Based on a true story)
"আজ উন্চে পেহলি মুলাকাত হোগি
ফিৰ আম্নে চাম্নে বাত হোগি
ফিৰ হোগা ক্যা, ক্যা পাতা ক্যা খবৰ …"
সোমবাৰ ৷ সপ্তাহৰ প্ৰথম দিন ৷ অফিচত ব্যস্ততা ৷ হেমাই দৌৰা দৌৰিকৈ আহি নিজৰ ঠাইত বহিল ৷ এখন পাতল বেঙুনীয়া ৰঙৰ চিফনৰ শাৰী ৷ তাত সৰু সৰু ক’লা ফুল ৷ ব্লাউজৰ হাত দুখনে কিলাকূটি চুইছে গৈ ৷ দীঘল চুলিকোচা ধুনীয়াকৈ এডাল বেণী গাঁঠি এফালে পেলাই লৈছে ৷ সদায় তাইৰ কাষৰ টেবুলত বহা গীতা বাইদেউৱে ক’লে, “ হেমাক আজি বেলেগ লাগিছে চোন হে ৷ অ’ কাজল লগাইছা ৷ ভাল লাগিছে ৷ মাজে মাজে লগাবা আকৌ ৷ ” - তাই জোৰকৈ মুখত হাঁহি ফুটাব চেষ্টা কৰিলে ৷ আজি তাইৰ কামত মন বহা নাই ৷ ঘামত তিতি যোৱা মুখখন তাই বাৰে বাৰে মচিছে ৷ ঘড়ীৰ কাঁটাডাল যিমানে আগবাঢ়িছে, তাইৰ বুকুৰ ধপধপনিও সিমানে বাঢ়িছে ৷ তাই তলমূৰ কৰি কিবা লিখি থাকোতে আহি বৰ্মন খুৰাই মাত দিলে ৷ লগত সমীৰণ ৷ পিন্ধনত ধুবিয়ে কয়লা ভৰাই ইস্ত্ৰি কৰা এটা পাতল নীলা বৰণৰ পৰিষ্কাৰ কামিজ আৰু ক’লা পেণ্ট ৷ তাই যেন কি কৰিব বুজিয়ে নাপালে ৷ nervous ও হৈছিল ৷ দুয়োজন সমুখৰ চকীদুখনত বহিল ৷ নীৰৱতা ৷ কোনো একো কোৱা নাছিল ৷ Lunch time বাবে অফিচৰ ভিতৰত মানুহো কম ৷ মাথো পুৰণি ফেন কেইখনৰ বিকট শব্দ ৷ তাইৰ অসহ্য লাগিল ৷ Suffocation ৷ কেতিয়াবা নীৰৱতাৰ কোলাহল বেছি অশান্তিকৰ ৷ বৰ্মন খুৰাই কাঁহ এটা মাৰি আৰম্ভ কৰিলে ৷ চিনাকী পৰ্বৰ পৰা আৰম্ভ কৰি আৰু বহুত শেষ নোহোৱা কথা ৷ মাজতে কেন্টিনৰ ল’ৰাজনে চাহ দি গ’ল ৷ কথাৰ মাজত দুয়ো হাঁহিছে যদিও খুলি হাঁহিব পৰা নাই ৷ কোনোবাখিনিত যেন লাজভাৱ ! মাজে মাজে দুয়ো আঁৰ চকুৰে ইজনে সিজনলৈ চাইছে ৷ আঁৰে আঁৰেইতো প্ৰেমে গজালি মেলে ,কোনেও নজনাকৈ ৷
(to be continued )

No comments:
Post a Comment