Monday, 7 November 2016

কৃষ্ণচূড়াৰ দেশত (part #2)


     আৰু বেছিকৈ খং উঠিছিল যেতিয়া গ'ম পাইছিলোঁ এই মহাশয় জনাও Chemistry department ৰে ! লাহে লাহে কৃষ্ণচূড়াৰ দেশত দিন বাগৰিল। সময়ৰ সোঁতত তোমাকো পাহৰিলোঁ।
   
      হঠাৎ এদিন যেতিয়া 2 nd sem এটা projectৰ বাবে 4 th semৰ লগত group ঠিক কৰি দিয়া হ'ল বিধিৰ পাকত পৰি আমি দুটা আকৌ একেলগেই পৰিলোঁ । খং যে উঠিছিল নহয়। কিন্তু এইবাৰ তুমি আগৰ দৰে জোকোৱা ল'ৰাটো নাছিলা। অলপ যেন গহীন, অলপ বেলেগ। মনত আছেনে সিদিনাই যে laboratory ত মোৰ গাত এছিড পৰিব ওলাইছিল । সঁচা ক'ব গ'লে মই খঙতেই কিবা কৰিব যাওঁতে বটলটো বাগৰি গ'ল। মই গ'মেই পোৱা নাছিলো। তুমি যেতিয়া মোক হাতত ধৰি টানি আনিছিলা বিৰাট খং উঠিছিল । কিন্তু পিছ মুহূৰ্ততে বটলটোৰ এছিড তোমাৰ হাতত পৰা দেখি কি কৰিম যেন একো ধৰিব পৰা নাছিলো। ডিঙিটো সোপা মাৰি ধৰিছিল । চকুপানী নিজে নিজে ওলাই আহিছিল । তুমি তাৰ পিছতো সুধিছিলা " কান্দিছা কিয়? You okay ? ক'ৰবাত পৰিলে নেকি চাওঁ। মোৰ বাদ দিয়া অকমাণহে পৰিছে ।"  সেয়া কোনোপধ্য়েই অকমাণ নাছিল ।
   
      প্ৰায় এমাহ পাৰ হ'ল project টোত। বেলেগ কি পালো নাজানো কিন্তু তোমাৰ নিচিনা বন্ধু এজন পালোঁ ৷ project submit কৰি মই ওলাই অহা সময়তো দি আছিল বৰষুণ । অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ। ছাতিটো মেলিছো নে নাই " অ'ই ৰ'বা ৰ'বা ময়ো যাম তোমাৰ লগত। ছাতিটো হোষ্টেলতে পাহৰি আহিলোঁ ।" তোমাৰ বাহিৰে নো এইবোৰ লেঠা কাৰ থাকিব পাৰে !
     
     নৱেম্বৰৰ প্ৰথম ভাগত অহা এইজাক বৰষুণৰ পিছতেই নামি আহে শীত। The 'november rain'…এক বেলেগ মাদকতা ৷ কৃষ্ণচূড়াৰ দেশত এটি সন্ধিয়া , তুমি আৰু মই, এজাক বৰষুণ আৰু এটা ছাতিৰ তলত পাৰ কৰা ৩০ টা মিনিট। সিদিনা বতাহে কথা কৈছিল , বৰষুণে গান গাইছিল কিন্তু তথাপিও যেন সকলো নিস্তব্ধ। নিস্তব্ধতা ভাঙি তুমি কৈছিলা "আজি বৰষুণত নিভিজা নেকি ?" মই কৈছিলোঁ " আকৌ যে জ্বৰ হ'ব।" ইমান দিন মোৰ বুজিব বাকী নাছিল তুমি কিমান caring। সেই যে এদিন কেন্টিনত ঔষধ খোৱা কথা কৈ জোকাইছিলা কেৱল জোকাবলৈ যে কোৱা নাছিলা সেয়া ভালকৈ বুজিছিলোঁ। কৃষ্ণচূড়াৰ দেশতো আন্ধাৰ নামিছিল। বৰষুণজাক এৰাৰ কোনো উম-ঘাম নাই। দূৰৈত কোনোবা হোষ্টেলাৰৰ guitar ৰ string ত বাজি উঠিছিল  'মায়াবিনি ৰাতিৰ বুকুত. . . '। এনে লাগিছিল বাটটো আজি শেষ নহওঁক , সময়বোৰ ৰৈ যাওক । হেল'জেনৰ পোহৰে সন্ধিয়াটো আৰু মায়াবী কৰি তুলিছিল ।
   
     "মই জানা এজনী ছোৱালীৰ প্ৰেমত পৰিছো।"  এক মুহূর্তৰ বাবে যেন মই স্তব্ধ হৈ গৈছিলো । "তুমি চিনি পোৱা চাগে ছোৱালীজনী।"
(to be continued)


No comments:

Post a Comment