Thursday, 24 November 2016

প্ৰেম এনেকৈয়ে ( part 5)... ( based on a true story )


(৬)
     এটা নতুন সম্পৰ্ক গঢ়িব গৈ নীলাই পুৰণি কিছুমান বন্ধুৰপৰা আঁতৰি আহিছিল নেকি বাৰু ! প্ৰায় এমাহ মানৰ মূৰত প্ৰীতিয়ে ফোন কৰিলে ৷ প্ৰীতি সৰুকালৰে পৰা তাইৰ লগত একেলগে ডাঙৰ হোৱা , সুখ দুখ সকলো সময়তে তাইৰ লগত সদায় আছিল ৷  …" কি হ'ল আজিকালি আমালৈ মনত নপৰে নেকি ? আগতে প্ৰায় সময় পালেই ফোন কৰিছিলি ৷ সিদিনা কৰিলো, কিন্তু তই call back ও নকৰিলি ৷ হয় দেচোন নতুন বন্ধুবোৰক সময় দিব লাগে ৷" তাইৰ মাতটোত স্পষ্টকে ধৰিব পাৰি নীলাক তাই বেয়া পাই আছে ৷ " চা নীলা, তোৰ ভালৰ কাৰণেই কৈছো , নতুনকৈ লগ পোৱা ল'ৰা এজনক ইমান বিশ্বাস নকৰিবি ৷ মনটো সম্পূৰ্ণ খুলি নিদিবি যে তোৰ দুৰ্বলতাবোৰ গ'ম পোৱা হৈ যায় ৷ তই যেনেদৰে ভাবিছ' সি নাভাবিবও পাৰে ৷ কেতিয়াও তো commitment দিয়া নাই ৷ পিছত যেতিয়া সি আঁতৰি যাব ,তেতিয়া তোৰ এই 'অভ্যাস'টো আঁতৰাব নোৱাৰিবি সহজে ৷ কষ্ট পাবি ৷ সময় থাকোতেই চম্ভালি ল' ৷" …নীলাই বেছি একো ক'ব নোৱাৰিলে ৷ চকুলো বৈ আহিল ৷ প্ৰীতিয়ে বাৰু ঠিকেই কৈছে নেকি ! তাই এক শংকাত কঁপি গ'ল ৷ তথাপিও যেন মনটোৱে মানি ল'ব নোখোজে 'আকাশ তেনে নহয়' !
দুদিনমান ধৰি আকাশৰ লগত কথা পতা কমাই  দিছে তাই ৷ তাক avoid কৰিবলৈ লৈছে ৷ কিন্তু সদায় ভিতৰি ভিতৰি কান্দে তাই ৷ তিনিটা উজাগৰি নিশা পাৰ কৰিছে চকুলো মচি মচি৷ তাৰ পৰা আঁতৰি থকাতো যেন সম্ভৱ নহয় ৷ প্ৰীতিৰ কথাখিনি মনত পৰিলে তাই শংকিত হয় কিন্তু মনটোৱে বাৰে বাৰে কয়  'আকাশ তেনে নহয় ' ৷

       তাই বাৰু কিমান দিন তাক avoid কৰিব ! কেতিয়াবা কিছুমান মানুহক আমি গ'ম নোপোৱাকৈয়ে নিজতকৈয়ো বেছি বিশ্বাস কৰিবলৈ লওঁ ৷ ইয়াৰ বিনিময়ত হয়তো গোটেই জীৱনৰ বাবে এজন ভাল সংগী পাওঁ আৰু নহ'লে গোটেই জীৱনৰ বাবে এটা শিক্ষা ৷ প্ৰীতিয়ে তাইক সৰুৰপৰা ভালকৈ জানে ৷ নীলাই এইটোও জানে যে তাই কেতিয়াও বেয়া ভাবি একো নকয় ৷ দুদিন মান পিছত আকাশে এদিন ৰাতি হঠাৎ ফোনত সুধিলে, " কি হৈছে তোমাৰ ? দুদিন মান ধৰি তোমাক অলপ বেলেগ লাগিছে ৷ " …তাইৰ মাততো সেমেকি উঠিল, " মই তোমাক বিশ্বাস কৰি কিবা ভুল কৰিছো নেকি, আকাশ ? " …" কিয় সুধিলা ? " … তাই কথাবোৰ তাৰপৰা লুকুৱাব নোৱাৰিলে, এফালৰপৰা সকলোবোৰ কৈ গ'ল ৷ শেষত সি এটা হাঁহি মাৰি ক'লে , " মই নকওঁ যে তুমি মোক বিশ্বাস কৰা ৷ সেইটো তোমাৰ কথা ! মই মাথো এটাই কথা কওঁ, যদি বিশ্বাস কৰিছা তেনেহ'লে এই আকাশে কেতিয়াও তোমাৰ বিশ্বাস নাভাঙে ৷ " … তাই যেন তেতিয়াহে স্বস্তিৰ নিশ্বাস এৰিলে ৷ সি ক'লে , " কালি এবাৰ মন্দিৰলৈ যাবাচোন ৷" …" হঠাৎ কিয় ? " …" এনেই যাবা, মোৰ যাব সময় নাই ৷ মোৰ হৈ তুমিয়ে যাবা, মই যোৱা তুমি যোৱা একে কথা ! " …তাৰ এই সৰু সৰু কথাবোৰেই তাইক চুই যায় ৷ দি যায় বুজা নুবুজা বহু অবুজ আবেগ !

    দুয়ো আকৌ আগৰ দৰেই কথা পাতিবলৈ ল'লে ৷ সি তাইক নিজৰ মতে উৰিবলৈ এখন আকাশ দিছে ৷ কেতিয়াও কোনো কথাত বাধা দিয়া নাই ৷ তাইৰ ইচ্ছাবোৰক, তাইৰ সপোনবোৰক সি সন্মান কৰে, তাইক উৎসাহ দিয়ে ৷ আৰু প্ৰতিজনী ছোৱালীয়ে হয়তো এনেকোৱা এজনকে বিচাৰে ৷ তাইও বিচাৰে ৷ এতিয়াও কথা পাতিলে তাই কয় আৰু সি শুনে ৷ তাইৰ মাজে মাজে খং উঠি যায় " একো নোকোৱা কিয় ? " …আৰু সি কি কৰে ? এইবাৰ সি গান গাবলৈ ধৰে ! যদি তাই সোধে আজি কি খালা , সি ক'ব " ঘোঁৰাৰ খুড়া ভাজি আৰু হাতীৰ নেজৰ চাত্‌নি !! " … কোনোবা দিনা যদি ভালকৈ কৈ পাইছে এই ল'ৰাটোৱে ! সদায় এনেদৰে সৰু ল'ৰাৰ দৰে কথা কোৱা, আবদাৰ দেখুওৱা ল'ৰাটোৱে যেতিয়া তাইৰ বৰষুণত তিতি অসুখ হ'লে গালি পাৰে, ঠাণ্ডা পানী খাই মাত ভাঙিলে careless বুলি কয় এক অবুজ আবেগত তাইৰ চকুযুৰি সেমেকি উঠে ৷ তাই চিনি পোৱা আকাশেই হয় নে ! সি মানে ইমান matured ৰ দৰে কথা ক'বও জানে ! কিন্তু তাইৰ চোন সেই সৰু ল'ৰাৰ দৰে থকা আকাশকহে ভাল লাগে ৷ তাই জানে nobody is perfect & probably we fall for those imperfections !! … কিন্তু এতিয়াও সিহঁত মাথো বন্ধু !

( to be continued )

No comments:

Post a Comment