(২)
২০০৭ চন ৷ সেই বছৰ মে' মাহত তাই ভালকৈ লগ পাইছিল আকাশক ৷ তাৰ বহুত আগৰ পৰাই নীলাই তাৰ কথা জানিছিল, যদিও চিনাকী নাছিল ৷ দুয়ো গুৱাহাটীৰ পৰা কিছু আতৰৰ এখন সৰু চহৰত পাৰ কৰিছিল স্কুলীয়াকাল ৷ আকাশ তাইতকৈ এবছৰ senior আছিল ৷ যদিও স্কুল বেলেগ বেলেগ অংকৰ tuition এজন ছাৰৰ তাতেই কৰিছিল ৷ ফাগুনৰে এনে এটা দিনৰ কথা ৷ বৰকৈ বতাহ মাৰিছিল ৷ ফাগুনৰ ওপৰত নীলাৰ অভিমান…কিয় আমনি কৰে ইমান, কিয় খেলিমেলি কৰি যায় তাই ধুনীয়াকৈ বান্ধি অহা চুলিকোচা, কিয় বাৰু উৰুৱাই নিব খোজে তাইৰ দোপাট্টা !! সেইদিনাও তাই tuition লৈ গৈছিল৷ আগৰ batch টো ওলাই যোৱাৰ লগে লগেই সিহঁত বহিল গৈ ৷ তাইৰ হঠাৎ এনে লাগিল ভৰিৰ তলত কিবা এটা আছে ৷ চায় যে বাতৰি কাকতেৰে বকলা খুওৱা এখন বহী ৷ তাই উঠাই সেৱা কৰিব ধৰোতেই শেষৰ পাতটো খোল খাই গ'ল ৷ কিবা লিখা আছে ! …" ইস্ ! আখৰ কেইটা চোন ধৰিবই নোৱাৰি ৷" ..তথাপিও তাই পঢ়িলে ৷" কেতিয়াবা ধূলিবোৰ বুকুত সাৱটি
ফাগুনৰ কিছু ৰং বুটলি
নষ্টালজিক হৈ চাবাচোন
সঁচাকৈয়ে শান্ত হৈ পৰিব চঞ্চলা ফাগুন ৷"
প্ৰথমবাৰলৈ যেন ফাগুনৰ বতাহজাকত নীলাই এক অবুজ শিহৰণ অনুভৱ কৰিলে ৷ তাই লগে লগে সমুখৰফালে নামটো চালে - ' আকাশ' ... হয়তো এয়াই আছিল নামটোৰ সৈতে নীলাৰ প্ৰথম চিনাকী ৷
(৩)
মে' মাহ ৷ গৰম ভালকৈ পৰা নাই যদিও কাৰেণ্ট যোৱা পৰম্পৰাটো আৰম্ভ হ'লেই ৷ আবেলি সময় ৷ নীলা বাৰাণ্ডাত বহি বিচনীখন লৈ কিবা ভাবি আছে ৷ হঠাৎ গেটৰ মুখৰপৰা কোনোবাই চিঞৰিলে " অ'ই নীলা কি ভাবিছ' এনেকৈ , মুখেৰে মাখি সোমাব ৰ' ৷ " তাই মুখ ঘূৰাই হাঁহি দিলে , " আৰে ৰক্তিম তই ! কিমান দিনৰ মূৰত ,আহ্ ভিতৰলৈ ৷" …" নাযাওঁ নেকি আজি ,এঠাইলৈ গৈছিলো ৷" …" একদম মাৰ খাবি, আহ্ ৷ " - ৰক্তিম তাইৰ কলেজৰ বন্ধু ৷ সি শিলচৰত পঢ়ে বাবে তাক সাধাৰণতে লগেই নাপায় ৷ আহেও দুদিনমানৰ বাবে ৷ তাই ইমান সময় মনেই কৰা নাছিল তাৰ লগত যে আৰু এজন ল'ৰা আহিছে ৷ ওখকৈ ল'ৰাজনক চচ্মা যোৰেৰে সৈতে শান্ত যেনেই লাগিল ,অলপ যেন serious ৷ শুকাই যোৱা মুখখন দেখিলে অনুমান কৰিব পাৰি বেচেৰা বহুতদিন মাকৰ হাতে বনোৱা খাব পোৱা নাই ৷ ৰক্তিমে চিনাকী কৰাই দিলে , " তই তাক চিনি পোৱা নাই ন' ৷ আমাতকৈ এবছৰ ডাঙৰ আছিল দে ৷ maths tuition মনত আছে ? এতিয়া মোৰ লগত NIT ত পঢ়ে ৷ " …তাইৰ মনত পৰোতে বেছি সময় নালাগিল ৷ সৰু চহৰ ৷ সাধাৰণতে ইজনে সিজনক চিনি পায়েই ৷ তাই আৰু ৰক্তিম আড্ডা দিয়াত লাগিল ৷ আকাশে সিহঁতৰ কথা একো ধৰিব নোৱাৰি হাঁহি থাকিল ৷ এবাৰ হঠাৎ তাৰ চকুৱে চকুৱে পৰিল ৷ তথাপিও সি চকু আঁতৰাই নিয়া নাছিল ৷ সেই চাৱনিটোত যেন বিশেষ কিবা এটা আছিল ৷ তাই শিয়ৰি উঠিল ৷… সি তেনেকৈ কথা নকয় ৷ তাই সোধা প্ৰশ্নকেইটাৰ উত্তৰৰ বাহিৰে একো কোৱা নাছিল ৷ যোৱাৰ সময়ত ৰক্তিমে তাইৰ নম্বৰ ল'ব খুজি পকেটত হাত ভৰাই চিঞৰি উঠিল ," ইয়ে … যা মই ম'বাইলটো ঘৰতে এৰি আহিলো ৷ আকাশ তোৰ তাত save কৰি ল' চোন ৷ " যোৱাৰ সময়ত গেটৰ মুখত তাই ক'লে " আকৌ আহিবা আকাশ ৷" …সি চচ্মাযোৰ হাতেৰে ঠিক কৰি মাথো এটা হাঁহি মাৰিলে ৷ হাঁহিটোৱে যেন প্ৰতিশ্ৰুতি দি গ'ল ," আহিম ৷ এদিন নিশ্চয় আহিম ৷ আৰু একেবাৰে লৈ যামগৈ ৷"( to be continued )
No comments:
Post a Comment