Wednesday, 28 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 11 ( A friendship tale ) (


                                   ( ১০ )
       ডিচেম্বৰৰ ৩১ তাৰিখ ৷ কালিৰপৰা নতুন বছৰ আৰম্ভ ৷ সিহঁতে জানে  তাৰিখ, মাহ আৰু বছৰটোৰ বাহিৰে বেলেগ একো সলনি নহয়। মাথো এটা অংক সলনি হ’ব ৷ আৰু সকলো আগৰ দৰেই চলি থাকিব ৷ still they hope the days will be better ! উজান বজাৰৰ ঘাটটো সিহঁতৰ প্ৰিয় ৷ যিহেতু Kite festival সিহঁতে চিলা কিনিলে , যদিও উৰাব নাজানে ! চেষ্টা কৰিলে ৷ নাই ৷ এবাৰ যদি সূতা চিঙে এবাৰ আকৌ হাতত জোঁট লাগে ,মাজে মাজে আকৌ চিলাতকৈ সিহঁতৰ জাঁপেই বেছি হয় ৷  বাকী দুজনী হাঁহিত বাগৰি পৰে ৷ কাষত stage এখনত ল’ৰা এজনে guitar বজাই গান গাই আছে ৷ চিলা উৰুওৱাৰ মাজত নিশা আৰু প্ৰীতিয়ে তাৰ লগতে গুণগুণাইছে…য়াৰো দোস্তি বৰি হি হাসিন হে… ৷ মিতা আৰু ৰিমে ইফালে ball dance আৰম্ভ কৰি দিছে ৷ শেষত চিলা উৰাব নোৱাৰি “ এহ্‌ চিলাখনেই বেয়া যা” বুলি বালিচৰত বহিল ৷ সমুখত অস্তমিত সূৰুয ৷ দূৰণিৰ পাহাৰবোৰ কুঁৱলীয়ে ঢাকিছে ৷ কোনোবাজনীয়ে গান গাইছে…মন মোৰ উৰি গুচি যায় … ৷ এজনীয়ে আকৌ ঠাট্টা কৰিছে “ উৰি যায় যদি বান্ধি থ’ !” …হাঁহিছে সিহঁতে ৷ কিবা কিবি কথা পাতিছে ৷ ফটো উঠিছে ৷ হঠাৎ মাজে মাজে কথাবোৰ গহীন হৈ গৈছে। এইখিনি সদায় সিহঁতৰ নিজৰ সময় ৷ কোনেও কাঢ়ি নিব নোৱৰা ৷ হেঙুলীয়া ৷ নৈখন আগৰ দৰেই বৈ আছে ৷ সোণাৰু ফুলিল, আকৌ বাটবোৰ হালধীয়া কৰি সৰি গ’ল ৷ কৃষ্ণচূড়াই আকাশৰ বুকুত জ্বলোৱা ৰঙা জুই নুমুৱাবলৈ নামি আহিল বৰষুণৰ জাক ৷ শেৱালি ফুলা সন্ধিয়াবোৰ লাহে লাহে কুঁৱলীয়ে ঢাকিলে ৷ কুঁৱলীৰ মাজেৰে সিহঁতৰ সপোন সৰে ৷ নৈখন বৈ আছে ৷ কেতিয়াবা যদি শান্ত কেতিয়াবা চাকনৈয়া , কেতিয়াবা যদি শুকাই যায় কেতিয়াবা আকৌ প্ৰবল ঢৌ উঠে ৷ কিন্তু বৈ আছে, ঠিক জীৱনটোৰ দৰেই ৷
     “ অ’ই আন্ধাৰ হ’ল ৷ যাওঁ ব’ল দেৰি হ’ব ৷” ৰিমে হঠাৎ চিঞৰিলে ৷ মিতাৰ আপত্তি “ থাক এ অলপ ৷ যাম দে ৷” ৰিমৰ সুৰত সুৰ মিলাই নিশায়ো ক’লে, “ নহয় মানে ৩১তাৰিখ  ন, বাছ পোৱা দিগদাৰ হ’ব ৷” প্ৰীতিয়ে লগে লগে উঠি, “ ব’ল ব’ল ৷ এই মক্কেল দুটাৰ লগত আহিলে শান্তি নাই ! ইহঁত দুটাক লৈ অনাটোৱেই ভুল !”…চাৰিওজনী উঠি কাপোৰত লগা বালিবোৰ জোকাৰি লাহে লাহে খোজ দিলে ৷ কোনোবাজনীয়ে এজনীক ইচ্ছা কৰি ঠেলা মাৰিছে ৷ কোনোবাই কাৰোবাক জোকাইছে ৷ কোনোবাই কান্ধত হাত দিছে ৷ এজনীয়ে আকৌ চিঞৰি বেসুৰা গান গাইছে ৷ আৰু লাহে লাহে ভিৰৰ মাজত চাৰিওজনী হেৰাই গৈছে ৷ হেৰাই গৈছে বেসুৰা গান বোৰ ৷ কোলাহলৰ মাজতো মাজে মাজে সিহঁতৰ হাঁহিবোৰ ভাহি আহিছে ৷
   মানুহে কয় , " They are insane "  সিহঁতেও হাঁহি হাঁহি মানি লয়, " Yes , We are ! " সিহঁতৰ মাজত বন্ধুত্ব আছে ৷ ভালপোৱা আছে ৷  কাজিয়া, খং, অভিমান আছে ৷ হাঁহি আছে ৷ কান্দোন আছে…আৰু তথাপি জীৱন জীয়াই আছে ৷
    …And the journey continues…


( সমাপ্ত)

Tuesday, 27 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 10 ( A friendship tale )


      কোনোবাজনী স্কুলীয়া দিনৰ শেষৰ ফালে পৰিছিল প্ৰেমত ৷ তাই নাজানে কিয় ৷ সূৰ্যাস্তৰ ৰঙে হেঙুলীয়া কৰা তাৰ মুখখন তাই ভাল পায় ৷ কিন্তু তাই এইবোৰ বান্ধোনত বান্ধ খাব নোখোজে ৷ স্ৱাধীন পখী ৷ এতিয়া চোন তাইৰ কাকোৱে ভাল নলগা হ’ল ৷ কাৰোবাক দিব পৰাকৈ যেন ভালপোৱাবোৰ শেষ হৈ গৈছে ৷ তাই heartless ! আনএজনীয়েও ভাল পালে এজনক ৷ সি সপোন দেখুৱালে ৷ আকৌ মিছা অজুহাত দেখুৱাই আঁতৰি গ’ল ৷ এতিয়া তাই নাজানে তাই কি বিচাৰে প্ৰকৃততে ৷ confused soul ! এজনৰ কথাবোৰে তাইক আজিকালি সাহস দিয়ে ৷ তাইৰ ভাল লাগে ৷ তাই নাজানে এইয়া কি ! তাই মাথো বিচাৰে সি আগুৱাই যাওঁক নৈখনৰ দৰে এটি কবিতা হৈ ৷… এতিয়া সিহঁত নিজৰ মাজত সুখী ৷ বৰষুণত তিতি ভাল পায়, ভাল পায় সূৰ্যাস্তৰ ৰং , ভাল পায় ভৰি তিয়াই যোৱা সাগৰৰ ঢৌবোৰ ,আৰু ভাল পায় নীলা আকাশ…সিহঁতৰ যে উৰাৰ হেঁপাহ !…কোনোবাই যদি কান্দি কান্দি strong হ’ল, কোনোবাই কান্দিব লগা কথাবোৰ avoid কৰি ৷… 'They criticize each other brutally, if anyone else has to, they'll tear them apart !'…কোনেও কাৰো চকুত চকুপানী সহ্য কৰিব নোৱাৰে ৷ যদিও একো কৰিব নোৱাৰে, খঙতে ক’ব ," কোনে কি কৰিছে ক’ ৷ ফালি থৈ আহিম ৷ " … আজিকালি সিহঁতে চকুত কাজল সানে ৷ আইনা চাই নিজৰেই প্ৰেমত পৰে বাৰে বাৰে ৷ মিতাই পিছে কাজল নাসানে ৷ তথাপিও তাই প্ৰেমত পৰে নিজৰ ৷

