Saturday, 11 March 2017

অনুৰাগ…Another name of friendship part # 7


     নৱেম্বৰ মাহ ৷ ঠাণ্ডা ভালকৈ পৰা নাই যদিও ঠাণ্ডা ভাৱ এটা আছে ৷ দুপৰীয়া এইখিনি সময়ত হোষ্টেলটো শান্ত হৈ থাকে ৷ ভাত খাই আহি ৰাগে বিচনাখনত বাগৰ দিছে ৷ আগদিনা ৰাতি birthday 'gift' হিচাপে পোৱা মাৰকেইটাৰ বিষ এতিয়াও কমা নাই ৷ এয়াইতো হোষ্টেল ! চকুদুটা মুদি সি মনৰ ভিতৰতে maths ৰ পেপাৰখনত পাব লগা mark খিনি গণিছে ৷ অলপ পিছত maths ৰ ৰিজাল্ট দিয়া কথা ৷ পৰিৱেশটো শান্ত হৈ আছে । কাষৰ বিচনাত অনুভৱে laptopত গান শুনিছে ৷ কম volume ত বাজি আছে 'hearts are like firestone ...' ৷ মাজে মাজে বতাহে পৰ্দাখনত কোবাইছে ৷ ঠাণ্ডা লাগিলেও ভৰিৰ তলৰ কাপোৰখন টানি উৰি ল’বলৈ এলাহ লাগিল তাৰ ৷ কিবা এটা ভাল লাগিছে ৷ তেনেতে দৰ্জাত শব্দ কৰিলে কোনোবাই ৷ অনুৰাগৰ নামত পাৰ্চেল এটা আহিছে ৷ সি ভাবি পোৱা নাই কি আহিল ৷ ৰিমৰ পাৰ্চেল ! ইফালে অনুভৱে বেঁকা হাঁহি এটা মাৰি ক’লে "অ’হ আহিল মানে finally !" ৰাগ আচৰিত, "তয়ো জান’ ? হাৰামি মোক একো কোৱা নাই তথাপিও ৷" …“আৰে নাজানিম নেকি ! তোৰ এই surprise gift টোৰ কাৰণে হোষ্টেলৰ photo collection ৰ নামত কম কামুৰ দিছে মোক ! বাপৰে !" বুলি কৈ হাঁহিলে সি ৷ৰাগে পেকেটটো খুলিয়ে ফোন লগালে ৰিমলৈ ৷ পেকেটটোত এখন কাগজত লিখা আছিল "হোষ্টেলত তোৰ 1st b'day . Thought to make it a bit special. নাজানো কেনেকুৱা লাগে তোৰ৷ I jusr wanna see that smile. Oops ! But you are miles away !" বহু সময় ৰিং হোৱাৰ পিছত উঠালে ফোন ৷ তাই কিবা কোৱাৰ আগতেই "কিয়নো এনেহেন তই ক’চোন ৷" তাই বুজিলে সি কি ক’ব বিচাৰিছে ৷ হাঁহি এটা মাৰি ক’লে "মই এনেকুৱাই দে ৷ এতিয়া ক’ পাৰ্টী কেতিয়া দিবি ?"

                               (১১)
     ডিচেম্বৰ মাহৰ এটা উমাল দুপৰীয়া ৷ ৰিমে ভাতকেইটা খাই বাৰাণ্ডাত বহি কমলাৰ বাকলি গুচাইছে ৷ হঠাৎ মূৰটো দাঙি "আৰে তই গুৱাহাটী কেতিয়া আহিলি ?"…“কিয় surprise অকল তইয়ে দিব পাৰ নেকি ! ব’ল ওলা ৷ পাৰ্টী নালাগে নেকি ?"…“এলাহ লাগিছে ৷ ঘৰতে আড্ডা দিওঁ দে ৷"…“মক্কেল ৷ কেনে কানিয়া হৈছ’ তই ৷ এক চৰ দিম, যা ওলা ৷"
      সন্ধিয়াৰ উজান বজাৰ ঘাট তাইৰ সদায় প্ৰিয় ৷ কিবা এটা মাদকতা আছে ঠাইখিনিৰ ৷ দুয়ো বহিল। ইয়ালৈ আহিলে প্ৰায়ে দীপ আৰু আকাশক সিহঁতে miss কৰে ৷ সন্ধিয়া নামিছে। কুঁৱলীয়ে ঢাকি ধৰা লুইতখন হেঙুলীয়া হৈ গ’ল। নৈখনৰ সিটো পাৰৰ দুটামান লাইট ধুঁৱলী কুঁৱলী দেখা গ’ল ৷ দূৰৈত এখন river cruise লাহে লাহে আগবাঢ়িছে । বতাহত ক’ৰবাৰ পৰা পোৰা মাংসৰ গোন্ধ এটা ভাহি আহিছে ৷ দুয়োটাই দীঘলকৈ উশাহ এটা টানি চিঞৰি দিলে "তন্দুৰী !" ..কিমান দিনৰ মূৰত লগ পাইছে আজি ৷ ক’ব কথা বহুত থাকে সময়ত ওলাই নাহে৷ কথা পাতি থাকোতে কিমান সময় পাৰ হ’ল গ’মেই নাপালে ৷ হঠাৎ তাই জাঁপ মাৰি উঠিল "অ’ই ব’ল দেৰি হ’ল ৷" অলপ আগত ৰেৱতীত খাই অহা চাওমিনখিনি হজম হোৱাই নাই ৰাগৰ আকৌ চানা খাব হ’লেই ৷ চানা চোবাই চোবাই দুয়ো ফুটপাথেৰে খোজ দিলে ৷ "তই জেকেটৰ চেইনডাল মাৰি ল চোন ৷ তেল ফুটিছে নেকি ৷ এই ঠাণ্ডাত ভাইগিৰি দেখাব নালাগে দেচোন। " ৰাগৰ গালি শুনি তাই জিভাখন অকমাণ উলিয়াই চেইনডাল মাৰি ল’লে ৷ এচাটি বতাহে মুখতে কোবাই গ’ল ৷ দুয়ো লাহে লাহে হেল’জেনৰ হালধীয়াৰ মাজত হেৰাই গ’ল ৷ মাথো হাঁহিবোৰ কঁপি কঁপি ভাঁহি আহিল।
   …আৰু ক’ৰ’বাত নিস্তৰংগ গীটাৰৰ ষ্ট্ৰিঙত বাজি উঠিল অস্থায়ী অন্তৰা …!
# সমাপ্ত

