Friday, 20 January 2017

আঁৰে আঁৰে part # 2 (An arranged love tale of 80's)

(based on a true story)

     বিয়া এদিন তো কৰাবই লাগিব ৷ কিন্তু এতিয়া নহয় ৷ তাৰ আগতো বহুত দায়িত্ব আছে ৷ নিজাকৈ এটা ঘৰ আৰু কিছু আধৰুৱা সপোন ৷ জীৱনটোক সি practically চাব শিকিছিল ৷ চাকৰি কৰা ছোৱালীহে বিয়া কৰাব ইচ্ছা তাৰ ৷ কাৰণ সি ভালকৈ বুজি পায় গুৱাহাটীৰ দৰে ঠাই এখনত ল’ৰা ছোৱালী ডাঙৰ কৰি এটা sound life জীয়াবলৈ হয়তো এজনৰ উপাৰ্জন যথেষ্ট নহ’ব। পাৰিব চলিব ৷ কিন্তু হয়তো বহু ক্ষেত্ৰত ত্যাগ কৰিব লগা হ’ব  ৷
    কলেজত পঢ়ি থকা সময়ৰ কথা ৷ গোটেই কলেজত সমীৰণ famous আছিল ৷ যিকোনো অনুষ্ঠানত তাৰ গান নহ’লে নহৈছিলেই ৷ "শাৰদী ৰাণী তোমাৰ হেনো নাম…তুমি মোৰ নিচেই আপোন…সদ্যস্নাতা ৰূপহী মোৰ…পুঁৱতি নিশাৰ সপোন…" - সি মাইক হাতত লোৱাৰ লগে লগেই কিমান ছোৱালী তাৰ গানৰ প্ৰেমত পৰে হিচাব নাই ৷ মাতটোৰ দৰে সিও তো handsome আছিল ৷ তাৰ প্ৰেমত পৰা নাছিল বুলি ক’ব পাৰি জানো ! সিহঁতৰ অঞ্চলত দৌৰত তাক হৰুৱাব পৰাকৈ হয়তো আৰু বেলেগ কোনো নাছিল ৷
     বিয়াৰ বয়স হ’লেতো আৰু আলহীও খালি হাতেৰে নাহে ৷ লগত কোনোবা ভাল ল’ৰা বা ছোৱালীৰ খবৰ লৈ হে আহিব ! সমীৰণে এদিন অফিচৰপৰা আহি দেখে কোনোবা আহিছে ৷ বৰ্মন খুৰা ৷ দেউতাকৰ পুৰণা বন্ধু ৷ নিশ্চয়কৈ কোনোবা ছোৱালীৰ খবৰ লৈয়েই আহিছিল ! কাঠৰ চকীখনত বহি তেওঁ চাহৰ কাপত সোহা মাৰিছে ৷ “ খুৰাৰে তোৰ কাৰণে ছোৱালী এজনীৰ কথা কৈছে ৷ চৰকাৰী চাকৰি কৰে ৷ হেমা ৷ কালি পৰহি মানে গৈ খুৰাৰৰ লগতে এবাৰ চাই আহিবি নহ’লে ৷” - মানুহজন থকা বাবে সি মাকক 'নাযাওঁ' বুলি ক’ব নোৱাৰিলে ৷ চাহ শেষ কৰি এইবাৰ বৰ্মন খুৰাই মাত দিলে ৷ “ ওলাবা হে ৷ চাই আহিম দিয়া দুয়ো যায় ৷ মোৰেই বন্ধুৰ ছোৱালী ৷ এবাৰ লগ পাইছো ৷ ভাল ৷ চাই লোৱা চোন ৷ বাকী পাছত দেখা যাব দিয়া ৷” …সমীৰণে মাথো হাঁহি এটা মাৰিলে - “ এইবাৰ মানে উপায় নাই আৰু !”
(to be continued )


No comments:

Post a Comment