কেইদিনমান ধৰি বৰষুণ চলিয়েই আছে , নেৰা-নেপেৰাকৈ ৷ মাজে মাজে আমনি লাগে তাইৰ ৷ হ’ল বুলি আৰু ইমান বৰষুণ ভাল পাব পাৰি নেকি ! ১২ বাজি গ’ল ৷ তাই তেতিয়াও দ্বিতীয় মহলালৈ উঠ চিৰিটোত বহি আছে ৷ হোষ্টেলত ৰাতি মায়া নামে ৷ সকলোফালে হুলস্থুল ৷ কোনোবাই গান শুনিছে, কোনোবা লেপটপত চিনেমা চোৱাত ব্যস্ত , কোনোবাই কাণত ফোনটো লৈ কৰিডৰটোত পাইচাৰি কৰিছে ৷ আনকালে হোৱাহেঁতেন তাই ফেনখন চলাই কম্বলখন উৰি বৰষুণৰ আমেজ ল’লে হয় ৷ কিন্তু তাই এতিয়াও চিৰিটোত বহি আছে ৷ কাৰণ চিয়াং হোষ্টেল এতিয়া তাইৰ নতুন ঠিকনা ৷ ঠিকনা সলনি কৰা জানো ইমান সহজ ? তাইৰ মনত পৰে নিজৰ ৰুমটো, বিচনাখন, বিচনাৰ কাষৰ খিৰিকীখন ৷ ইয়াত জানো কোনোবাই টোপনি অহাৰ পাছত আঁঠুৱাখন তৰি দি যাব ? ম’হে খাইছে খাওঁক , সময় নাই কাৰো !
চিৰিটোত বহিলে ষ্টেয়াৰকেজৰ খিৰিকীখনেৰে সমুখৰ বয়জ হোষ্টেলটো দেখা যায় ৷ সেইয়া কোনোবা এজনে হাতত গীটাৰ তুলি লৈছে ৷ তাই বেঙা মেলি চাইছে ৷ নাই এতিয়ালৈ সুৰ ভাঁহি অহা নাই ৷ আকৌ নমাই থ’লে গীটাৰখন ৷ হয়তো হাতত থকা চিগাৰেটটোৰ ধোঁৱাবোৰ কুন্দলী পকাই এতিয়াও আন্ধাৰত সম্পূৰ্ণকৈ বিলীন হৈ যোৱা নাই ৷ ষ্টেয়াৰকেজৰ একেবাৰে ওপৰৰ টিনখন ফুটিছে চাগে , পানীৰ সৰু সোঁত এটা চিৰিটোৰে বৈ আহিছে ৷ চোলাটো সামৰি তাই বেৰখনৰ আৰু ওচৰ চাপি গ’ল ৷ মনটো ভাল লগা নাই ,গোমা ৷ ওলাই আহিব খোজা চেপা কান্দোনটোৱে ডিঙিটো সোপা মাৰি ধৰিছে ৷ ফোনৰ ডায়েল লিষ্টৰ দুই নম্বৰত থকা নামটো ডায়েল কৰে মানে তাই চকুৰে অস্পষ্ট দেখিব ল’লে ৷ ৰিং হৈ হৈ ফোনটো বন্ধ হৈ গ’ল ৷ চলচলীয়া চকুকেইটাৰে তাই মুখৰ ভিতৰতে ভোৰভোৰালে ,”আজি ইমান সোনকালে শুব হ’লনে ! আনো নহয় মোৰ ফোন কাৰণে উঠোৱা নাই ৷ মোকনো কোনে ভাল পায় !” তাইৰ অনৰ্থক ভাৱবোৰৰ যতি পেলাই ফোনটো ৰিং হ’ল ৷ ৰিম ক’লিং – ম’বাইল স্ক্ৰীণৰ লাইটটো এটা ছন্দত জ্বলা-নুমা কৰি থাকিল ৷ ফোনটো ৰিচিভ কৰি হেল’ বুলি কোৱাৰ আগতেই তাইৰ চেপা কান্দোনটো ডাঙৰকৈ ওলাই আহিল ৷ “প্ৰীতি, অ’ই কিয় কান্দিছ’ ? কি হৈছে তোৰ ?” নাই কান্দোনৰ শব্দ বাঢ়ি গ’ল ৷ “এনেকৈ কান্দে নেকি ? কি হ’ল কচোন ৷ কোনোবাই কিবা ক’লে ?” ৰিমে