Friday, 10 March 2017

অনুৰাগ…Another name of friendship Part # 6


      দূৰত্ব বাঢ়িছিল ৷ লগে লগে ৰাগ আৰু পাখিৰ কাজিয়াবোৰো ৷ সিহঁততকৈ বেছি ৰিমৰ টেনচন ৷ কেনেকৈ ঠিক কৰা যায় ! দুটাৰ এটাও কম নহয়᪅ ৷ আৰু কাজিয়াৰ কাৰণবোৰ শুনিলে কেতিয়াবাতো তাইৰ নিজৰ মূৰটো ৱালত মাৰি দিব মন যায় ! মাজৰাতি ফোন কৰি যেতিয়া সোধে "এতিয়া কি কৰো মই ?" তাইৰ নিজকে Love গুৰু যেন লাগি যায়, without any experience ! আজিকালি অৱশ্যে  অভ্যস্ত হৈ গৈছে᪅ ৷ কেতিয়াবা হাঁহিও উঠে তাইৰ ৷ জানেই দুদিন পিছত আকৌ সকলো ঠিক হ’ব ৷
     সিহঁতৰ Whatsapp ৰ দুনিয়াখন ৰাতি সাৰ পাই উঠে লেপৰ তলত ম’বাইল screen বোৰ জ্বলি উঠাৰ লগে লগে ৷ সিহঁতে সদায় কথা নাপাতে ৷ কিন্তু যিদিনা পাতে সকলো পাহৰি যায় ৷ ৰিমৰ মাজে মাজে অনুভৱ হয় ৰাগ আগতকৈ সলনি হৈছে ৷ পিছ মূহুৰ্ততে ভাৱে "ময়োতো হৈছো ৷" আকৌ মূৰটো জোকাৰি আগৰ ভাৱখিনি পাহৰি পেলাব খোজে ৷ For her, change is acceptable . তাৰখিনিও পাৰিছে ৷ ৰাতিবোৰ গভীৰ হোৱাৰ লগে লগে বুজা নুবুজা ভাৱবোৰে খেলি মেলি কৰে। ৰাগে ভালকৈ বুজি পায় তাই কিমান introvert . তাই দিনটো বকি থাকিব কিন্তু ক’ব লগা বহুত কথা মনতে লুকুৱাই থয় ৷ "তই কিয় কথাবোৰ নকৱ খুলি কচোন ? Feel free, কিয় নুশুনিম তোৰ কথাবোৰ ৷" …"ধেই নহয় ও সবৰে নিজৰ লাইফত ইমান টেনচন ৷ মই মোৰ বোৰ কৈ disturb দিয়া যেনহে লাগে ৷"..."মই বিচাৰো মোক তই সব ক’ ৷ বাদ দে । কাক ভাল পাৱ ক চোন ৷" তাইৰ হাঁহি উঠি গ’ল ৷ "ধেই নাপাওঁ ৷ যিদিনা তোৰ নিচিনা মোক বুজি পোৱা আৰু মই বিশ্বাস কৰিব পৰা কোনোবা পাওঁ ক’ম দে ৷"..."বৰ philosophy বুজোৱাত লাগিছ !" তাই লাহেকৈ ক’লে "আমি শুৱা ভাল নেকি ! ৩টা বাজিল ৷"…"অহ দে মোৰো ম’বাইলটো মৰিবই, 4% Charge." ...তাই চকু দুটা মুদি থাকিল যদিও টোপনি অহা নাই। সদায় পলাই ফুৰা কিছুমান প্ৰশ্নৰ সন্মুখীন হোৱাটো বৰ টান ৷

                                             (৯)
    ৰিম তাৰ ওপৰত dependant . তাইক আটাইতকৈ ভালকৈ যদি বুজাব পাৰে সেয়া ৰাগ। তাইৰ entrance পৰীক্ষালৈ বেছিদিন নাই। ঠিক দুদিনমান আগত ৰুটিন সলনি হ’ল ৷ তাই ভয়ত না খাব পাৰিছে না পঢ়িব পাৰিছে ৷ Suffocation ! মূৰটো আচন্দ্ৰাই কৰিছে ৷ ফোনটো vibrate হ’ল ৷ অলপ সকাহ ৷ "কিয় ইমান nervous হৈছ’ ?" ৰাগৰ মাতটো শুনাৰ লগে লগে তাই ইমান সময় ৰখাই থোৱা কান্দোনটো ওলাই আহিল ৷ সি কৰে কি এতিয়া ! কান্দোন বন্ধ হোৱাৰ পিছত লাহে লাহে বুজালে ৷ তায়ো শান্ত হ’ল ৷ "টেনচন নল’বি ৷ সব ঠিক হ’ব ৷ ভাবি ল’বি মই ওচৰত বহি গালি পাৰি আছো ৷" তাই স্বস্তিৰ নিশ্বাস এৰিলে ৷

                                      (১০)
   ১২টা বাজিবলৈ ১০ মিনিট ৷ প্ৰীতিৰ ফোন । "নহয় মানে মই এতিয়াই কৰিলো ৷ নহ’লে অলপ পিছত অনুৰাগে ফোন কৰি তোক আগতে birthday Wish কৰিলে হয় ৷ busy কৰি থৈ দিওঁ ! হেহেহে ৷" কি হ’ব ইহঁতৰ লগত ! ১২টাৰ পিছত তাই ফোন থ’লে। লগে লগে ৰাগৰ ফোন "হাৰামি কাৰ লগত busy ? I'm sure প্ৰীতিয়ে হ’ব !" অকমাণ সময় কথা পাতিলে...ফোন থ’ব ওলাওতে সি হঠাৎ মাত দিলে "অ’ই শুন না ৷"..." ক’ না "…" I love you !" তাইৰ চকু দুটা চলচলীয়া হৈ গ’ল ৷ অকমাণ হাঁহিলে ৷ "হ’ব দে জানো মই ৷" সিহঁতৰ মাজৰ 'I love you’ বোৰক হাঁহি এটা মাৰি বন্ধুত্বৰ এনাজৰীডালেৰে বান্ধিব  ভালকৈ জানে সিহঁতে ৷
( to be continued )

Thursday, 9 March 2017

অনুৰাগ…Another name of friendship part # 5


      আগতেই কৈছো ৰিম প্ৰেমৰ ক্ষেত্ৰত কেঁচা ৷ Sympathy তাই দেখুৱাব নোৱাৰে ৷ তথাপি যিমান দূৰ পাৰে বুজালে ৷ এইকেইদিন মুখত হাঁহি নাই তাৰ ৷ তাইৰ ভাল নালাগে এনেকে ৷ দিনটো কিমান কি যে নাটক কৰে তাক হঁহুৱাবলৈ ৷ কেতিয়াবা নিজকে joker যেন লাগি যায় ৷ তাইৰ মাজে মাজে ভয় হয় ৰাগৰ ওপৰত ইমান dependant তাই ৷ দুদিন পাছত যেতিয়া তাৰ জীৱনত কোনোবা আহিব সকলো জানো একেই থাকিব ? ছোৱালীজনীৰ আপত্তি নাথাকিব জানো এনে এটা বন্ধুত্বৰপৰা…সি যদি আতৰি যায় ! …এদিন সি হঠাৎ সুধিলে "অ’ই তোৰ লগত যে টিউচন কৰিছিল পাখি, ছোৱালীজনী কেনেকুৱা নো ?" ৰিমে বৰ এটা গুৰুত্ব দিয়া নাছিল ৷ "ভালেই ছোৱালীজনী ৷ ইমান বেছি Close নহয় অৱশ্যে ৷" কিন্তু তাইতো জনা নাছিল দুয়োৰে মাজত কোনেও নজনাকৈ এটা সম্পৰ্ক আৰম্ভ হৈছিল ৷ যিদিনা গ’ম পাইছিল ,তাইৰ সমান সুখী কোনো হোৱা নাছিল ৷ কিন্তু কোনোবাখিনিত সেইটো ভয়, ৰাগ আতৰি যাব ৷ তাই সদায় সাজু ৷ ভাবিলে এটা gap maintain কৰাটো ভাল হ’ব ৷ ৰিমে নিবিচাৰে তাইৰ বাবে ৰাগ আৰু পাখিৰ মাজত problem হওঁক ৷ For her, all matters is his happiness ! আনৰ সুখত হাঁহিব জনা ছোৱালী তাই।  যিদিনা পাখিয়ে কৈছিল ,"তই কিয় আঁতৰিব লাগে ৷ তাৰ কাৰণে মোৰ priority বেলেগ আৰু তোৰ বেলেগ ৷ তহঁত মোতকৈ আগৰপৰা আছ’ ৷ মই তাক তহঁতৰপৰা আঁতৰাই অনাতকৈ, তহঁতৰ মাজৰ এজন হৈ থাকিব নোৱাৰিম নেকি ?" মা কচম, ৰিমৰ তাইক গালতে চুমা এটা খাই দিব মন গৈছিল।

