(based on a true story)
"এক আজনবী হসিনা সে
য়ু মুলাকাত হো গয়ি
ফিৰ ক্যা হুৱা য়ে না পুছো
কুছ এইচি বাত হো গয়ি।..."
সমীৰণৰ মাকে মম এডাল জ্বলাই ভাত বনাইছে। গৰমৰ দিন ৷ কাৰেণ্ট প্ৰায় নাথাকেই। ৰেডিঅ'টো বজাই সি এনেই বিছনাত বাগৰি আছে। সি কিবা ভাবিছে। হয়তো হেমাৰ কথা। মাকে সুধিলে ,"কেনে দেখিলি পিছে ? ভালেনে ছোৱালীজনী ?"… "বেয়া নহয়"।… "তোৰ মন আছেনে নাই ?"…"উম্। আগবঢ়াত মোৰ আপত্তি নাই। তাৰ আগত এবাৰ দাদাক কৈ ল'ব লাগিব"। সমীৰণে আজিলৈকে কোনো কাম দাদাকক নুশুধাকৈ কৰা নাই। হেমাহঁতৰ ঘৰৰপৰা একো উত্তৰ অহা নাছিল যদিও সি প্ৰায় নিশ্চিত আছিল ছোৱালীজনীৰ উত্তৰ না নহয়। সেইখিনি সময় কথা পাতিয়ে যেন সি ধৰিব পাৰিছিল। দুদিনৰ ভিতৰত সি দাদাকক কথাখিনি জনালে। দাদাকেও একো আপত্তি নকৰি মানি ল'লে। সকলোবোৰ খবৰ ভালকৈ ল'ম বুলিও ক'লে।
সমীৰণৰ এখন মপেট আছিল অফিছৰ পৰা অহা-যোৱা কৰিবলৈ। সিদিনাৰ পাছৰপৰা অফিছৰপৰা ঘূৰি অহাৰ সময়ত হেমাৰ অফিছৰ আগৰ বাছস্টপেজটোলৈ এবাৰলৈ হ'লেও চকু গৈছিল। হয়তো ইচ্ছাকৃতভাবে নাচালেও পঞ্চইন্দ্ৰিয়ই চাবলৈ বাধ্য কৰাইছিল। কোনোবাখিনিত তাৰ চকুযুৰে বিচাৰি ফুৰিছিল এডাল দীঘলীয়া বেণী ,ভিৰৰ মাজত উৰি থকা পাতল বেঙুণীয়া শাৰীৰ আঁচল। সন্ধিয়াৰ ৰ'দকণে হেঙুলীয়া কৰা এখন শান্ত মুখ। এসপ্তাহ পাৰ হৈ গ'ল। হেমাহঁতৰ ঘৰৰপৰা এতিয়ালৈ কোনো খবৰ অহা নাছিল। আৰু এই কেইদিনত সদায় আহোতে এবাৰলৈ হ'লেও বাছস্টপলৈ চোৱাটো যেন এটা নিয়ম হৈ গৈছিল।
(to be continued)
No comments:
Post a Comment