Friday, 18 November 2016

এজাক নীৰৱ ভালপোৱা ( part 4 )


    পাইন কেইজোপা বতাহত লৰিছে ৷ বতাহে যেন কাণে কাণে কিবা কৈ গৈছে ৷ চহৰখন তেতিয়াও সাৰে আছে ৷ কিন্তু দূৰৈৰ তিৰবিৰাই থকা লাইটবোৰ দেখা পোৱাটো কোনোপধ্যেই সম্ভৱ নহয় ৷ চাৰিওফালে ঘন কুঁৱলীৰ আচ্ছাদন ৷ কেইটামান নীৰৱ মূহুৰ্ত তেনেদৰেই পাৰ হৈ গ'ল।  নিস্তব্ধতা ভাঙি এবাৰ অদিতি উচুপি উঠিল ৷ কিয় জানো হঠাৎ তাই দুৰ্বল হৈ গ'ল ৷ নিবিড়ে তাইৰ কঁপি থকা হাতখন নিজৰ হাতৰ মুঠিত ল'লে ৷ এইবাৰ তাই নিজকে ৰখাব নোৱাৰিলে ৷ তাৰ কান্ধত  মুৰ থৈ কান্দি পেলালে ৷
কঁপা কঁপা মাতেৰে তাই ক'লে " তুমি আকৌ কিয় ঘূৰি আহিলা নিবিড় ? " আকৌ কেইটামান মূহুৰ্তৰ নিস্তব্ধতা ৷ এইবাৰ তাৰ মাতটো যেন সেমেকি উঠিল ৷ " তোমাৰ বাবে অদিতি ৷ তোমাক ভালপাওঁ বাবে ৷ " … নিবিড়ৰ কথা শুনি তাই থৰ লাগিল ৷ " কি কৈছা তুমি ?" …' অ' অদিতি, তোমাক ভালপাওঁ বাবে৷ " , নিবিড়ে কৈ গ'ল , " নাজানো কেতিয়াৰপৰা  কিন্তু মই তোমাক ভাল পাই পেলাইছিলো ৷  সেই তেতিয়াই ৷ স্কুলত থকা দিনতেই ৷ তুমি ভালপোৱাৰ বিনিময়ত একো বিচৰা নাছিলা কিন্তু নিবিচৰাকৈয়ে মই তোমাক আঘাত দিছিলো ৷ অপমান কৰিছিলো তোমাৰ আত্মসন্মানৰ, তোমাৰ ভালপোৱাৰ ৷ তাৰ পিছত কেতিয়াৰ পৰা লাহে লাহে তোমাক ভাল লগা হ'ল নাজালো ৷ নাজানো কেতিয়াৰ পৰা তোমাৰ ভাল লগা বেয়া লগা সৰু সৰু কথাবোৰ নজৰ দিবলৈ ল'লো ৷ কিন্তু মই নিজেই তোমাক এবাৰ এনে ব্যৱহাৰ কৰাৰ পিছত তোমাৰ আগত কি বুলি মুখ খোলো ৷ ইমান সাহস মোৰ নাছিল অদিতি তোমাক ভালপাওঁ বুলি  ক'বলৈ ৷ " … কিছুসময় তাই নিবিড়ৰ মুখলৈ চাই থাকি আকৌ এবাৰ তাৰ কান্ধত মুৰটো পেলাই দিলে ৷ তাই আকৌ উচুপি উঠিল ৷  " কিয় কোৱা নাছিলা ইমান দিন ? তুমি যেতিয়াই ঘূৰি নাহিলেও মই আগৰ ঠাইতেই আছিলো নিবিড় ৷"  কিছু সময় তেনেদৰেই পাৰ হৈ গ'ল ৷
 
    …পৰিৱেশটো পাতলাবলৈ সি ক'লে, " মোৰ ছুৱেটাৰটো গোটেই তিতিল ৷ কোনে ধুব ! এনেকৈ যদি সদায় মই ধুব লগা হয়, better মোৰ girlfriend জনী যে আছিল স্কুলৰ, লিম্পা, তাইকে বিচাৰি যাওঁ নেকি কাইলৈ !" অদিতিয়ে মিছা অভিমান দেখুৱাই লাহেকৈ এটা ঠেলা মাৰি দিলে ৷ হঠাৎ কিবা মনত পৰাৰ দৰে সি এক জাপ মাৰি উঠিল আৰু cafeteria লৈ দৌৰ দিলে…"ৰ"বা আহি আছো ৷" আহোতে হাতত এটা ice cream !

   " Will you be my  valentine ?" …তাই হাঁহিত ৰ'ব নোৱাৰিলে ," What rubbish ! Ice cream..oh god ! Ice cream লৈও কোনোবাই propose কৰে নেকি !" ..."আৰে এইটো মোৰ style, মই কৰো ৷" সি দুষ্ট হাঁহি এটা মাৰিলে ৷ …" ৰ'বা আজি valentines day ক'ৰ পৰা আহিল ?" তাই সুধিলে ৷ …" কিয়, তুমিয়েই চোন dialogue দিছিলা ' for true lovers everyday is a valentines day' !" …তাই আচৰিত হৈ ক'লে,“বাহ তোমাৰ বহুত কথাই মনত আছে ৷” …“ বহুত নহয়, সব কথাই মনত আছে ৷” …দুয়োৰে মুখত হাঁহিয়ে ঢৌ খেলি গ’ল ৷ নতুন বছৰৰ লগে লগে এটা নতুন সম্পৰ্ক আৰম্ভ হ'ল ৷ অতীত আৰু ভৱিষ্যতৰ মাজৰ সেই সময়খিনিত নিবিড় আৰু অদিতি কিমান সময় তেনেদৰে বহি থাকিল কোনেও নাজানে ৷

#সমাপ্ত



9 comments:

  1. Bohut val lagile pohi... I was really upset and your story managed to bring a smile on my face... Thanks for that... Agoleo post kori thakiba... Pohi val lage... Good luck...

    ReplyDelete
    Replies
    1. Thanks a ton dear ! I'm really glad that this small piece could make someone smile :)
      do follow..another stories to be published !

      Delete
  2. well, I came to know about you from a special frn of urs who is also a big fan of ur "a half written story"

    I used to write similar stories bt left it few years back.. all of a sudden this frn of urs has inspired me to pen down again wd lil help from ur stories..
    i read 'a half written story' and this one commenting on. keep up the good work and I'm looking forward to get inspired furthermore :-)

    ReplyDelete
    Replies
    1. Thanks a ton ! I'm really glad that you liked it.. & feeling honored that I'm able to insprire someone for good work ..do write & share with us too .. & for sure I'll try to write more here..keep following :)
      Thanks again !

      Delete
    2. sure will do.. n ur best frn may share my penning wd u haha.. she said u wud like it too..
      of course ur followed we're frnz on fb since last ng8.. PJ FRANCELIAN MAX is my ID.

      Delete
    3. Ohk now I got you ! 😃 & yeah will be waiting for ur write ups .

      Delete
    4. yes.. looking forward to writings n ur readings :-)

      Delete