This time I'm here wid a real story ! Don't know how much i could cover..for any kind of mistake sorry 'both of u' ! .. I don't wanna make it much spicy or it may loose its original taste ..sometime 'real' ones are much better than those imagined 'reel' ones !
প্ৰায় এটা বছৰ আগতেই এটা নতুন সম্বন্ধ আৰম্ভ হৈছিল ৷ এখন নতুন ঘৰ , কিছুমান নতুন মুখ তাই আঁকোৱালি লৈছিল ৷ ফটোখন দেখি মাত্ৰ এইটো কথাই মনত পৰিল নে ! তাৰ পিছত চোন এটা এটাকৈ আৰু বহু স্মৃতিয়ে ভিৰ কৰিলেহি ৷ তাইৰ এখন ছবিৰ এটা dialogue মনত পৰি গ'ল … " য়াদে মিঠাই কে দিব্বে কি তাৰাহ হোতি হেই , এক বাৰ খুলা তোহ চিৰ্ফ এক টুক্ৰা নেহি খা পাওগে ৷" .. সঁচাকৈয়ে 'বসন্তৰ যিদৰে কোনো বয়স নাই , স্মৃতিৰো কোনো সীমা নাই ৷' এটা কথাৰ আঁচলত ধৰি বহু কথাই মনলৈ আহে আৰু আমি অতীতৰ গভীৰতাত হেৰাই যাওঁ ৷
( to be continued )
(১)
বাটৰ ধূলি উৰুৱাই ,জীৱনৰ কেনভাছত কিছু ৰং ছটিয়াই দিবলৈহে যেন নামি আহে ফাগুন ৷ ফাগুনৰ এনে এটি দুপৰীয়া কলকাতা এয়াৰপৰ্টত অকলে বহি আছে নীলা ৷ তেনেতে announce কৰিলে কোনো বিজুতিৰ বাবে ২ ঘণ্টা দেৰিকৈ উৰিব বিমানখন ৷ " উফ্ কি কৰা যায় বাৰু ! আজিহে delay হ'ব পালেনে ৷" …তাইৰ খং উঠিল ৷ ভাবিলে একাপ কফিকে খাওঁ ৷ নাই, অকলে খাবলৈও মন নগ'ল ৷ ম'বাইলটো উলিয়াই আকাশক ফোন লগালে ৷ ৰিং হৈ হৈ কাটি গ'ল ৷ নাই কোনো response নাই ৷ …" কি যে হ'ব এই ল'ৰাটোৰ ! এতিয়াও সৰু ল'ৰাৰ দৰে অভিমান ৷ সি হয় laptop ত busy, নহ'লে দেখিও ভাবিছে চাগে ' আজি receive এ নকৰো মই ফোন ' ৷" …কথাটো ভাবি তাইক ওঁঠযুৰিৰে কোমল হাঁহি এটা ঢৌ খেলি গ'ল ৷ তাৰ খং আকৌ ! তাই যে ইমান সোনকালে গুচি যাব ওলাল ৷ …চাকৰিসূত্ৰে আকাশ থাকে কলকাতাত আৰু তাই গুৱাহাটীত ৷ ১৫ দিনৰ বাবে তাই কলকাতালৈ আহিছিল ৷ আজি যাবগৈ ৷ দুদিন আগৰ পৰাই আকাশৰ অভিমান, সৰু ল'ৰাৰ দৰে মুখ ফুলাই বহি আছে ৷ এইটো তাইৰ বাবে নতুন কথা নহয় ৷ যোৱা এটা বছৰত তাই যেতিয়াই আহিছে, যিমান দিনেই নাথাকক কিয়, তাৰ এটাই অভিমান ," আহিছিলা হে যাব হ'লেই নে ! নাহিবাই এনেকৈ ৷" সকলো বুজিও অবুজ, আচলতে অবুজ নহয় ৷ এয়া মৰম ,ভালপোৱা !…তাইৰ হাঁহি উঠিল যদিও কোনোবা খিনিত বুকুখন বিষাই গ'ল ৷ সমুখত আৰু দুটা মাহৰ দূৰত্ব !
বহি বহি তাইৰ আমনি লাগিল ৷ এনেকুৱা সময়ত অৱশ্যে ম'বাইলটোৱে বহুত সংগ দিয়ে ৷ তাই পুৰণি ফটোবোৰ চোৱাত লাগিল ৷ প্ৰতিখন ফটোৰ লগতে জড়িত হৈ আছে স্মৃতি, কিছুমান পাহৰিব নোৱৰা ক্ষণ ৷ হঠাৎ এখন ফটোত আহি ৰৈ গ'ল ৷ আৰু ক'ব নোৱৰাকৈয়ে তাই এবছৰ পিছুৱাই গ'ল ৷
প্ৰায় এটা বছৰ আগতেই এটা নতুন সম্বন্ধ আৰম্ভ হৈছিল ৷ এখন নতুন ঘৰ , কিছুমান নতুন মুখ তাই আঁকোৱালি লৈছিল ৷ ফটোখন দেখি মাত্ৰ এইটো কথাই মনত পৰিল নে ! তাৰ পিছত চোন এটা এটাকৈ আৰু বহু স্মৃতিয়ে ভিৰ কৰিলেহি ৷ তাইৰ এখন ছবিৰ এটা dialogue মনত পৰি গ'ল … " য়াদে মিঠাই কে দিব্বে কি তাৰাহ হোতি হেই , এক বাৰ খুলা তোহ চিৰ্ফ এক টুক্ৰা নেহি খা পাওগে ৷" .. সঁচাকৈয়ে 'বসন্তৰ যিদৰে কোনো বয়স নাই , স্মৃতিৰো কোনো সীমা নাই ৷' এটা কথাৰ আঁচলত ধৰি বহু কথাই মনলৈ আহে আৰু আমি অতীতৰ গভীৰতাত হেৰাই যাওঁ ৷
( to be continued )
No comments:
Post a Comment