(based on a true story)
" জিন্দগী কেইচি হে পহেলি হায়ে
কভি য়ে হঁসায়ে, কভি য়ে ৰুলায়ে…"
সমীৰণ অফিচৰপৰা অহাৰ পাছত চাহৰ কাপটো আগবঢ়াই দি মাকে ক’লে, “ আজি বৰ্মন খুৰাৰে আহিছিল ৷” লগে লগে তাৰ বুকুখন ধক্ কৈ গ’ল ৷ কিন্তু উত্তৰটো সি আশা কৰাটোৰ ওলোটাটোহে আছিল ৷ তাৰ মুখৰ হাঁহিটো হঠাৎ ম্লান পৰি গ’ল ৷ “ কিবা বোলে জাতি নিমিলে ৷ বেলেগ একো নাই মাকে অলপ আপত্তি কৰিছে ৷” … সি বুজিলে - আচ্ছা caste problem . হয়তো মোৰ হেমাৰ লগত যোৰা নাইয়ে ৷ কিন্তু মোৰ কিয় বেয়া লাগিছে ! এনেও চোন মোৰ বিয়া পতা ইচ্ছা নাছিল ৷ ভাত হয় মানে সি ৰেডিঅ’টো লৈ বিচনাতে বাগৰ দিলে ৷ ৰেডিঅ’টোত খেৰখেৰাই গজল এটা বাজি থাকিল…তুমকো দেখা তো য়ে খয়াল আয়া, জিন্দগী ধুপ তুম ঘনা ছায়া…
দুদিনমান পাৰ হৈ গ’ল ৷ এতিয়া সকলো স্বাভাৱিক ৷ অফিচৰ পিয়নটোৱে সমীৰণক ক’লে আহি, “ ছাৰ আপোনাক কোনোবাই বিচাৰি আহিছে ৷” …“ মোক ? কোনে ?”… “ নাজানো, দুজনী বাইদেউ আহিছে ৷ বাহিৰতে আছে ৷” কোন হ’ব পাৰে ! সমীৰণে কাম তাতেই এৰি বাহিৰ পালেগৈ ৷ অবাক ! আৰে হেমা ৰৈ আছে চোন ! লগত আৰু কোনোবা ৷ হয়তো বান্ধৱী ৷ “ কিবা ক’বা ?” তাই অকমাণ সময় ৰৈ ক’লে ,“ ক’ৰবাত বহি কথা পাতিব পৰা হ’লে ৷” …দুয়ো ৰাস্তাৰ কাষৰ গুমটিখনলৈ গ’ল ৷ বান্ধৱী গৰাকী তাতেই ৰ’ল ৷ চাহ দুকাপ হাতত লৈ দুয়ো কাঠৰ বেঞ্চখনত বহিল ৷ তাই আৰম্ভ কৰিলে ,“ মানুহে কয় যাৰ লগত যোৰা থাকে বিয়া তাৰ লগতেই হয় ৷ মই নাজানো মোৰ যোৰা কাৰ লগত ৷ কিন্তু সিদিনা আপোনাক লগ পোৱাৰ পা৺ছত এনে লাগিছিল যেন আপুনিয়েই সেইজন ৷ সিদিনা ভাবিছিলো আপোনাৰ আপত্তি নাথাকিলে মোৰ বিয়াত বহাত কোনো আপত্তি নাই ৷” .. তাইৰ মাতটো অলপ থোকা-থুকি হৈ গ’ল ৷ সমীৰণে কিছু সময় মনে মনে থাকি ক’লে, “ কিন্তু তোমাৰ মাই সন্মতি দিব জানো ?” … “ সেইবোৰ পিছৰ কথা ৷ মই মোথো আপোনাৰটো জানিব বিচাৰো ৷” চাহৰ গ্লা৺ছত সোহা এটা মাৰি ক’লে ,“ মোৰ নো আৰু কি আপত্তি থাকিব পাৰে !”
(to be continued )
No comments:
Post a Comment