                                    (৭)
    “কালি কেইটাত যাবি ?" …“ৰাতিপুৱাই যাম ৷ গৈ আকৌ হোষ্টেল ঠিক ঠাক কৰিব লাগিব ৷" ৰিমে চাহত সোহা এটা মাৰিলে ৷ "Packing হৈ গ’ল ? সব লৈছ’তো ভালকে ?" "উম লৈছো দে ৷" বুলি ৰিমৰ প্লেটৰ পৰা পকৰি দুটা থপিয়ালে সি ৷ আনকালে হোৱাহেঁতেন ইমান সময়ে পৃথিৱী তল ওপৰ হ’ল হয় ৷ আজি তাইৰ কাজিয়া কৰিব মন নগ’ল ৷ "আৰু লাগে যদি ল’ ৷ তাত হোষ্টেলত ক’ত পাবি ৷" সি হাঁহিলে "আৰে ইমান serious কিয় ৷ হোষ্টেল যাম ভাই, বনবাস নহয় ৷" তাই একো নক’লে ৷ বেয়া লাগিছে ৷ ৰাগে কান্ধত হাত এখন থৈ ক’লে "কি হ’ল ? চা শিলচৰহে যাম ৷ আহিয়েই থাকিম চোন ৷ Chill !" …“ তাকেই শিলচৰহে যাবি …কিন্তু শিলচৰ যে গুৱাহাটী নহয় !” তাইৰ মাতটো সেমেকি গ’ল ৷ এনেতে ঘড়ীত ৬টাৰ ঘণ্টা মাৰিলে ৷ "ঐ মই যাওঁ দে৷ দেৰি হ’ল ৷"…তাক গেটলৈ আগবঢ়াই দি আহোতে কিয় জানো ডিঙিটো সোপা মাৰি ধৰিলে। তিতি যোৱা গাল দুখন মচি পেলাব মন নগ’ল ৷ সি যোৱা সময়ত কৈছিল "I'm the last one to come & first one to leave !" সি যেন ভিৰত হেৰাই নাযায় ! তাইৰ এটা কবিতা লিখি দিছিল সি…সেইটো পঢ়ি কিমান সময় কান্দিলে তাইয়ো নাজানে !

                                    (৮)
    “ঠিক কৰিলি ৰুম ? ৰুমমেট আহিল নে নাই ?"… "হ’ল দে সব ঠিক। এহ্‌ ৰুমমেট চিনাকীয়ে ৷ আগত যে টিউচন কৰিছিলো একেলগে, অনুভৱ, সি ৷"…“ বাহ নামো মিলাই দিছে দে অনুৰাগ-অনুভৱ ৷" তাই হাঁহিলে ৷ At last a sigh of relief .
    ল’ৰা হোষ্টেলীয়া হ’ল । NITS , PG hostel ,room E104 নতুন ঠিকনা ৷ কেইটামান বছৰ পাছত ইঞ্জিনিয়াৰ হৈ ওলাব ৷ তাৰ ভাল হওঁক সেইটোৱেই কামনা কৰে ৷ গালিও কম পাৰে নেকি তাক ! যোৱাৰ আগত কিমান বুজাইছে হোষ্টেল গৈ চিগাৰেট নাখাবি , মদ নাখাবি ৷ হোষ্টেলাৰৰ পৰা সাধাৰণতে এইবোৰ আশা কৰাটো ভুল বুলি তাইয়ো জানে ৷ হঠাৎ দুই এটা ওলাব ৷ কিন্তু ৰিমৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাৰ Limit খিনি সি বুজি পায় ৷ তাই জানে She cares for him & he values it !
( to be continued )

Wednesday, 8 March 2017

অনুৰাগ…Another name of friendship part # 4


 ᪆                  (৫)
     আজিকালি ৰাগ গুৱাহাটীত নাথাকে ৷ পুৰণি দিনবোৰ miss কৰে তাই ৷ কলেজত সি থকা কাৰণে বেছি বন্ধু নহ’লেই ৷ প্ৰয়োজনবোধেই নকৰিলে ৷ আছিল যদিও বেছিকৈ ল’ৰা বন্ধু᪅ ৷ কিন্তু worst part of college life, কোনো ল’ৰা প্ৰেমত পৰিব পৰাকৈ ভাল নালাগিলেই চোন তাইৰ ! কথাবোৰ ভাবি পেঞ্চিলডাল কামুৰি বহি থাকোতেই ৰাগৰ ফোন আহিল " অ’ ডাৰ্লিং কি কৰিছ’ ?" …“সব তোৰ কাৰণেই হ’ল জাননে ৷ তই আছিলি কাৰণে কাকো নাচালো ৷” সি থত-মত খাই “হাও, মই কি কৰ্‌লো ??" …“মই চোন কলেজত কোনো ল’ৰাকে ভাল নাপালো ৷” …“এহ্‌ পাগল …!” বুলি দুটাই হাঁহিব আৰম্ভ কৰে ৷ আধা ঘণ্টামান কথাৰ মহলা মাৰে ৷ দুটা যদি লাগতিয়াল, দহটা অলাগতিয়াল ৷ “Mid sem আহিল বে next week. একোৱে পঢ়া নাই জানা না ৷” আৰু ৰিমৰ সদায় এটাই dialogue “হ’ব দে কিয় টেনচন লৈছ’ ৷ আৰামত হৈ যাব ৷” অকমাণ সময় ৰৈ আকৈ ক’ব “মাত্ৰ কালি গৈ xerox ৰ দোকানৰপৰা syllabus খন লৈ আহিবি ভাই ! দুদিন পিছত ইঞ্জিনিয়াৰ হ’বি নহ’লে ভালকে ৷” সি হাঁহি হাঁহি ক’ব “ আবে ডাৰ্লিং তুমি সব জানা চোন ৷” … “ হ’ব যা নৌতংকী পঢ় গৈ ৷”

