Tuesday, 8 November 2016

কৃষ্ণচূড়াৰ দেশত (part #3)


      মনৰ ভিতৰত বহু প্ৰশ্নৰ চাকনৈয়াৰ সৃষ্টি হৈছিল । কিন্তু ছোৱালীজনীৰ নামটো শুনা সাহসো হয়তো নাছিল । " নুসুধা কোন ? " মাথোঁ এটা প্ৰশ্নবোধক চাৱনিৰ বাহিৰে আৰু একো ক'ব পৰা নাছিলোঁ ।
"ছাতি থাকিলেও বৰষুণত তিতা এজনী ছোৱালী , ঔষধ খাবলৈ দিলেও খং উঠে তাইৰ, তাইক জোকায়ো ভাল লাগে , Laboratory ত এছিডৰ বটলো বগৰাই তাই. . ।"  বিশ্বাস কৰিবা এক মুহূৰ্তৰ কাৰণে যেন পৃথিৱীখন ৰৈ গৈছিল । কিন্তু মই কিবা কোৱাৰ আগতেই তোমাৰ লগৰ বিক্ৰম দাই চিঞৰি চিঞৰি আহিছিল . . " আকাশ অ'ই আকাশ , তই Labত হঠাৎ ছাতিটো পেলাই থৈ দৌৰিলি যে, ইমান মাতিলো। ল' ছাতি। কাম নাই আৰু নিজৰটো এৰি তাইৰ লগত আহিছ'।"  এন্ধাৰ হ'লেও হেল'জেনৰ সেইকণ পোহৰত ধৰিব পাৰিছিলো তোমাৰ লাজত ৰঙা পৰি যোৱা মুখখন । আৰু একো নকৈ তুমিতো আন্ধাৰত হেৰাই গ'লা। কিন্তু… মোৰ চোন একো কোৱাই নহ'ল।
        আধৰুৱা কাহিনীটো সামৰো বুলিয়েই বহিলো। আজিৰ সন্ধিয়াটোই বহু কিবাকিবি কৈ গ'ল। বহু নুশুধা প্ৰশ্নৰ উত্তৰ দি গ’ল ৷ এক নতুন শিহৰণ, ঠিক শেৱালিজোপাৰ গোন্ধটোৰ দৰেই ৷ আজি ময়ো কওঁ. . অ' ময়ো ভালপাওঁ এজন ল'ৰা। প্ৰথম দিনাই চিঞৰি জোকোৱা এজন ল'ৰা, কেন্টিনত ঔষধ খোৱা কথা কৈ জোকোৱা এজন ল'ৰা, নিজৰ হাতত এছিড পৰাৰ পিছতো মই ঠিকে আছো নে সুধা এজন ল’ৰা , নিজৰ ছাতি থাকিও মোৰ ছাতিৰ তলত সোমোৱা এজন
ল'ৰা. . ।
       ভালপাওঁ তোমাক , ঠিক সেই আবতৰীয়া বৰষুণজাকৰ দৰেই… !

              

#সমাপ্ত

No comments:

Post a Comment