হয়।"  সেই কোনোবাজনতো তুমিয়েই আছিলা ! তেতিয়া এনেকুৱা লাগিছিল গৰম coffee  কাপ মুখতেই মাৰি দিও নেকি ! সেয়া আৰম্ভণি হে আছিল। তাৰ পিছত যে ক'ত জোকোৱা নাছিলা. . Department, কেন্টিন, ৰাষ্টা. . . উফ্ তোমাক দেখিলেই খং উঠা হৈছিল।

(to be continued)



4 comments:

  1. uii ma..ki dhunia likhisa sn..and ketya blog khulila gome napau

    ReplyDelete
    Replies
    1. Is that abhigyan ? Thank u so much :) …iyat sb purona story bur repeat korim rba..do follow !

      Delete
  2. Waiting for more....
    Gud luck dear...��

    ReplyDelete