Friday, 18 November 2016

এজাক নীৰৱ ভালপোৱা ( part 3 )


    দেওবাৰৰ শ্বিলঙৰ নিস্তেজ গধুলিবোৰতকৈ সিদিনা আছিল কিছু ব্যতিক্ৰম ৷ সমুখত new year , সকলোবোৰ ব্যস্ত ৷ এক উসৱ মুখৰ পৰিৱেশ ৷ সকলোফালে পোহৰৰ মেলা ৷ বাহিৰত হাঁড় কঁপোৱা ঠাণ্ডা ৷ অনবৰতে এজাক বতাহ বলি আছে ৷ হোটেলত গাড়ীৰপৰা নামিয়ে অদিতিয়ে একেৰাহে তিনিটামান হাঁচি মাৰিলে ৷
" এইয়া মই কৈছিলোনে খিৰিকিখন মাৰি লোৱা ,ঠাণ্ডা লাগিব ৷ তোমাৰ অলপ বতাহ ধূলি লাগিলেই চৰ্দি লাগে ৷ একদম careless মানে ৷" নিবিড়ে গালি দিয়াৰ সুৰত ক'লে ৷  " সি বাৰু  কেনেকৈ জানিলে !" - তাই আচৰিত হৈ কিছু সময় তাৰ ফালে চাই থাকিল আৰু একো নমতাকৈ লাহে লাহে আঁতৰি গ'ল ৷ নিবিড়ে চিঞৰিলে, " ঔষধ খাবা গৈ ৷" তাই ঘূৰি নাচালে ৷ …ঔষধ খাব ? আৰু তাই ? ভালকৈ জনা আছে নাখায় ৷ - সি মনতে ভাবিলে ৷
      পিছদিনাৰপৰা seminar আৰম্ভ হ'ল ৷ তাই নিবিড়ৰপৰা আঁতৰি ফুৰিবলৈ ল'লে ৷ তাৰ কথাবোৰত তাই দুৰ্বল হৈ পৰে। আকৌ এবাৰ ভালপোৱাজাক এৰি দিবলৈ তাইৰ সাহস নাই । অদিতিয়ে সিদিনাও হাঁচিয়াই আছিল ৷  তাইৰ ৰঙা পৰি থকা নাক আৰু চলচলীয়া চকুযোৰ দেখি সি জোৰ কৰিয়ে তাইক বাহিৰলৈ লৈ গ'ল ৷ তায়ো বাধা নিদিলে। সন্ধিয়াৰ শ্বিলঙৰ ভিৰ ফালি এখন ম'মৰ দোকানত সোমাল দুয়ো ৷ দুই প্লেট ম'ম order দিলে। পকেটৰপৰা টেবলেট এটা উলিয়াই সি অদিতিৰ হাতত দিলে, "লোৱা ৷" …" মই খাইছো ৷" তাই ক'লে ৷
" অহ্ হয় নেকি ! মই জানো কোনে কিমান ঔষধ খাইছে ৷ খোৱা এইটো ৷" তাই লাহেকৈ ক'লে, " পিছত খাম ৷" …" নহ'ব মোৰ সমুখতে খোৱা ৷" নিবিড়ৰ কথামতে তাইয়ো সৰু ছোৱালীৰ দৰে টেবলেটটো খাই দিলে ৷ নিবিড় বাৰু তাই চিনি পোৱা সেইজন ল'ৰাই নে ! ইমান বেলেগ ,ইমান caring কেতিয়াৰ পৰা হ'ল সি ! তাইৰ চকুদুটা সেমেকি উঠিল ৷ কিছুমান আঘাতৰ কোনো মলম নাথাকে ৷ আমি এই আঘাতবোৰ বুকুত সাৱতি লাহে লাহে আকৌ এবাৰ জীয়াবলৈ শিকি যাওঁ ৷ তাইয়ো শিকি গৈছিল ৷ কিন্তু নিবিড় আকৌ কিয় ঘূৰি আহিল !

     ডিচেম্বৰৰ ৩১ তাৰিখ ৷ seminar শেষ ৷ পিছদিনা সকলোবোৰ উভতিব নিজৰ ঠাইলৈ ৷ হোটেলত new year ৰ আয়োজন ৷ সিদিনা আকৌ বিৰাট ঠাণ্ডা ৷ অদিতিৰ হঠাৎ ice cream খাবলৈ মন গ'ল ৷ …" অ' মা এইজনী পাগল চাগল হ'ল নেকি অ' !"  …নিবিড়ৰ চকু দুটা ডাঙৰ হৈ যোৱা দেখি তাইৰ হাঁহি উঠি গ'ল ৷ …" চাওঁ চাওঁ সিদিনা চৰ্দি জ্বৰে মূৰত ধৰিলে নেকি বাৰু ! এই ঠাণ্ডাত ice cream !" ..অদিতিৰ কঁপালত হাত দি চালে ৷ " ধেই একো হোৱা নাই অ' ৷ ঠাণ্ডাত ice cream খোৱাৰ মজাই বেলেগ ! খাই চোৱা ৷" তাইৰ কথাত নিবিড় চিঞৰি উঠিল " অহ্ বাপ্‌ৰে নমস্কাৰ ৷ এনেই ঠিকে আছো ৷"

    ১২টা বাজিবলৈ বেছি সময় নাই ৷ সকলোফালে নতুন বছৰক আদৰাৰ আয়োজন ৷ হোটেলৰ cafeteria ত তেতিয়াও মানুহ ভৰ্তি ৷ অদিতিক বিচাৰি বিচাৰি নিবিড় ভিৰৰ মাজত সোমাই পৰিল ৷ নাই তাতেও নাই ৷ হঠাৎ দেখা পালে কাষৰ বেল্কনিটোত বহি আছে অদিতি ৷ সি একো নমতাকৈ তাইৰ কাষত বহিল গৈ ৷

( to be continued )


No comments:

Post a Comment