                                   ( ৯ )
      ডিচেম্বৰ মাহৰ কোনোবা এটা ৰাতি লেপৰ তলত ম’বাইল screen ত সিহঁতৰ দুনিয়াখন সাৰ পাই উঠিল ৷ নিশাই ক’লে , " অ’ই এইবাৰ kite festival ২৭ তাৰিখৰপৰা ৷ আমি কেতিয়া যাম ? " … ৰিম আৰু মিতাৰ স্ফূৰ্তি , " য়েই ! যাম যাম ৷ ৩১ ত যাম দে ৷ চিলা উৰাবতো নাজানোৱে, নিজাই উৰিম ৷ হেহেহে ৷ " প্ৰীতিৰ আকৌ মাজে মাজে কিবা হয় , " এহ্‌ মই নাযাওঁ দে ৷ কি কৰিম গৈ ৷ তহঁত যাবি ৷ মোৰ বহুত দুখ ! " বাকীকেইজনীৰ গালি… “ দুখ ? সেইটো কি নতুন কথা ৷ তোৰ চোন মন গ’লেই দুখ লাগে !” ..“ পাগল মাৰ খাবি ৷ কি নাটক কৰি থাক’ !” .. “ ভাও কিয় খাইছ’ হা  ?” .. “ নাযাবি চোন, ঘৰৰপৰা টানি আনিম ৷”…আৰু শেষত তাইয়ো ক’ব বাধ্য হয় , “ হ’ব দে যাম !”
( to be continued )

Monday, 26 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান… ইত্যাদি part # 9 ( A friendship tale )


     খোজকাঢ়ি সিহঁত বহুদূৰ পালে ৷ “ অ’ মাইনা ছাতি লৈ কেনি যোৱা !” (সুহুৰি) - সেইয়া কোনোবাই জোকাইছে ৷ নিশাৰ মুখখন গহীন হৈ গ’ল ৷ প্ৰীতি আৰু মিতাৰ বেয়াকৈ হাঁহি উঠিল ৷ ৰিমে খঙতে ল’ৰাকেইটাকো গালি পাৰিলে আৰু লগতে সিহঁত দুজনীকো ,“ কি হাঁহি আছ’ ৷ চুপ ৷ আৰু হাঁহিলে মুখ ভাঙিম ৷”... সাত বজাত ৰবীন্দ্ৰ ভৱনৰপৰা নাটক চাই আহি চান্দমাৰি ব্ৰিজত আড্ডা দিয়া বিন্দাছ ছোৱালি প্ৰীতি আৰু মিতা ৷ ৰিম লগত নাথাকিলে হয়তো ল’ৰাকেইটাক ওলোটাই জোকালেহেঁতেন ! কিন্তু নাই ৰিমৰ লগত  ৰিস্ক ল’ব নোৱাৰি !
   বৰষুণটো অকমাণ কমিলে ৷ সিহঁতৰ কিবা খাবও মন গৈছিল ৷  কিছু দূৰত এখন সৰু চাহৰ দোকান দেখিলে ৷ সিহঁত তাত সোমাল। কাষতে পাৰি থোৱা কাঠৰ বেঞ্চখনতে বহিল ৷ চিচাৰ গ্লাচত ধোঁৱা ওলাই থকা চাহ লগতে মানুহগৰাকীয়ে বটলৰপৰা বেকাৰী বিস্কুট উলিয়াই দিলে ৷ ৰেডিঅ’টোত FMত গান বাজি আছে …“ পেহলা নাছা, পেহলা খুমাৰ..নয়া প্যাৰ হে নয়া ইন্ত্‌জাৰ...” ৷ সিহঁতে আকৌ খোজ দিলে ৷ মিতাই ফটো উঠাই উঠাই গ’মেই পোৱা নাই দোপাট্টাখন যে এফালে চুচৰি গৈছে ৷ প্ৰীতিয়ে পাথৰ এটা চুটিয়াই চুটিয়াই মিতাক ক’লে, “ তই মানে ৰাস্তাটো ঝাৰু দিয়া ঠিকা লৈছ’ নেকি !” নিশাই তেতিয়া FMত বাজি থকা গানটো আকৌ গুণগুণালে ৷ ৰিমে ঠিক হিন্দী চিনেমাৰ scene এটাৰ দৰে গানৰ তালত ছাতিটো লৈ এপাক ঘূৰি দিলে ৷  কৃষ্ণচূড়াৰ দেশত প্ৰেম হয় ৷ কোনোবাই ঠিকেই কৈছিল, “নমছ্‌ শেষ প্ৰেম নাই, জালুকবাৰী যেন শুকাই যায় ৷” প্ৰেম ! প্ৰেমত পৰো বুলিও পৰিব নোৱাৰি, নপৰো বুলি নপৰাকৈয়ো থাকিব নোৱাৰি ৷ প্ৰেম আছে বাবেইতো হেঁপাহবোৰ সেউজীয়া ৷ সিহঁতৰো কিছুমান সময়ত কিছুমান মানুহ নজনাকৈয়ে আপোন হৈ পৰিছিল ৷ কোনোবাজনীয়ে ভাবিছিল  ভালপোৱাৰ কথা ক’ব গৈ যদি বন্ধুত্ব হেৰুৱাই পেলায় ! তাইৰ কোৱাৰ সাহস নহ’ল ৷ কিন্তু পাছত কেৱল মাত্ৰ বন্ধু হৈ থকাৰ সাহসো নহ’ল ৷ আঁতৰি আহিল লাহে লাহে ৷ কোনোবাজনীয়ে আকৌ সৰুৰপৰাই ভাল পাই পেলাইছিল এজনক ৷ কোনেও নজনাকৈ ৷ আৰু এতিয়াও তাক কোনোবা ছোৱালীৰ লগত দেখিলে তাই senti ফালে ৷  তাই ছোৱালীজনীৰ Bio data উলিওৱাত ব্যস্ত হৈ পৰে ৷ লগা হ’লে সেইজনী তাৰ সম্পৰ্কীয় ভনীয়েকেই  হওক বা classmate !
( to be continued )

Sunday, 25 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 8 ( A friendship tale )