                      (৬)
      কলেজত আৰু দুটামান বছৰ বেছিকৈ পোৱাহেঁতেন ! "কলেজ ৰেলিঙৰ আড্ডাটো আজি আৰু নাই আজি আৰু নাই …" গানটো মনত পৰিলে তাইৰ বুকুখন বিষাই যায় ৷ কলেজীয়া দিনবোৰ যেন শেষ নহওঁক ৷ সিহঁতৰ লগৰ প্ৰবালে প্ৰায় তাইক কয় “তই বেলেগ জাননে, unique species এটা ৷ বেলেগ ছোৱালীবোৰৰ নিচিনা নহয় , আমাৰ ল’ৰাবোৰৰ দৰে বিন্দাছ !”  পিছফালৰপৰা আহি ৰাগে মাত দিব “ল’ৰাৰ নিচিনা মানে ? doubt নেকি তোৰ ,ল’ৰাৱে তাই !”…“একে চৰে দাঁত ভাঙিম তোৰ ৷” - এইবোৰ dialogue ৰাগৰ কাৰণে চিনাকী ৷ তাৰ কলেজ লাইফ মানে ৰিমৰ দাদাগিৰিবোৰ “অ’ই বাছষ্টেণ্ডত ৰখ একেলগে যাম ৷" "বেছি নকৰ্‌বি দোইলে দিম ৷" "ব’ল ছাতি নোহোৱাকে বৰষুণত যাওঁ ৷"…Really gonna miss this place, I'm gonna miss my college days…!
    কলেজীয়া জীৱন…প্ৰেমে গজালি মেলাৰ বয়স ৷ প্ৰেমে যদি কেতিয়াবা হঁহুৱায় কেতিয়াবা কন্দুৱায় ৷ নবেম্বৰ মাহ পৰিছে ৷ ডিগ্ৰীৰ ক্লাছবোৰ কমি অহা বাবে কলেজ প্ৰায় খালি হৈ থাকে ৷ তাই মন কৰিছে ৰাগৰ কিবা এটা সলনি হৈছে ৷ He's feeling low. কিন্তু সি নিজে নোকোৱালৈ তাই একো সুধিব বিচৰা নাছিল ৷ সকলোৰে privacy থাকে আৰু limit cross কৰি আনৰ ব্যক্তিগত জীৱনত interfere কৰাটো তাই ভাল নাপায় ৷ শুকুৰবাৰ ৷ শেষৰ পিৰিয়ডটো ৰাগে কৰা নাছিল ৷ তাই আকৌ ক্লাছ bunk কৰি বেয়া পায় ৷ ক্লাছত থাকিলেও বাৰে বাৰে বাহিৰলৈ হে গৈছিল চকুটো ৷ প্ৰীতিয়ে তাইলৈ ৰৈ বহি আছে ৷ আৰু বহুত সময় ধৰি কাৰোবাৰ লগত কথা পাতি আছে ৷ নিশ্চয় হিয়া ৷ কিন্তু তাৰ মুখখন দেখি লগা নাছিল সকলো ঠিকে আছে যেন ৷  তেতিয়াই গৈ সুধিব মন গৈছিল "You ok ?" কিন্তু তাই নুসুধিলে ৷ আহোতে প্ৰীতিৰপৰা থুলমূলকৈ অলপ কিবা গ’ম পাইছিল ৷ যিয়েই নহওঁক কিয় তাই আছে তাৰ লগত সি নক’লেও, সি নিবিচাৰিলেও ৷… "She broke up.." -সন্ধিয়া তাৰ msg টো দেখি তাই এটা হুমুনিয়াহ কাঢ়িলে ৷ কোনোবাখিনিত তাইৰ এইটোৱে ভয় আছিল ৷ তাক কি বুলি সান্তনা দিব এতিয়া !
(to be continued)

Tuesday, 7 March 2017

অনুৰাগ…Another name of friendship Part # 3


                                      (৪)
      আকাশখন হঠাৎ গোমা হৈ আহিল ৷ বৰষুণ আহিবই আৰু ৷শেষৰ পিৰিয়ড ৷ বতৰটো বেয়া দেখিছে সিহঁতক যাবওতো দিব পাৰে ৷ নাই ,Chemistry পঢ়াইহে এৰিব। ৰাগ, ৰিম ,প্ৰবাল আৰু নয়ন সদায় last bencher . শেষৰফালে বহি খিৰিকিৰে বাৰে বাৰে বাহিৰলৈ চাইছে ৷ বতাহত পাতবোৰ উৰি আহি বাৰণ্ডা পাইছে ৷ চাই থাকোতে আহিলেই বৰষুণ ৷ ৰিমে বেগৰপৰা দুটা বাদাম উলিয়াই মুখত ভৰাই লাহেকৈ ক’লে "শেষ যা আজি ৷ ছাতি নানিলো বে ৷" …"কি ঘোঁৰাৰ নিচিনা বুট চোবাই আছ’ অকলে ৷ মোকো দি ৷"…“বুট নহয় এ, বাদাম ৷"…“দিবি না মাৰ খাবি।"…“ল’ খা ,খকুৱা সব খা ৷" …ক্লাছৰ মাজত টিফিন খোৱাটো সিহঁতৰ অভ্যাস ৷ বহীৰ পিছফালে কটা কটি খেলা, শেষৰ পাতত লিখি লিখি কথা পতা… They were making memories . ৰাগে এবাৰ বৰ্ডলৈ চাই সুধিলে "কি পঢ়াই আছে ? একো শুনা নাই ৷"…"হেই নাজানো যা ৷ বৰষুণ চা পানে হ’ৱ আজি খাতাং ৷" ৰিমৰ চিন্তা লাগিল। তাই বৰষুণ ভাল পায় ৷ বৰষুণক আজন্ম প্ৰেমিকা৷ ৷ কিন্তু গুৱাহৰটীৰ বানপানী ভাল পাব পৰা সাহস তাইৰ নাই ! কলেজৰপৰা ওলায় মানে বৰষুণ কমিছিল ৷ দুই এটোপ কিনকিনাই পৰি আছিল ৷ভাল পায় তাই ৷ মুখখন ওপৰলৈ কৰি বৰষুণত পাতি দিলে। আহ্ ! বসন্তৰ প্ৰথমজাক বৰষুণ …কিবা এটা মাদকতা আছে নিজক হেৰুৱাই পেলাব পৰাকৈ ৷ আকাশৰ বুকুত মদাৰে জ্বলোৱা জুই নুমুৱাবলৈহে যেন নামি আহে বৰষুণৰ জাক ৷ ফাগুনৰ ধূলিয়ৰি আকাশখন বহুদিন পিছত নীলা হৈছে ৷ গছবোৰ সতেজ সেউজীয়া ৷ ভিজা মাটিৰ গোন্ধটো ভাল পায় তাই । দীঘলকৈ উশাহ এটা লৈছে মাত্ৰ পিছফালৰপৰা আহি ৰাগি মূৰতে এক থাপৰ দিলে ৷ তাই আগলৈ হাউলি গ’ল ৷ "কি ৰোমান্টিক Pose দি আছ’ থিয় হৈ ৷ চেই চুহ ব’ল ৷"…"কিয়নো গৰু খেদা দিছ’ ৷" বুলি চুৰিদাৰৰ পেন্টটো কোচাই তাৰ পাছে পাছে খোজ দিলে ৷
      কলেজত প্ৰথমদিনা ভৰি থৈয়েই দুয়ো ভাবিছিল দুটা বছৰ কেনেকৈ কটাম ! ক্লাছত সোমাই ৰাগে ইফালে সিফালে চালে ৰিম ক’ত বহিছে ৷ কাৰণ চিনাকী বুলিবলৈ তাইৰ বাহিৰে কোনো নাই । তথাপিও মনত ভয়। কাৰণ স্কুলত সিহঁতৰ বন্ধুত্ব ইমানো মজবুত নাছিল। ৰাগ গৈ পিছফালৰ বেঞ্চখনতে বহিল ৷ ইফালে আন ছোৱালীকেইজনী মানৰ লগত তাই আড্ডা দিয়াত ব্যস্ত ৷ তাৰ অলপ খঙো উঠিল ৷ "বাহ পাট্টায়ে নাই চোন। গ’ম পাইছো আৰু দুটা বছৰ কি হ’ব !" কিন্তু দিন বাগৰাৰ লগে লগে কেনেকৈ বন্ধুত্ব ইমান গভীৰ হ’ল সিহঁতেও নাজানে ৷ তাইৰ আহোতে দেৰি হ’লে "অ’ই এটা চিট থ’বি না মোৰ ৷" আৰু ৰাগেও  ধুনীয়াকৈ কাষতে চিট এটা থৈ দিয়ে ৷ দৌৰি দৌৰি ধুমুহা অহা দি আহি হেঁচি ঠেলি বহি যায় " অ’ই পানী দে ৷ বটল এৰি আহিলো ৷"
( to be continued )

