Friday, 18 November 2016

এজাক নীৰৱ ভালপোৱা ( part 1 )


     শীতৰ এটি আমেজসনা দুপৰীয়া ৷ অদিতিৰ গাড়ী বৰঝাৰৰপৰা দ্ৰুতগতিৰে আগবাঢ়ি ক্ৰমান্বয়ে মহানগৰীৰ হুলস্থূলৰ মাজত সোমাই পৰিল ৷ তাই খিৰিকীৰ কাষৰ ছিটত বহি একেৰাহে বাহিৰলৈ চাই আছে ৷ কিছুমান পুৰণি স্মৃতিয়ে কিয় জানো তাইক বৰকৈ আমনি কৰিছে ৷ শ্বিলঙত হ'ব লগা এখন seminar ত অংশ ল'বলৈ আহিছে তাই ৷ তেওঁলোকৰ কোনো অসুবিধা নহওঁক বুলিয়ে আয়োজকসকলে গাড়ীৰ ব্যৱস্থা কৰি দিছে ৷ দুপৰীয়াৰ কোমল ৰ'দকণে তাইক চুই গ'ল আৰু লাহে লাহে তাইৰ চকুৰ পতা জাপ খাই আহিল ৷ তাই আকৌ শ্বিলঙলৈ যাব ! বহু বছৰৰ মূৰত ! এইখন ঠাইৰ লগতেইতো জড়িত হৈ আছে তাইৰ জীৱনৰ কিছু পৃষ্ঠা ৷ কিছুমান হেৰাই গৈছে ,কিছুমান এতিয়াও সযতনে আছে ৷
"মেডাম" - ড্ৰাইভাৰজনৰ মাতত তাইৰ চিলমিলিয়া টোপনিটো ভাঙি গ'ল ৷ " ISBT ৰপৰা আৰু এজন মানুহ receive কৰিব লাগিব।"
- " দেৰি হ'ব নেকি ?"
- " নাই মাত্ৰ ৫ মিনিট ৷" সি লগে লগে উত্তৰ দিলে ৷ বেগবোৰ ভৰাই মানুহজনে দৰ্জাখন খুলি ল'লে ৷ প্ৰায় তাইৰ বয়সৰেই হ'ব ৷ ২৭ বছৰ মানৰ এজন ডেকা ল'ৰা ৷ পিন্ধি  থকা নীলা চাৰ্টটোৰ হাত দুখন fold কৰি আধালৈ কোচাই লৈছে ৷ ৰ'দত থিয় হৈ হৈ গৰম লগাত ছুৱেটাৰটো ডিঙিত গাঁঠি লৈছে ৷ কিছুসময় আগত হয়তো মুখ ধুইছিল, সমুখৰ চুলিত লাগি থকা পানীৰ টোপালবোৰ ৰ'দত জিলিকি উঠিছে ৷ চচ্‌মাযোৰেৰে সৈতে ল'ৰাজনক বেচ handsome লাগিছিল ৷

     অদিতিৰ ফালে চাই হাঁহি এটা মাৰি হাতখন আগবঢ়াই দিলে ৷
" Hi ! I'm Nibir"
" Hello, I'm Aditi"
'অদিতি'…নিবিড়ে মুখৰ ভিতৰতে এবাৰ নামটো উচ্চাৰণ কৰিলে ৷
'নিবিড়'…সেইজনেই নেকি বাৰু ! নাই নাই একে নামৰ মানুহ কিমান আছে ৷ কিন্তু কিয় এই হাঁহিটো তাইৰ ইমান চিনাকী লাগিছে !   "আৰে কি হ'ল, থৰ লাগিলা যে ! অদিতি তুমি চোন আগৰ দৰেই আছা !"  "নিবিড় তুমি ? Oh my God ! After so long. "
গাড়ীত বহাৰ পৰাই সি কিবা কিবি কৈ আছিল ৷ হয় তাইৰ লগত নহয় ড্ৰাইভাৰজনৰ লগত ৷ তাই ক'বলৈ একো বিচাৰি পোৱা নাছিল, হয়তো যেতিয়া ক'ব লগা বহুত থাকে নীৰৱতাই একমাত্ৰ ভাষা হৈ পৰে ৷  তাইৰ শুনি শুনি আমনি লাগি গ'ল ৷ " বাপ্‌ৰে তোমাৰ আগৰ সেই কথা কোৱা স্বভাৱটো নগ'ল আৰু ন' ৷"   " Sorry sorry, আৰু নকওঁ ৷" - হাঁহি এটা মাৰি headphone ডাল কাণত লগাই সি চকু দুটা মুদি দিলে ৷ দিনটোৰ শেষৰ পোহৰভাগে নিবিড়ৰ মুখত এক হেঙুলীয়া আভা জগাইছে ৷ বতাহজাকে তাৰ চুলিবোৰ অবিন্যস্ত কৰি গ'ল ৷ স্কুলত পঢ়া দিনৰ সেই উৎপতীয়া , কথকী নিবিড়ৰ মুখখন মনত পৰি কিয় জানো তালৈ মৰম লাগি গ'ল, মন গ'ল আকৌ এবাৰ প্ৰেমৰ আবিৰ সানিবলৈ ৷ এক অনামী শিহৰণত শিয়ৰি উঠিল অদিতি ৷
" বাহ ! মই ইমানেই ধুনীয়া নে ! তেতিয়াৰপৰা চাইয়ে আছা যে !" হঠাৎ তাইৰ ফালে চাই সি এটা দুষ্ট হাঁহি মাৰিলে ৷ তাই লাজে খঙে ৰঙা পৰি গ'ল ৷ "ছুৱেটাৰটো পিন্ধি লোৱা" - বুলি কৈয়ে মুখখন ঘূৰাই দিলে তাই ৷ " He has not been changed . Still that same flirt ! "

( to be continued)



No comments:

Post a Comment