                               ( ৮ )
       জুলাই মাহ ৷ অনবৰত বৰষুণ চলিয়েই আছে তিনিদিন মান ৷ হঠাৎ জোৰত আহে আকৌ নাইকিয়া হয় ৷ কোনোবা দিনা আকৌ গোটেই দিনটো চিপচিপকৈ বৰষুণ ৷ জুলাই মাহৰ তৃতীয়টো শনিবাৰ ৷ আজিও পুৱাৰপৰা চিপচিপকৈ দি আছে ৷ এই এৰে এই দিয়ে ৷ টিনৰ চালিত পৰা বৰষুণৰ শব্দটো ভাল লাগিছে ৷ এনেকুৱা বতৰত কাৰ উঠিব মন যায় বাৰু ! গাৰুটো সাৱটি শুই থকাৰ এক বেলেগ আমেজ আছে ৷ মিতাৰ ফোনটো বাজি উঠিল ৷ চকু নেমেলাকৈয়ে তাই ধৰিলে ৷ নিশাৰ চিঞৰ, “ অ’ই উঠিব হোৱাই নাই তোৰ ! কুম্ভকৰ্ণ কিমান শুৱ ? উঠ উঠ ৷ জালুকবাৰী যাও আমি ফুৰিব ৷ ”… তাই জাঁপ মাৰি উঠিল, “ হঠাৎ কিয় ? কি হ’ল ?” …“ নাই একো হোৱা নাই এনেই ৷ বৰষুণো দি আছে ৷ বতৰটো ভাল লাগিছে ৷ ইহঁতেও ক’লে যাওঁ বুলি ৷”…“ এ হয় নেকি ৷ ৰহ্‌ মই উঠাই নাই ৷ ready হওঁ দে ৷”
      বাছষ্টেণ্ডত ৰৈ ৰৈ প্ৰীতিহঁতৰ আমনি লাগিল ৷ মিতাৰ ৫ মিনিট গৈ আধাঘণ্টা হ’ল ৷ তাইৰ এইটো নতুন কথা নহয় ৷ সদায় দেৰি ! ফোন কৰোতে তিনিবাৰমান এটাই উত্তৰ , “ এই পালোৱেই আৰু ৷” তেতিয়াও চাগে চুলি ফণিয়াবলৈ বাকী ! শেষত যেনিবা পালে আৰু আহি ৷ বৰষুণ দি থকা বাবে শেষৰ খালি চিট নিবিচাৰিলে ৷ খিৰিকীৰ আইনাবোৰত বৰষুণৰ পানীৰ টোপালবোৰৰ অঘোষিত প্ৰতিযোগিতা ৷ ৰাস্তাবোৰ সেমেকা ৷ অনবৰতে বৰষুণ পৰিয়েই আছে ৷
       সেমেকা জালুকবাৰী আৰু কিছুমান সেমেকা স্মৃতি ৷ বৰষুণৰ বতৰত জালুকবাৰীখন আকৌ জীয়ায় ৷ সেউজীয়াবোৰ আৰু বেছি সেউজীয়া হয় ৷ সিহঁতে ভাল পায় ৷ ভাল পায় ইউনিভাৰ্চিটিৰ ৰাস্তাটো ৷ কৃষ্ণচূড়াৰ দেশত আকাশ ৰাঙলী কৰিবলৈ এতিয়া কৃষ্ণচূড়া নাই ৷ বাটটোত ৰঙা দলিচা পাৰি থৈছে ৷ তথাপিও মায়াময় এইখন 'দেশ' ৷ ৰং বিৰঙী ছাতিবোৰ লৈ গৈ আছে মানুহবোৰ ৷ কাৰোবাৰ চাবলৈও সময় নাই ৷ কোনোবাই আকৌ পৰি থকা ফুল বুটলি শৈশৱলৈ ঘূৰি গৈছে ৷ কোনোবাই প্ৰিয়জনৰ হাতত ধৰি লাহে লাহে খোজ কাঢ়িছে আৰু কিছু অদৰকাৰী কথা ৷ সিহঁত  চাৰিওজনীয়েও ছাতি মেলি লাহে লাহ খোজ দিলে । কিবা কিবি শেষ নোহোৱা কথা ৷ ঠায়ে ঠায়ে সৰু সৰু পানীৰ ডোঙা ৷ প্ৰীতিয়ে কোনো বাৰ তাত জঁপিয়াই দিছে ৷ পানী চিটিকি আহি বাকীকেইজনীৰ কাপোৰত পৰিছে ৷ ৰিমাই বৰষুণ ভাল পায় ৷ তাই ছাতিটো জপাই ল’লে ৷ মিতায়ো তাইৰ টো জপালে ৷ বাকীদুজনীৰ আকৌ তিতি জ্বৰ হোৱাৰ ভয় ৷… সিহঁত প্ৰত্যেকেই প্ৰত্যেকৰপৰা বেলেগ ৷ প্ৰীতিয়ে অংক ভাল নাপালে কোনোদিন ৷ জ্যামিতিৰ বাহু নিমিলে, কাৰণ তাই তাত কবিতা বিচাৰি নাপায় ৷ নিশাৰ কণ্ঠত এক মায়াবী যাদু আছে ৷ তাই গুণগুণাই ভাল পায় ৷ আৰু মিতা , তাই নাটকত কেতিয়াবা যদি সীতা হয় কেতিয়াবা আকৌ মুখত বগা ৰং সানি মাইম কৰে ৷ ৰিমে কেনভাছত ৰঙেৰে সপোন চটিয়াই ভাল পায় ৷ ৰং বোৰ আছে বাবেই জীৱনটো ধুনীয়া ৷ চাৰিওজনী যেন ঠিক বাহুৰে লগ লাগি থকা চতুৰ্ভুজৰ চাৰিটা কোণ ৷ কিছুমানে কয় , “ You are different from each other. ” … সিহঁতে হাঁহে , because, 'not every beautiful poem rhymes' !
( to be continued )

Saturday, 24 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 7 ( A friendship tale )


                              ( ৭ )
      আজিকালি সিহঁতে কলেজৰ দিনবোৰৰ দৰে লগ নাপায়। ৰিমৰ বাহিৰে বাকীকেইজনী ডিগ্ৰী পঢ়ি আছে ৷ ৰিম entrance ৰ preparation ত ব্যস্ত ৷ সময় নিমিলে ৷ সেয়ে কেতিয়াবা এনেদৰে cafe ত ,বাছষ্টপত, ওচৰৰ পাৰ্কত লগ হয় ৷ মুকলিকৈ অকমাণ হাঁহে সিহঁতে ৷ বাকীকেইজনীয়ে পালেও ৰিমে physics chemistry ৰ বোজাটোৰ পৰা বেছি সময় উলিয়াব নোৱাৰে ৷ ৰিমৰ বাহিৰে বাকীকেইজনী প্ৰায় সন্ধিয়া সিহঁতৰ লগৰ প্ৰীতমৰ চাঁদত লগ হয় ৷ প্ৰীতমৰ গীটাৰত সুৰ বাজে ৷ নিশাই গান গায় ৷ লগতে বাকীকেইজনীয়েও ৷ ডিচেম্বৰৰ সন্ধিয়াবোৰত মাজত একুৰা জুই জ্বলাই লয় ৷ মায়াবিনিৰপৰা আৰম্ভ কৰি মন মোৰ উৰি গুচি যায়লৈ, Taylor ৰপৰা Kygo লৈ… সৰু সুৰা গানৰ মেহফিল ৷ গানৰ লগতে আড্ডা বহে ৷ ৰিমৰো যাব মন যায় কিন্তু সময় নাই ৷ তাই ক’ৰবাত পঢ়িছিল  “ caged birds don't sing, they cry ! ” কিন্তু তাই জানে তাই caged bird ও নহয় ৷ তাইয়ো গান গায় ৷ মাথো গানবোৰ বেসুৰা ৷ স্কুলত থাকোতে শনিবাৰে নিশা, মিতা আৰু প্ৰীতিয়ে গান শিকিছিল ৷ নিশাৰ মাতটো ধুনীয়া তাইৰ মানুহজনীৰ দৰেই ৷ যিদিনা গানৰ পৰীক্ষা থাকে মিতা আৰু প্ৰীতিক চাব লগা হয় ৷ নিশাই বিন্দাছ গাই আহে ৷ আৰু বাকীদুজনী ? কাঁহ, চৰ্দি ,মাত ভঙা, পেটৰ বিষ, মুৰৰ বিষ সববোৰে সিহঁতক সিদিনাখনেই লম্ভে আহি ! মুঠতে বাহানা ! সিহঁত গানৰ ক্লাছত একেবোৰ গান গাই গাই bore হৈছিল ৷ সিহঁতৰ স্কুলৰ পিছফালেই ৰেল লাইন ৷ গতিকে ৰেল আহিলে বিৰাট স্ফূৰ্তি পায়, গান গাব নালাগে ৷ কিন্তু সিহঁতৰ ছাৰজনো কম নহয়, “ ৰ’বা হুলস্থুল নকৰিবা ৷ ৰে’লৰ শব্দটো শুনা ৷ তাতো rhythm আছে ৷ শুনাচোন ,নি…” ৷ সিহঁতে সৰুৰপৰা ৰেলৰ শব্দ ঝক ঝক বুলি জানে , 'নি' কেনেকৈ হয় ধৰিবই নোৱাৰে ! “ বতাহজাকতো আছে শুনাচোন.. ৰে…” ৷ সিহঁতে ভাবে কৰণ জোহাৰৰ চিনেমাৰ দৰে প্ৰেম হ’লেও চাগে বতাহত 'ৰে' শুনা নাপাম ! ক্লাছত গান গাব বেয়া পায়, কিন্তু স্কুলৰ ভ্ৰমণবোৰত টেটু ফালি গান গায় ! আৰু আজিকালি চাঁদত বহি ৷ ৰিম বেছি বাহিৰ নোলায় আজিকালি ৷ তাতে কি হ’ল ! প্ৰীতিহঁত গৈ ওলায় হঠাৎ ৷ গধুলিয়েই হওক বা ৰাতিপুৱাই হওক ৷ তাৰ পাছত গেটৰ মুখত ৰৈ কথাৰ মহলা মাৰে ৷ কেতিয়াবা নিজে চাহ বনাই খায় ৷ ঘৰত কোনো নাথাকিলে উৎপাতো কৰে ! ডিচেম্বৰৰ বৰফ নগলা সন্ধিয়াবোৰত ice cream খায় ৷ গেলা গৰমত ম’ম’ ৷ কেতিয়াবা এসপ্তাহত এবাৰো ফোন নকৰে ৷ কেতিয়াবা আকৌ এদিনত সাতবাৰ ফোন কৰে ৷ পৰীক্ষাৰ আগদিনা ৰাতি হঠাৎ গাৰুৰ তলত কাৰোবাৰ ফোনটো বাজি উঠে ৷ হেল্ল’ বুলি কোৱাৰ লগে লগে সিটোপাৰে আনএজনীৰ উচুপনি “ মোৰ ভয় লাগিছে ,পঢ়া হোৱা নাই ৷ মই fail কালি ৷” ইজনীয়ে আদৰেৰে বুজায়, সাহস দিয়ে আৰু শেষত সদায় ,“ গুলি মাৰা হে exam, জীৱনত কিমান দিলো পৰীক্ষা ! ফালি থৈ আহিবি ৷ এতিয়া বিন্দাছ শুই যা হ৷ ”…এনেদৰেই চলি থাকে সিহঁতৰ দিন ৰাতিবোৰ ৷
( to be continued )

