Saturday, 12 November 2016

সপোন !


    বিচনাৰ কাষৰ খিৰিকিখন খুলি দিলে সি ৷ শেৱালিৰ গোন্ধ এটা তাৰ নাকত লাগিল ৷ হোষ্টেলৰ গেটৰ কাষৰ শেৱালিজোপা ফুলিছে চাগে ৷ চকু দুটা মুদি দীঘল উশাহ এটা ল’লে সি, ভাল লাগি গ’ল ৷ গান এটা বজাই বিচনাত এনেই বাগৰি দিলে ৷ খোলা খিৰিকিৰ পৰ্দাখনে বতাহত মাজে মাজে তাৰ মুখত কোবাইছে ৷ পৰ্দাখন কোচাই দিবলৈ মন যোৱা নাই, কিবা এটা ভাল লাগিছে ৷ অহা সপ্তাহৰপৰা Mid sem ৷ ইস্ ! সি চোন syllabus ও নাজানে ! তাৰ হাঁহি উঠিল, আৰু কেইবছৰমান পাছত ইঞ্জিনিয়াৰ হ’ব সি ! কিবা চোন সপোন সপোন লাগে ৷ Roommate fluid mechanics ৰ কিতাপ এখন লৈ ব্যস্ত ৷ He is just a mugger . তাৰ মাজে মাজে ৰুমটোত উশাহ নোপোৱা যেন লাগে ৷ লাহেকৈ দুৱাৰখন খুলি ওলাই গ’ল বেল্কনিটোলৈ ৷ আজি মাকে ফোন নকৰিলে ৷ ভনীয়েকৰ লগতো দুদিনমান কথা পতা হোৱা নাই ৷ তাইলৈ মনত পৰে প্ৰায় ৷ হোষ্টেলৰ মেছত কাঁহীত ভাত লৈ বহিলেই মাকলৈ মনত পৰে তাৰ ৷ চৰ্দি লাগি হাঁচি এটা মাৰিলেও মনত পৰে মাকলৈ ৷ ঘৰত থকা এটা মূহুৰ্ত এনেই নাযায় ভনীয়েকৰ লগত কাজিয়া নকৰাকৈ ৷ কিন্তু তাই হোষ্টেললৈ পঠোৱা ৰাখীডাল দেখি সেমেকি উঠে তাৰ চকুযোৰ ৷ ঘৰৰপৰা অহা সময়ত "দাদা ভালকৈ থাকিবি" বুলি কোৱা তাইৰ মুখখন কিয় জানো বাৰে বাৰে মনত পৰে !  বহুদিন দেউতাকৰ গালিও খোৱা নাই ৷ মন যায় কেতিয়াবা ! …শেৱালি ফুলা সন্ধিয়াবোৰ আকৌ জীপাল হ’ল ৷ নিয়ৰকণাবোৰো পাছে পাছে দৌৰি আহিছে ৷ পূজা আহিল ৷ ঘৰলৈ যাব হয়তো বেছিদিন নাই ৷ কোনোবা হোষ্টেলাৰৰ গীটাৰত বাজিছে "সোঁৱৰণী কুঁৱলী ফাঁকেৰে নামিছে …" সিও গুনগুনালে নিজৰ মাজতে ৷ তাৰ আজিকালি সকলো সপোন যেন লাগে ৷ এই যে জীয়াই আছে, এই আছে এই নাই…সকলো সপোন ৷ কিছুমান পূৰণ হোৱা, কিছুমান নোহোৱা, মাকৰ সপোন দেউতাকৰ সপোন...আৰু তাৰ ? তাৰ সপোনবোৰ ক’তো হেৰাই যোৱা নাইতো ! ডিঙিটো কিবা সোপা মাৰি ধৰিলে ৷ সপোনবোৰ সামৰি সি ৰুমলৈ সোমাই আহিল ৷ কিতাপখন মেলি roommate টোপনিত ৷ খোলা খিৰিকিখনেৰে আকাশখনলৈ চালে ৷ আন্ধাৰ আকাশখন কিবা এটা ভাল লাগিছে ৷ জিলি পোকৰ শব্দই আৰু গভীৰ কৰিছে ৰাতিটো ৷ সেমেকি অহা চকুযোৰ লাহেকৈ মুদি দিলে ৷ পুঁৱতি নিশা বৰষুণৰ চিটিকনিত সাৰ পালে সি ৷ খিৰিকিৰে হাত দুখন মেলি দিলে ৷ তিতি গ’ল ৷ কেইটামান ৰুমত এতিয়াও লাইট জ্বলিয়ে আছে ৷ সপোন খেদিছে সিহঁতে ৷ খিৰিকিখন জপাই দিলে সি…সপোনবোৰ ধৰি ৰখা যে বৰ টান !

( to the hostelers of NITS )



No comments:

Post a Comment