বহিব পৰাকৈ কোনোমতে ঠাই অকমাণ উলিয়াই দুয়ো বহিল ৷ উপায় নাই ৷ছয় বজাৰ পাছত খালি টেক্সি পাব বুলি আশা কৰাটো ভুল ৷খিৰিকীৰে অহা ঠাণ্ডা বতাহজাকে দুয়োকে কোবাই গ’ল ৷ যদিও পূজাৰ বতৰ, ইয়াত শীত অলপ সোনকালে নামে ৷
“ঠাণ্ডা নলগাবি ৷ গ্লাছখন উঠাই ল’ ৷”
নাই , তাই নুশুনিলে (?) ! গাড়ীখনত বাজি থকা খাছী গানটোৰ সৈতে সুৰ মিলাই গুনগুনাব ধৰিলে তাই ,যদিও শব্দবোৰ অচিনাকী ৷ বতাহত উৰি থকা চুলিকোচাই বাৰে বাৰে তাৰ মুখত কোবাই থাকিল ৷ “অ’ই তোৰ চুলিবোৰ কাটিব লগা হৈছে কিন্তু দেই ৷বান্ধি ল’৷”
-“নাবান্ধো ৷”
সি হাঁহিলে ৷ এতিয়া অন্ততঃ তাৰ মুখত কোবাই যাব পৰাকৈ তাইৰ চুলিকোচা দীঘল হৈছে ৷ প্ৰায় এবছৰ দুবছৰ আগৰ কথা ৷ তাই মুৰত মাৰি থোৱা ক’লা কাপোৰখন তাৰ বাবে এতিয়াও দুঃস্বপ্নৰ দৰে ৷ যুঁজিছিল তাই নিজৰ সতে , আজিও যুঁজি আছে ৷ সি আছে তাইৰ লগত একান্ত প্ৰহৰী হৈ ৷ সি দেখিছে তাইক চকুপানীৰ টোপালেৰে হাঁহিৰ ফুলৰ মালা গাঁথা ৷ তাইৰ জীৱনলৈ কাল হৈ আহিছিল এক ব্যাধি ৷ ডাক্তৰে কৈছিল কেন্সাৰ, ব্ৰেষ্ট কেন্সাৰ ৷ তাই মুখা-মুখি হ’ব পাৰিছে ৷ তাই পাৰিব ৷ ক্ৰমাৎ দুৰ্বল হৈ অহা শৰীৰ, শেঁতা পৰি যোৱা চকুহাল, নিস্তেজ হাঁহিটো...আৰু কিচকিচিয়া ক’লা চুলিকোচা ? তিনি-চাৰিটা কেম’থেৰাপিৰ পাছত কোচা কোচাকৈ সৰি যোৱা চুলিবোৰ চুকে কোণে গুজি থোৱা সি দেখিছিল ৷ আইনাৰ সমুখত বহি ভালপোৱা ছোৱালীজনীয়ে ঘণ্টাৰ পাছত ঘণ্টা খিৰিকীৰ কাষত বহি পাত সৰি লঠঙা হোৱা শুকান গছবোৰ চাই পাৰ কৰা আবেলিবোৰৰ কথা ভাবিলে তাৰ আজিও বুকুখন বিষায় ৷ এদিন সিয়েইতো আনি দিছিল ক’লা কাপোৰ এখন মুৰত মাৰিব পৰাকৈ ৷ সিও গৈ তাইৰ সৈতে খিৰিকীৰ কাষত থিয় হৈছিল ৷গছবোৰ শুকান ৷ বেলি পৰো পৰো ৷ শেষ পোহৰভাগে দুয়োৰে মুখত হেঙুলীয়া আভা সানিছিল ৷ আগতে তাই প্ৰায়েই তাক কৈছিল, “কেতিয়াবা মই মোৰ ওচৰত মাথো তোমাক বিচাৰো আৰু এটি সূৰ্যাস্তই ৰং সনা হেঙুলীয়া আবেলি ৷”
-“কবিতা নাগাবি দেই ৷” সি হাঁহিছিল ৷
আশাবোৰ, বিচৰা বস্তুবোৰ কেতিয়া যে কি পৰিস্থিতিত পূৰণ হয় !
ৰক্তিমে মৌনতা ভাঙিলে ৷ “কিয় চিন্তা কৰিছ’ তই ৷শুকান গছবোৰ আকৌ সেউজীয়া হ’ব; সোনকালেই ৷বতাহৰ কোবত দুৰ্বল হে হৈছে ৷ কিন্তু ভাঙি পৰা নাই ৷ তইতো বেছি শক্তিশালী হয় নে নহয় ?”
প্ৰত্যুত্তৰত তাইৰ সেই সেমেকা হাঁহিটো সি পাহৰা নাই ৷
সহজ ভাৱে তাই কৈ গৈছিল, “এতিয়া হয়তো তুমি মোৰ পৰা আতৰি যোৱাটোৱেই ভাল হ’ব ৷ তোমাৰ নিজৰ কাৰণে, তোমাৰ ঘৰখনৰ কাৰণে ৷ তোমাৰ সপোনৰ বাটবোৰত ছাঁৰ দৰে থাকিব নোৱাৰিম, হয়তো তাৰ পৰিৱৰ্তে বাধা হৈ থিয় দিম ৷ তুমি ভবাৰ দৰে হয়তো ইউকেলিপ্টাছ হ’বও নোৱাৰো মই ৷ শুকান গছজোপা আকৌ সেউজীয়া হ’ব বুলি আশা কৰাটো কেতিয়াবা ভুলো হ’ব পাৰে !”
(To be continued)
No comments:
Post a Comment