Friday, 23 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 6 ( A friendship tale )


   ᪆                               ᪆( ৫ )
     “ এই চান্দমাৰি, নুনমাটি, নাৰেংগী ..আহক আহক খালি আছে ৷” - হেন্দিমেনৰ চিঞৰ শুনি বাছলৈ দৌৰিলে ৷ যদিও ঠিয় হ’ব পৰাকৈ অকমাণ খালি ঠাইয়ে আছিল, সিহঁত সেইখন 'খালি বাছ' তে উঠিল ৷ উপাই নাই ৷ দেৰি হৈছে ৷ গুৱাহাটী ক্লাবত বহু সময় ৰ’ল বাছখন ৷ গৰমত আমনিও লাগিল ৷ গোটেই বাছখন ঘামৰ গোন্ধে আমোল মোলাই গৈছে ৷ কলেজত পঢ়া দিনতো কেতিয়াবা গোটেই কেইজনী গুৱাহাটী ক্লাবত লগ হয়। কোনোবাজনী আগত আহি পাই ৰ’দত ৰৈ ৰৈ পাগল হয় ৷ বাকীকেইজনী আহি পালেই গালি দিয়া আৰম্ভ, “ বাহ্‌ বহুত সোনকালে আহিলি ! আৰু অলপ দেৰি হ’লে মোক নেদেখিলিয়ে হয়, কলা কলা ছাঁই দেখিলি হয় ইয়াত ৷” তাৰ পিছত আকৌ সিহঁতক শেষৰ ছিটটো খালি থকা বাছ হে লাগিব ,লগা হ’লে এঘণ্টা ৰ’ব ৷ মুঠতে একেলগেই বহিব ৷ নাচোৰবান্দা ! ৰিমৰ stream বেলেগ আছিল, সেয়ে tuition বোৰো বেলেগ ৷ কেতিয়াবা নিশাহঁতৰ লগত তাইৰো tuition ৰ সময় মিলিছিল ৷ আৰু সিহঁতে লগ নকৰাকৈ থাকিব ? হ’ব পাৰে নেকি ! ৰিমে মহৰ কামুৰ খাই তাতেই ৰৈ থাকিছিল বাকীকেইজনীৰ টিউচন শেষ হোৱালৈ ৷ আৰু প্ৰত্যেকবাৰ লগ পালে একেই excitement ৷ সিহঁতে ইংৰাজীৰ টিউচন একেলগে কৰিছিল ৷ উদ্দেশ্য ,সপ্তাহত অন্ততঃ এটা ক্লাছ এখন বেঞ্চত বহি কৰা ৷ যায় আধা ঘণ্টা আগত আহে এঘণ্টা পাছত ৷ তথাপি চোন কিমান কথা ৰৈয়ে যায় !

                               ( ৬ )
     সিহঁতৰ এখন নিজৰ দুনিয়া আছে ৷ social media, whatsapp ৰ দুনিয়া ৷ ৰাতি সকলোৱে কিতাপ জপোৱাৰ পাছত ২ মান বজাত সাৰ পায় এইখন দুনিয়া ৷ আঁঠুৱাৰ তলৰ আন্ধাৰত ম’বাইল screen বোৰ জ্বলি উঠে ৷ আজি  গধূলিটো এনেদৰে ফুৰি সবৰে ভাগৰো লাগিছিল ৷ মাজৰাতি whatsapp ৰ group ত মিতাই msg এটা দিলে, “ ভোক লাগিছে বে ” … ৰিমৰ reply ,“ ৰাক্ষক, অলপ আগত ভাত খাইছহে ৷ ভোক লাগিব হ’লেই ! ” অলপ পিছত নিশাও আহি ওলাল ৷ “ অ’ই মোক আজিৰ photo বোৰ দে ৷ DP দিব লাগে ৷” …“এই ৰাতিখন এইক আৰু Dp ৰ ভুতে ধৰিছে”… আৰু তাৰ পিছত কিছু অদৰকাৰী কথা ৷ প্ৰীতি টোপনি ৷ তাই আকৌ ৪ মান বজাত সাৰ পাই গান record কৰি পঠাব, “ ছাহে কোই মুঝে জাংগলী কাহে..মই জংগলী মই জংগলী জংগলেই মোৰ ঘৰ !”… আৰু নিশ্চয়কৈ তেতিয়া তাইৰ সৃষ্ট এই গানবোৰ শুনিবলৈ কোনো সাৰে নাথাকিব ! - এইখন সিহঁতৰ দুনিয়া ৷ তাত সিহঁতে সুখ দুখৰ কথা পাতে ৷ Emoji ৰে হাঁহে কান্দে, কাজিয়া লাগে, Senti ফালে , অভিমান কৰি group Left মাৰে, কোনোবাই বুজাই আকৌ Add কৰে … ই-আবেগ ! এখন ই-দুনিয়া ৷ য’ত সিহঁত তেনেকৈয়ে সুখী ৷ য’ত কিছুমান অদৰকাৰী কথাও বহু সময়ত দৰকাৰী হৈ পৰে ৷
( to be continued )

Thursday, 22 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 5 ( A friendship tale )