Monday, 6 March 2017

অনুৰাগ…Another name of friendship Part # 2


      ᪅         ᪅           ᪅          (২)
    যোৱা  ছটা বছৰে সি তাইৰ লগত আছে ,যেতিয়াই দৰকাৰ নহওঁক কিয় ৷ তাইয়ো তাৰ লগত থাকিব চেষ্টা কৰে ৷ "এক লড়কা ওৰ এক লড়কী কভি দোস্ত নহি বন্ সকতে ৷" - filmy dialogue কিছুমান মানুহবোৰে বেছিকৈ অনুকৰণ কৰে ৷ সেইকাৰণে হয়তো সম্পৰ্কবোৰ সহজভাৱে ল’ব নোৱাৰে ৷ বহুতে প্ৰশ্ন কৰে "অ’ই তহঁতৰ মাজত কিবা আছে নেকি ?" "ৰাগ তোৰ boyfriend নেকি ?" …সিহঁতে হাঁহি মৰে ৷ কিয়,কেৱল বন্ধুত্ব হ’ব নোৱাৰে নেকি ! কিছুমান সম্পৰ্কৰ যে নাম নাথাকে ! 'প্ৰেম' সিহঁতৰো আছে..unconditional ৷ 'Break up' সিহঁতৰো হয় ৷ অলপ পিছতে আকৌ "অ’ই পাগল ক’ত মৰিলি !" বুলি টেটু ফলা চিঞৰ দিয়ে ৷ এতিয়াও ৰিমৰ তাক লগ পোৱা প্ৰথম দিনকেইটাৰ কথা ভাবি হাঁহি উঠে ৷ যিটো ল’ৰাক চকুপাৰি দেখিব নোৱাৰিছিল এতিয়া সি নহ’লে তাইৰ কাম নিসিজে ৷ বন্ধুত্ব হয়তো এনেকুৱাই..ফাগুনৰ বতাহজাকৰ দৰে..অলপ বলিয়া ।

                                   (৩)
      তেতিয়া ৰিম ক্লাছ এইট ৷ মাঘ বিহুৰ বন্ধ খুলিছে ৷ উফ ! বন্ধবোৰ কিয় বাৰু অকমাণ দীঘলীয়া হ’ব নোৱাৰে ! জানুৱাৰী মাহৰ হাঁড় কঁপোৱা জাৰত পুৱা উঠাটো কিমান কষ্ট কোনে বুজিব ! ক্লাছত সোমোৱাৰ লগে লগে কেইখইমান নতুন মুখ ৷ অচিনাকী মুখবোৰৰ ভিতৰত এখন যে ইমান আপোন হৈ যাব ৰিমে জানো কল্পনাও কৰিছিল ! অনুৰাগ..উফ্ কি ওস্তাদি এইটো - তাই মনতে ভাবিছিল ৷ যেতিয়া নতুনকৈ অহা ল’ৰা-ছোৱালীৰ নাম সোধা হৈছিল সি আগতেই হাত দাঙি থিয় হৈছিল ৷ "নমস্কাৰ মোৰ নাম অনুৰাগ । মই অভয়াপুৰীৰ পৰা আহিছো ৷ ইয়াত অকলে থাকো দাদাৰ লগত ৷" শেষৰ শাৰীটো একদম বুকু ফিন্দাই কয় ৷ তাই ভাৱে -বাহ্ সি অকলেও থাকে , দাদাকৰ লগতো থাকে (?) ! কেনে label  দিছে ৷ আৰু গোটেই দিনটো প্ৰতিটো পিৰিয়ডত তাৰ একেখন introduction record  শুনি তাইৰ অশান্তি লাগি গ’ল ৷ এই অনুৰাগ নামটো বেছিদিন নাথাকিল, তাইৰ কাৰণে সি ৰাগ ৷ যাৰ আগত she can be herself ! যাক ৰিমে চকু মুদি বিশ্বাস কৰিব পাৰে ৷
     স্কুলৰ দিনটোৰ বাগৰিল ৷ কিন্তু নাই ৰিমৰ তাক ভাল নালাগে ৷ বৰ ওস্তাদি ৷ ইফালে ডাঙৰ কাৰণ এটা আছিল কুইজ ৷ আগৰপৰাই কুইজত ৰিম , মিতা আৰু প্ৰীতিৰ ৰাজত্ব আছিল ৷ কিন্তু এই ৰাগে আহি সব কেনা লগালে ৷ এতিয়া কুইজৰ মঞ্চত প্ৰধান শত্ৰু !
     তেতিয়া মেট্ৰিক পৰীক্ষাৰ সময় ৷ ৰাতিলৈ পঢ়া অভ্যাস ৷ ইফালে দুয়োটাই আছিল advanced  mathsত 'অগাধ পণ্ডিত' ৷ Test ত কোনোমতে পাছ কৰিছিল ৷ ৰাতি হঠাৎ এটাৰ msg "অ’ই test paper কেইখন কৰিলি ?" যদি কোনোবা এটাই এখন বেছিকৈ কৰে আনটোৰ tension বাঢ়ি যায় ৷ ৰাতি সিহঁতৰ কবিতাৰ পৰা লাৰু পিঠালৈ ক’ৰ কি যে কথা ওলায় ! Farewell ৰ পিছত অনুভৱ কৰিছে সিহঁতৰ মাজৰ বন্ধুত্বৰ এনাজৰীডালৰ গুৰুত্ব ৷ এনেও বস্তুবোৰ আতৰি  গ’লেহে মূল্য বুজি পাওঁ !
( to be continued )

