এদিন ফোনত কথাই কথাই ৰক্তিমে জোকোৱাৰ সুৰত কৈছিল ," তোৰ চকুযোৰ বৰ উজ্বল দেই আৰু দৃঢ় ও ! " … " কি কৈ আছ' তই ৷" …" মই কোৱা নাই ভাই, আকাশে কৈছে !" …ফাগুনৰ বতাহজাকে যেন তাইক আকৌ এবাৰ চুই গ'ল ৷ আইনাত তাই চকুযোৰ প্ৰথমবাৰলৈ ভালকৈ চালে আৰু কিবা অবুজ আবেগত শিয়ৰি উঠিল ৷ লগে লগে আইনাৰ পৰা দৃষ্টি নমাই আনিলে ৷
(৪)
নীলাৰ হাতৰ ম'বাইলটো vibrate হোৱাৰ লগে লগে তাই চখ খাই উঠিল ৷ ইমান সময় তাই অতীতৰ সেই সৰু সৰু স্মৃতিৰ বাটবোৰত ঘূৰি ফুৰিছিল ৷ স্মৃতিৰ কোলাহলে যেন এয়াৰপৰ্টৰ ব্যস্ততাও তল পেলাই দিছিল ৷ চাৰিওফালে মানুহৰ আহ-জাহ ৷ তাই ম'বাইলটো চায় যে আকাশৰ ফোন ৷ receive কৰাৰ লগে লগে তাই কিবা কোৱাৰ আগতে সুধিলে, " boarding হৈ গ'ল নেকি ?" সি ইচ্ছা কৰি মাতটো কঠোৰ কৰিব চেষ্টা কৰে যদিও এটা কোমলতা ভাহি আহে ৷ " নাই হোৱা ৰ'বা ৷ দুঘণ্টা delay হৈছে ৷ bore লাগিছে আৰু ৷" তাইৰ কথা শুনি সিও সৰু ল'ৰাৰ দৰে ক'লে ," বিৰাট ভাল পাইছো ৷ delay কিয় মইতো cancel হ'লেই ভাল পাওঁ ৷ তুমিতো তথাপিও যাবাই খোজ কাঢ়ি কাঢ়ি ৷ "…বুলি কৈয়েই ফোনটো কাটি দিলে ৷ বাপ্ৰে খং কমাই নাই ৷ কিন্তু তাই এইটোও জানে তাই গৈ গুৱাহাটী পোৱাৰ আগতেই সকলো ঠিক হৈ যাব ! তাইৰ সমুখত দুজনী সৰু মৰম লগা ছোৱালীয়ে নিজৰ মাজতে কথা পাতিছে ৷ " friends ?" - বুলি কৈ এজনীয়ে হাতখন আগবঢ়াই দিলে ৷ আনজনীও লগে লগে " okk" বুলি কৈ খেলাত লাগিল ৷ নীলাৰো এটা বিশেষ দিনলৈ মনত পৰি গ'ল ৷ Friendship day !
(৫)
আগষ্ট মাহৰ প্ৰথমটো দেওবাৰ ৷ তাই তেতিয়া গৌহাটী বিশ্ববিদ্যালয়ত MSc ত নাম লগাইছে ৷ দেওবাৰ মানেই হোষ্টেলত ব্যস্ততা ৷ দুপৰীয়া সময়ত unknown no. এটাৰপৰা msg আহিল ৷ - ' happy friendship day ...Akash ( Raktim's friend)' …ইমান দিন জীৱনৰ ব্যস্ততাৰ ভিৰত তাক পাহৰি গৈছিল যদিও মনত পৰোতেও বেছি সময় নালগিল ৷ " আচ্ছা, মোৰ নম্বৰটো মানে সি এতিয়াও delete কৰা নাই ৷ " তাই ' thank u ' বুলি দিয়াৰ কিছুসময় পাছতেই আকৌ এটা reply আহিল, যেন সি তাইৰ reply টোলৈ হে বাট চাই আছিল ৷ এনেদৰে মাজে সময়ে দুয়ো কথা পাতিবলৈ ল'লে আৰু খুব কম দিনৰ ভিতৰতেই ভাল বন্ধুত্ব গঢ়ি উঠিল ৷ তথাপিও যেন কোনোবাখিনিত দূৰত্ব আছিল, তাই সকলো কথা খুলি ক'বলৈ যেন এটা hesitation অনুভৱ কৰিছিল… সি বা আকৌ কি ভাৱে ! কেইমাহমান পিছত আকাশে ভালদৰে পাছ কৰি ভাল চাকৰিও পালে আৰু খুব কম দিনৰ ভিতৰতে সি মুম্বাইলৈ যাব লগা হ'ল ৷ তাইৰ এনে লাগিল এই নতুন বন্ধুত্বৰ সীমা যেন মাথো ইয়ালৈয়ে আছিল !( to be continued )
No comments:
Post a Comment