   এবাৰ ৰিম আৰু মিতাই একেলগে ক্লাছ magazine ত কাম কৰাৰ সুবিধা পালে ৷ আৰু সেয়াই হয়তো বন্ধুত্বৰ আৰম্ভণি ৷ লাহে লাহে কেতিয়াৰ পৰা দুয়ো চুটীত একেলগে অহা আৰম্ভ কৰিলে কাৰোৱে মনত নাই ৷ এটা সময়ত ৰিমে দুদিনমান শনিবাৰ পালিছিল, একো নাখায় ৷ ইফালে ছুটীৰ পাছত দুয়ো চিপ্‌চৰ পেকেট কিনে ৷ হঠাৎ মিতাৰ মনত পৰি জাপ মাৰি উঠে, “ ৰিম তোৰ আজি ব্ৰত আছিল চোন !” ৰিমে লগে লগে বটলটো উলিয়াই পানীৰে মুখখন ধুই পেলায় ! আকৌ আৰম্ভ ব্ৰত ! … সময় যোৱাৰ লগে লগে তিনিও কেতিয়া কেনেকৈ লগ হ’ল ঠিক ক’ব পৰা টান ৷ মাথো ক’ব পাৰি ইয়াৰ মূল কাৰণ কুইজ ৷ স্কুলৰ মুকলি মঞ্চখনতেই আৰম্ভণি কৰা কুইজত সিহঁতে লাহে লাহে আগবাঢ়ি গ’ল। পুৰস্কাৰো পালে ৷ নৱেম্বৰ মাহ ৷ এবাৰ তেনে এখন কুইজতেই এজন ল’ৰাই ৰিমক কিবা এটা সুধিলে ৷ আগে পাছেও তাক লগ পায় কিন্তু মাত-বোল নাছিল ৷ মিতা আৰু প্ৰীতিক কিহে পায় ! জোকোৱা আৰম্ভ ৷ ইয়াৰ পাছত কোনোবা কুইজত সি আহিলে ৰিমে মুৰ তল কৰিয়ে থাকে কাৰণ মুৰ উঠালেই বিপদ ! “ অ’ তাক চাইছ’ ন’ !” ৰিমৰো বেয়া লগা নাছিল অৱশ্যে, পাছে এতিয়া ভাবি হাঁহে,“ ইচ্‌ কি মক্কেল আছিলো মই ! ভাল লাগিব ল’ৰা নাপালো !” …স্কুল বা কলেজৰপৰা আহি হঠাৎ মিতা প্ৰীতিৰ ঘৰত সোমাব ৷ আঞ্জা শেষ হ’লেও কিবা খাও বুলি নিমখ তেল ভাতকে খাব ৷ কেতিয়াবা ইচ্ছা গ’লে ৰাতিটো থাকিও যাব ৷ স্কুলৰ ভ্ৰমণবোৰত বাছৰপৰা মানুহ জোকোৱাত ৰেকৰ্ড কৰিব পৰা মানুহ সিহঁত ৷ ভয়ো কৰে যদি কিবা কয় আকৌ ! তথাপিও নেৰে ৷ প্ৰেমিকবোৰক সিহঁতে বুন্দিয়া ভুজিয়া বুলি জোকাইছিল ৷…সিহঁতৰ কাজিয়াও কম লাগে নেকি ! এবাৰ মিতা আৰু প্ৰীতিৰ মাজত কিবা কাজিয়া লাগি স্কুলত দিনটো মাতা মাতি নাই ৷ ছুটীত এপাকত প্ৰীতিয়ে আঁঠু কাঢ়ি মিতাৰ ভৰিত ধৰিলে ৷ ৰিমতো বাদেই মিতাৰো হাঁহি উঠি গ’ল ৷ ব্ৰেকত কাৰ টিফিন কোনে খাইছিল পাট্টা নাই !…নাজানো সিহঁতৰ মাজত কি আছিল কিন্তু হাজাৰ ধুমুহা বতাহকো নেওচি স্থিৰে আছিল সিহঁতৰ সম্বন্ধ ৷ এজনীৰ সুখত আন এজনী সুখী হৈছিল ৷ ইজনী সিজনীৰ বাবে supportive pillar আছিল ৷ নিশ্চিন্ত আছিল বাকীকেইজনী থকালৈ নিজৰ একো বিপদ নহয় ৷  কেতিয়াবা দুখত কান্দিছিল ৷ চকুপানীবোৰ যেন সিহঁতৰ ওচৰত নিৰাপদ ৷ ৰিম বা মিতাই ৰাতি টোপনি ক্ষতি কৰিলে বা বেমাৰত ঔষধ নাখালে প্ৰীতিৰ গালি আৰম্ভ হৈ যায় ৷ প্ৰীতিৰ অকৰামিবোৰ সহ্য কৰিব  নোৱাৰি ৰিমে গালি দিয়ে তাইক ৷ নাই কোনো বেয়া নাপায় ৷ গালিবোৰ শুনিবলৈহে যেন ৰৈ থাকে ৷ সিহঁতক সদায় একেলগে থকা দেখি এজন ছাৰে নাম দিছিল ' কাপ-প্লেট-চামুচ' ! কলেজ পোৱাৰ পিছত লাহেকৈ নিশা সিহঁতৰ লগ লাগিল ৷ তুমিৰ পৰা তই হ’ল ৷ সিহঁতে নাজানে কেতিয়াৰপৰা কেনেকৈ নিশা সিহঁতৰ মাজৰ এজনী হৈ পৰিল ৷ সিহঁত বিশ্বাসৰ এনাজৰীৰে এনেদৰে বান্ধ খাই আছে যাক চিঙা হয়তো সহজ নহ’ব ৷ নিশাই বেছি কথা নকয় ৷ শান্ত শিষ্ট, কিন্তু চাৰিওজনী একেলগে থাকিলে তাইয়ো মহাদুষ্ট ! সিহঁতৰ মাজত secret বুলি কোনো শব্দ নাই ৷ আছে বিশ্বাস যাৰ ভিত্তিত সকলো কথা open secret !
( to be continued )

Wednesday, 21 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 4 ( A friendship tale )


     কাৰো মুখত কথা নাছিল ৷ এইখিনি সিহঁতৰ নিজৰ সময় ৷ সকলো দুখ ভাগৰ যেন পাহৰি পেলাব ৷ হঠাৎ মিতাই নিস্তব্ধতা ভাঙি চিঞৰি উঠিল, “ ঐ selfie উঠো দে ৷” প্ৰীতিৰ বাহিৰে বাকী দুজনীয়ে, “ অ’ দে দে উঠো ৷ ৰহ চুলিখিনি ঠিক কৰি লওঁ ৷” প্ৰীতিৰ মতে কিছুমান মূহুৰ্ত মনভৰি উপভোগ কৰিব লাগে ৷ সকলোবোৰ মূহুৰ্ত কেমেৰাত বন্দী নকৰিলেও হয় ৷  But, after all majority wins ! বাকীকেইজনীৰ উৎপাতত তায়ো জোৰ কৰি হাঁহিটো মাৰিলে আৰু ৷ সিহঁত উভতি আহে মানে সম্পূৰ্ণ আন্ধাৰ হোৱা নাছিল যদিও street light বোৰ জ্বলি উঠিছিল ৷ কৃষ্ণচূড়া সোণাৰুৰ মাজেৰে হালধীয়া পোহৰবোৰ সৰকি আহিছিল ৷ কিবা এটা ভাল লাগিছিল ৷  সিহঁতে একো অদৰকাৰী কথাও পতা নাছিল ৷
     বাৰোৱাৰীত বাছত উঠিব আহি নিশাই দৌৰি দৌৰি গ’ল ৷ “ ব’ল ফুস্কা খাওঁ ৷”…নাখাওঁ বুলি ক’ব নেকি কোনোবাই ! স্কুলত থাকোতেও এনেকৈ ফুস্কা পাগল আছিল ৷ আৰু শেষত সদায়, “ দাদা এটা চুখা দিব ৷” স্কুলৰ গেটৰ মুখৰ ফুস্কা, সমুখৰ দোকানবোৰৰ বগৰী গুড়া ,chocolate, chips - ছুটী হোৱাৰ লগে লগে সব মাখি পৰা দি পৰে ৷
 