Sunday, 5 March 2017

অনুৰাগ …Another name of friendship Part # 1


    মাজৰাতি হঠাৎ গাৰুৰ তলত ৰিমৰ ফোনটো Vibrate হ’ল ৷ ইমান ৰাতি ফোন সাধাৰণতে নাবাজে ৷ অকমাণ ভয় খালে ৷ তাই টোপনিৰপৰা কোনোমতে চকু দুটা মেলি চালে ৷ ম’বাইল screen ত জিলিকি আছে " Raag calling" ৷ অনুৰাগৰ ফোন ৷ ইমান ৰাতি সি খুব কমেই ফোন কৰে ৷ তাই ভয়ে ভয়ে উঠালে ৷ তাৰ normal voice " কি কৰিছ ?" তাই অকমাণ আচৰিত হৈ ফোনটো কাণৰপৰা আঁতৰাই সময়টো চালে ৷ তাইৰ মুখৰ expression দেখা হ’লে কোনেও নাহাঁহি নোৱাৰিলেহেঁতেন ৷ ই মনে মনে ভাবিলে - এইটো পাগলে হ’ল নেকি অ’ ! তাইয়ো normal voice ত ক’লে "নাই এনেই ওচৰৰ ঘৰত সিন্ধি খান্দি আছো ৷ চুৰ কৰিম ৷ " সি জোৰকৈ হাঁহি দিলে ৷ তাই খঙত মুৰটো খজুৱাই খজুৱাই ক’লে "মূৰ্খ ৷ এই ৰাতি ৩ টা বজাত normally মানুহ শুইয়ে থাকে ৷ কি সোধ’ পাগলৰ নিচিনা ৷ ..দে তোৰ কি হ’ল ক’ ৷" …" নাই একো হোৱা নাই এনেই ৷ " …" তই একো হোৱা নাই বুলি ক’বা আৰু মই মানি ল’ম ! ক’ ভালকে কি হৈছে ৷ মই শুনি আছো ৷ "… কিছু সময়ৰ মৌনতা ৷ তাইৰ ইফালে টোপনিও ধৰিছে সি চোন একোৱেই নকয় ! শেষত তাই সুধিলে " আছ’ ?" …“অ’ এনেই ফোনটো লৈ থাক চোন ৷ একো ক’ব নালাগে ৷" বুলি কৈ সি আৰু এক মিনিট মৌনতাৰে পাৰ কৰিলে ৷ উশাহৰ শব্দবোৰেও কেতিয়াবা কোলাহল কৰে ৷ সি কোৱা আৰম্ভ কৰিলে ৷ " মোৰ লগতে কিয় মানে এনেকুৱা হয় ৷ মই কি মানুহক ভাল পাব নাজানো ? মই বেয়া ল’ৰা ?" তাৰ মাতটো থোকা থুকি হৈ গ’ল ৷ তাই কি কয় এতিয়া ! প্ৰেমক ক্ষেত্ৰত তাই বৰ কেঁচা ৷ সান্তনা দিবও তাই নাজানে ৷ তথাপিও বহুত সময় তাক বুজাবলৈ চেষ্টা কৰিলে ৷ তাইৰ দুখ লাগে, তাইৰ দৰকাৰৰ সময়ত সকলোতকৈ বেছি ভালকৈ বুজাব পৰা ল’ৰাজন ৰাগ, কিন্তু যেতিয়া তাৰ দৰকাৰ হয়, তাইৰপৰা বিনিময়ত সেইখিনি কেতিয়াও নাপায় ! তথাপি আপত্তি নকৰে ৷ শেষত অলপ শান্ত হৈ সি ক’লে "তই শুই যা ৷ কালি কথা পাতিম ৷" ৰিমে হুমুনিয়াহ এটা কাঢ়ি ক’লে , "হম্‌...৷ চিগাৰেটটো শেষ কৰি তয়ো ৰুমলৈ গৈ শুই যা ৷ চাদত বেছি সময় থাকিলে ঠাণ্ডা লাগিব" .. "চি..গা..ৰে..ট ! খোৱা নাই মই ৷" ৺."হ’ব দে বুজি পাওঁ ময়ো কিছুমান সময়ত খোৱাটো দৰকাৰ হৈ পৰে বুলি৷" হাঁহি এটা মাৰি ৰিমে ফোনটো কাটি দিলে ৷ অকমাণ সময় তেনেদৰেই বিচনাত বহি তাই কিবা ভাবিলে ৷ কি হ’ব ল’ৰাটোৰ লগত ! তাৰ পাছত লাহেকৈ চকু দুটা মুদি দিলে ৷
( to be continued )

আঁৰে আঁৰে part # 7 (An arranged love tale of 80's)


(based on true story)

    বিয়ালৈ আৰু বেছিদিন নাই ৷ দুয়ো মাজে মাজে সময় পাৰ কৰে একেলগে ৷ আৰু প্ৰতিদিনেই যেন ইজনে সিজনক অলপ বেছিকৈ বুজে ৷ কেতিয়াবা যদি সূৰ্যাস্তৰ ৰঙে ৰঙীন কৰা বৰলুইতৰ বুকুত হেৰাই যায় , কেতিয়াবা আকৌ বৰষুণৰ বতৰত ৰেৱতীত বহি চাহ পকৰি খায় ৷ কেতিয়াবা কাজিয়াও লাগে ৷ কিন্তু প্ৰেম সহজ ৷ 'মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি' বুলি গুনগুনাই দিলেই যথেষ্ট ৷ আমিহে ইয়াক archies ৰ কাৰ্ডত carchieve letter ত  লিখা থকা  আখৰবোৰৰ দৰে জটিল কৰি পেলাইছো ৷ আজিকালি বিদেশী imported ফুলেৰে ভৰা bouquet টোৰ দৰে কৃত্ৰিমতা হয়তো হালধীয়া সোণাৰুজোপাত অথবা কৃষ্ণচূড়াৰ ৰঙাবোৰৰ মাজত নাছিল ৷ ভাল পাবলৈ দুটা মনেই যথেষ্ট ,য’ত নাই কোনো কৃত্ৰিমতা ৷
    A few years back they celebrated their silver years of togetherness . হেমা আৰু সমীৰণ আগৰ দৰেই আছে ৷ মাথো দুডালমান চুলি বগা হ’ল ৷ প্ৰেম ? এইটো জানো কম-বেছি হোৱা বস্তু ? চুলি পকিলে কি হ’ল ! They are still young ! সমীৰণে এতিয়াও আগৰ দৰে চিঞৰি গান গায় ৷ পুৱা ৮ টায়েই হওঁক বা ৰাতি ১২ টা ৷ বতাহৰ বেগেৰে গাড়ী চলায় ৷ যেন তেওঁ vin diesel হে ! হেমাই এতিয়াও মাজে মাজে পাতল বেঙুনীয়া ৰঙৰ শাৰী পিন্ধে ৷ পাকঘৰত কাম কৰি থাকিলেও গান গাই জীপাল হৈ থাকে ৷ পৰিয়ালৰ সকলো লগ হ’লে হয়তো এপাক বিহুকে মাৰি দিয়ে ! দুয়ো এতিয়াও মাজে মাজে ফুৰিবলৈ যায় ৷ মপেটখন নহ’লে কি হ’ল বুলেটখনটো আছে ! … ভালপোৱা জানো বয়সৰ পৰিধিত সীমাবদ্ধ ? প্ৰেমতো কোনো বয়সৰ নাম নহয় ৷ ই তো কবিতাৰ দৰে, যাৰ কোনো বয়সেই নাই !
# সমাপ্ত
thank u ! this time i tried something new & hope you liked it . When i was listening to d story,at that moment i thought, yes I'm gonna pen down it as my next story ! and I did it !
Need ur feedback. :)

আঁৰে আঁৰে part # 6 (An arranged love tale of 80's)


( Based on A true story)