অলপ মৰমেৰে শুধিলে ৷ ফেঁকুৰি ফেঁকুৰি ক’ব ধৰিলে ,” মই নাথাকো আৰু হোষ্টেলত ৷ গুচি যাম ৷ তহঁত সবে মোক বেয়া পাৱ কাৰণে পঠিয়াই দিছ’ ৷ ইয়াত মোৰ কোনো friend নাই ৷ মেছত সকলোবোৰ থকা স্বত্বেও অকলে অকলে ভাত খোৱাটো কষ্টকৰ জাননে ৷” ৰিমৰ চকুদুটা সেমেকি আহিল ৷ তথাপি তাইক বুজাব চেষ্টা কৰিলে, “ আৰে তই যোৱা কেইদিন হৈছে ? আৰু দুদিনমান যাব দে ৷ ভালকৈ ক্লাছবোৰ আৰম্ভ হওঁক ৷ গোটেই ইউনিভাৰ্চিটিখনত তোৰ দৰে নমুনা এটা নাপাবি নে ! তেতিয়া চাগে আমাক মনত নপৰা হ’ব ৷ ঘৰলৈ আহিব মন নোযোৱা হ’ব ৷” প্ৰীতিয়ে আপত্তি কৰি চিঞৰি উঠিল, “কেতিয়াও নহয় ৷ ইয়াত চান্দমাৰি ব্ৰিজৰ সেমেকা সন্ধিয়াটোৰ নাই, উজান বজাৰ ঘাটৰ হেঙুলীয়াবোৰ নাই...ইয়াত তহঁত নাই !” ওলাই আহিব খোজা চকুপানীখিনি ৰিমে সামৰি ল’লে, “নিজক সময় দে ৷ সময়ক সময় দে ৷ ঠাইখন ভাল পাই পেলাবি, মোৰ বিশ্বাস ৷ হোষ্টেল এৰিবৰ সময়ত বেৰত নিজৰ নামটো ঘঁহি ঘঁহি লিখোতে চকুপানীৰে বাট নেদেখা হ’বি ৷ বুকুখন বিষাব ৷” প্ৰীতিয়ে হুমুনিয়াহ এটা কাঢ়িলে ৷ এতিয়াও কথাখিনিত যেন পতিয়ন যোৱা নাই তাই ৷ “নাজানো কি হ’ব ৷ কিন্তু ইয়াত সকলো ক্ষেত্ৰত ইমান pressure, হয়তো whatsapp ৰ last seen ৰ সময়সীমা দীঘলীয়া হ’ব ,যি টো দেখিছো ৷ তোৰ মোৰ মাজত সকলোবোৰ একেই থাকিব ন’ ?” মাতটো সৰু ছোৱালীৰ দৰে হৈ গ’ল ৷ ৰিমে হাঁহি এটা মাৰি ক’লে , “ ধেৎ৷ কিয় নাথাকিব ৷ আমাৰ মাজৰ এনাজৰীডাল জানো ইমান ঠুনুকা ? Virtual দুনীয়াখনত জানো আবদ্ধ আমি ? ১৫ টা বসন্তত একেলগে কৃষ্ণচূড়াৰ ৰঙা বুটলিছো , ইমান সহজে ফেৰ মাৰিব নোৱাৰে virtual দুনীয়াখনে ৷ বাদ দিয়া হে, দৰকাৰ হ’লে চিঠি লিখিম ৷ নীলা চিঁয়াহীৰ আখৰবোৰত বেছি আবেগ লুকাই থাকে ৷” দুয়ো হাঁহি দিলে ৷ বৰষুণ আগতকৈ অলপ কমিল ৷ “I love you !” প্ৰত্যুত্তৰত ওলাই অহা চকুপানীখিনি মচি ৰিমে ঘড়িটোলৈ চালে, “ অ’ই যা শু গৈ ৷ দেৰি হ’ল ৷”
বয়জ হোষ্টেলটোৰ পৰা বলীউডৰ নতুন গান এটাৰ সুৰ ভাঁহি আহিল ...তু যো ৰুথা তো কৌন হঁসেগা, তু যো চ্ছুটা তো কৌন ৰহেগা... গানটো গুণগুণাই প্ৰীতি কৰিডৰটোৰে লাহে লাহে আগবাঢ়িল ৷
No comments:
Post a Comment