                                     ( ৪ )
      …প্ৰথম শ্ৰেণীত ৰিম আৰু প্ৰীতিৰ চিনাকী ৷ প্ৰীতিৰ বাবে এখন নতুন স্কুল ৷ ৰিমহঁতৰ স্কুলখনৰ পুৰণা  student বুলি এটা অহংকাৰ আছিল ৷ নতুনবোৰক পাট্টাই দিব নোখোজে ৷ এবাৰ কোনোবাই মিছা কথা লগাই প্ৰীতিক মাৰ খোৱাব বিছাৰিছিল ৷ কিন্তু ৰিমে সঁচা কথাবোৰ কৈ তাইক শাস্তি পাবলৈ নিদিলে ৷ তাই নিবিচাৰে কোনোবাই অনাহকত শাস্তি পোৱাটো ৷ প্ৰীতিৰ ভাল লাগিছিল। সৰু সৰু মনবোৰতো যে কেতিয়া কি চলি থাকে ! এটা বছৰ পাৰ কৰি দ্বিতীয় শ্ৰেণী পালে সিহঁতে ৷ প্ৰীতিয়ে  নৱবৰ্ষত ধুনীয়াকৈ এখন কাৰ্ড বনাই ৰিমক দিলে ৷ আৰু ৰিমে কৰিলে কি ! সেইখন ঘূৰাই দিলে ৷ প্ৰীতিৰ কোমল মনটোৱে দুখ পালে ৷ তাই কান্দি দিলে ৷ আৰু তাৰ বাবে ৰিমৰ আজিও নিজক দোষী যেন লাগে ৷ হ’লেও কি হ’ব, সিহঁতৰ এইবোৰৰ শেষ আছে নেকি ! ক্লাছ 9 ত কিবা কথাত লাগি প্ৰীতিয়ে ৰিমৰ চুলিত ধৰি দিলে  ঘটালি ৷ তাই ইমান বেয়াকৈ দুখ পালে, গধুলি জ্বৰ উঠি গ’ল ৷ তাৰ পিছত কি হ’ব আৰু , এসপ্তাহ দুয়োৰে মাত-বোল বন্ধ ! ক্লাছ 5 ত section সাল সলনি হ’ল আৰু বেলেগ এটা section ৰ পৰা আহি মিতা সিহঁতৰ লগত পৰিল ৷ নিশা বেলেগতেই ৰৈ গ’ল ৷ তেতিয়ালৈ মানুহতো বাদেই, নিশা ,মিতা এই নামদুটাৰ লগতেই চিনাকী নাছিল প্ৰীতিহঁতৰ৷ নাই, এটা section হ’লেও কি হ’ব ,ৰিম মিতাহঁতৰ মাজত বন্ধুত্ব নাছিল ৷ বৰঞ্চ কোনো কাকো দেখিব নোৱাৰিছিল ৷ কুকুৰ-মেকুৰি !
( to be continued )


Tuesday, 20 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি Part # 3 ( A friendship tale )


      ৰিম আৰু প্ৰীতিৰ stream বেলেগ আছিল যদিও ৰিমে বেছি অকলশৰীয়া অনুভৱ কৰা নাছিল কেতিয়াও ৷ কাৰণ তাইৰ লগত স্কুলৰপৰা একেলগে পঢ়ি অহা অনুৰাগ আছিল ৷ সি তাইক অকলশৰীয়া অনুভৱ কৰিবই দিয়া নাছিল ৷ তথাপিও তাই সিহঁতক miss কৰিছিল ৷ চাৰিওজনী কলেজৰ শেষত chance পালেই লগ হৈছিল ৷ কথাৰ আৰম্ভণি হৈছিল মাথো, শেষ নহৈছিল ৷ নতুন বন্ধুৰপৰা আৰম্ভ কৰি নতুন চিনেমা , election ৰ পৰা আৰম্ভ কৰি গানৰ lyrics , ধেমাজিৰ বানপানীৰপৰা মিছেল ওবামা…উফ্‌ ! কিমান যে সংগতিবিহীন কথা !

                                      ( ৩ )
     …মাত্ৰ কিছুসময় আগতে 'মই যাওঁ' বুলি খঙত কোৱা প্ৰীতিয়ে কথাবোৰ rewind কৰি জোৰকৈ হাঁহি দিলে ৷ সিহঁতৰ কাজিয়া লাগে সঁচা কিন্তু পুৰণি কিছুমান কথা মনত পেলাই আকৌ সকলো পাহৰি যায় ৷ নিশাই কফিৰ কাপটোত সোহা এটা মাৰি হঠাৎ হাঁহি দিলে ৷ মিতাই গালিৰ সুৰত ক’লে,“ পাগলী গাঁঠি লাগি মৰিবি ৷”…“ নমৰো ৰহ্‌৷ কথা এটা মনত পৰিল ৷” বাকীকেইজনীয়ে একো নামাতিলেও চকুত এটাই প্ৰশ্ন, “ কি কথা ?”…“ মনত আছে মিতা এবাৰ যে pol science ৰ ক্লাছত last bench ত বহি তই শুইয়ে গ’লি ৷ attendance লৈ থাকোতে হঠাৎ সাৰ পাই বেলগৰ নামতে present ma'am কৈ দিলি ৷ ma'am জনীয়ে আকৌ কয় টোপনি ভাঙিল চাগে !”…“ অহ্‌ ৰে বেয়া লাজ পাইছিলো ৷” - গোটেই কেইজনীয়ে হাঁহি দিলে ৷ প্ৰীতিয়ে কফি কাপ খাই, “ এইবোৰ latte- ফাটে খাব লৈ আহ’ মোক, তাতকৈ মই বেছি ভাল বনাও কফি ৷” মেনেজাৰজনে শুনা পালে সম্ভৱ ৷ সিহঁতলৈ ঘোপাকৈ চালে ৷ ৰিমৰ ভয় লাগিল ৷ নিশাইয়ো ভাবিলে ইয়াৰ পৰা ফুটাই ভাল ! bill pay কৰি ওলাই আহিল কিন্তু সেই last bench ত টোপনি মৰাৰ পৰা আৰম্ভ হোৱা কথা চলিয়ে থাকিল ৷
     “ আমি ক্লাছৰ মাজত tiffin খাইছিলো ৷ বুট, চানা, কিচমিচ, কাজু ৷”…“আমি bunk মাৰোতেই গ’ল পিছত ৷ মানুহ ক’ত গায়াব হৈ থাকো পাট্টায়ে নাই ৷”…“ আমাৰবোৰে কিমান proxy মাৰে ৷”…ৰিমে সিহঁতৰ কথাৰ মাজতে কৈ উঠিল, “ মই proxy মাৰিয়ে নাপালো৷ bunk ও চাগে দুটাৱে মাৰিছিলো ৷”…কোনোবাজনীয়ে ঠাট্টাৰ সুৰত ক’লে,“ তুমি মহান আৰু ! হিৰ’ মানুহ !”… কিমান কথা ৷ দৰকাৰী অদৰকাৰী ৷ শেষ নহয় ৷
      গৰম দিনৰ ৫বজা মানে বেলি ডুবিবলৈ এতিয়াও বহু সময় ৷ সিহঁতে বেলিভিউলৈ খোজ দিলে ৷ কৃষ্ণচূড়া ফুলা বতৰ ৷ বাটটোত ৰঙা পাহিবোৰ সিচঁৰিত হৈ আছে ৷ মানুহৰ খোজত প্ৰায়বোৰ উৱলি গৈছে ৷ উজান বজাৰৰ নৈৰ পাৰত সোণাৰু ফুলিছে ৷ জাকে জাকে হালধীয়া ৷ সিহঁত গৈ বেলিভিউৰ ৰাস্তাটোৰ কাষত বহিল ৷ এজাক ঠাণ্ডা বতাহে চুই গ’ল ৷ নৈৰ বুকুত অস্তমিত সূৰুয ৷ সমুখত এখন হেঙুলীয়া আকাশ ৷ নৈৰ বুকুতো যেন হেঙুলীয়াবোৰ কোনোবাই মিহলি কৰি দিছে। এজাক চৰাই উৰি গৈ দিগন্তত হেৰাই গ’ল ৷ দূৰত এখন ঘৰমূৱা নাও, লাহে লাহে আগবাঢ়িছে ৷
( to be continued )

Monday, 19 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান…ইত্যাদি part # 2 ( A friendship tale )


   নিশাই তাইক বুজাই মেলি বহালে  ৷ ভাবিলে সোনকালে খাই মেলি যোৱাই ভাল ৷ সিহঁতৰ বাবে এইবোৰ নতুন কথা নহয় ৷ যোৱা ১০-১২ বছৰেতো এনেদৰেই চলি আছে ৷ খং, কাজিয়া, অভিমান এইবোৰ নহ’লে ভালপোৱাৰ স্থান ক’ত !
    আগত যেনে আছিল এতিয়াও একেই আছে ৷ মাথো সময় সলনি হৈছে ৷ নতুন কলেজ, নতুন পৰিৱেশ , নতুন মানুহ ৷ এতিয়াৰ দৰে তেতিয়াও কোনোবা handsome ল’ৰা দেখিলে সিহঁতে চাইছিল , অকলে নহয় দেই গোটেই কেইজনীয়ে একেলগে চাইছিল ! কি  কৰিব আৰু ,বয়সৰ তাগিদা ! হঠাৎ কৰবাত যদি কাৰোবাৰ crush এটা আহি ওলাল, আৰু কথাই নাই ! বাকীকেইজনীৰ মুখ টিপি হাঁহিব ধৰে ৷ হাঁহি ৰখাব নোৱাৰি কোনোবাজনীয়ে হঠাৎ ডাঙৰকৈ হাঁহি দিয়ে ৷ প্ৰীতিয়ে স্থান কাল পাত্ৰ যিয়েই নহওঁক সৰুকৈ কথা ক’ব নাজানে ৷ আৰু আজিও ব্যতিক্ৰম হোৱা নাছিল !

