মোক এজন মানুহ লাগে, ভাল পাব পৰাকৈ ৷ আমি সন্ধিয়াৰ চান্দমাৰি ব্ৰিজত বহিম ৷ মই কৈ যাম, সি শুনি যাব ৷ সি মাজে মাজে গুনগুনাব ৷ তাৰ প্ৰিয় গান, মোৰ বাবে ৷ হঠাৎ ইচ্ছাকৃতভাৱে বেসুৰা কৰি পেলাব ৷ মই হাঁহিম ৷ সি অভিমান কৰিব "তুমি নাজানা মই কিমান ভাল গান গাওঁ ৷ শুনি থাকা চোন ৷" -মই অলপ বেছিকৈ হাঁহিম ৷ আকৌ প্ৰেমত পৰিম তাৰ বেসুৰা গানৰ আৰু অলপ বেছিকৈ ৷ মোৰ হাঁহিত জিলিকি উঠা তাৰ চকুযোৰ হয়তো মই দেখা নাপাম ৷ …পাণবজাৰৰ Boy's hostel ৰ আগেৰে পাৰ হৈ যাওঁতে মোক উদ্দেশ্যি কোনোবাই চিঞৰিব ৷ মোৰ হাঁহি উঠিব ৷ চিঞৰ শুনি নহয়, তাৰ গহীন মুখখন দেখি, সিহঁতক এবাৰতেই চুপ কৰিব বিচৰা চাৱনিটো দেখি ৷ …৮ বজাত ৰবীন্দ্ৰ ভৱনৰপৰা নাটক চাই ওলাম দুয়ো ৷ মই অকলে যাব পাৰিম বুলি ক’ম ৷ একো কাম নাথাকিলও সি ক’ব "মোৰ কাম এটা আছে ৰ’বা ময়ো যাওঁ চান্দমাৰিলৈ ৷" ব্ৰিজৰ তলৰ আন্ধাৰত কিবা পুৰণি কথা মনত পেলাই আমি হাঁহিম ৷ অট্টহাস্য ! এন্ধাৰৰ সুযোগ লৈ ইচ্ছাকৃতভাৱে মোৰ হাতত স্পৰ্শ কৰিব বিচৰা দুষ্ট হাতবোৰক সি বাধা দিব ৷ আৰু বুজা নুবুজাৰ মাজত মোৰ চকুদুটা সেমেকি উঠিব ৷
তাক এতিয়াও বিচাৰি পোৱা নাই ৷ হয়তো এদিন পাম ৷ হয়তো নাপাবও পাৰো মই ভবাৰ দৰে ৷ ভবাতকৈ ওলোটা হ’লেও কথা নাই ৷ তথাপিও ভাল পাম তাক নৈখনৰ দৰে !
( ..her thoughts ..my words )
👏👏👏👌👌👌👍👍....
ReplyDeleteThank u :)
Delete👏👏👏👌👌👌👍👍....
ReplyDeletedhunia.
ReplyDeleteThank u dada .
DeleteI've recently found this page and You are doing really a good job Mridusmita. Keep it up and good wishes for you. 😊
ReplyDeleteThank u so much baa 😊 I'm glad that you liked it . I'm really thankful to you guys for your support !
Delete