সি যাব বুলি গ'ম পাই তালৈ বুলি এখন ডায়েৰি আৰু এটা কলম পঠিয়ালে ৷ তাই জানিছিল সি যে মাজে মাজে লিখা মেলা কৰে ৷ সেই তাহানিতে এখন বহীৰ পাছফালে লিখা এটা কবিতা পঢ়িয়েইতো তাই ফাগুনৰ ধূলিবোৰ ভাল পাবলৈ শিকিছিল ৷ শুকাই যোৱা গছবোৰৰ মাজতো বিচাৰি পাইছিল কিবা এক মাদকতা ৷
সি গ'লগৈ ৷ ইয়াৰ কোনো নিশ্চয়তা নাই আৰু কেতিয়া লগ পাব ৷ তাৰ এক নতুন ব্যস্ত জীৱন আৰম্ভ হ'ব ৷ আকৌ আগৰ দৰে কথা পতা বা msg কৰা হয়নে নহয় ! সি যদি নতুন নম্বৰটো নিদিয়ে তেতিয়া কি হ'ব ! এইবোৰ ভাবি ভাবিয়ে তাই দিনটো বিচনাত পৰি থাকিল ৷ তাইৰ চিঞৰি কান্দিব মন গ'ল ৷ বুকুত যেন গধুৰ বোজা এটাহে লৈ আছে ৷ তাইৰ ডিঙিটো সোপা মাৰি ধৰিলে ৷ তাই যেন চেষ্টা কৰিও কান্দিব পৰা নাই ৷ তাই আকৌ ভবিলে - তাইৰ বাৰু কিয় এনেকুৱা লাগিছে ৷ আকাশতো তাইৰ বহুত পুৰণি বন্ধু নহয় , মাত্ৰ তিনি মাহৰ চিনাকী ৷ তাৰ নিজৰ life এটা আছে ৷ সি বা কিয় তাইক মনত ৰাখিব ৷ কিন্তু তাই বাৰু কিয় ইমান addicted হৈ গৈছে ৷ তাৰ msg বোৰ বাৰে বাৰে কিয় পঢ়িছে … তাইৰ বুকুখন আকৌ খুন্দা মাৰি ধৰিলে ৷ তেনেতে তাইৰ ফোনটো বাজি উঠিল ৷ unknown নম্বৰ দেখি নুঠাও বুলি ভাবিও উঠালে… " হেল' নীলা, মই আকাশ ৷" তাই লগে লগে স্ফুৰ্তিত ৰ'ব নোৱৰা হৈ গ'ল ৷ " শুনা মই আহি পালো কিন্ত মোৰ ম'বাইলটো হেৰাল & I have lost all my contacts . Plz মোক ৰক্তিমৰ নম্বৰটো দিয়া ৷" তাই নম্বৰটো দিলে ৷ তাৰ পাছ মূহুৰ্তত তাইৰ স্ফুৰ্তিতে জঁপিয়াই দিব মন গ'ল ৷ তাৰ ম'বাইল হেৰাল , lost his contacts .. কিন্তু তাইৰ নম্বৰটোহে মনত আছে ! তাইৰ ভাল লাগি গ'ল ৷ কিন্তু অলপ পাছত হঁহা বন্ধ কৰি ভাবিলে, " ধেৎতেৰি তাৰ ম'বাইল হেৰাল আৰু মই হাঁহি আছো ! "
ইয়াৰ পিছৰপৰা দুয়োৰে মাজৰ এনাজৰীডাল যেন বেছি মজবুত হ'ল ৷ আগতকৈও ভালকৈ আৰম্ভ হ'ল এই বন্ধুত্ব। অলপকৈ অলপকৈ বাঢ়ি দুয়ো প্ৰায়ে ঘণ্টা ঘণ্টা ধৰি কথা পাতিবলৈ লৈছিল ৷ যদিও বেছিভাগ সময় তাইয়ে বকিছিল, সি কিন্তু শুনিয়ে ভাল পাইছিল ৷ দিনটোৰ এনে এটা কথা নাছিল যিটো নীলাই তাৰ লগত share কৰা নাছিল ৷
সেই সময়ত social network সমূহৰ ভিতৰত জনপ্ৰিয় আছিল orkut ৷ তাইৰ এটা অভ্যাস হৈ গৈছিল প্ৰায় ক্লাছৰপৰা অহা সময়ত cafe ত সোমাই এবাৰ তাৰ profile টো চোৱা ৷ তাত কোনোবা ছোৱালীৰ comment দেখিলে কিয় জানো jealous হৈছিল তাই ৷ তাই আকৌ ভাবিছিল, তাই বাৰু কিয় নিজৰ pocket money ৰপৰা টকা বচাই cafe ত সোমাই, কি নো হ'ল jealous হ'ব লগা, আকাশ কোন হয় তাইৰ, কোনোতো নহয়, মাথো বন্ধুহে ! সঁচাকৈ কেৱল বন্ধু নে ! পিছ মুহূৰ্তত যেন কথাতো ভাবিবলৈও নীলাৰ কষ্ট হয় ৷
( to be continued )
No comments:
Post a Comment