Sunday, 13 November 2016

বৰষুণৰ চিঁয়াহী ( part 3 )


     যোৱা শনিবাৰেও আকৌ বহিছিলো মাইজান ঘাটত ৷ কিন্তু সেইদিনা সকলোবোৰ আগৰ দৰে নাছিল ৷ আকাশত ক'লা ডাৱৰ , আমাৰ মাজত কোনো কথা নাছিল, চাৰিওফালৰ হূলস্থুলৰ মাজতো আছিল নীৰৱতাৰ মৰিচীকা ৷ পিছদিনা তুমি যাবাগৈ একেবাৰে ৷ কিবা পায়ো হেৰুৱাৰ দুখত ডিঙিটো সোপা মাৰি ধৰিছিল ৷ কান্দিব মন গৈছিল চিঞৰি চিঞৰি ৷ তেতিয়াই আকৌ আহিছিল বৰষুণজাক ৷ মই সেইদিনা ছাতিটো উলিয়াই লৈছিলো ৷ " ব'ল যাওঁ ৷" …অভিমান হৈছিল, নাজানো তোমাৰ ওপৰত নে বৰষুণৰ ওপৰত !

     'ব'ল যাওঁ' বুলি কোৱাৰ লগে লগে তুমি যে হাতত থাপ মাৰি সুধিছিলা, " মোক miss কৰিবিনে ? "… মূৰ্খ , সেইটোও কিবা সুধিব লগা কথা নেকি, সেইকাৰণে খঙতে একো উত্তৰে দিয়া নাছিলো ৷ আকৌ যাওঁ বুলি কোৱাত তুমি যে কৈছিলা, " মই…মই চাগে তোক ভাল পাওঁ৷ " সেইবাৰ বেছি খং উঠিছিল … 'চাগে'… ভালপোৱা নে নাই তাতেও চাগে ! সেইকাৰণে মই খঙতেই কৈছিলো, " কথা এটাও ভালকৈ ক'ব নোৱাৰ' নেকি ! ময়ে কৈছোঁ…ভালপাওঁ তোক আৰু একো চাগে নাই ৷" . . দুয়োৰে হাঁহি ওলাই আহিছিল যেন এটা বোজা কমি গৈছিল ৷ বৰষুণো বেছি হৈছিল আৰু তুমি কৈছিলা," হ'ব দে ছাতিটো থ' ৷ বৰষুণ আৰু আমাৰ মাজত নালাগে দে সেইটো ৷" …তুমিয়েইতো আছিলা মোৰ জীৱনত বৰষুণৰ চিঁয়াহীৰে লিখা প্ৰথম নাম !
 
      আজি এসপ্তাহ পাৰ হ'ল তুমি ডিব্ৰুগড়ৰ পৰা যোৱা ৷ মাইজান ঘাটতো আজি উকা উকা লাগিছে ৷ তুমি বিহীন আবেলিটোও উকা ৷ ইয়াত চাৰিদিন ধৰি বৰষুণেই দি আছে আৰু আজি মই তিতিছো ৷ আজিও মোৰ লগত তিতিবলৈ তুমি ওচৰত নাই ৷ ভিজা ভিজা স্মৃতিবোৰ আজিও আছে কিন্তু কিবা পায়ো হেৰুৱাৰ দুখত ওলাই আহিব খোজা চেপা কান্দোনটো নাই ৷ আকাশত মেঘ থাকিলেও মোৰ মনৰ আকাশখন আজি ফৰকাল ৷ স্কুলীয়া দিনত এজাক বৰষুণেৰে আৰম্ভ হোৱা বন্ধুত্বৰ সম্পৰ্কটো এনেদৰেই অন্ত পৰিল ৷ নহয় আচলতে এটা পুৰণা সম্পৰ্ক আকৌ নতুনকৈ আৰম্ভ হ'ল ৷ 'তই' ৰ পৰা আৰম্ভ হোৱা যাত্ৰা 'তুমি' লৈ সলনি কৰাটো ইমান সহজ নহয় ৷ তথাপিও চেষ্টা কৰি চিঠিখনকে লিখিলো ৷ কিন্তু তোক চোন 'তই' বুলি মাতিয়ে বেছি ভাল লাগে ৷ …উফ ! বৰষুণজাক আকৌ আহিল ৷ নেৰিবই নেকি বাৰু !


# সমাপ্ত

6 comments: