“টেক্সি পাম নে আজি ?” তাইৰ চকুত এটা বিৰক্তি ভৰা প্ৰশ্নবোধক ৷
“থিয় হৈ হৈ ভৰি বিষাইছে আৰু মোৰ ৷ দিনটো কম দৌৰিব লাগে নে অফিচটোত ৷” তাইৰ অলপ আপত্তি ৷
-“ৰহচোন ৷ অলপ ধৈৰ্য্য ধৰ ৷ এইখনতো গুৱাহাটী নহয়, হাত দাঙিলেই টেক্সি, বাছ পাবি ৷” – তাৰো জানো দিনটো কামৰ বোজা দাঙি দাঙি ভাগৰ লাগি থকা নাই ! ফুটপাথৰ দাঁতিত থিয় হৈ অলপ হাউলি ৰাস্তাটোৰ সিটো মূৰলৈ চাই পঠিয়ালে ৷ নাই সৰহভাগ ব্যক্তিগত গাড়ী ৷ দুই এখন আহিছে যদিও আনটো টিলালৈহে যাব ৷
“ভৰি দুখন বেছিকৈ বিষাইছে যদি বহি দে তাত ৷” ফুটপাথৰ কাষৰ অস্থায়ী চাহৰ দোকানখনৰ আগত পাৰি থোৱা কাঠৰ বেঞ্চখনলৈ আঙুলিয়াই দিলে সি ৷ “তোকনো কিহে পায় কচোন এনেকৈ ইফাল সিফাল দৌৰি থাকিবলৈ ? কামবোৰ লাহে ধীৰে কৰিলেওতো হয় ৷ ডাক্তৰে কি কৈছে কিয় পাহৰি যাৱ !” – চিন্তাবোৰ, খংবোৰ, ভালপোৱাবোৰ কেনেকৈ যে মিহলি হৈ ওলাই আহিল ! একো উত্তৰ বিচাৰি নাপাই ,মনে মনে তাৰ হাতখনত ধৰি থিয় হৈ থাকিল ৷
অফিচৰপৰা ওলাওতে আনদিনাও দেৰি হয় যদিও আজি অলপ বেছিয়ে দেৰি হ’ল ৷ গ’ল্ফ লিংকৰ কাষতেই সিহঁতৰ অফিচ , শ্বিলং গ’ল্ফ লিংক ৷যদিও গুৱাহাটীত ডাঙৰ দীঘল হৈছে,চাকৰিৰ তাগিদাত দুয়ো বৰ্তমান শ্বিলঙৰ বাসিন্দা ৷ অৱশ্যে জিঞাৰ ইয়ালৈ অহা বৰ বেছিদিন হোৱা নাই ৷
প্ৰায় দহ বছৰ পাৰ হ’ল ৷ কলেজত প্ৰথম দেখা দেখি দুয়োৰে ৷ তাই আছিল তাৰ কোনোবা সম্পৰ্কীয় ভনীয়েকৰ সহপাঠী ৷ কেতিয়াৰপৰা ,কিয়, কেনেকৈ কোনেও নাজানে.,জিঞা তাৰ প্ৰথম প্ৰেম, কলেজীয়া কালৰ ৷ সি মাথো ভাল পাইছিল তাইক, তাইৰ অজ্ঞাতে ৷ তাইৰ চকুযুৰি, তাইৰ চুলিটাৰি, তাইৰ হাঁহিটোৱে মায়া সানিছিল তাৰ বুকুত ৷ “ৰক্তিম দা কি খবৰ” বুলি লগৰবোৰৰ সৈতে কেণ্টিনৰ চুকৰ টেবুলখনত চাহ খাই থকা ৰক্তিমলৈ চাই চিঞৰ এটা মাৰোতে তাই জানো দেখিছিল তাৰ পোহৰ হৈ উঠা চকুযোৰ ? ওহো, দেখা নাছিল !
“ছটা বিছ হ’ল ৷ কঁকালত হাত দুখন থৈ ওঁঠটো দাঁতেৰে সামান্য কামুৰি তাইৰ ফালে চালে ৷ কিছু চিন্তাৰ ভাৱ ৷ ছয় বজাৰ পাছত ইয়াত টেক্সি পোৱাটো বৰ সমস্যা ৷ তাতে আকৌ গ’ল্ফ লিংকৰপৰা বি. কে. বাজুৰিয়ালৈ যোৱা টেক্সি ! তাই লেবেজান হৈছে ৷ সি ধৰিব পাৰিছে কথাটো ৷ এতিয়াওতো সম্পূৰ্ণ সুস্হ হৈ উঠা নাই তাই ৷ ৰৈ ৰৈ শেষত তাই তাৰ গাত হাউলি দিলে ৷ এটা দীঘল হুমুনিয়াহ তাৰ বুকুত খুন্দা খাই উফৰি আহিল ৷ সি লাহে৷লাহে বাওঁহাতখন তাইৰ আউল লাগি থকা চুলিকোচাত বুলাই দিলে ৷
“আহিছে ৰহ টেক্সি এখন ৷ ধৈৰ্য্য ধৰ ৷”
- “বি কে বাজুৰিয়া ?”
- “চ্ছাং চ্ছাং ৷” ড্ৰাইভাৰজনে পাছৰ দুৱাৰখন খুলি বহিবলৈ ইংগিত দিলে ৷
No comments:
Post a Comment