Tuesday, 25 September 2018

ইউকেলিপ্টাছ (part 3)


টেক্সিখনে সিহঁতক নীপ্‌কোৰ অফিচটোৰ সমুখত নমাই দিলে ৷ ঘড়ী চালে, ৬:৪০ ৷ এতিয়া। সিহঁতে লাইটুমখ্ৰাইলৈ যোৱা টেক্সিলৈ ৰ’ব লাগিলে বহুত দেৰি হ’ব ৷ আগৰ কথা হোৱাহেঁতেন ইমান দেৰি তাই PGৰ মালিকনীৰ টান কথা শুনাটো খাটাং আছিল ৷ এই প্ৰায় ছমাহ হ’ল সি তাইক সামাজিকভাৱে নিজৰ কৰি ল’লে ৷ দুয়ো এতিয়া লাইটুমখ্ৰাইৰ পাহাৰৰ দাঁতিত কাঠৰ সৰু বাংলো এটা ভাড়ালৈ লৈছে ৷ তাই ৰুইছে তাইৰ পছন্দৰ ফুলবোৰ ৷ এচুকত কিছু শাক-পাচলি ৷ যদিও পানী দিয়া আৰু চোৱা চিতা কৰা দায়িত্ব তাৰ, তাই কাষত থিয় হৈ সকলো তদাৰক কৰে ৷ এই যেনে, “ইমান পানী কিয় দিছা ?” , “ সেইজোপাৰ গুৰিটো খুচৰি দিয়া” ইত্যাদি ৷ আজিকালি খিৰিকীখন খুলিলে শুকান গছবোৰ নেদেখে তাই ৷ তাইৰ সমুখত সগৌৰৱে থিয় হৈ থাকে দুডাল ইউকেলিপ্টাছ !
যদিও টেক্সিলৈ ৰ’ব পাৰিলেহেঁতেন, দুয়ো নীপ্‌কোৰ কাষেৰে খোজ কাঢ়ি লাইটুমখ্ৰাইলৈ উঠি যাব পৰা বাটটো ল’লে ৷ ভাগৰ লাগিছিল হয়, কিন্তু এই খোজকাঢ়ি উঠি যোৱা বাটটোৰ মাদকতা বেলেগ ! দুয়োকাষে পাইন আৰু ঝাৰু গছবোৰ ৷ মাজে মাজে দুই এটা চাংঘৰ ৷ কোনোটাৰ বাৰাণ্ডাত কম ৱাটৰ বাল্ব এটা জ্বলি আছে ৷ এই হালধীয়া পোহৰকণৰ আমেজেই সুকীয়া ৷ ধুই মেলি থোৱা কাপোৰবোৰ এতিয়াও শুকোৱা নাই ৷ ক’ৰবাত আকৌ জুহালৰ চিমনীৰে ধোঁৱা ওলাইছে ৷ হয়তো চুঙাত গাহৰি পুৰিছে ৷ বতাহজাকত বনৰীয়া ফুলৰ গোন্ধ এটা ভাঁহি আহিল ৷ লগতে বালি আৰু আঙঠাৰে জুহালত বেক কৰা কেকৰ পোৰা পোৰা গোন্ধ এটা ! টিলাটো আধা বগাই কঁকালত দুয়োখন হাত থৈ তাই ফোপাই ফোপাই ক’লে, “এডাল লাঠি লৈ। আহিব লাগিছিল ! এভাৰেষ্ট বগাই থকা যেন লাগিল হয় পৰ্বতাৰোহীৰ দৰে ৷”
তাৰ হাঁহি উঠিল, “ হ’ব আৰু ৷ শ্বিলঙত এবছৰ থাকিলি, এতিয়ালৈ অভ্যাসেই নহ’ল তোৰ ! কাম নাই দেই ৷”
পাছৰপৰা গৈ তাই তাৰ পিঠিত ঢকা এটা মাৰিলেগৈ ৷ জোকোৱাৰ পাছত চকু দুটা আধা মুদি নাকটো কোচাই ঢকাটোলৈ বাট চোৱাটো তাৰ অভ্যাস ৷
“Give me a piggy back .” বুলি তাই তাৰ পিঠিত প্ৰায় জাঁপ মৰাদি উঠিল ৷
“অ’ই পাগলী কি কৰ’ ! নাম নাম ৷ দুয়োটা বাগৰি পাহাৰৰ তল পামগৈ ৷”
“কিয় ? মোৰ কাম নাই নহয় ,দাঙি নিয়া এতিয়া !” কেতিয়াবা তাইৰ মাজৰ এই সৰু ছোৱালীজনী জাগি উঠে ৷
“ নানামিলে পেলাই দিম কিন্তু ৷”
তাই হাঁহি হাঁহি নামিল ৷ এসময়ত কলেজৰ ইক’নমিক্স ডিপাৰ্টমেণ্ট ৰজন জনাই থকা সেই চিনাকী হাঁহিটো ৷


To be continued ...

No comments:

Post a Comment