" সেইকাৰণে কেতিয়াবা নিজক আঘাত কৰো ৷ বৈ অহা তেজবোৰৰ লগত দুখবোৰ ওলাই অহা যেন লাগে। ক্ষন্তেকীয়া শান্তি ৷ হয়তো মনটোক divert কৰাৰ এক বিফল চেষ্টা ৷" তাই কঁপিবলৈ আৰম্ভ কৰিছিল , " এতিয়াও কৰ এইবোৰ ?" সি হাঁহিলে " ইমান ভয় কিয় খাইছ’ ! নাই দে আজিকালি বাদ দিছো ৷ মাজত মই স্ৱাৰ্থপৰ হৈ গৈছিলো ৷ এতিয়া বুজিছো নিজৰ নহ’লেও আনৰ বাবে হাঁহিব লাগিব ৷ " তাইৰ যেন বিশ্বাস হোৱা নাই ৷ তাই চিনি পোৱা দীপেই নে ! লাহেকৈ তাই ক’লে " চিগাৰেট এটা জ্বলাই ল’ ৷" তায়ো বুজি পায় কিছুমান সময়ত এইডালৰ প্ৰয়োজন ৷ চিগাৰেট এটা জ্বলাই ক’লে " প্ৰেমত নপৰিবি কেতিয়াও বুজিছ’ ৷" " কিয় ?" …"নিচা এইবোৰ ৷ পাৰিবি চিগাৰেটৰ ধোঁৱাৰ মাজত নিজৰ এখন পৃথিৱী গঢ়িব ?" তাইৰ চকু দুটা সেমেকি উঠিল ৷ সি কৈ গ’ল " তাইক ভালপাওঁ মই ৷ এতিয়াও ৷ মোৰ সুখ তাইৰ হাঁহিত ৷ কিন্তু মোক দেখি যেতিয়া তাই প্ৰশ্ন কৰে ’তুমি কোন ?’ হেঁপাহবোৰ আৰু সেউজীয়া হৈ নাথাকিল ৷" আন্ধাৰত সি নেদেখাকৈ তাইৰ গালদুখন তিতি গ’ল ৷ হয়তো তাৰ চকুযোৰো সেমেকিছিল ৷ " কি হ’ল ভয় খালি নেকি ! ধেৎতেৰি ধেমালিহে কৰিছো ৷ প্ৰেমত পৰিবি বুজিছ’ ৷ প্ৰেমে ভিৰৰ মাজত নিজৰ পৰিচয় গঢ়াৰ সাহস দিয়ে ৷" সি হাঁহিলে ৷ মানুহে অনিচ্ছাস্ৱত্বেও হাঁহিলে গ’ম পোৱা যায় । কিছু সময়ৰ নীৰৱতা ৷ সি নিস্তব্ধতা ভাঙিলে " তই যা দেৰি হৈছে ৷" তাইয়ো কি ক’ব ভাবি নাপাই তাৰ কান্ধত ক্ষন্তেকৰ বাবে হাতখন এবাৰ থৈ উঠি আহিল ৷ ঠাণ্ডাও বাঢ়িছে ৷ জেকেটৰ চেইনডাল ভালকৈ মাৰি ল’ব লাগে বুলিও তাইৰ ভাৱ অহা নাই ৷ মাথো তাৰ কথাবোৰ মূৰত চাকনৈয়াৰ দৰে ঘূৰি আছে ৷ যেন এইমাত্ৰ এখন উপন্যাস পঢ়িলে ৷ কিছুমান বুজিলে, কিছুমান আধৰুৱা হ’ল আৰু কিছুমান এতিয়াও ৰহস্য !
… " অ’ই উঠ্ জল্দি ৷ কি ভাবি আছ’ ৷ সপোন দেখিছ’ নেকি !" আকাশৰ চিঞৰত তাইৰ সম্ভিত ঘূৰি আহিল ৷ ইফালে সিফালে চাই পৰিস্থিতিটোৰ বুজ লওঁতে কিছুপৰ গ’ল ৷ পুলিছে খেদিছে সবলোকে ! উফ্ অকমাণ সময় বহিবও নিদিয়ে শান্তিত ৷ ইমান সময় চাৰিটাই নীৰৱেই বহি আছিল ৷ সিহঁতে কিবা কৈছিল যদিও তাইৰ কাণত সোমোৱা নাছিল ৷ Sometime silence between 2-3 people is comfortable ! লাহে লাহে খোজ কাঢ়ি নামি আহিল সিহঁত ৷ এটাই এটাক ঠেলিছে, জোকাইছে ,মাৰিছে…মুঠৰ ওপৰত শান্তি নাই ৷ শেষত এৰা এৰি হ’ব হ’ল ৷ মনটো গধুৰ লাগিছে। …" So, ভাই, bye bye, আমি আহিমেই সোনকালে ৷ বেছিদিন নাই ৷ তই ভালকে থাকিবি ৷ শান্তিত থাক্ বুলি নকওঁ, কাৰণ আমিয়ে নিদিওঁ থাকিব !" সিহঁতে হাঁহিলে ৷ তাইৰ ডিঙিটো সোপা মাৰি ধৰিলে ৷ " ভালকে থাকিবি তহঁতেও ৷ যা তা কামবোৰ কৰি নুফুৰিবি ৷ আৰু মোক পাহৰি নাযাবি কিন্তু, নহ’লে মাৰ দিম ধৰি ৷ Take care & happy journey ! bye ..miss you !” বুলি কৈ তাই আৰু ঘূৰি নাচালে ৷ কেতিয়াও নোৱাৰে চাব ৷ কাৰণ চালেই তাই দুৰ্বল হৈ যায় ৷ চকুপানীক বাধা দিয়া সামৰ্থ যে তাইৰ একেবাৰেই নাই !
সিহঁত যাবগৈ ৷ লাগিলেই কাষত নাপাব ৷ কিন্তু তাৰ বাহিৰে জানো কিবা সলনি হ’ব ! একেই থাকিব সকলো ৷ আকৌ whatsapp ৰ virtual দুনিয়াখনত লগ হ’ব ৷ আকৌ কিছুমান অদৰকাৰী হ’লেও বহু সময়ত দৰকাৰী হৈ পৰা virtual তৃপ্তি ! …তাইৰ জীৱনত ৰাগৰ সুৰ আছে, আকাশৰ নীলা আছে আৰু দীপৰ পোহৰ আছে …বেলেগ আৰু কি লাগে !
…And the journey continues …
“ য়াৰো দোস্তি বৰি হি হসিন হে, য়ে না হো তো ক্যা ফিৰ বোলো য়ে জিন্দগী হে…”
সমাপ্ত !