তাই খিৰিকীখন খুলি লোৱা দেখি সি মাত লগালে,"বন্ধ কৰা, ঠাণ্ডা লাগিব ৷" অদিতিয়ে লগে লগে উত্তৰ দিলে," কিয় ? থাকক খোলা মোৰ ভাল লাগে ৷" সি মুখৰ ভিতৰতে ভোৰভোৰালে,"বাপ্ৰে ফুলনদেৱী !" " কি কৈছা?" তাই খঙেৰে সুধিলে ৷ …"মই ? নাই নাই একো নাই ৷ ৷ বাপ্ৰে তোমাক কিবা কোৱাৰ সাহসে হওক চোন ! "
তাই বাহিৰলৈ চাই ৰ'ল ৷ তাই নাজানে প্ৰকৃততে ভৱিষ্যতলৈ গতি কৰিছে নে অতীতলৈ ৷ সময়বোৰো অতীত হ'ল ৷ কিন্তু তাইৰ কিয় এনে লাগিছে ঘড়ীটোৰ কাঁটাডাল ওলোটাকৈ ঘুৰিছে ৷ সকলোবোৰ বস্তু পিছ পেলাই গাড়ীখন আগবাঢ়িছে সপোন চহৰ শ্বিলঙলৈ বুলি ৷ তাতেই তাই পাৰ কৰিছিল স্কুলীয়া দিনবোৰ ৷ য'ত একে ক্লাছতে আছিল নিবিড় ৷ বৰ উৎপতীয়া, চঞ্চল লৰা আছিল ৷ ছোৱালী পালে তাৰ কথাৰ ফুলজাৰি শেষেই নহৈছিল ৷ তাৰ এই স্ৱভাববোৰৰ বাবেই তাক বেয়া পাইছিল তাই ৷ কিন্তু নিবিড়েইতো আছিল তাইৰ প্ৰথম ভালপোৱা ৷ তাক বেয়া পাবলৈ অদিতিৰ হাতত যিমান কাৰণ নাথাকক কিয় , প্ৰেম কিন্তু কোনো কাৰণ নোহোৱাকৈয়ে হয় ! তাই পুহি ৰাখিছিল এজাক নীৰৱ ভালপোৱা ৷ তাই ভাবিছিল কেতিয়াও তাক জানিবলৈ নিদিব ৷ তাই ভাল পোৱাৰ বিনিময়ত একো বিচৰা নাছিল ৷ তাৰ মুখৰ মিঠা হাঁহিটো আৰু গাত নীলা চোলাটো খুব পচন্দ কৰিছিল, তাতেই তাইৰ ভালপোৱা সীমাবদ্ধ ৷ কিন্তু কেনেকৈ জানো সি গ'ম পালে ৷ & he started to ignore her . নিবিড় এইবোৰ ক্ষেত্ৰত কেতিয়াও serious নাছিল ৷ সেইকাৰণে সুযোগ পালেই বেয়াকৈ কোৱা হ'ল ৷ তাই আঘাত পালে ৷ তাইৰো আত্মসন্মান আছে ৷ অদিতিয়ে কোৱা নাছিল তাই ভাল পালে বুলি যে সিও পাব লাগিব ৷ যিয়ে প্ৰেমৰ সন্মান কৰিব নোৱাৰে তেওঁৰ পৰা আঁতৰি অহাটোৱে ভাল ৷ সময়ৰ সোঁতত সকলো বিচ্ছিন্ন হৈ গ'ল ৷ থাকি গ'ল মাথো স্মৃতি ৷ কাৰণ ' স্মৃতি এনে এক প্ৰেম যি বিচ্ছেদৰ পিছতো লগ নেৰে' ৷
তাইৰ টোপনি আহিব ধৰিছিল মাত্ৰ, প্লাষ্টিক পেকেটৰ শব্দত সাৰ পাই গ'ল ৷ দেখে যে নিবিড়ে তাইৰ বেগৰপৰা বিস্কুট আৰু কেকৰ পেকেট দুটা লৈ খোৱাত লাগি গৈছে। " আৰে কি কৰিছা। মোক নুসুধাকৈ মোৰ বেগ কিয় খুলিছা ?" তাই অলপ টানকৈ ক'লে ৷
" হেই, চেইনডাল খোলা আছিল ৷ এনেই ভোক লাগি আছে, তুমি আকৌ পেকট কেইটা দেখুৱাই লোভ লগাই নিজে সপোন দেখি আছা ! "
"মোক ক'ব লাগে ৷"
" বিস্কুট আৰু কেক হে লৈছো ৷ পইচাবোৰ ক'ত সোমাই থৈছা বিচাৰিয়ে নাপালো ! "
তাইৰ খং উঠা দেখি ড্ৰাইভাৰজনৰ চিন্তা লাগিল ৷ তাৰ হাতত থকা বিস্কুট কেইখন কি কৰে এতিয়া ! "এহ বাদ দে খাইয়ে থওঁ৷"
ড্ৰাইভাৰজনে সুধিলে, " আপোনালোক দুয়ো আগৰে চিনাকী যেন পাইছো ৷" লগে লগে নিবিড়ে মাত লগালে, "অ' স্কুলৰ পৰাই ৷ তাই আগতে সদায় মোৰ টিফিন চুৰ কৰি খাইছিল !" তাইৰ খং উঠিল , " কিয় মিছা কথা কৈ আছা ৷ তোমাৰ লগত যে মানে কাজিয়া কৰিবও মন নাই ৷" …"কৰা আকৌ, ভাল লাগে !" …তাই একো নামাতিলে ৷ " কি যে কৰিম এই ল'ৰাটোৰ লগত !"
( to be continued )
Bapre khong !
ReplyDeleteLol ..kintu mutse kom khong :p
Delete