   সিদিনাৰ পাছত যেন সকলো ঠিক হৈছিল ৷ চকুৰ আঁৰে আঁৰে আৰম্ভ হোৱা সম্পৰ্কটোৱে নতুন ৰূপ পাইছিল ৷ হেমাৰ মাকেও মানি লৈছিল ৷ যিহেতু হেমা সুখী, মাকৰ কি আপত্তি থাকিব পাৰে ৷ কাৰণ সুখ শান্তি জাতিৰপৰা নহয় মনৰপৰা আহে ৷ সেইটো মাকেও বুজে,কিন্তু হঠাৎ কিছুমান নিয়ম দলিয়াই পেলাবলৈ হয়তো অকমাণ অসুবিধা হয় ৷ লাহে লাহে দুয়োঘৰৰ মাজত অহা যোৱা আৰম্ভ হ’ল ৷
   "য়ে চাঁন্দ চা ৰোশন চেহৰা
   জুলফো কা ৰংগ চুনেহৰা
   য়ে ঝিল চি নীলি আঁখে
   কোই ৰাজ হে ইন্‌মে গেহৰা…"
      প্ৰেম হয়তো এনেকুৱাই ৷ প্ৰেমত পৰিবলৈতো এটা চাৱনিয়েই যথেষ্ট ৷ তেতিয়াতো Facebook ৰ dp চাই কোনো কাৰো প্ৰেমত পৰা নাছিল ৷ কেতিয়াবা হঠাৎ অজানিতে গান গাবলৈ মন যায় ৷ আবতৰীয়া বৰষুণজাকত তিতিবলৈ মন য়ায়, কৃষ্ণচূড়াজোপাৰ দৰে ৰাঙলী হ’ব মন যায় …আৰু ? আৰু তৰা গণি পাৰ কৰা উজাগৰি নিশাবোৰ…এয়াই জানো প্ৰেম নহয় ! তেতিয়াতো আৰু ৰাতিবোৰ পাৰ কৰিবলৈ ম’বাইল নাছিল ৷ মনৰ কথাবোৰ নীলা চিঁয়াহীৰে লিখি পেলাইছিল ৷ কেতিয়াবা যদি কবিতা ৰূপ লৈছিল, কেতিয়াবা আকৌ পাতবোৰ ফালি ফালি পেলাই দি বহীৰ আধা পাত শেষ কৰিছিল ৷ দুয়ো প্ৰেমত পৰিছিল আৰু everything is fair in love & war ! অফিচৰপৰা অৰ্ধচুটী লৈ দুয়ো সমীৰণৰ মপেটত উঠি চিনেমা চাবলৈ গৈছিল ৷ দীঘলীয়া শাৰী পাতি হ"লেও চাইছিল ৰাজ কাপুৰৰ ' ৰাম তেৰি গংগা মেইলি' ৷ লাহে লাহে বিয়াৰ দিন বাৰো ঠিক হৈছিল ৷ আৰু কিবা কামৰ অজুহাত লৈ প্ৰায়েই সমীৰণ হেমাহঁতৰ ঘৰলৈ গৈছিল ৷ গৈ পোৱাৰ পাছত মাকে কয়, "বহা চাহ খাই যাবা ৷" কিন্তু সি জানো চাহ খাবলৈ গৈছিল ? নাহ ,প্ৰকৃততে এবাৰলৈ তাইক চোৱাৰ হেঁপাহ ৷ ভিতৰৰপৰা কোনোবাই পৰ্দাখন দাঙি ওলাই আহিলেই সি মূৰ দাঙি চায় ৷ নাই …এবাৰ যদি দেউতাক এবাৰ ভায়েক ৷ এবাৰ আকৌ চাহ লৈ মাক ৷ চাহ শেষ হ’ব হয় নাই হেমাৰ দেখাদেখি নাই ৷ এপাকত ভনীয়েকক কয়, " যাচোন বায়েৰক মাতি দে ৷ একো নহয় দে মাত্ৰ পাঁচ মিনিট ৷ " হেমা আৰু সমীৰণে কথা পাতিব আৰম্ভ কৰে মানে পাঁচ মিনিট শেষ ! পৰ্দাৰ পিছৰপৰা ভনীয়েকৰ মাত, " বাইদো অ’ বাইদো নাহা কিয় ৷ আহ ভিতৰত ৷" হেমাৰ যোৱাৰ ইচ্ছা নাই। সমীৰণে ৰগৰ কৰি কয় , " যোৱা যোৱা ৷ ন’হলে আকৌ ক’ৰবাত পলুৱাই নিম বুলি ভাবিব !"
(To be continued )

আঁৰে আঁৰে part # 5 (An arranged love tale of 80's)


(based on a true story)

  " জিন্দগী কেইচি হে পহেলি হায়ে
   কভি য়ে হঁসায়ে, কভি য়ে ৰুলায়ে…"
      সমীৰণ অফিচৰপৰা অহাৰ পাছত চাহৰ কাপটো আগবঢ়াই দি মাকে ক’লে, “ আজি বৰ্মন খুৰাৰে আহিছিল ৷” লগে লগে তাৰ বুকুখন ধক্ কৈ গ’ল ৷ কিন্তু উত্তৰটো সি আশা কৰাটোৰ ওলোটাটোহে আছিল ৷ তাৰ মুখৰ হাঁহিটো হঠাৎ ম্লান পৰি গ’ল ৷ “ কিবা বোলে জাতি নিমিলে ৷ বেলেগ একো নাই মাকে অলপ আপত্তি কৰিছে ৷” … সি বুজিলে - আচ্ছা caste problem . হয়তো মোৰ হেমাৰ লগত যোৰা নাইয়ে ৷ কিন্তু মোৰ কিয় বেয়া লাগিছে ! এনেও চোন মোৰ বিয়া পতা ইচ্ছা নাছিল ৷ ভাত হয় মানে সি ৰেডিঅ’টো লৈ বিচনাতে বাগৰ দিলে ৷ ৰেডিঅ’টোত খেৰখেৰাই গজল এটা বাজি থাকিল…তুমকো দেখা তো য়ে খয়াল আয়া, জিন্দগী ধুপ তুম ঘনা ছায়া…
     দুদিনমান পাৰ হৈ গ’ল ৷ এতিয়া সকলো স্বাভাৱিক ৷ অফিচৰ পিয়নটোৱে সমীৰণক ক’লে আহি, “ ছাৰ আপোনাক কোনোবাই বিচাৰি আহিছে ৷” …“ মোক ? কোনে ?”… “ নাজানো, দুজনী বাইদেউ আহিছে ৷ বাহিৰতে আছে ৷”   কোন হ’ব পাৰে ! সমীৰণে কাম তাতেই এৰি বাহিৰ পালেগৈ ৷ অবাক ! আৰে হেমা ৰৈ আছে চোন ! লগত আৰু কোনোবা ৷ হয়তো বান্ধৱী ৷ “ কিবা ক’বা ?” তাই অকমাণ সময় ৰৈ ক’লে ,“ ক’ৰবাত বহি কথা পাতিব পৰা হ’লে ৷” …দুয়ো ৰাস্তাৰ কাষৰ গুমটিখনলৈ গ’ল ৷ বান্ধৱী গৰাকী তাতেই ৰ’ল ৷ চাহ দুকাপ হাতত লৈ দুয়ো কাঠৰ বেঞ্চখনত বহিল ৷ তাই আৰম্ভ কৰিলে ,“ মানুহে কয় যাৰ লগত যোৰা থাকে বিয়া তাৰ লগতেই হয় ৷ মই নাজানো মোৰ যোৰা কাৰ লগত ৷ কিন্তু সিদিনা আপোনাক লগ পোৱাৰ পা৺ছত এনে লাগিছিল যেন আপুনিয়েই সেইজন ৷ সিদিনা ভাবিছিলো আপোনাৰ আপত্তি নাথাকিলে মোৰ বিয়াত বহাত কোনো আপত্তি নাই ৷” .. তাইৰ মাতটো অলপ থোকা-থুকি হৈ গ’ল ৷ সমীৰণে কিছু সময় মনে মনে থাকি ক’লে, “ কিন্তু তোমাৰ মাই সন্মতি দিব জানো ?” … “ সেইবোৰ পিছৰ কথা ৷ মই মোথো আপোনাৰটো জানিব বিচাৰো ৷” চাহৰ গ্লা৺ছত সোহা এটা মাৰি ক’লে ,“ মোৰ নো আৰু কি আপত্তি থাকিব পাৰে !”
(to be continued )