      ো                             (২)
    চাৰিওজনীৰে শিপা অৰ্থাৎ স্কুল একেখনেই আছিল যদিও মেট্ৰিকৰ পাছত কলেজ বেলেগ হ’ল ৷ নতুন পৰিৱেশ ৷ নতুন নতুন মুখবোৰৰ মাজত নিজক হেৰুৱাই পেলোৱাৰ ভয়, তথাপিও মনত এটা হেঁপাহ নিজৰ এটা সুকীয়া পৰিচয় গঢ়াৰ ৷ নিশা আৰু মিতা একেখন কলেজ, প্ৰীতি আৰু ৰিম এখন কলেজ যদিও stream বেলেগ ৷ সিহঁতে কোনো মুখেৰে কোৱা নাছিল যদিও মনৰ কোনোবাখিনিত ভয় , যদি সিহঁতৰ মাজত দূৰত্ব আহি যায় ! নাই, এইটো হ’ব নোৱাৰে ৷ …মিতা প্ৰায় late comer . নিশা ৰৈ ৰৈ গুচি যায় আৰু সদায়ৰ দৰে মিতাই 1st class টো miss কৰে ৷ কোনোবা দিনা যদি বাছ নাপায় ,কোনোবাদিনা  উঠোতে দেৰি, কোনোবাদিনা আকৌ গা ধুব সোমাই পানী শেষ হয় ! উফ্‌ ! মুঠতে সমস্যাৰ শেষ নাই ! off period বোৰত দুয়ো পাণবজাৰৰ অলিয়ে গলিয়ে ঘূৰে, নেহৰু পাৰ্কৰ আগত বহি আড্ডা দিয়ে ৷ কাছাৰী ঘাটত বহে ৷ জাৰৰ দিনবোৰ বগৰী খাই পাৰ কৰে ৷ …ইফালে আকৌ প্ৰীতি আৰু ৰিমে common off period মিলাই থাকে ৷ off period ত দুয়ো এনেদৰে লগ হয় যেন ' মেলে মে বিচ্‌ৰে হুৱে বেহেন !' canteen ৰ টান টান পৰঠা আৰু কেতিয়াবা নিমখ কম বেছি হোৱা ঘুগনী সিহঁতৰ প্ৰিয় ৷ ৰিমে গৈ প্ৰীতিহঁতৰ লগত কোনোবা department ৰ বাৰাণ্ডাত , খালি ৰুমত নহ’লে নেহৰু ষ্টেডিয়ামত বহি আড্ডা দিয়ে। কেতিয়াবা আকৌ ম’হৰ কামুৰ খাই কলেজৰ পুখুৰীটোৰ পাৰত বহে ৷ প্ৰীতিয়ে চিঞৰি ল’ৰা জোকায়, ৰিমে হাতত চিকুটি তাইৰ ফালে চকু ডাঙৰ কৰি চায় ৷ … সেই সময়ত সিহঁতৰ 'first love' fever হৈছিল ৷ নাই নাই প্ৰেম হোৱা নাছিল দেই ৷ এখন থাই চিনেমাৰ প্ৰেমত হে পৰিছিল ৷ তাৰ হিৰ’ জনৰ নাম আছিল P'Shone . প্ৰীতিহঁতৰ ক্লাছত দেখিবলে প্ৰায় একে এটা ল’ৰা আছিল আৰু তাক চাবলৈ ৰিমে তাইৰ off period ত কেইদিন প্ৰীতিৰ লগত economics ,pol science ৰ ক্লাছ কৰিলে হিচাব নাই !
( to be continued )


Sunday, 18 June 2017

বন্ধুত্ব, প্ৰেম, অভিমান...ইত্যাদি part # 1 ( A friendship tale )


                                  (১)
   "order টো এতিয়া দিবনে ? " - boy জনৰ মাত শুনি ৰিম আৰু নিশাই ইজনীয়ে সিজনীৰ ফালে চালে ৷ " ঐ ফোন এটা কৰ চোন কিমান দূৰ পালে ৷ ইমান দেৰি কিয় কৰে বাৰু !" ৰিমে ক’লে ,“ দাদা অকমাণ পিছত দি আছো ৷ আৰু দুজন আহিব আছে ৷”- boy জন সেমেকা হাঁহি এটা মাৰি আঁতৰি গ’ল ৷ নিশাই ফোনটো টেবুলত থৈ ক’লে ,“ নাই যা, কাটি দিছে ৷”… Lamb Road ৰ Corner Cafe সিহঁতৰ বাবে চিনাকী ঠাই ৷ ৰিম, নিশা, প্ৰীতি আৰু মিতা প্ৰায় তাত বহে ৷ এটা কোণৰ এখন প্ৰিয় টেবুল আছে ৷ দুকাপ কফি আৰু এবাটি pasta , চাৰিওজনীৰ মাজত হৈ যায় ৷ আজি বহুত দিনৰ মূৰত আহিছে ৷ নাই, সিহঁতে বিলাসিতা ভাল নাপায়, কিন্তু এইখন cafe ৰ প্ৰতি কিবা এটা মোহ আছে ৷ Back ground ত কম volume ত বাজি আছিল … হা হাসি বান গেয়ে হা নমি বান গেয়ে… নিশাই টেবুলত টোকৰ মাৰি তাল মিলাইছে ৷ এখন টেবুলত তিনিজনমান ল’ৰা সমূখৰ TV টোত ফুটবল match এখনত ব্যস্ত ৷ নিশাহঁতৰ কোনো interest নাই এইবোৰত ৷ এফালে এজনী ছোৱালী অকলে বহি মবাইলত ব্যস্ত ৷ তাইৰ মুখখন দেখিলে ধৰিব পাৰি আহিব লগাজন এতিয়াও আহি পোৱা নাই ৷ এইফালে ৰিমে দৰ্জাখনলৈ চায়, “ আৰু অলপ দেৰি কৰিলে গুচি যাম মই ৷ তেতিয়াই ওলাইছে বোলে ৷” নিশাৰ হাঁহি উঠে ,“ হ’ব দে আহি পাব আৰু ৷” এনেতে নিশাই ৰিমৰ হাতত চিকুটি দৰ্জাৰ ফালে চাবলৈ ইংগিত দিলে ৷ এটা Jeans আৰু T-shirt পিন্ধি ল’ৰা এজন সোমাই আহিল ৷  সিও সেই 'ফুটবল team' টোকেই join কৰিলে ৷ ৰিমে চিঞৰি দিলে, “ হেই নকৱ কিয় কি হ’ল ৷ এৰ্‌ মোক ৷”…“ এইটো যে দেখিছ, কলেজত মিতাৰ crush আছিল ৷ কিমান যে চাইছিল ! তাইৰ লগতে মোকো দৌৰাইছিল ৷”… ৰিমে excited হৈ , “ কি ক ! সেই যে আগতে এবাৰ কৈছিলি সি নেকি ? ৰহ পাগলী দুটাক msg এটা দিও ৷” বুলি তাই whatsapp খুলাৰ লগে লগেই দৰ্জাৰপৰা প্ৰীতিয়ে, “ ডাৰ্লিং আমি আহি গ’লো ৷” …বেছি মানুহ নাছিল ৷ থকাকেইজনে ঘূৰি চালে ৷ যি চিঞৰ যেন cafe নহয় ঘৰ হে ! ৰিমহঁতে মিতাক দেখালে ,“ ঐ চা কোন সেইটো ৷” মিতাই চকু দুটা ডাঙৰ কৰি ,“ হাও ! ই চোন ৷ য়ে বে কিমান দিনৰ মূৰত দেখিলো ৷ আহ্‌হা ! ভাল লাগি গ’ল ৷”  প্ৰীতিয়ে চিঞৰি ক’ব ধৰিলে ,“ আব্বে ই চোন handsome হৈ গ’ল ৷ মিতা, মাত বে মাত ৷ ময়ে মাতো যা ৷” ৰিমে গালি দিলে, “ চিঞৰিছ কিয় ইমান ৷ চৰ চিনি পাৱ ? গালতে বহাম ৷”  প্ৰীতিৰ খং উঠিল ,“ সেইকাৰণে মই এইবোৰ high class ঠাই ভাল নাপাওঁ ৷ নোৱাৰো  ইমান ভদ্ৰ হৈ থাকিব ৷ যাওঁ মই ৷”
 ( to be continued )


Friday, 16 June 2017

বৰষুণ... এক আবেগ

ৰাতিপুৱা এলাৰ্মটো বন্ধ কৰি এবাৰ বাগৰ সলাই আকৌ গাৰুটো জোৰকৈ সাৱটি ল’লো৷ আমেজ ! বাহিৰত বৰষুণ৷ গছৰ পাতৰ আগবোৰৰপৰা টোপ টোপকৈ পানী সৰি পৰিছে ৷ খিৰিকিৰে বাহিৰলৈ চাই ভাবিছো "চেহ! ইমান মজা শুই থকা বতৰ কেনেকৈ উঠো বাৰু ৷ ধেই বৰ অশান্তি দেই ৷"
    তেতিয়া হয়তো ২-৩ বছৰীয়া ৷ বৰষুণ কি নাজানো৷  Was not matured enough to feel the word . বুজা নুবুজাৰ মাজত কিবা এটা ৷ ওপৰৰপৰা দীঘল দীঘল পানীৰ টোপালবোৰ তললৈ নামি আহে৷ ভেণ্টিলেচনেৰে চিটিকনিবোৰ মুখত পৰিলে ভাল লাগে ৷ আইতাৰ বিচনাত শুই টিনৰ চালত পৰা বৰষুণৰ টোপালৰ শব্দ শুনি টোপনি অহা দুপৰীয়াবোৰ শৈশৱ৷ কেতিয়াবা শিল পৰে৷ কোমল মনটোৱে ঢুকি নোপোৱা প্ৰশ্ন৷ শিলবোৰ আকাশত ক’ত থাকে ! নাৱৰাৰে বাগৰি অহা বৰষুণৰ পানী হাতৰ চলুত লৈ চিটিকাই দিয়াৰ লগে লগে পাছৰপৰা ককাৰ মিঠা ধমকি "মাতু জ্বৰ হ’ব৷" তেতিয়া বৰষুণ মানে মাৰ ওচৰত আবদাৰ…"কাগজৰ নাওঁ এখন বনাই দিয়া না পিলিজ৷" পানীৰ ডোঙাত নাওঁ উতুৱাবলৈ গৈ পিছল খাই পৰাতেইতো আছিল শৈশৱ…!
     স্কুললৈ যাওঁতে ৰং বিৰঙী কাৰ্টুন অঁকা হাঁকোটা থকা ছাতিকেইটা কম মৰমৰ আছিল নে ! কোনোমতে আঁঠুলৈকে ঢাক খোৱা Rain coat  কেইটাৰে আমাক চাগে বৰষুণৰ দিনত 'কোই মিল গয়া’ৰ যাদু যেনেই লাগিছিল ৷ মুখখনতো তিতিছিলেই, আঁঠুৰ তলৰ ভাগ বোকাই পানীয়ে লুতুৰি পুতুৰি ৷ পানীৰ ডোঙা দেখিবহে লাগে কণমাণি ভৰিকেইটাৰে দিলো গৈ জঁপিয়ায় ৷
আস্‌ ! বৰষুণত ছাতি লৈ লৈ কেতিয়া বৰষুণৰ টোপালবোৰৰ প্ৰেমত পৰিলো নিজেও নাজানো৷ we used to take the longest route. স্কুল ছুটীৰ পাছত আধা বাট আহিছো মাত্ৰ " ইস ৰাম আহিল বৰষুণজাক ৷" ছন্দা আৰু মই ছাতি দুটা মেলি ল’লো ৷ নাই ছাতিয়ে কাম নিদিয়ে ৷ তিতিব লগাখিনি তিতিলোৱেই ৷ "এহ্‌ বন্ধ কৰ এইডাল। কাম নাই একো ৷" দুয়ো ৰাস্তাৰ মাজত থিয় হৈ হাতদুখন মেলি ওপৰলৈ মুখখন পাতি দিলো ৷ চকুৰ পতা তিয়াই গ’ল ৷ কোনোবাই দেখিলে হয়তো ৰোমাণ্টিক চিনেমাৰ প’জ বুলি ভাবিলেহেঁতেন ৷ Fortunately ,আন মানুহবোৰ আমাৰ দৰে পাগল নহয় এনে বৰষুণত ঘৰৰপৰা ওলাবলৈ ৷ …বৰষা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমিয়ে…কোনোবাই শুনিলেও শুনক, who cares . We are insane & we accept it.
   "য়েহ বে আজি পানী হ’ব ৰাস্তাত ৷" কলেজৰপৰা তিতি তিতি বাছষ্টেণ্ডলৈ আহোতে পানীত ডুবি থকা চান্দমাৰিখন কল্পনা কৰি লৈছিলো ৷ পানী পানী আৰু পানী ৷ উপায় নাই ৷ একঁকাল পানী ভাঙি ঘৰ পোৱালৈ ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠে ৷ বাটত আকৌ এপ্লেট গৰম গৰম ম’ম’ ৷( কম খকুৱা নেকি !)
    বৰষুণ, তোক ভাল নোপোৱাকৈ থাকো কেনেকৈ ? I have wild fantasies ..জালুকবাৰীৰ প্ৰেমত পৰিবলৈতো তই ধুই নিয়া ৰঙাবোৰেই যথেষ্ট৷ আৰু পুখুৰীৰ পাৰৰ লুংলুঙীয়া বাটটোৰ সেই ৰাধাচূড়াজোপা …তোৰ পৰশত জীপাল হয় ৷ বনৰীয়া মনটোৱে চোন সেউজীয়া আৰু ভিজা মাটিৰ গোন্ধৰ মাজত হেৰাই যাবলৈ হাহাকাৰ কৰে ৷ …বৰষুণ মানে শ্বিলং…বৰষুণ মানে জালুকবাৰী…বৰষুণ মানে হেল’জেন …! Don't get strange if you find me cuddling on a couch in worn pajamas ..আমেজ ! খিৰিকিৰ গ্লাছেৰে বৈ অহা পানীৰ টোপালবোৰ চাই চাই চেঁচা পৰি যোৱা কফি কাপ একে উশাহে শেষ কৰি ,কিনকিনিয়া বৰষুণত খোজকাঢ়ি বাটৰ কাষত পৰি ৰোৱা সোণাৰু বুটলি পাইছা ? কৃষ্ণচূড়াৰ ৰঙাৰে সেমেকি থকা বাটটোৱে আমনি নকৰে ? ছাতি থাকিলেও কেতিয়াবা বৰষুণত তিতি চাবাচোন …বৰষুণ এক আবেগ…আবতৰীয়া আবেগ !