আঁৰে আঁৰে Part #4 ( an arranged love tale of 80's )


(based on a true story)

"এক আজনবী হসিনা সে          
য়ু মুলাকাত হো গয়ি
ফিৰ ক্যা হুৱা য়ে না পুছো
কুছ এইচি বাত হো গয়ি।..."
         সমীৰণৰ মাকে মম এডাল জ্বলাই ভাত বনাইছে। গৰমৰ দিন ৷ কাৰেণ্ট প্ৰায় নাথাকেই। ৰেডিঅ'টো বজাই সি এনেই বিছনাত বাগৰি আছে। সি কিবা ভাবিছে। হয়তো হেমাৰ কথা। মাকে সুধিলে ,"কেনে দেখিলি পিছে ? ভালেনে ছোৱালীজনী ?"… "বেয়া নহয়"।… "তোৰ মন আছেনে নাই ?"…"উম্। আগবঢ়াত মোৰ আপত্তি নাই। তাৰ আগত এবাৰ দাদাক কৈ ল'ব লাগিব"। সমীৰণে আজিলৈকে কোনো কাম দাদাকক নুশুধাকৈ কৰা নাই। হেমাহঁতৰ ঘৰৰপৰা একো উত্তৰ অহা নাছিল যদিও সি প্ৰায় নিশ্চিত আছিল ছোৱালীজনীৰ উত্তৰ না নহয়। সেইখিনি সময় কথা পাতিয়ে যেন সি ধৰিব পাৰিছিল। দুদিনৰ ভিতৰত সি দাদাকক কথাখিনি জনালে। দাদাকেও একো আপত্তি নকৰি মানি ল'লে। সকলোবোৰ খবৰ ভালকৈ ল'ম বুলিও ক'লে।  
           সমীৰণৰ এখন মপেট আছিল অফিছৰ পৰা অহা-যোৱা কৰিবলৈ। সিদিনাৰ পাছৰপৰা অফিছৰপৰা ঘূৰি অহাৰ সময়ত হেমাৰ অফিছৰ আগৰ বাছস্টপেজটোলৈ এবাৰলৈ হ'লেও চকু গৈছিল। হয়তো ইচ্ছাকৃতভাবে নাচালেও পঞ্চইন্দ্ৰিয়ই চাবলৈ বাধ্য কৰাইছিল। কোনোবাখিনিত তাৰ চকুযুৰে বিচাৰি ফুৰিছিল এডাল দীঘলীয়া বেণী ,ভিৰৰ মাজত উৰি থকা পাতল বেঙুণীয়া শাৰীৰ আঁচল। সন্ধিয়াৰ ৰ'দকণে হেঙুলীয়া কৰা এখন শান্ত মুখ। এসপ্তাহ পাৰ হৈ গ'ল। হেমাহঁতৰ ঘৰৰপৰা এতিয়ালৈ কোনো খবৰ অহা নাছিল। আৰু এই কেইদিনত সদায়  আহোতে এবাৰলৈ হ'লেও বাছস্টপলৈ চোৱাটো যেন এটা নিয়ম  হৈ গৈছিল।
(to be continued)

আঁৰে আঁৰে part # 3 (An arranged love tale of 80's)

Based on a true story)

  "আজ উন্‌চে পেহলি মুলাকাত হোগি
   ফিৰ আম্‌নে চাম্‌নে বাত হোগি
   ফিৰ হোগা ক্যা, ক্যা পাতা ক্যা খবৰ …"
     সোমবাৰ ৷ সপ্তাহৰ প্ৰথম দিন ৷ অফিচত ব্যস্ততা ৷ হেমাই দৌৰা দৌৰিকৈ আহি নিজৰ ঠাইত বহিল ৷ এখন পাতল বেঙুনীয়া ৰঙৰ চিফনৰ শাৰী ৷ তাত সৰু সৰু ক’লা ফুল ৷ ব্লাউজৰ হাত দুখনে কিলাকূটি চুইছে গৈ ৷ দীঘল চুলিকোচা ধুনীয়াকৈ এডাল বেণী গাঁঠি এফালে পেলাই লৈছে ৷ সদায় তাইৰ কাষৰ টেবুলত বহা গীতা বাইদেউৱে ক’লে, “ হেমাক আজি বেলেগ লাগিছে চোন হে ৷ অ’ কাজল লগাইছা ৷ ভাল লাগিছে ৷ মাজে মাজে লগাবা আকৌ ৷ ” - তাই জোৰকৈ মুখত হাঁহি ফুটাব চেষ্টা কৰিলে ৷ আজি তাইৰ কামত মন বহা নাই ৷ ঘামত তিতি যোৱা মুখখন তাই বাৰে বাৰে মচিছে ৷ ঘড়ীৰ কাঁটাডাল যিমানে আগবাঢ়িছে, তাইৰ বুকুৰ ধপধপনিও সিমানে বাঢ়িছে ৷ তাই তলমূৰ কৰি কিবা লিখি থাকোতে আহি বৰ্মন খুৰাই মাত দিলে ৷ লগত সমীৰণ ৷ পিন্ধনত ধুবিয়ে কয়লা ভৰাই ইস্ত্ৰি কৰা এটা পাতল নীলা বৰণৰ পৰিষ্কাৰ কামিজ আৰু ক’লা পেণ্ট ৷ তাই যেন কি কৰিব বুজিয়ে নাপালে ৷ nervous ও হৈছিল ৷ দুয়োজন সমুখৰ চকীদুখনত বহিল ৷ নীৰৱতা ৷ কোনো একো কোৱা নাছিল ৷ Lunch time বাবে অফিচৰ ভিতৰত মানুহো কম ৷ মাথো পুৰণি ফেন কেইখনৰ বিকট শব্দ ৷ তাইৰ অসহ্য লাগিল ৷ Suffocation ৷ কেতিয়াবা নীৰৱতাৰ কোলাহল বেছি অশান্তিকৰ ৷  বৰ্মন খুৰাই কাঁহ এটা মাৰি আৰম্ভ কৰিলে ৷ চিনাকী পৰ্বৰ পৰা আৰম্ভ কৰি আৰু বহুত শেষ নোহোৱা কথা ৷ মাজতে কেন্টিনৰ ল’ৰাজনে চাহ দি গ’ল ৷ কথাৰ মাজত দুয়ো হাঁহিছে যদিও খুলি হাঁহিব পৰা নাই ৷ কোনোবাখিনিত যেন লাজভাৱ ! মাজে মাজে দুয়ো আঁৰ চকুৰে ইজনে সিজনলৈ চাইছে ৷ আঁৰে আঁৰেইতো প্ৰেমে গজালি মেলে ,কোনেও নজনাকৈ ৷
(to be continued )